পিতৃ দিৱসত ছানী দেউলৰ পুত্ৰ কৰণ দেউলৰ আৱেগিক পোষ্ট

পিতৃ দিৱস হিচাপে দেওবাৰে অভিনেতা ছানী দেউলৰ পুত্ৰ কৰণ দেউলে এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে।

গোটেই বিশ্বতে দেওবাৰে পিতৃ দিৱস উদযাপন কৰিছে। ইফালে ছানী দেউলৰ পুত্ৰ কৰণ দেউলেও দেউতাকৰ বাবে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে, যিটো অনুৰাগীৰ মাজত ভাইৰেল হৈ পৰিছে। বিশেষ কথাটো হ’ল এই পোষ্টটোৰ সৈতে শ্বেয়াৰ কৰা ছবিসমূহ তেওঁলোকৰ আগন্তুক ছবি ‘বণ্টৱাৰা ১৯৪৭’ (Lahore: 1947)-ৰ, য’ত বাস্তৱ জীৱনৰ পিতৃ-পুত্ৰৰ যুটিটোৱে এইবাৰ ৰূপালী পৰ্দাতো একেলগে অভিনয় কৰিবলৈ সাজু হৈছে। এই পোষ্টটোৰ সৈতে কৰণ দেউলে এটা অতি সুন্দৰ কেপচন দিছে, যিটো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। আনহাতে, স্বয়ং ছানী দেউলেও কৰণ দেউলৰ পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কৰণ দেউলে ‘বণ্টৱাৰা ১৯৪৭’-ৰ শ্বুটিঙৰ আঁৰৰ ছবিসমূহ শ্বেয়াৰ কৰি কেপচনত লিখিছে, “কিছুমান মুহূৰ্ত এনেকুৱা থাকে যিবোৰ ভাগ্যত লিখা থাকে। দেউতাকৰ ছেটত তেওঁক তেওঁৰ সৈতে অভিনয় কৰাৰ নিজৰ সপোনৰ কথা কোৱা, সেই মুহূৰ্তবোৰৰ ভিতৰত অন্যতম আছিল। আৰু আজি তেওঁৰ সৈতে স্ক্ৰীন শ্বেয়াৰ কৰা, তেওঁক ইমান ওচৰৰ পৰা দেখা, এই ফাদাৰ্ছ ডে’টোক সঁচাকৈয়ে বিশেষ কৰি তুলিছে। ২০২৬ চনৰ ১৪ আগষ্টত সেই সপোন বাস্তৱায়িত হ’ব আৰু মই ‘বণ্টৱাৰা ১৯৪৭’ত মোৰ দেউতাৰ সৈতে ৰূপালী পৰ্দা শ্বেয়াৰ কৰাৰ সুযোগ পাম। এইটো এটা এনেকুৱা অনুভৱ যিটোক মই কেতিয়াও সম্পূৰ্ণৰূপে শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম আৰু ইয়াক মই গোটেই জীৱন বুকুত সাৱটি ৰাখিম।”

তেওঁ আগলৈ লিখিছে, “মই তেওঁক এজন পুত্ৰ, ভাতৃ, পিতৃ, অভিনেতা আৰু লাখ লাখ মানুহৰ প্ৰিয় কিংবদন্তি হিচাপে দেখিছোঁ। কিন্তু ছেটত তেওঁৰ সৈতে থিয় হোৱাৰ পিছত মোৰ মনত পৰিল যে তেওঁৰ আটাইতকৈ ডাঙৰ চৰিত্ৰটো হৈছে কেৱল ‘নিজে’ হৈ থকা। সৎ, নম্ৰ, শক্তিশালী আৰু প্ৰতিটো কামতে সম্পূৰ্ণ সমৰ্পিত। হেপ্পী ফাদাৰ্ছ ডে’ পাপা — মোৰ আটাইতকৈ ডাঙৰ শিক্ষক, মোৰ আটাইতকৈ শক্তিশালী সমৰ্থক আৰু মোৰ প্ৰথম নায়ক। আপোনাৰ সৈতে এই মুহূৰ্তটো জীয়াই থকাৰ বাবে মই অতি কৃতজ্ঞ।” এই পোষ্টটো ইনষ্টাগ্ৰাম ষ্ট’ৰীত পুনৰ শ্বেয়াৰ কৰি ছানী দেউলে লিখিছে— “লাভ ইউ বেটা” ।

