আশা ভোছলেৰ মৃত্যুত শোকস্তব্ধ বলীউড; শ্বাহৰুখ খান, অনু মালিকৰ শোক প্ৰকাশ

বলীউডৰ কিংবদন্তি গায়িকা আশা ভোছলেৰ মৃত্যুত শোকত ভাগি পৰিছে সমগ্ৰ বলীউড। শ্বাহৰুখ খান, ৰাজপাল যাদৱে আশা ভোছলেক জনালে শ্ৰদ্ধাঞ্জালি।

কিংবদন্তি গায়িকা আশা ভোছলে ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁক শনিবাৰে বুকুৰ সংক্ৰমণ আৰু ভাগৰুৱা অৱস্থাৰ বাবে ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হয়। আশা ভোছলেৰ মৃত্যুত এতিয়া সমগ্ৰ বলীউড শোকস্তব্ধ হৈ পৰিছে।

আশা ভোছলেৰ মৃত্যুত শ্বাহৰুখ খানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ইনষ্টাগ্ৰাম পোষ্টত লিখিছে,আশা টাইৰ কথাটো শুনি দুখ লাগিল।তেওঁৰ কণ্ঠ ভাৰতীয় চিনেমাৰ এক স্তম্ভ। তেওঁৰ প্ৰতিভা বহুতৰ মাজত জীয়াই থাকিব।তেওঁৰ পৰা মই সদায় আশীৰ্বাদ পাইছিলোঁ।

অনু মালিক আৰু আবু মালিকে আশা ভোছলেৰ মৃত্যুত শোক প্ৰকাশ কৰে। অনু মালিকে আশা ভোছলেক মা বুলি সম্বোধন কৰি কয় যে, ‘মোৰ মাতৃৰ বিয়োগ হৈছে। আশা জীৰ বিয়োগ সকলোৰে বাবে দুখৰ খবৰ।সমগ্ৰ চলচ্চিত্ৰ জগতৰ বাবে, সংগীত জগতৰ বাবে, দেশ আৰু বিশ্বৰ বাবে এয়া এক কৰুণ খবৰ।এইটো মোৰ পৰিয়ালৰ বাবে, দেশৰ বাবে, আৰু বিশ্বৰ বাবে এক বৃহৎ ক্ষতি।মোৰ শৈশৱ আশা জীৰ ঘৰত পাৰ হৈছিল।মই বহত দুখী।আজি মোৰ এটা শ্ব’ আছে, কিন্তু কেনেকৈ পৰিবেশন কৰিবলৈ সক্ষম হ’ম নাজানো।২০২১ চনত মোৰ মাতৃৰ দেহাৱসান হৈছিল, কিন্তু আজি পুনৰবাৰ মোৰ মাতৃ নোহোৱা হোৱাৰ দৰে লাগিছে।

আশা ভোছলেৰ মৃত্যুত ৰাজপাল যাদৱে কয়—মংগেশকাৰ পৰিয়ালে জাতিটোক যি সাংস্কৃতিক উত্তৰাধিকাৰ অৰ্পণ কৰিছে,তাক শব্দৰে বন্দী কৰাটো অসম্ভৱ।আশা টাইৰ মৃত্যু কেৱল এটা পৰিয়ালৰ বাবে ক্ষতি নহয়,বৰং সমগ্ৰ বিশ্বৰ বাবে ই এক অপূৰণীয় ক্ষতি।আপোনাৰ কণ্ঠ অমৰ আৰু আগন্তুক যুগ ধৰি প্ৰতিধ্বনিত হৈ থাকিব।

লগতে পঢ়ক: কিংবদন্তী কণ্ঠশিল্পী আশা ভোছলেৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

‘জেলাৰ ২’ত শ্বাহৰুখ খানৰ সৈতে দেখা যাব ৰজনীকান্তক!মোহনলালৰ ষ্টাইলিষ্টে দিলে ইংগিত

পৰিচালক নেলচন দিলীপকুমাৰে জেইলাৰৰ ছিকুৱেলক প্ৰথম খণ্ডতকৈও অধিক গ্ৰেণ্ড কৰি তুলিবলৈ প্ৰস্তুতি চলাইছে। ছবিখনত শ্বাহৰুখ খান আৰু ৰজনীকান্তত একেলগে দেখা পোৱা যাব।

