শ্বাহৰুখ খান

পঞ্জাৱৰ বানাক্ৰান্তক সহায়ৰ হাত শ্বাহৰুখ খানৰ: ১৫০০ বন্যাৰ্তৰ ল’লে দায়িত্ব

পঞ্জাৱৰ বানাক্ৰান্তক সহায়ৰ হাত শ্বাহৰুখ খানৰ এই সময়ত পঞ্জাৱে অতি কঠিন সময়ৰ মাজেৰে পাৰ হৈছে।বানপানীৰ বাবে ব্যাহত হৈছে মানুহৰ জীৱন।বানপানীয়ে বহু গাঁও ধ্বংস কৰিছে। তাৰ মাজতে বলীউডৰ বহু তাৰকাই পঞ্জাৱৰ বাবে সহায় কৰিছে। শ্বাহৰুখ খানেও এতিয়া পঞ্জাৱৰ অসহায় ৰাইজলৈ আগবঢ়াইছে সহায়ৰ হাত। কিং খানে তেওঁৰ

পঞ্জাৱৰ বানাক্ৰান্তক সহায়ৰ হাত শ্বাহৰুখ খানৰ

এই সময়ত পঞ্জাৱে অতি কঠিন সময়ৰ মাজেৰে পাৰ হৈছে।বানপানীৰ বাবে ব্যাহত হৈছে মানুহৰ জীৱন।বানপানীয়ে বহু গাঁও ধ্বংস কৰিছে।

তাৰ মাজতে বলীউডৰ বহু তাৰকাই পঞ্জাৱৰ বাবে সহায় কৰিছে। শ্বাহৰুখ খানেও এতিয়া পঞ্জাৱৰ অসহায় ৰাইজলৈ আগবঢ়াইছে সহায়ৰ হাত।

কিং খানে তেওঁৰ পিতৃ মীৰ তাজ মহম্মদ খানৰ স্মৃতিত গঠিত মীৰ ফাউণ্ডেশ্যনে ১৫০০ বন্যাৰ্তৰ দায়িত্ব লৈছে।লগতে মিৰ ফাউণ্ডেচনৰ সহযোগত তেওঁ ৰাইজৰ বাবে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে।মীৰ ফাউণ্ডেচন সমগ্ৰ ভাৰতবৰ্ষতে এচিড আক্ৰমণৰ বলি হোৱা লোকক সহায় কৰাৰ বাবে পৰিচিত।

মীৰ ফাউণ্ডেশ্যন আৰু স্থানীয় বেচৰকাৰী সংগঠনৰ সহযোগত শ্বাহৰুখ খানে অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী বিতৰণ কৰি বানাক্ৰান্ত জনগোষ্ঠীক সহায় কৰি আছে।

থকা খোৱাৰ পৰা আৰম্ভ কৰি বন্যাৰ্তক পৰ্যমানে সহায় কৰিব শ্বাহৰুখ খানে । শ্বাহৰুখ খানৰ এই মহানতাক সলাগ লৈছে সকলোৱে ।

লগতে পঢ়ক: ‘হৃদয় ভাঙি গৈছে…’; নেপালৰ হিংসাত্মক পৰিস্থিতিত চিন্তিত প্ৰাজাক্তা কোলী