মৰক্কোক হৰুৱাই একেৰাহে তৃতীয়বাৰৰ বাবে ছেমি ফাইনেলত ফ্ৰান্স

মৰক্কোক হৰুৱাই একেৰাহে তৃতীয়বাৰৰ বাবে ছেমি ফাইনেলত ফ্ৰান্স

মৰক্কোৰ স্বপ্নভংগ! ডেম্বেলে-এমবাপেৰ গ’লেৰে শেষ ৪ত ফ্ৰান্স । গোল্ডেন বুটৰ দৌৰত মেছিৰ সমকক্ষ এমবাপে । ফিফা বিশ্বকাপ ২০২৬ (FIFA World Cup 2026)-ৰ বষ্টন ষ্টেডিয়ামত অনুষ্ঠিত এক উত্তেজনাপূৰ্ণ কোৱাৰ্টাৰ ফাইনেল মেচত মৰক্কোক ২-০ ব্যৱধানত হৰুৱাই ফ্ৰান্সে ছেমি ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে । এই বিজয়ৰ লগে

মৰক্কোৰ স্বপ্নভংগ! ডেম্বেলে-এমবাপেৰ গ’লেৰে শেষ ৪ত ফ্ৰান্স । গোল্ডেন বুটৰ দৌৰত মেছিৰ সমকক্ষ এমবাপে ।

ফিফা বিশ্বকাপ ২০২৬ (FIFA World Cup 2026)-ৰ বষ্টন ষ্টেডিয়ামত অনুষ্ঠিত এক উত্তেজনাপূৰ্ণ কোৱাৰ্টাৰ ফাইনেল মেচত মৰক্কোক ২-০ ব্যৱধানত হৰুৱাই ফ্ৰান্সে ছেমি ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে । এই বিজয়ৰ লগে লগে ফ্ৰান্সে একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি এক ইতিহাস ৰচনা কৰে ।

ফ্ৰান্সৰ এই গুৰুত্বপূৰ্ণ বিজয়ৰ আঁৰত আছিল অধিনায়ক কিলিয়ান এমবাপে (Kylian Mbappe) আৰু তাৰকা খেলুৱৈ ওচমান ডেম্বেলে (Ousmane Dembele) । মেচৰ দ্বিতীয়াৰ্ধত দুয়োগৰাকী খেলুৱৈয়ে কৰা অনবদ্য গ’লৰ সহায়ত ডিডিয়াৰ ডেচচাম্পৰ দলে চলিত বিশ্বকাপৰ শেষ চাৰিত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ।

প্ৰথমাৰ্ধত মৰক্কোৰ তীব্ৰ প্ৰত্যাহ্বান

খেলৰ প্ৰাৰম্ভিক পৰ্যায়ত মৰক্কোৱে অত্যন্ত আত্মবিশ্বাসেৰে খেল আৰম্ভ কৰিছিল । ‘এটলাছ লায়ন্স’ খ্যাত মৰক্কো দলে ফ্ৰান্সৰ আক্ৰমণক স্তব্ধ কৰি ৰাখিবলৈ সক্ষম হৈছিল । ব্ৰাহিম ডিয়াজ আৰু আশ্ৰফ হাকিমীৰ আক্ৰমণাত্মক কাউণ্টাৰ এটেকৰ বাবে ফ্ৰান্সৰ ডিফেন্স কিছু চাপত পৰিছিল । অৱশ্যে, মৰক্কোৰ খেলুৱৈসকলে বল নিজৰ দখলত ৰাখিও তাক গ’ললৈ ৰূপান্তৰ কৰাত ব্যৰ্থ হয় ।

অন্যহাতে, খেলৰ সময় বাগৰি যোৱাৰ লগে লগে ফ্ৰান্সে মেচখন নিজৰ নিয়ন্ত্ৰণলৈ আনে । প্ৰথমাৰ্ধৰ ঠিক পূৰ্বেই কিলিয়ান এমবাপেই এটা পেনাল্টীৰ সোণালী সুযোগ হেৰুৱাই, যাৰ ফলত প্ৰথাৰ্ধৰ শেষলৈকে স্ক’ৰ ০-০ হৈ থাকে ।

দ্বিতীয় অৰ্ধত এমবাপে-ডেম্বেলেৰ মেজিক

অৱশ্যে দ্বিতীয় অৰ্ধত ফ্ৰান্সৰ আক্ৰমণাত্মক ৰূপ দেখিবলৈ পোৱা যায় । মেচৰ ৬০ মিনিটত ডেজিৰে ডুৱেৰ এক সুন্দৰ পাছৰ সহায়ত এমবাপেই ডি-বক্সৰ ভিতৰৰ পৰা এক অনবদ্য গ’ল কৰি ফ্ৰান্সক ১-০ত অগ্ৰগতি দিয়ে । এই গ’লটোৰ সৈতে এমবাপেই চলিত প্ৰতিযোগিতাত নিজৰ ৮ম টো গ’ল সম্পূৰ্ণ কৰে আৰু গোল্ডেন বুটৰ দৌৰত লিঅ’নেল মেছিৰ সমকক্ষ হৈ পৰে ।

ইয়াৰ ঠিক ৬ মিনিট পিছত, অৰ্থাৎ ৬৬ মিনিটত ওচমান ডেম্বেলেই বক্সৰ বাহিৰৰ পৰা সোঁ ভৰিৰে এক শক্তিশালী শ্বট মাৰি ফ্ৰান্সৰ ব্যৱধান ২-০ লৈ বৃদ্ধি কৰে । মৰক্কোৰ গ’লৰক্ষক ইয়াচিন বুনুৱে বলটো ৰখাবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয় । চলিত ২০২৬ ফিফা বিশ্বকাপত এয়া ডেম্বেলেৰ পঞ্চমটো গ’ল আছিল ।

অন্ত পৰিল মৰক্কোৰ ঐতিহাসিক অভিযানৰ

দুই গ’লত পিছপৰি থকাৰ পিছতো মৰক্কোৱে শেষলৈকে যুঁজ দি থাকিল । কিন্তু ফ্ৰান্সৰ অভিজ্ঞ ডিফেন্স আৰু ধৈৰ্যপূৰ্ণ খেলৰ আগত মৰক্কোৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হয় । এই পৰাজয়ৰ সৈতে মৰক্কোৰ আন এক ঐতিহাসিক বিশ্বকাপ অভিযানৰ অন্ত পৰে ।

আনহাতে, খিতাপ জয়ৰ আৰু এখোজ কাষ চাপি যোৱা ফ্ৰান্সে এতিয়া ছেমি ফাইনেলত স্পেইন অথবা বেলজিয়ামৰ বিৰুদ্ধে খেলি খিতাপৰ যুঁজত অৱতীৰ্ণ হ’ব ।

লগতে পঢ়ক : ফিফা বিশ্বকাপ ২০২৬: মেছিৰ যাদু! আশ্চৰ্যজনক প্ৰত্যাৱৰ্তনেৰে ইজিপ্তক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা

শেহতীয়া প্ৰৱন্ধসমূহ