গুৱাহাটীত ঐতিহাসিক ডুৰাণ্ড কাপক উষ্ম আদৰণি

এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট ডুৰাণ্ড কাপৰ ১৩৫তম সংস্কৰণৰ কাউন্টডাউন আনুষ্ঠানিকভাৱে আৰম্ভ কৰি বৃহস্পতিবাৰে গুৱাহাটীত ট্ৰফী যাত্ৰাৰ শুভাৰম্ভ কৰা হয়

চলিত ফিফা বিশ্বকাপৰ মাজতে অসম তথা সমগ্ৰ উত্তৰ-পূব ভাৰতত ফুটবলৰ জ্বৰ পুনৰ আৰম্ভ হৈছে । ভাৰতৰ অতি মৰ্যাদাপূৰ্ণ তথা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট ‘ডুৰাণ্ড কাপ‘ৰ ১৩৫তম সংস্কৰণৰ কাউন্টডাউন আনুষ্ঠানিকভাৱে আৰম্ভ কৰি বৃহস্পতিবাৰে গুৱাহাটীত ট্ৰফী যাত্ৰাৰ শুভাৰম্ভ কৰা হয় । চহৰৰ হোটেল তাজ ভিভান্তাত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই ঐতিহাসিক টুৰ্ণামেণ্টখনৰ তিনিখনকৈ মূল ট্ৰফীক উষ্ম আদৰণি জনোৱা হয় । এই ট্ৰফীৰ আগমনে শতিকাজোৰা ক্ৰীড়া উৎকৰ্ষতাক উদযাপন কৰাৰ লগতে অসমৰ চহকী ফুটবল পৰম্পৰাক এক নতুন মাত্ৰা প্ৰদান কৰিছে ।

ক্ৰীড়া মন্ত্ৰী আৰু সেনা প্ৰধানৰ উপস্থিতি

উক্ত মৰ্যাদাপূৰ্ণ ট্ৰফী প্ৰদৰ্শনী অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । ৰাজ্যখনত ফুটবলৰ প্ৰসাৰ আৰু চৰকাৰৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰি মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিশেষ সচিব কৌচৰ জামিল হিলালী (অৱসৰপ্ৰাপ্ত আই এ এছ), সঞ্চালক অংকুৰ ভৰালী (এ চি এছ) আৰু অসমৰ জনপ্ৰিয় যুৱ ফুটবলাৰ পাৰ্থিৱ সুন্দৰ গগৈ ।

গুৱাহাটী মহানগৰীত পৰিক্ৰমা কৰিব ট্ৰফীয়ে

হোটেল তাজ ভিভান্তাত ট্ৰফী প্ৰদৰ্শনীৰ পিছতেই ভাৰতীয় সেনাৰ এক আকৰ্ষণীয় সামৰিক বেণ্ডৰ সহিতে ‘ফ্লেগিং অফ’ কাৰ্যসূচী সম্পন্ন হয় আৰু ট্ৰফী যাত্ৰাৰ আনুষ্ঠানিক আৰম্ভণি ঘটে । জানিব পৰা মতে, অহা দুদিন ধৰি এই ঐতিহাসিক ট্ৰফীসমূহ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত পৰিক্ৰমা কৰোৱা হ’ব । ক্ৰীড়াপ্ৰেমী ৰাইজৰ প্ৰদৰ্শনৰ বাবে ট্ৰফী ক্ৰমে- নতুন বিধানসভা ভৱন, লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি, আই আই টি গুৱাহাটী আৰু চিটি চেণ্টাৰ মলত স্থাপন কৰা হ’ব ।

লগতে পঢ়ক : ফুটবলপ্ৰেমীৰ বাবে সাৰে থাকিব মহানগৰী! কিন্তু কিয়?

ফুটবল জ্বৰত কঁপিব শ্বিলং! ডুৰাণ্ড কাপ ২০২৬ক আদৰিবলৈ সাজু মেঘালয়

ডুৰাণ্ড কাপ ২০২৬: শ্বিলঙত ফুটবলৰ মহাৰণ, খেলিব মুম্বাই-লাজঙৰ দৰে শীৰ্ষ দলে

ভাৰতৰ আটাইতকৈ পুৰণি আৰু ঐতিহ্যবাহী ফুটবল প্ৰতিযোগিতা ‘ডুৰাণ্ড কাপ ২০২৬’ (Durand Cup 2026)ৰ ১৩৫তম সংস্কৰণক আদৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে চুবুৰীয়া ৰাজ্য মেঘালয় । ফুটবলপ্ৰেমী ৰাজ্যখনত এই প্ৰতিযোগিতাখনক লৈ উত্তেজনা চৰম পৰ্যায়ত উপনীত হোৱাৰ মাজতে ৰাজধানী চহৰ শ্বিলঙে খেলসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে ।