আমিৰ খান প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ‘বণ্টৱাৰা ১৯৪৭’ত প্ৰবীণ অভিনেত্ৰী শবানা আজ্মী, ছানী দেউল, প্ৰীতি জিন্টা, কৰণ দেউল, আলী ফজল আৰু অভিমন্যু সিঙক দেখা যাব। ‘বণ্টৱাৰা ১৯৪৭’ ছবিখনৰ পৰিচালনা কৰিছে বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ৰাজকুমাৰ সন্তোষীয়ে আৰু ইয়াৰ প্ৰযোজনা কৰিছে আমিৰ খান প্ৰডাকচনে। এই ছবিখন ছানী দেউল আৰু ৰাজকুমাৰ সন্তোষীৰ পুনৰ মিলন। ইয়াৰ পূৰ্বে দুয়োজনে ‘ঘায়েল’ আৰু ‘দামিনী’ৰ দৰে স্মৰণীয় ছবিত একেলগে কাম কৰিছিল। ছবিখনৰ কাহিনী ১৯৪৭ চনৰ ভাৰত-পাকিস্তান বিভাজনৰ সময়ৰ পটভূমিৰ ওপৰত আধাৰিত বুলি জানিব পৰা গৈছে। কাহিনীটোত এটা হিন্দু পৰিয়ালক দেখুওৱা হৈছে, যি লাহোৰৰ পৰা ভাৰতলৈ আহে আৰু তেওঁলোকে এটা প্ৰাসাদ লাভ কৰে যিটো পূৰ্বে এটা মুছলিম পৰিয়ালৰ আছিল।

ছানী দেউলৰ পুত্ৰই হৰিদ্বাৰত বিসৰ্জন দিলে ধৰ্মেন্দ্ৰৰ অস্থি; উচুপি উঠিল ববি দেউল

হৰিদ্বাৰত বিসৰ্জন দিয়া হ’ল বলীউডৰ প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ অস্থি। কান্দোনত ভাগি পৰিল পৰিয়াল

বলীউডৰ হি-মেন ধৰ্মেন্দ্ৰই চিৰদিনৰ বাবে বিদায় দিলে এই পৃথিৱীৰ পৰা।পৰিয়ালে তেওঁৰ শেষ ৰীতি-নীতি পালন কৰিলে।

কটকটীয়া নিৰাপত্তাৰ মাজতে বুধবাৰে পুৱা হৰিদ্বাৰৰ গংগা নদীত সকলো ৰীতি-নীতি পালন কৰি প্ৰয়াত অভিনেতাগৰাকীৰ অস্থি বিসৰ্জন দিয়ে দেউল পৰিয়ালে।

ছানী দেউল আৰু ববি দেউলৰ লগতে কৰণ দেউল আৰু পৰিয়ালৰ আন আন সদস্যসকলো ইয়াত উপস্থিত থকা দেখা গৈছিল।এই সময়ছোৱাত সকলোৱে আৱেগিক হৈ পৰিছিল।

দেউল পৰিয়ালে তেওঁৰ অস্থি বিসৰ্জন দিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে,য’ত তেওঁলোক সকলোৱে ভিআইপি ঘাটত অস্থি বিসৰ্জন দিয়া দেখা গৈছে।

ভিডিঅ’টোত দেউল পৰিয়ালৰ সদস্যক বগা সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল।অস্থি বিসৰ্জনৰ সময়ত সমগ্ৰ দেউল পৰিয়াল আৱেগিক হৈ পৰিছিল আৰু ইজনে সিজনক সাৱটি ধৰা দেখা গৈছিল।

হৰিদ্বাৰৰ পিলিভিত অস্থি বিসৰ্জন দিয়াৰ পিছত লগে লগে হোটেলৰ পৰা ওলাই আহি বিমানবন্দৰলৈ ৰাওনা হয় পৰিয়ালটো।ইফালে ছানীয়ে ববি আৰু কৰণক সাৱটি ধৰি সান্ত্বনা দিয়া দেখা গৈছিল।

লগতে পঢ়ক: দ্বিতীয়বাৰলৈ কইনা হ’ল সামন্থা প্ৰভু; ৰাজ নিদিমোৰুৰ সৈতে গোপন বিবাহ!