চিনেমা প্ৰেমীৰ বাবে ইয়াতকৈ ডাঙৰ খবৰ কি হ’ব পাৰে যে ভাৰতীয় চিনেমাৰ দুগৰাকী ডাঙৰ কিংবদন্তি,শ্বাহৰুখ খান আৰু ৰজনীকান্ত প্ৰথমবাৰৰ বাবে একেখন ছবিত অভিনয় কৰিবলৈ সাজু হৈছে। নেলচন দিলীপকুমাৰৰ পৰিচালিত ‘জেলাৰ’ ছবিখনে ২০২৩ চনত বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল।আৰু এতিয়া ইয়াৰ ছিকুৱেল ‘জেলাৰ ২’ৰ নতুন আপডেট আহিছে।

দীৰ্ঘদিনীয়া উৰাবাতৰি এতিয়া প্ৰায় নিশ্চিত হৈছে যে ছবিখনত কিং খানে ষ্টেলাৰ কেমিঅ’ হিচাপে অভিনয় কৰিব।এই খবৰ ওলোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি হয় আৰু ৰজনীকান্ত আৰু শ্বাহৰুখক একেটা ফ্ৰেমতে চাবৰ বাবে সকলোৱে আগ্ৰহী।

‘জেলাৰ ২’ত শ্বাহৰুখ খানৰ প্ৰৱেশৰ খবৰ মালয়ালমৰ ছুপাৰষ্টাৰ মোহনলালৰ ষ্টাইলিষ্ট জিছাদ ছামছুদ্দিনে নিশ্চিত কৰিছে।জিছাদে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এআই-জেনেৰেটেড এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰে।এই ফটোখনত শ্বাহৰুখ খানক গাড়ী চলাই থকা দেখা গৈছে,কাষতে বহি আছে মোহনলাল,আনহাতে পিছৰ আসনত ৰজনীকান্ত আৰু শিৱ ৰাজকুমাৰক দেখা গৈছে।

এই পোষ্টটো শ্বেয়াৰ কৰি জিছাদে তামিল ভাষাত লিখিছে,‘কণ্ডিপ্পা ইৰুক্কুম’, যাৰ অৰ্থ হৈছে ‘নিশ্চিতভাৱে হ’ব’।এই ইংগিতে স্পষ্ট কৰি দিছে যে কেৱল শ্বাহৰুখেই ছবিখনৰ অংশ নহয়, বৰঞ্চ এই সকলো তাৰকাইও একেলগে পাৱাৰ পেকৰ এটা দৃশ্যও হ’ব।   

লগতে পঢ়ক: যশৰ অনুৰাগীসকললৈ দুখবৰ; পিছুৱাই দিয়া হ’ল ‘টক্সিক’ৰ মুক্তি তাৰিখ

জন্মদিনত অনুৰাগীলৈ শ্বাহৰুখ খানৰ উপহাৰ; মুকলি হ’ল নতুন ছবিৰ ট্ৰেইলাৰ…

জন্মদিনত অনুৰাগীলৈ শ্বাহৰুখ খানৰ উপহাৰ

যিটো মূহুৰ্তৰ বাবে অভিনেতা শ্বাহৰুখ খানে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল, অৱশেষত সেই ক্ষণ আহি পালে। ছুপাৰষ্টাৰগৰাকীয়ে তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘কিং’ৰ টিজাৰ মুকলি কৰিছে।

শ্বাহৰুখে তেওঁৰ ৬০ সংখ্যক জন্মদিনত অনুৰাগীক  সৰ্ববৃহৎ উপহাৰ দিছে,তাৰ পিছতে অনুৰাগীসকলে আনন্দত আত্মহাৰা হৈ পৰিছে। প্ৰায় তিনি বছৰৰ মূৰত পুনৰ ডাঙৰ পৰ্দালৈ আহিব অভিনেতাগৰাকী।

শ্বাহৰুখৰ ‘কিং’ ছবিখনে বহু দিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। অনুৰাগীসকলে ইয়াৰ কাহিনীৰ পৰা আৰম্ভ কৰি ইয়াৰ কাষ্টিংলৈকে সকলো জানিব বিচাৰিছিল।

তেওঁলোকে মাত্ৰ এইটো কথালৈ অপেক্ষা কৰিছিল যে শ্বাহৰুখে কেতিয়া তেওঁৰ ছবিৰ সৈতে জড়িত অফিচিয়েল পোষ্টাৰ মুকলি কৰিব।এতিয়া অৱশেষত ‘কিং’ৰ ফাৰ্ষ্ট লুক টিজাৰ আহিল, যিটো প্ৰথম দৃষ্টিত শক্তিশালী যেন লাগিছে।