মেঘালয়ৰ বাবে গৌৰৱৰ ক্ষণ: ক্ৰীড়ামন্ত্ৰী ৱাইলাডমিকি শ্বিল্লা

প্ৰতিযোগিতাখনৰ পূৰ্বে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি মেঘালয়ৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী ৱাইলাডমিকি শ্বিল্লাই কয় যে এই সন্মানীয় ফুটবল প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ পাই মেঘালয়বাসী অত্যন্ত গৌৰৱান্বিত । তেওঁ ৰাজ্যখনৰ চহকী ফুটবল সংস্কৃতি আৰু এই খেলবিধৰ প্ৰতি জনসাধাৰণৰ থকা অপৰিসীম উৎসাহৰ কথা প্ৰশংসাৰে উল্লেখ কৰে ।

চলিত বৰ্ষৰ ডুৰাণ্ড কাপত শ্বিলঙৰ তিনিটাকৈ আগশাৰীৰ ক্লাবে অংশগ্ৰহণ কৰিব । এই ক্লাব তিনিটা হৈছে- শ্বিলং লাজং এফ চি (Shillong Lajong FC), নংথিম্মাই স্পৰ্টছ চচিয়েল এণ্ড কালচাৰেল ক্লাব (Nongthymmai Sports Social & Cultural Club), ৰংডাজিয়েড ইউনাইটেড এফ চি (Rangdajied United FC) ।

মন্ত্ৰীগৰাকীয়ে তিনিওটা থলুৱা দলকে বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দলসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শনেৰে মেঘালয়লৈ গৌৰৱ কঢ়িয়াই আনিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে ।

৫ খন চহৰত ২৪ টা দলৰ মহাৰণ-

সংবাদমেলত উপস্থিত থাকি ভাৰতীয় সেনাৰ জ্যেঠ বিষয়া তথা ১০১ এৰিয়াৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেন্ট জেনেৰেল মোহিত ৱাধৱাই (এছ এম) প্ৰতিযোগিতাখনৰ খেলসূচী আৰু ফৰ্মেটৰ এক ৰূপৰেখা দাঙি ধৰে ।

তেওঁ জানিবলৈ দিয়া মতে, এইবাৰ সমগ্ৰ দেশৰ পৰা মুঠ ২৪ টা আগশাৰীৰ দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব । এই দলসমূহক মুঠ ছয়টা গোটত বিভক্ত কৰা হৈছে । সমগ্ৰ প্ৰতিযোগিতাখনৰ খেলসমূহ দেশৰ পাঁচখন প্ৰধান চহৰ- শ্বিলং, গুৱাহাটী, কলকাতা, ৰাঁচী আৰু ইম্ফলত অনুষ্ঠিত হ’ব ।

শ্বিলঙৰ জে এন ষ্টেডিয়ামত হ’ব কোৱাৰ্টাৰ ফাইনেল আৰু চেমি ফাইনেল

এইবাৰৰ সংস্কৰণত শ্বিলং অন্যতম প্ৰধান ভেন্যু হিচাপে পৰিগণিত হৈছে । চহৰখনৰ ঐতিহাসিক জৱাহৰলাল নেহৰু ষ্টেডিয়ামত মুঠ আঠখন গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হ’ব । ইয়াৰ ভিতৰত ছয়খন লীগ মেচৰ লগতে এখন হাই-ভল্টেজ কোৱাৰ্টাৰ ফাইনেল আৰু এখন উত্তেজনাপূৰ্ণ চেমী ফাইনেল মেচ অন্তৰ্ভুক্ত আছে ।

৩১ জুলাইৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’বলগীয়া এই মেগা ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত ফাইনেল খেলখন অহা ২৩ আগষ্টত অনুষ্ঠিত হ’ব ।

মুম্বাইৰ শীৰ্ষ দলৰ আগমন, বৃদ্ধি পাব উত্তেজনা

আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে, মেঘালয়ৰ স্থানীয় ক্লাব তিনিটাৰ উপৰিও মুম্বাইৰ এটা শীৰ্ষস্থানীয় শক্তিশালী দলেও এইবাৰ শ্বিলঙৰ মাটিত খেলপথাৰত নামিব। ইয়াৰ ফলত ৰাজ্যখনত প্ৰতিযোগিতাখনৰ উত্তেজনা আৰু প্ৰতিদ্বন্দিতাৰ মাত্ৰা বহুখিনি বৃদ্ধি পাব ।