হাতত ৰাইফল, চকুত আবেগ, মুখত ক্ৰোধ; ‘বৰ্ডাৰ ২’ৰ বৰুণ ধাৱনৰ প্ৰথম লুক

‘বৰ্ডাৰ ২’ৰ বৰুণ ধাৱনৰ প্ৰথম লুক

ছানী দেউলৰ ছবি ‘বৰ্ডাৰ ২’ এ এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে,য’ত তেওঁৰ সৈতে আহন শ্বেট্টী, বৰুণ ধাৱন আৰু দিলজিৎ দোছাঞ্জৰ দৰে অভিনেতাকো দেখা যাব।

৫ নৱেম্বৰ বুধবাৰে গুৰু নানক জয়ন্তী উপলক্ষে বৰুণ ধাৱনৰ ‘বৰ্ডাৰ ২’ৰ ফাৰ্ষ্ট লুক মুক্তি লাভ কৰিছে।আৰু ইয়াৰ লগে লগে ছবিখনৰ অভিনেতাগৰাকীৰ চৰিত্ৰৰ নামো নিৰ্মাতাসকলে প্ৰকাশ কৰিছে ।

সাধাৰণতে নিজৰ কমেডীৰে দৰ্শকক হাঁহিবলৈ বাধ্য কৰা বৰুণক এই পোষ্টাৰত একেবাৰে বেলেগ ষ্টাইলত দেখা গৈছে।

নিৰ্মাতাসকলে পোষ্টাৰখনৰ লগতে ছবিখনত বৰুণৰ চৰিত্ৰটোও উন্মোচন কৰিছে। অভিনেতা গৰাকীয়ে ছবিখনত হোছিয়াৰ সিং দহিয়াৰ চৰিত্ৰত অভিনয় কৰিছে।বৰুণৰ অনুৰাগী সকলে এই পোষ্টাৰখন বহুত ভাল পাইছে।

এই পোষ্টাৰৰ লগতে মেকাৰে ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰিছে।নিৰ্মাতাসকলে প্ৰকাশ কৰা পোষ্টাৰ অনুসৰি, ২০২৬ৰ ২৩ জানুৱাৰীত ছবিগৃহত মুক্তি পাব ‘বৰ্ডাৰ ২’ ।

ছবিখনৰ প্ৰযোজক ভূষণ কুমাৰ আৰু কৃষণ কুমাৰে টি ছিৰিজ ফিল্মছ আৰু জে পি ফিল্মছৰ বেনাৰত ৰ ছবিখন নিৰ্মাণ কৰিছে।

লগতে পঢ়ক: ভাৰতৰ জয়ক লৈ উৎফুল্লিত বলীউড; বিগ বিৰ পৰা কংগনালৈ দিলে শুভকামনা

স্বাধীনতা দিৱসৰ দিনাই ঘোষণা কৰা হ’ল ছানী দেউলৰ ‘বৰ্ডাৰ ২’ ৰ মুক্তিৰ তাৰিখ

ঘোষণা কৰা হ’ল ছানী দেউলৰ ‘বৰ্ডাৰ ২’ ৰ মুক্তিৰ তাৰিখ

সমগ্ৰ ভাৰতবৰ্ষই আজি স্বাধীনতা দিৱস উদযাপন কৰিছে। এই উপলক্ষে চেলিব্ৰিটিসকলেও ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক অভিনন্দন জনোৱা দেখা গৈছে।

কিন্তু ইয়াৰ মাজতে ছানী দেউলৰ অনুৰাগীৰ বাবে এটা ডাঙৰ আপডেট আহিছে। আচলতে ছানী দেউলৰ বহু প্ৰত্যাশিত ছবি বৰ্ডাৰ ২ৰ মুক্তিৰ তাৰিখ প্ৰকাশ পাইছে,যিটো এখন পোষ্টাৰেৰে জৰিয়তে ঘোষণা কৰা হৈছে।এই আভাস দেখাৰ পিছত অনুৰাগীসকলে অতি আগ্ৰহেৰে ছবিখন মুক্তিৰ বাবে অপেক্ষা কৰিছে।

ছানি দেউলে নিজৰ ইনষ্টাগ্ৰামত এখন ছবি শ্বেয়াৰ কৰিছিল, য’ত বৰ্ডাৰ ২ৰ মুক্তিৰ তাৰিখ ২০২৬ চনৰ ২২ জানুৱাৰী বুলি উল্লেখ কৰা হৈছে।

