ভাৰতৰ জয়ক লৈ উৎফুল্লিত বলীউড
ভাৰতীয় মহিলা ক্ৰিকেট দলে ২০২৫ চনৰ মহিলা বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰিছে।এই মুহূৰ্তটোৱে সমগ্ৰ দেশতে সুখৰ ঢৌ তুলিছে।
ভাৰতীয় মহিলা ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাক ৫২ ৰানৰ বিপুল ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ জয় কৰাৰ লগে লগে আৰম্ভ হৈছে উদযাপন।
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এই ঐতিহাসিক জয়ৰ পিছতে বলীউডৰ তাৰকা সকলে সামাজিক মাধ্যমত শুভকামনা দিয়াৰ লগতে সুখ প্ৰকাশ কৰিছে।
সামাজিক মাধ্যমত বলীউডৰ অভিনেতা অমিতাভ বচ্চনে মহিলা বিশ্বকাপ ২০২৫ত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ঐতিহাসিক জয়ক লৈ সুখ প্ৰকাশ কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে।
এই পোষ্টত তেওঁ লিখিছে যে, “জয়ী হ’ল!!! ভাৰতীয় মহিলা ক্ৰিকেট টীম…বিশ্ব চেম্পিয়ন। আপোনালোকে আমাক সকলোকে এটা গৌৰৱৰ মুহূৰ্ত দিছে। বহুত বহুত অভিনন্দন।

কংগনা ৰানাৱটেও মহিলা বিশ্বকাপ ২০২৫ত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বিজয়ক লৈ সুখ প্ৰকাশ কৰে।তেওঁ নিজৰ পোষ্টত লিখিছে – ‘আমি বিশ্ব চেম্পিয়ন!দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২০২৫ চনৰ এদিনীয়া বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দললৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা!আমাৰ কন্যাই দেখুৱালে যে দৃঢ়তা আৰু দলীয় মনোভাৱৰ দ্বাৰা যিকোনো লক্ষ্যত উপনীত হ’ব পাৰি। জয় হিন্দু!!!’ কংগনাইও ইনষ্টাগ্ৰামত টিম ইণ্ডিয়াৰ বিজয়ী মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰি সুখ প্ৰকাশ কৰিছে।

অনুষ্কা শৰ্মাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ লিখিছে যে, “আপোনালোক সকলোৱে চেম্পিয়ন। এটা অতি মহত্বপূৰ্ণ কৃতিত্ব।”
ইফালে মহিলা দলৰ জয়ৰ ভিডিঅ’ শ্বেয়াৰ কৰি কৰীনা কাপুৰে লিখিছে-‘মই এতিয়াও কান্দি আছো, এয়া আনন্দৰ চকুলো।’
লগতে পঢ়ক: জন্মদিনত অনুৰাগীলৈ শ্বাহৰুখ খানৰ উপহাৰ; মুকলি হ’ল নতুন ছবিৰ ট্ৰেইলাৰ…