লগতে পঢ়ক : অনবদ্য ফুটবল যাত্ৰাত আন এক সোনালী অধ্যায় সংযোগ কিলিয়ান এমবাপেৰ

২২ বছৰীয়া অপেক্ষাৰ অন্ত : ইণ্টাৰ কাশীক হৰুৱাই প্ৰথমবাৰৰ বাবে ISL চেম্পিয়ন ইষ্ট বেংগল

এক তীব্ৰ উত্তেজনাপূৰ্ণ মেচত ইণ্টাৰ কাশীক ২-১ ব্যৱধানত পৰাজিত কৰি ইষ্ট বেংগলে ইণ্ডিয়ান ছুপাৰ লীগৰ খিতাপ অৰ্জন কৰে

ভাৰতীয় ফুটবলৰ অন্যতম ঐতিহাসিক তথা পুৰণি ক্লাব ইষ্ট বেংগলে অৱশেষত সমাপ্ত কৰিলে এক সুদীৰ্ঘ ২২ বছৰীয়া ট্ৰফীৰ খৰাং । বৃহস্পতিবাৰে কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত এক তীব্ৰ উত্তেজনাপূৰ্ণ মেচত ইণ্টাৰ কাশীক ২-১ ব্যৱধানত পৰাজিত কৰি ইষ্ট বেংগেলে ইতিহাসত প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান ছুপাৰ লীগ (ISL) ৰ খিতাপ অৰ্জন কৰে । খেলখন শেষ হোৱাৰ লগে লগেই ষ্টেডিয়ামত উপস্থিত হাজাৰ হাজাৰ সমৰ্থকৰ মাজত এক অভূতপূৰ্ব আনন্দৰ জোৱাৰ উঠে ।

অন্তিম মুহূৰ্তলৈকে ৰোমাঞ্চকৰ যুঁজ-

এইবাৰৰ ISL খিতাপৰ দৌৰ অন্তিম ৰাউণ্ডলৈকে অত্যন্ত আকৰ্ষণীয় হৈ আছিল । ইষ্ট বেংগল আৰু চিৰবৈৰী মোহনবাগান ছুপাৰ জায়েণ্ট দুয়োটা দলেই ২৩ পইণ্ট লাভ কৰি তালিকাৰ শীৰ্ষত সমতা স্থাপন কৰিছিল । অৱশ্যে, গ’লৰ ব্যৱধানত ইষ্ট বেংগেল (+১৮) মোহনবাগানতকৈ (+১৩) আগবাঢ়ি আছিল আৰু এই ব্যৱধানেই শেষত ভাগ্য নিৰ্ণয় কৰিলে ।

অন্য এক খেলত মোহনবাগানে স্পৰ্টিং ক্লাব দিল্লীক ২-১ গ’লত পৰাজিত কৰিলেও গ’ল পাৰ্থক্যৰ বাবে ট্ৰফীৰ পৰা বঞ্চিত হ’ব লগা হয় । খিতাপৰ দৌৰত মুম্বাই চিটি FC, পঞ্জাৱ FC আৰু জামছেদপুৰ FC-ও আছিল যদিও অন্তিম দিনা ইষ্ট বেংগেলে সকলোকে চেৰ পেলাই শেষ হাঁহি মাৰে ।

প্ৰথমাৰ্ধত পিছ পৰিও দুৰ্দান্ত প্ৰত্যাৱৰ্তন-

খেলৰ আৰম্ভণি ইষ্ট বেংগেলৰ বাবে সিমান সুখকৰ নাছিল । খেলৰ ১৫ মিনিটতে ইণ্টাৰ কাশীৰ আলফ্ৰেডে এটা চমৎকাৰ গ’ল কৰি ইষ্ট বেংগেলক চাপত পেলাই দিয়ে । প্ৰথম হাৰ্ধত ইষ্ট বেংগেলে ঘূৰি অহাৰ চেষ্টা কৰি কেইবাটাও সুযোগ সৃষ্টি কৰিছিল যদিও গ’ল কৰাত ব্যৰ্থ হয় ।

ট্ৰফী জয়ৰ খনিকৰসকল :

৫০ মিনিট : তাৰকা ষ্ট্ৰাইকাৰ ইউছেফ এজেজ্জাৰীৰ সমতাস্থাপক গ’ল। স্পেইনত জন্মগ্ৰহণ কৰা ৩৩ বছৰীয়া মৰক্কোৰ এই যুৱ খেলুৱৈজনে এই ছিজনত ১৩খন খেলত ১১টা গ’ল দি ‘গোল্ডেন বুট’ নিজৰ নামত কৰে ।