তেওঁৰ ছবিখনত বলীউডৰ বহু ডাঙৰ তাৰকাক দেখিবলৈ পোৱা যাব।শক্তিশালী তাৰকাসকলৰ ভিতৰত অভিষেক বচ্চন, অনিল কাপুৰ, জেকী শ্ৰফ, জয়দীপ আহলাৱত, আৰ্শ্বদ ৱাৰ্ছী, সৌৰভ শুক্লাই ছবিখনত অভিনয় কৰিছে।দীপিকা পাডুকন আৰু ৰাণী মুখাৰ্জীয়েও ছবিখনৰ গুৰুত্বপূৰ্ণ ভূমিকাত আছে।ছবিখন ২০২৬ চনত মুক্তি পাব।

লগতে পঢ়ক: আজি বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন; মন্নতৰ বাহিৰত অজস্ৰ অনুৰাগীৰ ভিৰ

আজি বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন; মন্নতৰ বাহিৰত অজস্ৰ অনুৰাগীৰ ভিৰ

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন

বলীউডৰ “কিং খান” শ্বাহৰুখ খানৰ আজি ৬০ সংখ্যক জন্মদিন । প্ৰতি বছৰৰ দৰে এই দিনটো তেওঁৰ লাখ লাখ অনুৰাগীৰ বাবে এক বিশেষ উৎসৱতকৈ কোনো গুণে কম নহয় । অৱশ্যে এইবাৰৰ উদযাপন শ্বাহৰুখ খানৰ অনুৰাগীৰ বাবে অলপ নিৰাশাজনক আছিল ।

মন্নতৰ বাহিৰত অনুৰাগীৰ ভিৰ-

জন্মদিনৰ দিনা প্ৰত্যেকবাৰৰ দৰে কিং খান খ্যাত শ্বাহৰুখ খানৰ বান্দ্ৰাস্থিত বাংলো ‘মন্নত’ৰ বাহিৰত তেওঁৰ এভূমুকি পাবলৈ অনুৰাগীৰ ব্যাপক ভিৰ পৰিলক্ষিত হয় । অৱশ্যে এইবাৰৰ দৃশ্য পূৰ্বৰ দৰে নাছিল । অনুৰাগী উপস্থিত আছিল যদিও শ্বাহৰুখ খানক তেওঁৰ বেলকনিত দেখা নগ’ল । উল্লেখ্য যে শ্বাহৰুখৰ ঘৰ ‘মন্নত’ত নিৰ্মাণ কাৰ্য চলি আছে । এইবাৰ ছুপাৰষ্টাৰগৰাকীয়ে আলিবাগস্থিত নিজৰ ফাৰ্ম হাউচত জন্মদিন উদযাপন কৰে ।

বৃহৎ জনসমাগম আৰু যান-জঁটৰ সমস্যাৰ বাবে এইবাৰ মুম্বাই আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰে । কোনো অনুৰাগীক মন্নতৰ গেটৰ কাষত থিয় হ’বলৈ দিয়া নহ’ল । অনুৰাগী গোট খোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁলোকক আঁতৰাবলৈ আৰম্ভ কৰে । অৱশ্যে ইয়াৰ পাছতো অনুৰাগীসকল ৰাজপথলৈ তেওঁলোকৰ প্ৰিয় নায়কগৰাকীৰ জন্মদিন উদযাপনৰ বাবে ৰাজপথলৈ ওলাই অহা দেখা যায় ।

আজি ৬০ বছৰ সম্পূৰ্ণ কৰা শ্বাহৰুখ খানৰ ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আছে লাখ লাখ অনুৰাগী । এই অভিনেতাগৰাকীয়ে সৰু পৰ্দাৰ ধাৰাবাহিক “চাৰ্কাছ”ৰ জৰিয়তে খ্যাতি অৰ্জন কৰাৰ পিছত ১৯৯২ চনত “দীৱানা” ছবিখনৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰে । তাৰ পিছৰ পৰা তেওঁ পিছলৈ ঘূৰি চাব লগা হোৱা নাই । “ডৰ” আৰু “বাজিগৰ”ত নেতিবাচক ভূমিকাত অভিনয় কৰাৰ পৰা আৰম্ভ কৰি “ৰোমাঞ্চৰ ৰজা” হোৱালৈকে তেওঁৰ এই যাত্ৰা সপোন পূৰণ হোৱাতকৈ কম নহয় ।

