গুৱাহাটীত ঐতিহাসিক ডুৰাণ্ড কাপক উষ্ম আদৰণি

গুৱাহাটীত ঐতিহাসিক ডুৰাণ্ড কাপক উষ্ম আদৰণি

এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট ডুৰাণ্ড কাপৰ ১৩৫তম সংস্কৰণৰ কাউন্টডাউন আনুষ্ঠানিকভাৱে আৰম্ভ কৰি বৃহস্পতিবাৰে গুৱাহাটীত ট্ৰফী যাত্ৰাৰ শুভাৰম্ভ কৰা হয় চলিত ফিফা বিশ্বকাপৰ মাজতে অসম তথা সমগ্ৰ উত্তৰ-পূব ভাৰতত ফুটবলৰ জ্বৰ পুনৰ আৰম্ভ হৈছে । ভাৰতৰ অতি মৰ্যাদাপূৰ্ণ তথা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট ‘ডুৰাণ্ড

এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট ডুৰাণ্ড কাপৰ ১৩৫তম সংস্কৰণৰ কাউন্টডাউন আনুষ্ঠানিকভাৱে আৰম্ভ কৰি বৃহস্পতিবাৰে গুৱাহাটীত ট্ৰফী যাত্ৰাৰ শুভাৰম্ভ কৰা হয়

চলিত ফিফা বিশ্বকাপৰ মাজতে অসম তথা সমগ্ৰ উত্তৰ-পূব ভাৰতত ফুটবলৰ জ্বৰ পুনৰ আৰম্ভ হৈছে । ভাৰতৰ অতি মৰ্যাদাপূৰ্ণ তথা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট ‘ডুৰাণ্ড কাপ‘ৰ ১৩৫তম সংস্কৰণৰ কাউন্টডাউন আনুষ্ঠানিকভাৱে আৰম্ভ কৰি বৃহস্পতিবাৰে গুৱাহাটীত ট্ৰফী যাত্ৰাৰ শুভাৰম্ভ কৰা হয় । চহৰৰ হোটেল তাজ ভিভান্তাত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই ঐতিহাসিক টুৰ্ণামেণ্টখনৰ তিনিখনকৈ মূল ট্ৰফীক উষ্ম আদৰণি জনোৱা হয় । এই ট্ৰফীৰ আগমনে শতিকাজোৰা ক্ৰীড়া উৎকৰ্ষতাক উদযাপন কৰাৰ লগতে অসমৰ চহকী ফুটবল পৰম্পৰাক এক নতুন মাত্ৰা প্ৰদান কৰিছে ।

ক্ৰীড়া মন্ত্ৰী আৰু সেনা প্ৰধানৰ উপস্থিতি

উক্ত মৰ্যাদাপূৰ্ণ ট্ৰফী প্ৰদৰ্শনী অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । ৰাজ্যখনত ফুটবলৰ প্ৰসাৰ আৰু চৰকাৰৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰি মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিশেষ সচিব কৌচৰ জামিল হিলালী (অৱসৰপ্ৰাপ্ত আই এ এছ), সঞ্চালক অংকুৰ ভৰালী (এ চি এছ) আৰু অসমৰ জনপ্ৰিয় যুৱ ফুটবলাৰ পাৰ্থিৱ সুন্দৰ গগৈ ।

গুৱাহাটী মহানগৰীত পৰিক্ৰমা কৰিব ট্ৰফীয়ে

হোটেল তাজ ভিভান্তাত ট্ৰফী প্ৰদৰ্শনীৰ পিছতেই ভাৰতীয় সেনাৰ এক আকৰ্ষণীয় সামৰিক বেণ্ডৰ সহিতে ‘ফ্লেগিং অফ’ কাৰ্যসূচী সম্পন্ন হয় আৰু ট্ৰফী যাত্ৰাৰ আনুষ্ঠানিক আৰম্ভণি ঘটে । জানিব পৰা মতে, অহা দুদিন ধৰি এই ঐতিহাসিক ট্ৰফীসমূহ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত পৰিক্ৰমা কৰোৱা হ’ব । ক্ৰীড়াপ্ৰেমী ৰাইজৰ প্ৰদৰ্শনৰ বাবে ট্ৰফী ক্ৰমে- নতুন বিধানসভা ভৱন, লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি, আই আই টি গুৱাহাটী আৰু চিটি চেণ্টাৰ মলত স্থাপন কৰা হ’ব ।

লগতে পঢ়ক : ফুটবলপ্ৰেমীৰ বাবে সাৰে থাকিব মহানগৰী! কিন্তু কিয়?