৭৩ মিনিট: মহম্মদ ৰাশিদৰ ভৰিৰ পৰা আহে বিজয়ী গ’ল, যিয়ে ইষ্ট বেংগেলৰ চেম্পিয়ন হোৱাটো নিশ্চিত কৰে ।

নতুন ফৰ্মেট আৰু ঐতিহাসিক সফলতা-

প্ৰশাসনিক আৰু গাঁথনিগত পৰিৱৰ্তনৰ বাবে এইবাৰ ISL-ৰ ফৰ্মেট সলনি কৰা হৈছিল । কোনো প্লে-অফ নোহোৱাকৈ ছিংগল-লেগ ৰাউণ্ড-ৰবিন ফৰ্মেটত খেলা এই টুৰ্নামেণ্টত সকলো দলে ১৩খনকৈ মেচ খেলিছিল আৰু তালিকাৰ শীৰ্ষত থকা দলটোক পোনপটীয়াকৈ চেম্পিয়ন ঘোষণা কৰা হৈছিল ।

উল্লেখযোগ্য যে, ইষ্ট বেংগেলে ইয়াৰ পূৰ্বে ২০০৩-০৪ ছিজনত প্ৰয়াত সুভাষ ভৌমিকৰ প্ৰশিক্ষণত তৎকালীন নেচনেল ফুটবল লীগ (NFL) জিকিছিল । তাৰ ঠিক ২২ বছৰৰ পিছত নতুন ফৰ্মেটৰ দেশৰ এই শীৰ্ষ লীগ ট্ৰফী অৰ্জন কৰি ক্লাবটোৱে সমগ্ৰ বিশ্বৰ কোটি কোটি সমৰ্থকৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলালে ।

লগতে পঢ়ক : আই পি এল ২০২৬ : অন্তিম ৫খন খেল আৰু প্লে-অফৰ উত্তেজনাময় অংক

আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ গিলবাৰ্টছন চাংমাৰ দেহাৱসান

১৯৫৪ চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা গিলবাৰ্টছন চাংমাই অতি কম বয়সৰ পৰাই খেলৰ প্ৰতি আগ্ৰহী আছিল

অৱসান ঘটিল এটা সোণালী যুগৰ । আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ গিলবাৰ্টছন চাংমাৰ দেহাৱসান । ৪ এপ্ৰিল, শনিবাৰে পুৱা প্ৰায় ৭ বজাত গুৱাহাটীৰ কাহিলীপাৰাস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফুটবল খেলুৱৈ গিলবাৰ্টছন চাংমাই ।

দুভৰিৰ যাদুৰে এসময়ত লক্ষ লক্ষ ফুটবল প্ৰেমীক মুগ্ধ কৰি ৰখা চাংমা দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল । তেওঁৰ মৃত্যু ৰাজ্যখনৰ লগতে ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি । ভাৰতীয় ফুটবলৰ এগৰাকী সন্মানীয় ব্যক্তি হিচাপে গিলবাৰ্টছন চাংমা তেওঁৰ ব্যতিক্ৰমী দক্ষতা, খেলপথাৰত নেতৃত্ব দিয়াৰ ক্ষমতা আৰু অসমত ফুটবলৰ উত্তৰণত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে জনাজাত আছিল । বছৰ বছৰ ধৰি তেওঁ অনুৰাগীসকলৰ পৰা প্ৰশংসা লাভ কৰি আহিছিল আৰু ৰাজ্যখনৰ অগণন যুৱ খেলুৱৈক অনুপ্ৰাণিত কৰিছিল ।

১৯৫৪ চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা গিলবাৰ্টছন চাংমাই অতি কম বয়সৰ পৰাই খেলৰ প্ৰতি আগ্ৰহী আছিল । কমলা নাথ, সুবীৰ চৌধুৰী, চন্দ্ৰ মোহন গাঞ্জুৰ দৰে তাৰকা খেলুৱৈসকলক প্ৰত্যক্ষ কৰি গিলবাৰ্টেও এজন ফুটবল খেলুৱৈ হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল । তেওঁৰ এই সপোন বাস্তৱায়িত হৈছিল যেতিয়া ১৯৭১ চনত তেওঁ অসম আৰক্ষীত যোগদান কৰে আৰু দেৰগাঁৱত প্ৰশিক্ষণৰ সময়ত নিজৰ আদৰ্শ খেলুৱৈসকলৰ সান্নিধ্য লাভ কৰে ।