তেওঁ বলীউডৰ কালজয়ী ৰোমান্টিক ছবি যেনে “দিলৱালে দুলহনিয়া লে জায়েংগে”, “দিল টু পাগল হায়”, “কৰণ অৰ্জুন”ত অভিনয় কৰাৰ লগতে অতি শেহতীয়াকৈ “পাঠান” আৰু “জৱান”ৰ জৰিয়তে তেওঁ প্ৰমাণ কৰে যে তেওঁ একচনৰো “ৰজা” হৈ আছে ।

লগতে পঢ়ক : ১০ বছৰৰ পাছতো ‘বাহুবলী’ৰ শক্তি প্ৰদৰ্শন;পুনৰ মুক্তিৰ প্ৰথম দিনাই উপাৰ্জন ১০ কোটি টকা

পঞ্জাৱৰ বানাক্ৰান্তক সহায়ৰ হাত শ্বাহৰুখ খানৰ: ১৫০০ বন্যাৰ্তৰ ল’লে দায়িত্ব

পঞ্জাৱৰ বানাক্ৰান্তক সহায়ৰ হাত শ্বাহৰুখ খানৰ

এই সময়ত পঞ্জাৱে অতি কঠিন সময়ৰ মাজেৰে পাৰ হৈছে।বানপানীৰ বাবে ব্যাহত হৈছে মানুহৰ জীৱন।বানপানীয়ে বহু গাঁও ধ্বংস কৰিছে।

তাৰ মাজতে বলীউডৰ বহু তাৰকাই পঞ্জাৱৰ বাবে সহায় কৰিছে। শ্বাহৰুখ খানেও এতিয়া পঞ্জাৱৰ অসহায় ৰাইজলৈ আগবঢ়াইছে সহায়ৰ হাত।

কিং খানে তেওঁৰ পিতৃ মীৰ তাজ মহম্মদ খানৰ স্মৃতিত গঠিত মীৰ ফাউণ্ডেশ্যনে ১৫০০ বন্যাৰ্তৰ দায়িত্ব লৈছে।লগতে মিৰ ফাউণ্ডেচনৰ সহযোগত তেওঁ ৰাইজৰ বাবে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে।মীৰ ফাউণ্ডেচন সমগ্ৰ ভাৰতবৰ্ষতে এচিড আক্ৰমণৰ বলি হোৱা লোকক সহায় কৰাৰ বাবে পৰিচিত।

মীৰ ফাউণ্ডেশ্যন আৰু স্থানীয় বেচৰকাৰী সংগঠনৰ সহযোগত শ্বাহৰুখ খানে অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী বিতৰণ কৰি বানাক্ৰান্ত জনগোষ্ঠীক সহায় কৰি আছে।

থকা খোৱাৰ পৰা আৰম্ভ কৰি বন্যাৰ্তক পৰ্যমানে সহায় কৰিব শ্বাহৰুখ খানে । শ্বাহৰুখ খানৰ এই মহানতাক সলাগ লৈছে সকলোৱে ।

লগতে পঢ়ক: ‘হৃদয় ভাঙি গৈছে…’; নেপালৰ হিংসাত্মক পৰিস্থিতিত চিন্তিত প্ৰাজাক্তা কোলী

৩৩ বছৰীয়া কেৰিয়াৰত প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় বঁটা লাভ শ্বাহৰুখ খানৰ…

প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় বঁটা লাভ শ্বাহৰুখ খানৰ

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে তেওঁৰ ৩৩ বছৰীয়া কেৰিয়াৰত প্ৰথমটো ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ২০২৩ চনত এটলীৰ পৰিচালনাত নিৰ্মিত ব্লকবাষ্টাৰ ছবি ‘জৱান’ত কৰা অভিনয়ৰ বাবে ছুপাৰষ্টাৰগৰাকীয়ে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।

কিং খানে বিধু বিনোদ চোপ্ৰাৰ ’১২ ফেইল’ ছবিত অভিনয় কৰা বিক্ৰান্ত মেছিৰ সৈতে এই সন্মান ভাগ কৰে।ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ পিছতে শ্বাহৰুখ খানে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁৰ হাতখন প্লাষ্টাৰ কৰি থোৱা দেখা গৈছে।

