প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমখন হাইড্ৰ’জেন চালিত যাত্ৰীবাহী ৰে’লৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব
ভাৰতীয় ৰেলৱেৰ ইতিহাসত কাইলৈ সংযোগ হ’ব এক সোণালী অধ্যায় । ১৭ জুলাইত হাৰিয়ানাৰ জিন্দ ৰে’ল ষ্টেচনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমখন হাইড্ৰ’জেন চালিত যাত্ৰীবাহী ৰে’লৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব । চেন্নাইৰ ইণ্টিগ্ৰেটেড কচ ফেক্টৰীত সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে ডিজাইন কৰা এই বিশেষ ৰে’লখনৰ জৰিয়তে ভাৰতে বিশ্বৰ এক অতি সীমিত আৰু নিৰ্বাচিত দেশৰ তালিকাত স্থান লাভ কৰিব । বৰ্তমানলৈকে কেৱল জাৰ্মানী, জাপান, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উন্নত দেশসমূহেহে পৰিষ্কাৰ ৰে’ল পৰিবহনৰ বাবে হাইড্ৰ’জেন গেছ ব্যৱহাৰৰ দিশত গৱেষণা আৰু পৰীক্ষণ চলাই আছে ।
ভাৰতৰ এই নতুন ৰে’লখনৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হৈছে ইয়াৰ ডবাৰ সংখ্যা । বিশ্বজুৰি বৰ্তমান চলি থকা বেছিভাগ হাইড্ৰ’জেন ৰে’লতে সাধাৰণতে মাত্ৰ দুটাৰ পৰা চাৰিটা ডবাহে থাকে আৰু সেইবোৰে চুটি আঞ্চলিক পথতহে সেৱা আগবঢ়ায় । কিন্তু ভাৰতৰ এই নতুন ৰে’লখনত মুঠ ১০ টা ডবা সংলগ্ন কৰা হৈছে, যাৰ ফলত ই বিশ্বৰ অন্যতম বৃহৎ হাইড্ৰ’জেন চালিত যাত্ৰীবাহী ৰে’ল হিচাপে পৰিগণিত হৈছে । এই প্ৰকল্পই উন্নত প্ৰণোদন প্ৰযুক্তিৰ সৈতে সমৰ্পিত হাইড্ৰ’জেন সংৰক্ষণ, ৰিফিউয়েলিং আৰু কাৰ্যক্ষম আন্তঃগাঁথনিক একত্ৰিত কৰিছে, যিয়ে ভাৰতত পৰিষ্কাৰ আৰু পৰিৱেশ অনুকূল ৰে’ল পৰিবহনৰ এক নতুন পথ প্ৰদৰ্শন কৰিব ।
কাৰিকৰী দিশ আৰু সময়সূচী
কাৰিকৰী দিশৰ পৰা চাবলৈ গ’লে, এই ৰে’লখনত থলুৱাভাৱে নিৰ্মিত ফুৱেল-চেল ভিত্তিক ডিষ্ট্ৰিবিউটেড পাৱাৰ ৰোলিং ষ্টক প্ৰণালী ব্যৱহাৰ কৰা হৈছে, যাৰ ক্ষমতা ১,২০০ কিলোৱাট । ১০ টা ডবাযুক্ত ৰে’লখনত দুখন হাইড্ৰ’জেন ড্ৰাইভিং পাৱাৰ কাৰ আৰু আঠখন ট্ৰেইলাৰ ডবা থাকিব, য’ত একেলগে প্ৰায় ২,৬০০ যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব । প্ৰতিখন পাৱাৰ কাৰতে ফুৱেল চেলৰ উপৰিও লিথিয়াম আইৰন ফছফেট বেটাৰী আৰু শক্তিশালী হাইড্ৰ’জেন সংৰক্ষণ চিলিণ্ডাৰ স্থাপন কৰা হৈছে ।
এই ৰে’লখন সৰ্বোচ্চ ১১০ কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগৰ বাবে ডিজাইন কৰা হৈছে যদিও বৰ্তমান জিন্দ-শোণিপাত শাখাৰ ৮৯ কিলোমিটাৰ পথত ই সৰ্বাধিক ৭৫ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে যাত্ৰা কৰিব । যোৱা বছৰ এই পথছোৱাত সফল পৰীক্ষণ সম্পন্ন হোৱাৰ পিছত চলিত বৰ্ষৰ ২২ মে’ত ৰে’লৱে বোৰ্ডে ইয়াক চূড়ান্ত অনুমোদন জনাইছিল ।
ৰেলৱে বোৰ্ডৰ চৰকাৰী জাননী অনুসৰি, নিয়মীয়া সেৱাৰ বাবে ৰে’ল নং ৭৪০১০ পুৱা ৭:৪০ বজাত জিন্দ ৰে’ল ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি পুৱা ৯:৪০ বজাত সোণিপাতত উপস্থিত হ’ব । নিজৰ যাত্ৰাপথত ৰে’লখনে মুঠ ১২ টা ষ্টেচন স্পৰ্শ কৰিব । এই ষ্টেচনসমূহ হৈছে ক্ৰমে— জিন্দ চিটি, পাণ্ডু পিণ্ডাৰা, ললিত খেৰা, ভাম্বেভা, ইশাপুৰ খেৰী, বুটানা, খণ্ডৰায়, গোহানা, ৰাভৰা, লাথ, মোহানা হাৰিয়ানা আৰু বাৰৱাছনী ।
দেশৰ সৰ্ববৃহৎ ৰিফিউয়েলিং প্ৰকল্প আৰু নিৰাপত্তা
এই ঐতিহাসিক প্ৰকল্পৰ অংশস্বৰূপে হাৰিয়ানাৰ জিন্দত দেশৰ সৰ্ববৃহৎ ৰে’লৱে হাইড্ৰ’জেন সংৰক্ষণ আৰু ৰিফিউয়েলিং (ইন্ধন ভৰোৱা) প্ৰকল্প স্থাপন কৰা হৈছে । এই থলুৱা প্ৰকল্পটোৱে একেলগে প্ৰায় ৩,০০০ কিলোগ্ৰাম ক্ৰমপ্ৰেছড হাইড্ৰ’জেন গেছ (CHG) সংৰক্ষণ কৰিব পাৰিব আৰু ই হাইড্ৰ’জেন ৰে’ল পৰিচালনাত সম্পূৰ্ণ সহায় কৰিব ।
লগতে পঢ়ক : “ছেমিকন ২.০ য়ে ভাৰতত অধিক বিনিয়োগ বৃদ্ধি কৰিব”; প্ৰধানমন্ত্ৰী মোদী









