আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ গিলবাৰ্টছন চাংমাৰ দেহাৱসান

আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ গিলবাৰ্টছন চাংমাৰ দেহাৱসান

১৯৫৪ চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা গিলবাৰ্টছন চাংমাই অতি কম বয়সৰ পৰাই খেলৰ প্ৰতি আগ্ৰহী আছিল অৱসান ঘটিল এটা সোণালী যুগৰ । আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ গিলবাৰ্টছন চাংমাৰ দেহাৱসান । ৪ এপ্ৰিল, শনিবাৰে পুৱা প্ৰায় ৭ বজাত গুৱাহাটীৰ কাহিলীপাৰাস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন

১৯৫৪ চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা গিলবাৰ্টছন চাংমাই অতি কম বয়সৰ পৰাই খেলৰ প্ৰতি আগ্ৰহী আছিল

অৱসান ঘটিল এটা সোণালী যুগৰ । আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ গিলবাৰ্টছন চাংমাৰ দেহাৱসান । ৪ এপ্ৰিল, শনিবাৰে পুৱা প্ৰায় ৭ বজাত গুৱাহাটীৰ কাহিলীপাৰাস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফুটবল খেলুৱৈ গিলবাৰ্টছন চাংমাই ।

দুভৰিৰ যাদুৰে এসময়ত লক্ষ লক্ষ ফুটবল প্ৰেমীক মুগ্ধ কৰি ৰখা চাংমা দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল । তেওঁৰ মৃত্যু ৰাজ্যখনৰ লগতে ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি । ভাৰতীয় ফুটবলৰ এগৰাকী সন্মানীয় ব্যক্তি হিচাপে গিলবাৰ্টছন চাংমা তেওঁৰ ব্যতিক্ৰমী দক্ষতা, খেলপথাৰত নেতৃত্ব দিয়াৰ ক্ষমতা আৰু অসমত ফুটবলৰ উত্তৰণত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে জনাজাত আছিল । বছৰ বছৰ ধৰি তেওঁ অনুৰাগীসকলৰ পৰা প্ৰশংসা লাভ কৰি আহিছিল আৰু ৰাজ্যখনৰ অগণন যুৱ খেলুৱৈক অনুপ্ৰাণিত কৰিছিল ।

১৯৫৪ চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা গিলবাৰ্টছন চাংমাই অতি কম বয়সৰ পৰাই খেলৰ প্ৰতি আগ্ৰহী আছিল । কমলা নাথ, সুবীৰ চৌধুৰী, চন্দ্ৰ মোহন গাঞ্জুৰ দৰে তাৰকা খেলুৱৈসকলক প্ৰত্যক্ষ কৰি গিলবাৰ্টেও এজন ফুটবল খেলুৱৈ হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল । তেওঁৰ এই সপোন বাস্তৱায়িত হৈছিল যেতিয়া ১৯৭১ চনত তেওঁ অসম আৰক্ষীত যোগদান কৰে আৰু দেৰগাঁৱত প্ৰশিক্ষণৰ সময়ত নিজৰ আদৰ্শ খেলুৱৈসকলৰ সান্নিধ্য লাভ কৰে ।

সেয়াই আছিল আৰম্ভণি । এই খেলুৱৈজনে তাৰ পিছত আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল আৰু ১৯৭২ চনৰ পৰা অসম আৰক্ষী দলৰ এজন নিয়মীয়া খেলুৱৈ হৈ পৰিছিল ।

১৯৭১ চনৰ পৰা ১৯৮৭ চনলৈকে একেৰাহে সুদীৰ্ঘ ১৭ বছৰ ধৰি তেওঁ ফুটবল খেলে । এই সময়ছোৱাত তেওঁ দেশৰ সকলো মুখ্য প্ৰতিযোগিতাত অংশ লৈ অসংখ্য গ’ল দিছিল আৰু ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল । তেওঁ সন্তোষ ট্ৰফীত অসম দলক নেতৃত্ব দিয়াৰ লগতে ১৯৭৫ চনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল । তেওঁৰ মৃত্যুত ফুটবল জগতত শোকৰ ছাঁ পৰিছে আৰু সকলোৱে তেওঁৰ অৱদান তথা ক্ৰীড়া জগতত তেওঁ এৰি যোৱা প্ৰভাৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ।

লগতে পঢ়ক : আই পি এলত নিষিদ্ধ হ’ব নেকি শ্ৰেয়াছ আয়াৰ; বিচিচিআইৰ ডাঙৰ এক্সচন

শেহতীয়া প্ৰৱন্ধসমূহ