এই ভিডিঅ’টোত ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ পিছত ছুপাৰষ্টাৰগৰাকীয়ে ভাৰত চৰকাৰ, জুৰী, তেওঁৰ দল, অনুৰাগী আৰু পৰিয়ালক ধন্যবাদ জনাইছে।

এই সন্মানীয় বঁটা লাভ কৰাৰ পিছতে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ছুপাৰষ্টাৰগৰাকীয়ে। তেওঁৰ অফিচিয়েল x হেণ্ডেলত এটা ভিডিঅ’ৰ লগতে তেওঁ লিখিছে, “ৰাষ্ট্ৰীয় বঁটাৰে মোক সন্মান জনোৱাৰ বাবে ধন্যবাদ। জুৰী আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক ধন্যবাদ।এই সন্মানৰ বাবে ভাৰত চৰকাৰলৈ ধন্যবাদ।মোক দিয়া মৰম, আজি সকলোকে মোৰ আধা আলিংগন।”

ভিডিঅ’টোত শ্বাহৰুখ খানেলগতে কয় যে, “ কোৱাৰ হয়টো প্ৰয়োজন নাই যে মই কৃতজ্ঞতা আৰু নম্ৰতাৰে আপ্লুত হৈছো।ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱাটো এনে এটা মুহূৰ্ত যিটো মই গোটেই জীৱন পাহৰিব নোৱাৰিম।জুৰী, অধ্যক্ষ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু মোক এই সন্মানৰ যোগ্য বুলি ভবা সকলোকে বহুত বহুত ধন্যবাদ।”

লগতে পঢ়ক: ‘কিংডম’ৰ ধামাকা এন্ট্ৰি; প্ৰথম দিনাই বক্স অফিচত উপাৰ্জন…

শ্বাহৰুখ খান আৰু গৌৰীয়ে কৰিলে নিয়ম উলংঘা!নিৰিক্ষণৰ বাবে মন্নত’ত BMC

শ্বাহৰুখ খানে কৰিলে নিয়ম উলংঘা

হিন্দী চিনেমাৰ কিং শ্বাহৰুখ খানৰ বাংলো ‘মন্নত’ত ৰেনোৱেশনৰ কাম চলি আছে।শুকুৰবাৰে মুম্বাইৰ বৃহনমুম্বাই পৌৰ নিগম (বিএমচি) আৰু বন বিভাগৰ এটা দলে বান্দ্ৰাৰ এই বাংলোটো পৰিদৰ্শন কৰে।

তথ্য অনুসৰি বাংলোটোত চলি থকা কামে উপকূলীয় নিয়ন্ত্ৰণ মণ্ডলৰ নিয়ম উলংঘা কৰা বুলি অভিযোগ লাভ কৰে।

তাৰ পিছতেই দলটোৱে সেই স্থানত উপস্থিত হৈ পৰিদৰ্শন কৰে। বন বিভাগৰ এগৰাকী বিষয়াই এই কথা নিশ্চিত কৰি কয় যে তদন্তকাৰী দলটোৱে মান্নাত নিৰিক্ষণ কৰিছিল।

পুনৰ নিৰ্মাণৰ অনুমতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱা অভিযোগৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা বুলি বিষয়াগৰাকীয়ে কয়।

তেওঁ আৰু কয় যে যি যি পৰিদৰ্শন কৰা হৈছে তাৰ ভিত্তিত প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব আৰু অতি সোনকালে সংশ্লিষ্ট বিভাগত দাখিল কৰা হ’ব।

পৰিদৰ্শনৰ বাবে মান্নাত’ ত উপস্থিত BMC

বন বিভাগে বিএমচিৰ এইচ-ৱেষ্ট ৱাৰ্ডৰ বিল্ডিং এণ্ড ফেক্টৰী বিভাগ আৰু বিল্ডিং প্ৰপ’জেল বিভাগৰ বিষয়াসকলকো তদন্তত যোগদান কৰিবলৈ কৈছিল।

BMCৰ এজন বিষয়াই কয়, ‘বন বিভাগৰ অনুৰোধতহে আমাৰ দলটো তেওঁলোকৰ লগত গৈছিল।ইয়াৰ সৈতে আমাৰ আৰু কোনো সম্পৰ্ক নাই।