সেয়াই আছিল আৰম্ভণি । এই খেলুৱৈজনে তাৰ পিছত আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল আৰু ১৯৭২ চনৰ পৰা অসম আৰক্ষী দলৰ এজন নিয়মীয়া খেলুৱৈ হৈ পৰিছিল ।

১৯৭১ চনৰ পৰা ১৯৮৭ চনলৈকে একেৰাহে সুদীৰ্ঘ ১৭ বছৰ ধৰি তেওঁ ফুটবল খেলে । এই সময়ছোৱাত তেওঁ দেশৰ সকলো মুখ্য প্ৰতিযোগিতাত অংশ লৈ অসংখ্য গ’ল দিছিল আৰু ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল । তেওঁ সন্তোষ ট্ৰফীত অসম দলক নেতৃত্ব দিয়াৰ লগতে ১৯৭৫ চনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল । তেওঁৰ মৃত্যুত ফুটবল জগতত শোকৰ ছাঁ পৰিছে আৰু সকলোৱে তেওঁৰ অৱদান তথা ক্ৰীড়া জগতত তেওঁ এৰি যোৱা প্ৰভাৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ।

লগতে পঢ়ক : আই পি এলত নিষিদ্ধ হ’ব নেকি শ্ৰেয়াছ আয়াৰ; বিচিচিআইৰ ডাঙৰ এক্সচন

অমৃত কণ্ঠ জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ

জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ

অমৃত কণ্ঠ তথা অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি আগবঢ়ালে নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে । ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰা আৰু ফুটবলৰ প্ৰতি থকা প্ৰেমৰ বাবে পৰিচিত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে দক্ষিণ-পূব এছিয়াৰ দেশখনত ভাৰত-ছিংগাপুৰ এছিয়া কাপ ফুটবল কোৱালিফায়াৰত নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে এখন আসন খালী কৰি ৰাখে ।

৯ অক্টোবৰত খেলখনৰ বাবে ছিংগাপুৰত থকা ক্লাবৰ সদস্যসকলে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় । এই মেচ ১-১ গ’লত ড্ৰ’ৰে অন্ত পৰে ।

“চিৰদিন আমাৰ হৃদয়ত থাকিব । এখন আসন খালী হৈ গ’ল । হাজাৰ হৃদয় ওপচি পৰিল ! ছিংগাপুৰৰ ষ্টেণ্ডত এখন চকী খালী হৈ থাকিল — জুবিন দাৰ বাবে !” উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰা ফুটবল ক্লাবটোৱে ছ’চিয়েল মিডিয়াৰ এক পোষ্টত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এইদৰে কয় ।

পোষ্টত আৰু কোৱা হৈছে, “যিজন ব্যক্তিয়ে আমাৰ সপোনবোৰক লৈ গাইছিল, আমাৰ আবেগত জীয়াই আছিল, আৰু জীৱনৰ দৰেই ফুটবল ভাল পাইছিল; ব্ৰিগেডে কিংবদন্তিগৰাকীক শেষ নিশ্বাস ত্যাগ কৰা ঠাইতে শ্ৰদ্ধাঞ্জলি জনাইছোঁ ।” উল্লেখ্য যে, আসনখনত জুবিন গাৰ্গে ফুটবল খেলি থকা ফটো সম্বলিত আৰু “ফুটবল ইজ লাইফ” বুলি লিখা এটা জাৰ্চী ৰখা হৈছিল ।

জনপ্ৰিয়ভাৱে হাইলেণ্ডাৰ ব্ৰিগেড নামেৰে জনাজাত ক্লাবটোৱে কেনেকৈ প্ৰিয় শিল্পী জুবিন গাৰ্গে ফুটবল তেওঁৰ প্ৰথম প্ৰেম বুলি কৈছিল সেই কথা স্মৰণ কৰিছিল । তেওঁলোকে আৰু কয়, “আৰু আজিও তেওঁৰ আত্মা জীয়াই আছে—প্ৰতিটো চিঞৰত, আমাৰ ড্ৰামৰ প্ৰতিটো স্পন্দনত, আমাৰ প্ৰতিটো উল্লাসত !”

