আজি দাখিল হ'ব হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথমখন বাজেট

আজি দাখিল হ’ব হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথমখন বাজেট

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় ইনিংছৰ এইখন প্ৰথম তথা আটাইতকৈ গুৰুত্বপূৰ্ণ বাজেট সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি এতিয়া অসম বিধানসভাৰ দিশে । আজি সদনত উত্থাপন হ’ব ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বহু প্ৰতীক্ষিত পূৰ্ণাংগ বাজেট । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় ইনিংছৰ এইখন প্ৰথম তথা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় ইনিংছৰ এইখন প্ৰথম তথা আটাইতকৈ গুৰুত্বপূৰ্ণ বাজেট

সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি এতিয়া অসম বিধানসভাৰ দিশে । আজি সদনত উত্থাপন হ’ব ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বহু প্ৰতীক্ষিত পূৰ্ণাংগ বাজেট । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় ইনিংছৰ এইখন প্ৰথম তথা আটাইতকৈ গুৰুত্বপূৰ্ণ বাজেট । বিশেষভাৱে লক্ষণীয় যে, ৰাজ্যৰ নতুন বিত্ত মন্ত্ৰী হিচাপে জয়ন্ত মল্ল বৰুৱাই আজি প্ৰথমখন বাজেট সদনত দাখিল কৰিব । দিনৰ ১১ বাজি ৪৫ মিনিটত সদনত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে ।

বাজেট উত্থাপনৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এক তাৎপৰ্যপূৰ্ণ পোষ্ট শ্বেয়াৰ কৰি কয়- “বাজেট কেৱল চৰকাৰৰ আয় আৰু ব্যয়ৰ হিচাপ নহয়, এয়া চৰকাৰখনে স্বদেশ-স্বজাতি আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে দেখা সপোনক বাস্তৱায়িত কৰাৰ এক পথ নক্সা ।” আনহাতে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহ এই বাজেটত প্ৰতিফলিত হ’ব বুলি আশা প্ৰকাশ কৰিছে সাধাৰণ জনতাই ।  

কাৰ বাবে কি থকাৰ সম্ভাৱনা? উৎকণ্ঠিত জনতা

এইবাৰৰ বাজেটত চৰকাৰে উন্নয়ন আৰু নতুন কৰ্মসংস্থাপনৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । নিবনুৱা যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি মধ্যবিত্ত শ্ৰেণীলৈকে সকলোৱে আজিৰ এই বাজেটক লৈ আশাবাদী । লগতে কি কি সামগ্ৰীৰ দাম কমিব আৰু কি কি সামগ্ৰীৰ দাম বৃদ্ধি হ’ব পাৰে, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম কবিম নে তাকে লৈ উৎকণ্ঠিত হৈ আছে সাধাৰণ জনতা ।

নিবনুৱা আৰু চাকৰি প্ৰাৰ্থীৰ বাবে আহিব পাৰে ভাল খবৰ!

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীসকলৰ বাবে আজি বাজেটত ডাঙৰ ঘোষণা অহাৰ পূৰ্ণ সম্ভাৱনা আছে । ইয়াৰ উপৰিও, স্ব-নিয়োজনৰ বাবে চৰকাৰৰ ফ্লেগশ্বিপ আঁচনি ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম’ৰ জৰিয়তে যুৱক-যুৱতীসকললৈ নতুন পুঁজি বা ৰেহাই মূল্যৰ ঋণ ঘোষণা কৰা হয় নেকি, সেইয়া হ’ব আজিৰ বাজেটৰ আটাইতকৈ ডাঙৰ লক্ষণীয় দিশ ।

অৰুণোদয় আঁচনিৰ ধন পুনৰ বৃদ্ধি?

ৰাজ্যৰ লাখ লাখ মহিলা হিতাধিকাৰীৰ বাবে আন এক সুখবৰ আহিব পাৰে । চৰকাৰৰ সৰ্ববৃহৎ সামাজিক সুৰক্ষা আঁচনি ‘অৰুণোদয়’ৰ মাহেকীয়া ধনৰ পৰিমাণ এইবাৰৰ বাজেটত পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

কৃষক আৰু গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণ

অসমৰ কৃষি খণ্ডক গতিশীল কৰাৰ উদ্দেশ্যে কৃষকসকলৰ বাবে সাৰ, উন্নত বীজ যোগান ধৰা বা কৃষি ঋণ ৰেহাইৰ দৰে কোনো নতুন কল্যাণকামী আঁচনি ঘোষণা হ’ব পাৰে । লগতে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ বাবেও এটা বিশেষ পেকেজ বাজেটত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে ।

শিক্ষা, পৰ্যটন আৰু মধ্যবিত্তৰ আশা

এইবাৰ অসমৰ পৰ্যটন আৰু শিক্ষা খণ্ডই লাভ কৰিব পাৰে অভিলেখ পৰিমাণৰ ধন । আনহাতে, বৰ্ধিত মূল্যবৃদ্ধিৰ মাজতে ৰাজ্যৰ মধ্যবিত্ত শ্ৰেণীয়ে আশা কৰিছে যাতে চৰকাৰে কৰৰ বোজা কিছু লাঘব কৰি তেওঁলোকক সকাহ দিয়ে ।

লগতে পঢ়ক : বিশ্বৰ বুকুত জিলিকিব অসমীয়া! ইউনিকোডৰ বিশেষ স্বীকৃতি আৰু চৰকাৰী OTT-ৰ বৃহৎ প্ৰস্তুতি

শেহতীয়া প্ৰৱন্ধসমূহ