তদন্তৰ সময়ত আন এজন বিষয়াই কয় যে মান্নাত উপস্থিত কৰ্মচাৰীসকলে আশ্বাস দিছে যে তেওঁলোকে অতি সোনকালে প্ৰয়োজনীয় সকলো নথি-পত্ৰ আৰু অনুমতি দাখিল কৰিব।

শ্বাহৰুখ খান আৰু গৌৰীৰ নিয়ম উলংঘা

সমগ্ৰ গোচৰটো আৰম্ভ হৈছিল যেতিয়া প্ৰাক্তন আই পি এছ বিষয়া তথা অধিবক্তা ৱাই.পি. সিঙে দাবী কৰিছিল যে মান্নাতৰ মৌলিক গঠন কৰা ঐতিহ্য ভৱনটো আছিল ‘ভিলা ভিয়েনা’।

তেওঁ অভিযোগ কৰে যে ২০০৫ চনত ইয়াত এটা নতুন সাতমহলীয়া অট্টালিকা নিৰ্মাণ কৰা হৈছিল আৰু নগৰীয়া ভূমি চিলিং আইনখনৰ নিয়ম বাইপাছ কৰি ১২টা সৰু সৰু ফ্লেট অনুমোদন কৰি এটা বিলাসী ঘৰলৈ ৰূপান্তৰিত কৰা হৈছিল।

লগতে পঢ়ক:‘সীতাৰে জমীন পাৰ’ৰ প্ৰিমিয়াৰত তাৰকাৰ ভিৰ; প্ৰেমিকা গৌৰীৰ হাতত হাত থৈ আমিৰ খানৰ প’জ

‘মই শ্বাহৰুখ খান…’; মেট গালাত ৰাজকীয় শৈলীৰে প্ৰথমবাৰলৈ বলীউডৰ বাদশ্বাহ

মেট গালা ২০২৫ক লৈ ভাৰতীয়সকলৰ মাজত এক উত্তেজনা সৃষ্টি হৈছিল আৰু ইয়াৰ কাৰণ আছিল বলীউডৰ কিং শ্বাহৰুখ খান। সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছিল শ্বাহৰুখ খানৰ মেট গালাত অভিষেক ঘটোৱাৰ ওপৰত।

এতিয়া সকলো অপেক্ষা অন্ত পেলাই অৱশেষত মেট গালা ২০২৫ত অভিষেক ঘটালে শ্বাহৰুখ খানে।বলীউডত তেওঁৰ ছবিৰ দৰেই মেট গালাটো শ্বাহৰুখৰ অভিষেকৰ ছবিও আছিল ব্লকবাষ্টাৰ।

ইফালে, শ্বাহৰুখ খানৰ এটা ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত তেওঁ নিজকে বিশ্বৰ আগত চিনাকি দিয়া দেখা গৈছে।

দৰাচলতে, আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ইভেণ্টত শ্বাহৰুখ খানে প্ৰৱেশ কৰাৰ লগে লগে বিদেশৰ সংবাদ মাধ্যমক প্ৰশ্ন কৰিছিল যে তেওঁ কোন?  তাৰ পিছতে শ্বাহৰুখ খানে নিজৰ পৰিচয় দিয়ে।

ইয়াৰ পিছত কিং খানক তেওঁৰ লুকৰ বিষয়ে সোধা হয়, য’ত শ্বাহৰুখে কয় যে তেওঁৰ লুকটো সব্যাসচী মুখাৰ্জীয়ে ডিজাইন কৰিছে।

মেট গালা ২০২৫ত অভিষেক ঘটোৱাৰ পিছত শ্বাহৰুখে সাক্ষাৎকাৰ দিছিল আৰু ইতিহাস সৃষ্টি কৰাৰ পিছত তেওঁৰ প্ৰতিক্ৰিয়াৰ বিষয়ে সোধা হৈছিল।

শ্বাহৰুখ খানে কৈছিল যে, ‘ইতিহাসৰ কথা নাজানো, কিন্তু মই অত্যন্ত নাৰ্ভাছ আৰু উত্তেজিত।’ সব্যাসচিয়ে হে মোক ইয়ালৈ আহিবলৈ অনুৰোধ কৰিছিল। মই বহুত ৰেড কাৰ্পেটত উপস্থিত হোৱা নাই গতিকে অলপ লাজ লাগে, কিন্তু ইয়ালৈ অহাটো অদ্ভুত’।