পোষ্টটোত আৰু কোৱা হৈছে যে অসমৰ বোকাময় পথাৰৰ পৰা মস্কোৰ গ্ৰেণ্ড এৰিনালৈকে “তেওঁ য’তেই গৈছিল, এই সুন্দৰ খেলখনৰ বাবে আমাৰ আত্মাক লগত লৈ গৈছিল ।”

ফুটবলৰ এজন উৎসুক অনুৰাগী গাৰ্গে ফিফা বিশ্বকাপ চাবলৈ ৰাছিয়ালৈ গৈছিল আৰু ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল । লগতে যুৱক-যুৱতীসকলক ঘৰলৈ উভতি আহি এই খেলবিধক অধিক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ।

পোষ্টটোত আৰু কোৱা হৈছে-“ফুটবল তেওঁৰ আটাইতকৈ ভাল পোৱা খেল । জুবিন দা, তুমি ক’তো যোৱা নাই । তুমি এতিয়া মাত্ৰ আকাশৰ পৰা খেলি আছা । চিৰদিনৰ বাবে আমাৰ সংগীত । চিৰদিনৰ বাবে আমাৰ গৰ্জন । চিৰদিনৰ বাবে আমাৰ জুবিন দা !”

লগতে পঢ়ক : দ্বিতীয় টেষ্টত দৰ্শনীয় শতকেৰে ইতিহাস সৃষ্টি শুভমন গীলৰ; ভংগ কৰিলে এই পাঁচটা ডাঙৰ অভিলেখ

তাৰকা ফুটবলাৰ ডিঅ’গো জোটাৰৰ মৃত্যু; ১০ দিন পূৰ্বে আৱদ্ধ হৈছিল বিবাহপাশত

ফুটবলাৰ ডিঅ’গো জোটাৰৰ মৃত্যু

ফুটবল জগতৰ পৰা এক দুখৰ পোহৰলৈ আহিছে। পৰ্তুগাল আৰু লিভাৰপুলৰ তাৰকা খেলুৱৈ ডিঅ’গো জোটাৰ এক দুৰ্ঘটনাত মৃত্যু হৈছে। মাত্ৰ ২৮ বছৰ বয়সতেই মৃত্যুক সাৱতি লয় খেলুৱৈ গৰাকীয়ে।

জানিব পৰা মতে স্পেইনত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোৰ সময়ত বাহনখনত ডিঅ’গো জোটাৰৰ ভাতৃ আন্দ্ৰেও উপস্থিত আছিল।আন্দ্ৰে ফেলিপো এজন জনপ্ৰিয় ফুটবলাৰ আছিল। দুয়োৰে মৃত্যুত সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি তুলিছে।

জানিব পৰা মতে, দুয়ো এখন লেম্বৰগীনি বাহনত আছিল।তেওঁলোকে আন এখন গাড়ী অভাৰটেক কৰাৰ সময়তে টায়াৰ ফাটি গাড়ীখন পথৰ পৰা আঁতৰি যায়।তাৰ পিছত দাউ দাউ কৈ জ্বলি উঠিল বাহনখন।

যাৰ ফলত বাহনখনৰ ভিতৰতে মৃত্যু হয় দুই ভাতৃৰ। ফুটবল জগতত জোটাৰ নাম অতি বিখ্যাত আৰু তেওঁ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ সৈতে পর্তুগাল জাতীয় দলৰ হৈ খেলে৷উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জোতাই তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা ৰুট্টে কাৰ্ডোছ’ক বিয়া কৰাইছিল।বিয়াৰ ফটোত দেখা গৈছে যে দম্পতীহালে নিজৰ তিনিটা সন্তানৰ সৈতে উদযাপন কৰি আছে।

জানিব পৰা মতে এই দুৰ্ঘটনাটো তেওঁলোকৰ স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১২.৪০ বজাত হৈছিল। পৰ্তুগীজ ফুটবল ফেডাৰেচনে এক বিবৃতিযোগে জোটা আৰু তেওঁৰ ভাতৃ আন্দ্ৰেৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰে।

বিবৃতিটোত কোৱা হৈছে যে ডিঅ’গো আৰু তেওঁৰ ভাতৃ আন্দ্ৰেৰ মৃত্যুত পৰ্তুগীজ ফুটবল ফেডাৰেচন আৰু সমগ্ৰ পৰ্তুগীজ ফুটবল অনুৰাগী সকল গভীৰভাৱে স্তম্ভিত হৈ পৰিছে।

পৰ্তুগীজ ফুটবল ফেডাৰেচনে ডিঅ’গো আৰু আন্দ্ৰেৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ লগতে ক্ৰমে এই খেলুৱৈসকলে খেলা ক্লাব লিভাৰপুল এফ চি আৰু এফ চি পেনাফিয়েলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