ইয়াৰ লগতে অভিনেতাগৰাকীয়ে কেপচনত লিখিছে, আমি ভাৰতৰ বাবে যুঁজিম, আকৌ এবাৰ। ২০২৬ চনৰ ২২ জানুৱাৰীত ছবিগৃহলৈ আহি আছে বৰ্ডাৰ ২।

উল্লেখযোগ্য যে ‘বৰ্ডাৰ ২’ ছবিখনৰ পৰিচালক অনুৰাগ সিং আৰু এই ছবিখন গুলচন কুমাৰ আৰু টি ছিৰিজৰ বেনাৰত নিৰ্মাণ কৰা হৈছে।

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ আধাৰত নিৰ্মিত জে পি দত্তৰ ১৯৯৭ চনৰ ব্লকবাষ্টাৰ ছবি ‘বৰ্ডাৰ’ৰ ছিকুৱেল ‘বৰ্ডাৰ ২’।

‘বৰ্ডাৰ ২’ত অভিনয় কৰিছে ছানী দেওল, দিলজিৎ দোসাঞ্জ, বৰুণ ধাৱন আৰু আহন শেট্টীয়ে। এই ছবিখনক লৈ এক উত্তেজনাৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: বিপদত শিল্পা শ্বেট্টী-ৰাজ কুন্দ্ৰা; ৬০ কোটি টকাৰ জালিয়াতিৰ অভিযোগ

১০০ কোটিৰ বাজেটেৰে নিৰ্মাণ; ছানী দেউলৰ ‘জাতে’ দেখুৱাব নোৱাৰিলে ভাল প্ৰদৰ্শন, দ্বিতীয় দিনাৰ উপাৰ্জন মাত্ৰ…

দীৰ্ঘদিন ধৰি ছানী দেউলৰ ছবি ‘জাতে’ বাতৰিৰ শিৰোনাম দখল কৰি আছিল, যাৰ উপাৰ্জনক লৈ বহুত আশা কৰা হৈছিল।অৱশেষত এই ছবিখনে ১০ এপ্ৰিল তাৰিখে ছবিঘৰত মুক্তি লাভ কৰে।

ছ’চিয়েল মিডিয়াত ছবিখনে ভাল সমালোচনা লাভ কৰাৰ লগতে ৰাইজেও প্ৰশংসা কৰে।ছবিখনে প্ৰথম দিনাই এক মান্য ব্যৱসায় কৰি ২০২৫, চনৰ চতুৰ্থ বৃহত্তম মুক্তিৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

কিন্তু দ্বিতীয় দিনা ছবিখনৰ উপাৰ্জনত এক বৃহৎ পাৰ্থক্য দেখা গ’ল, যিয়ে সকলোকে আচৰিত কৰি তুলিলে।

গাদৰ ২’ৰ পিছতে ছানী দেওলেৰ একচন ছবি ‘জাত’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল, যাৰ পৰা তেওঁৰ অনুৰাগীসকলে বহু আশা আছিল।

প্ৰথম দিনাই ছচিয়েল মিডিয়াত বহু প্ৰশংসা লাভ কৰে ছবিখনে।কিন্তু এই প্ৰশংসাৰ প্ৰভাৱ বক্স অফিচত বিশেষ দেখা পোৱা নগ’ল। ছবিখনে প্ৰথম দিনা, ৯.৫ কোটি টকা উপাৰ্জন কৰে, যিটো এটা দিশত ঠিকেই আছে।

অৱশ্যে ইয়াৰ পৰা আৰু অধিক আশা কৰা হৈছিল।কিন্তু দ্বিতীয় দিনাৰ উপাৰ্জনে সকলোকে স্তম্ভিত কৰি তুলিলে। কাৰণ দ্বিতীয় দিনা উপাৰ্জন যথেষ্ট কম আছিল।

বক্স অফিচত যেন দুৰ্বল হৈ পৰিছে ছানী দেউলৰ এই একচন ছবিখনৰ গ্ৰিপ। শুকুৰবাৰে ছবিগৃহত দৰ্শকৰ ভিৰো কম আছিল।

দ্বিতীয় দিনা ছবিখনে মাত্ৰ ৭ কোটি টকা উপাৰ্জন কৰাৰ লগতে ছবিখনৰ মুঠ সংগ্ৰহ ১৬.৫০ কোটি টকা হৈছেগৈ।