সৰ্বাধিক কৰ আদায় দিয়া চেলিব্ৰিটি… শ্বাহৰুখ-ছলমানক পিছ পেলালে বিগ বিয়ে

জনপ্ৰিয়ভাৱে বিগ-বি নামেৰে পৰিচিত বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সৰ্বাধিক কৰদাতা হিচাপে পৰিগণিত হৈছে । এই বিষয়ত তেওঁ আনকি শ্বাহৰুখ খান আৰু ছলমান খানকো অতিক্ৰম কৰিছে । তেওঁৰ এডভান্স টেক্সৰ শেষ কিস্তি ১৫ মাৰ্চত পৰিশোধ কৰিছিল, যিটো ৫২.৫০ কোটি টকা ।

বিগ বি-ৰ উপাৰ্জন ৩৫০ কোটি-

খবৰ অনুসৰি বিগ বি অমিতাভ বচ্চনে এই বিত্তীয় বৰ্ষত ৩৫০ কোটি টকাৰ বৃহৎ উপাৰ্জন কৰিছে আৰু এই আয়ৰ পৰিসংখ্যাৰ ওপৰত তেওঁৰ কৰ ১২০ কোটি টকা । এই এডভান্স টেক্সৰ ভিতৰত ৫২.৫০ কোটি টকাৰ শেষ কিস্তি ১৫ মাৰ্চত প্ৰদান কৰা হৈছিল । উল্লেখ্য যে চিনেমাৰ উপৰিও ৮১ বছৰীয়া অভিনেতা গৰাকীৰ উপাৰ্জনৰ উৎস বিজ্ঞাপন, কুইজ শ্ব’ কৌন বানেগা কড়োৰপতি আৰু বহু বিনিয়োগ । বিশেষকৈ অমিতাভ বচ্চনে ৰিয়েল এষ্টেটত বৃহৎ বিনিয়োগ কৰিছে আৰু তেওঁৰ মুম্বাইৰ পৰা অযোধ্যালৈকে সম্পত্তি আছে ।

শ্বাহৰুখতকৈ অধিক কৰ দিছে-

অমিতাভ বচ্চনে নতুন অভিলেখ গঢ়ি বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু ছলমান খানক অতিক্ৰমী ২০২৪-২৫ চনত ভাৰতৰ সৰ্বাধিক কৰ আদায় দিয়া চেলিব্ৰিটি হিচাপে পৰিগণিত হৈছে । প্ৰতিবেদন অনুসৰি অমিতাভ বচ্চনে বিগত বিত্তীয় বৰ্ষত ৭১ কোটি টকাৰ কৰ আদায় দিছিল যদিও এইবাৰ তেওঁৰ কৰ দায়বদ্ধতা ৬৯% বৃদ্ধি পাইছে ।

বিগত বিত্তীয় বৰ্ষত শ্বাহৰুখ খানে ৯২ কোটি টকাৰ কৰ দি সৰ্ববৃহৎ কৰদাতা চেলিব্ৰিটি হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে প্ৰতিবেদন অনুসৰি এই বিত্তীয় বৰ্ষত তেওঁ ৮৪.১৭ কোটি টকাৰ অগ্ৰিম কৰ আদায় দিছে । ইয়াৰ উপৰিও চাউথ ছুপাৰষ্টাৰ থালাপথী বিজয়ে ৮০ কোটি আৰু ছলমান খানে ৭৫ কোটি টকা কৰ আদায় দিছে ।

অব্যাহত অমিতাভ বচ্চনৰ যাদু-

এই বয়সতো অমিতাভ বচ্চনৰ প্ৰভাৱ বলীউডত অক্ষত আছে । কৰ্মক্ষেত্ৰত তেওঁ প্ৰায় দুটা দশক ধৰি কৌন বানেগা কড়োৰপতি (কে বি চি)ক হোষ্ট কৰা দেখা গৈছে । শেষবাৰৰ বাবে তেওঁক দেখা গৈছিল তামিল ছবি ‘ভেট্টাইয়ান’ত, য’ত তেওঁ ৰজনীকান্তৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিছিল । সম্প্ৰতি অমিতাভ বচ্চনৰ হাতত আছে ৰিভু দাসগুপ্তৰ ‘ছেকচন ৮৪’, আনহাতে কল্কি ২৮৯৮ ইৰ ছিকুৱেলতো তেওঁক গুৰুত্বপূৰ্ণ ভূমিকাত দেখা যাব ।