আমি দুজন চেম্পিয়ন হেৰুৱালোঁ। ডিঅ’গো আৰু আন্দ্ৰেৰ মৃত্যু পৰ্তুগীজ ফুটবলৰ বাবে এক অপূৰণীয় ক্ষতি আৰু আমি তেওঁলোকৰ উত্তৰাধিকাৰক সন্মান জনোৱাৰ বাবে সকলো চেষ্টা কৰিম।’

২০১৬ চনত এটলেটিকো মাদ্ৰিদলৈ যোৱাৰ পূৰ্বে পৰ্তুগালৰ পাওছ ডি ফেৰেইৰাৰ সৈতে ফুটবল কেৰিয়াৰ আৰম্ভ কৰিছিল জোটাই।

তাৰ পিছত তেওঁ উলভাৰহামপটন ৱাণ্ডাৰাৰছৰ সৈতে প্ৰিমিয়াৰ লীগত খেলিছিল।লিভাৰপুলত জোটাই প্ৰাক্তন মেনেজাৰ জাৰ্গেন ক্লপৰ অধীনত এফ এ কাপ আৰু লীগ কাপ দুয়োটা খিতাপ দখল কৰে।

শেহতীয়াকৈ তেওঁ নতুন মুখ্য প্ৰশিক্ষক আৰ্নে স্লটৰ অধীনত ২০২৪-২৫ ছিজনত প্ৰিমিয়াৰ লীগৰ খিতাপ জয় কৰা দলটোৰ অংশ আছিল।   

লগতে পঢ়ক: একেৰাহে দ্বিতীয় টেষ্টতো শতক অৰ্জন গীলৰ; বঞ্চিত জয়ছোৱাল

সুনীল ছেত্ৰীৰ দুৰ্দান্ত  প্ৰত্যাৱৰ্তন; মালদ্বীপ বিৰুদ্ধে ভাৰতীয় দলৰ বৃহৎ জয়

ভাৰতীয় ফুটবলৰ অন্যতম প্ৰসিদ্ধ খেলুৱৈ সুনীল ছেত্ৰীয়ে আকৌ এবাৰ ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিছে।মাত্ৰ কেইদিনমান আগতে, তেওঁ অৱসৰ প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিছিল আৰু আজি তেওঁ প্ৰত্যাৱৰ্তন মেচও খেলিছিল।

ইমান দিন খেলৰ পৰা আঁতৰি থকাৰ পাছতো, সুনীল ছেত্ৰীৰ ক্ষিপ্ৰতা আৰু ফিটনেছ হ্ৰাস হোৱা নাই, আৰু তেওঁ এটা গ’লও কৰিছিল।

ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে মালদ্বীপক বৃহৎ ব্যৱধানত পৰাজিত কৰে। এতিয়া ভাৰতে বাংলাদেশৰ মুখামুখি হ’ব।

সুনীল ছেত্ৰীয়ে যোৱা জুনত ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিছিল। অৱশ্যে, ভাৰতীয় দলত গ’ল সংগ্ৰাহকৰ অভাৱৰ কথা বিবেচনা কৰি, সুনীলে পুনৰ প্ৰত্যাৱৰ্তন কৰে।

আজি ভাৰত আৰু মালদ্বীপৰ মাজত এখন বন্ধুত্বপূৰ্ণ খেলখনৰ সময়ত সুনীল ছেত্ৰীয়ে উভতি আহি খেলপথাৰত অৱতীৰ্ণ হৈছিল। প্ৰায় ৪০ বছৰ বয়সত, সুনীল ছেত্ৰীয়ে উল্লেখনীয় ক্ষিপ্ৰতা প্ৰদৰ্শন কৰিছিল।

অৱশ্যে, খেলখনৰ কথা ক’লে, আৰম্ভণিতে ই এক সন্তুলিত খেল আছিল। ভাৰতীয় দলটোৱে তেওঁলোকৰ প্ৰথমটো গ’ল কৰিবলৈ যথেষ্ট দীঘলীয়া সময় অপেক্ষা কৰিব লগা হৈছিল। প্ৰায় ৩৪ মিনিট পিছত, ৰাহুল ভেকে প্ৰথমটো গ’ল কৰে আৰু ভাৰতক আগুৱাই নিদিয়ে।

ইয়াৰ পিছত, ভাৰতীয় দলটোৱে গ’ল কৰাৰ কেইটামান সুযোগ পাইছিল, যাক তেওঁলোকে মূলধন কৰিব নোৱাৰিলে। ইফালে, ৬৬ মিনিটত ভাৰতে এটা কোণৰ বাবে সুযোগ লাভ কৰে, যিটো তেওঁলোকে এটা গ’ললৈ ৰূপান্তৰিত কৰে।

