অনবদ্য ফুটবল যাত্ৰাত আন এক সোনালী অধ্যায় সংযোগ কিলিয়ান এমবাপেৰ

অনবদ্য ফুটবল যাত্ৰাত আন এক সোনালী অধ্যায় সংযোগ কিলিয়ান এমবাপেৰ

চলিত ফুটবল বিশ্বকাপত ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰি এমবাপেই ফুটবল ইতিহাসত নিজৰ নাম আৰু অধিক মজবুতকৈ খোদিত কৰিবলৈ সক্ষম হৈছে ফ্ৰান্সৰ অধিনায়ক তথা তাৰকা ফুটবলাৰ কিলিয়ান এমবাপেই (Kylian Mbappe) নিজৰ অনবদ্য ফুটবল যাত্ৰাত আন এক সোনালী অধ্যায় সংযোগ কৰিলে । চলিত ফিফা বিশ্বকাপ ২০২৬-ত

চলিত ফুটবল বিশ্বকাপত ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰি এমবাপেই ফুটবল ইতিহাসত নিজৰ নাম আৰু অধিক মজবুতকৈ খোদিত কৰিবলৈ সক্ষম হৈছে

ফ্ৰান্সৰ অধিনায়ক তথা তাৰকা ফুটবলাৰ কিলিয়ান এমবাপেই (Kylian Mbappe) নিজৰ অনবদ্য ফুটবল যাত্ৰাত আন এক সোনালী অধ্যায় সংযোগ কৰিলে । চলিত ফিফা বিশ্বকাপ ২০২৬-ত ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰি এমবাপেই ফুটবল ইতিহাসত নিজৰ নাম আৰু অধিক মজবুতকৈ খোদিত কৰিবলৈ সক্ষম হৈছে । তেওঁ ফিফা বিশ্বকাপৰ ইতিহাসত ২০ খন মেচ খেলা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হোৱাৰ লগতে আটাইতকৈ দ্ৰুতগতিত ২০ টা গ’ল সম্পূৰ্ণ কৰা প্ৰথমজন ফুটবলাৰ হিচাপে পৰিগণিত হৈছে ।

বষ্টনত ফ্ৰান্সৰ ধুমুহা: কোৱাৰ্টাৰ ফাইনেলত ২-০ ত পৰাস্ত মৰক্কো

বৃহস্পতিবাৰে আমেৰিকাৰ বষ্টনত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ ২০২৬-ৰ এক উত্তেজনাপূৰ্ণ কোৱাৰ্টাৰ ফাইনেল মেচত ফ্ৰান্সে মৰক্কোক ২-০ ব্যৱধানত পৰাস্ত কৰে । মেচখনৰ প্ৰথমৰে পৰা আক্ৰমণাত্মক ৰূপত দেখা পোৱা ফ্ৰান্সৰ হৈ প্ৰথমটো গ’ল দি দলক অগ্ৰগতি প্ৰদান কৰে অধিনায়ক এমবাপেই । ইয়াৰ পিছত তাৰকা খেলুৱৈ ওচমান ডেম্বেলীয়ে আন এটা গ’ল কৰি ফ্ৰান্সৰ ২-০ ব্যৱধানত জয় সুনিশ্চিত কৰে । এই বিজয়েৰে ডিফেণ্ডিং ৰানাৰ্ছ-আপ ‘লে ব্লুজ’ পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে ।

মেছিৰ সৰ্বকালৰ অভিলেখৰ নিচেই কাষত এমবাপে

এই গুৰুত্বপূৰ্ণ গ’লটোৰ সৈতে এমবাপেৰ বিশ্বকাপ কেৰিয়াৰৰ মুঠ গ’লৰ সংখ্যা ২০ টালৈ বৃদ্ধি পালে । ২০১৮, ২০২২ আৰু ২০২৬ বৰ্ষৰ বিশ্বকাপ সংস্কৰণসমূহ মিলাই তেওঁ এই অনন্য মাইলৰ খুঁটি স্পৰ্শ কৰে । বৰ্তমান তেওঁ আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছিৰ সৰ্বকালৰ সৰ্বাধিক ২১ টা বিশ্বকাপ গ’লৰ ঐতিহাসিক অভিলেখৰ পৰা মাত্ৰ এটা গ’ল পিছ পৰি আছে ।

গ’ল্ডেন বুটৰ দৌৰত শীৰ্ষত এমবাপে-মেছি

চলিত ২০২৬ চনৰ বিশ্বকাপত এয়া আছিল এমবাপেৰ অষ্টমটো গ’ল । এই অনবদ্য প্ৰদৰ্শনেৰে তেওঁ চলিত টুৰ্ণামেণ্টৰ ‘গ’ল্ডেন বুট’ জয়ৰ দৌৰত আৰ্জেণ্টিনাৰ অধিনায়ক লিয়নেল মেছিৰ সৈতে যৌথভাৱে শীৰ্ষ স্থানত অৱস্থান কৰিছে ।

বিখ্যাত ক্ৰীড়া পৰিসংখ্যা প্ৰতিষ্ঠান ‘অপ্টাজো’ৰ (OptaJoe) তথ্য অনুসৰি, কিলিয়ান এমবাপেই এতিয়ালৈকে সৰ্বাধিক ৮ খন ফিফা বিশ্বকাপ মেচত নিৰ্ণায়ক বা বিজয়ী গ’ল স্ক’ৰ কৰিছে । বিশ্ব ফুটবলৰ ইতিহাসত বৰ্তমানলৈকে আন কোনো খেলুৱৈৰ নামত এই বিৰল অভিলেখ নাই ।

ফ্ৰান্সৰ হৈ ১০০ টা আন্তঃৰাষ্ট্ৰীয় গ’লত পোনপটীয়া অংশগ্ৰহণ

কেৱল বিশ্বকাপতে নহয়, সামগ্ৰিকভাৱে ফ্ৰান্সৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ ইতিহাসতো এমবাপেই প্ৰথমবাৰৰ বাবে ১০০ টা গ’লৰ সৈতে পোনপটীয়াকৈ জড়িত হোৱাৰ অভিলেখ গঢ়িছে । তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দলৰ হৈ বৰ্তমানলৈকে ৬৪ টা গ’ল কৰাৰ লগতে ৩৬ টা গ’ল কৰাত সহায় কৰিছে ।

লগতে পঢ়ক : মৰক্কোক হৰুৱাই একেৰাহে তৃতীয়বাৰৰ বাবে ছেমি ফাইনেলত ফ্ৰান্স

শেহতীয়া প্ৰৱন্ধসমূহ