জন্মদিনত অনুৰাগীলৈ শ্বাহৰুখ খানৰ উপহাৰ
যিটো মূহুৰ্তৰ বাবে অভিনেতা শ্বাহৰুখ খানে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল, অৱশেষত সেই ক্ষণ আহি পালে। ছুপাৰষ্টাৰগৰাকীয়ে তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘কিং’ৰ টিজাৰ মুকলি কৰিছে।
শ্বাহৰুখে তেওঁৰ ৬০ সংখ্যক জন্মদিনত অনুৰাগীক সৰ্ববৃহৎ উপহাৰ দিছে,তাৰ পিছতে অনুৰাগীসকলে আনন্দত আত্মহাৰা হৈ পৰিছে। প্ৰায় তিনি বছৰৰ মূৰত পুনৰ ডাঙৰ পৰ্দালৈ আহিব অভিনেতাগৰাকী।
শ্বাহৰুখৰ ‘কিং’ ছবিখনে বহু দিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। অনুৰাগীসকলে ইয়াৰ কাহিনীৰ পৰা আৰম্ভ কৰি ইয়াৰ কাষ্টিংলৈকে সকলো জানিব বিচাৰিছিল।
তেওঁলোকে মাত্ৰ এইটো কথালৈ অপেক্ষা কৰিছিল যে শ্বাহৰুখে কেতিয়া তেওঁৰ ছবিৰ সৈতে জড়িত অফিচিয়েল পোষ্টাৰ মুকলি কৰিব।এতিয়া অৱশেষত ‘কিং’ৰ ফাৰ্ষ্ট লুক টিজাৰ আহিল, যিটো প্ৰথম দৃষ্টিত শক্তিশালী যেন লাগিছে।
তেওঁৰ ছবিখনত বলীউডৰ বহু ডাঙৰ তাৰকাক দেখিবলৈ পোৱা যাব।শক্তিশালী তাৰকাসকলৰ ভিতৰত অভিষেক বচ্চন, অনিল কাপুৰ, জেকী শ্ৰফ, জয়দীপ আহলাৱত, আৰ্শ্বদ ৱাৰ্ছী, সৌৰভ শুক্লাই ছবিখনত অভিনয় কৰিছে।দীপিকা পাডুকন আৰু ৰাণী মুখাৰ্জীয়েও ছবিখনৰ গুৰুত্বপূৰ্ণ ভূমিকাত আছে।ছবিখন ২০২৬ চনত মুক্তি পাব।
লগতে পঢ়ক: আজি বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন; মন্নতৰ বাহিৰত অজস্ৰ অনুৰাগীৰ ভিৰ