খেলখন যথেষ্ট আগবাঢ়িছিল, আৰু সুনীল ছেত্ৰীয়ে আজি গ’ল কৰিব নে তাক লৈ সকলোৱে আশা কৰি আছিল।ভাৰতে দুটা গ’লৰ অগ্ৰগতি লাভ কৰিছিল, আৰু তেওঁলোকৰ বিজয় প্ৰায় নিশ্চিত আছিল।

কিন্তু শেষৰ কেইমিনিট মানত, সুনীল ছেত্ৰীয়ে এটা সুযোগক এটা গ’ললৈ ৰূপান্তৰ কৰি তেওঁৰ উজ্জ্বলতা প্ৰদৰ্শন কৰে।

এনেদৰে, ভাৰতে তিনিটা গ’ল কৰিছিল আৰু বিপক্ষ দল মালদ্বীপে মাত্ৰ এটা গ’লৰ বাবে ব্যাকুল হৈ থকা যেন লাগিছিল।

এতিয়া, ভাৰতৰ পৰৱৰ্তী মেচখন ২৫ মাৰ্চত অনুষ্ঠিত হ’ব, য’ত তেওঁলোকে বাংলাদেশৰ মুখামুখি হ’ব। সকলোৰে দৃষ্টি সেই খেলখনত তাৰকা ভাৰতীয় খেলুৱৈ সুনীল ছেত্ৰীৰ ওপৰত থাকিব।

মৃতদেহৰ শাৰীঃ এখন ফুটবল খেলৰ বাবেই এশৰো অধিক লোকৰ মৃত্যু

গিনিৰ দ্বিতীয় বৃহত্তম চহৰ এন জেৰমত অনুষ্ঠিত হোৱা এখন ফুটবল খেলৰ সময়ত অনুৰাগীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয় আৰু শতাধিক লোকৰ মৃত্যু হয় । পশ্চিম আফ্ৰিকাৰ এইখন দেশত ফুটবল এক অতি জনপ্ৰিয় খেল । দেওবাৰে এখন খেলৰ সময়ত অনুৰাগীসকলে নিজৰ মাজতে কাজিয়া আৰম্ভ কৰে আৰু ই এক হিংসাত্মক খেললৈ ৰূপান্তৰিত হয় । য’ত ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হয় ।

স্থানীয় চিকিৎসালয়ৰ সূত্ৰই এই গণ হত্যা সম্পৰ্কে দিয়া তথ্যত এজন চিকিৎসকে নাম প্ৰকাশ নকৰাৰ চৰ্তত কৈছে যে চিকিৎসালয়ত যিমান দূৰ লৈকে চকুৱে দেখিব পাৰে, মৃতদেহৰ শাৰী আছে । মৰ্গটো সম্পূৰ্ণৰূপে পূৰ্ণ হৈ আছে । বহুতো মৃতদেহ কৰিডৰত মজিয়াত পৰি আছে ।

থানাত অগ্নিসংযোগ

ফুটবল খেলখনৰ অনুৰাগীসকল ইমানেই উত্তেজিত হৈ পৰে যে আনকি এন জেৰেকোৰ আৰক্ষী থানাত ভাঙি জুই লগাই দিয়ে । এই হিংসাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ আছে যদিও সেইবোৰ নিশ্চিত হোৱা নাই । এই ভিডিঅ’বোৰত ফুটবল খেলপথাৰৰ বাহিৰৰ ৰাস্তাত বহুত বিশৃংখলতা দেখা গৈছে ।

ৰেফাৰীৰ বিতৰ্কিত সিদ্ধান্তৰ বাবে আৰম্ভ হয় যুঁজ- এজন প্ৰত্যক্ষদৰ্শীয়ে কয় যে, “এই সকলোবোৰ ৰেফাৰীৰ বিতৰ্কিত সিদ্ধান্তৰ পৰা আৰম্ভ হৈছিল । ইয়াৰ পিছত ক্ষুব্ধ অনুৰাগীয়ে খেলপথাৰত আক্ৰমণ চলাইছিল ।” স্থানীয় সংবাদ মাধ্যমে জনোৱা মতে, ২০২১ চনত ৰাষ্ট্ৰপতি আলফা কণ্ডেক উৎখাত কৰি নিজকে ৰাষ্ট্ৰপতি হিচাপে প্ৰতিষ্ঠা কৰা অভ্যুত্থানত ক্ষমতা দখল কৰা গিনিৰ জন্টা নেতা মামাডি ডুমবুয়াৰ সন্মানত আয়োজিত হৈছিল এই প্ৰতিযোগিতা ।