হৰিদ্বাৰত বিসৰ্জন দিয়া হ’ল বলীউডৰ প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ অস্থি। কান্দোনত ভাগি পৰিল পৰিয়াল
বলীউডৰ হি-মেন ধৰ্মেন্দ্ৰই চিৰদিনৰ বাবে বিদায় দিলে এই পৃথিৱীৰ পৰা।পৰিয়ালে তেওঁৰ শেষ ৰীতি-নীতি পালন কৰিলে।
কটকটীয়া নিৰাপত্তাৰ মাজতে বুধবাৰে পুৱা হৰিদ্বাৰৰ গংগা নদীত সকলো ৰীতি-নীতি পালন কৰি প্ৰয়াত অভিনেতাগৰাকীৰ অস্থি বিসৰ্জন দিয়ে দেউল পৰিয়ালে।
ছানী দেউল আৰু ববি দেউলৰ লগতে কৰণ দেউল আৰু পৰিয়ালৰ আন আন সদস্যসকলো ইয়াত উপস্থিত থকা দেখা গৈছিল।এই সময়ছোৱাত সকলোৱে আৱেগিক হৈ পৰিছিল।

দেউল পৰিয়ালে তেওঁৰ অস্থি বিসৰ্জন দিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে,য’ত তেওঁলোক সকলোৱে ভিআইপি ঘাটত অস্থি বিসৰ্জন দিয়া দেখা গৈছে।
ভিডিঅ’টোত দেউল পৰিয়ালৰ সদস্যক বগা সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল।অস্থি বিসৰ্জনৰ সময়ত সমগ্ৰ দেউল পৰিয়াল আৱেগিক হৈ পৰিছিল আৰু ইজনে সিজনক সাৱটি ধৰা দেখা গৈছিল।
হৰিদ্বাৰৰ পিলিভিত অস্থি বিসৰ্জন দিয়াৰ পিছত লগে লগে হোটেলৰ পৰা ওলাই আহি বিমানবন্দৰলৈ ৰাওনা হয় পৰিয়ালটো।ইফালে ছানীয়ে ববি আৰু কৰণক সাৱটি ধৰি সান্ত্বনা দিয়া দেখা গৈছিল।
লগতে পঢ়ক: দ্বিতীয়বাৰলৈ কইনা হ’ল সামন্থা প্ৰভু; ৰাজ নিদিমোৰুৰ সৈতে গোপন বিবাহ!









