আজি দাখিল হ’ব হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথমখন বাজেট

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় ইনিংছৰ এইখন প্ৰথম তথা আটাইতকৈ গুৰুত্বপূৰ্ণ বাজেট

সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি এতিয়া অসম বিধানসভাৰ দিশে । আজি সদনত উত্থাপন হ’ব ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বহু প্ৰতীক্ষিত পূৰ্ণাংগ বাজেট । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় ইনিংছৰ এইখন প্ৰথম তথা আটাইতকৈ গুৰুত্বপূৰ্ণ বাজেট । বিশেষভাৱে লক্ষণীয় যে, ৰাজ্যৰ নতুন বিত্ত মন্ত্ৰী হিচাপে জয়ন্ত মল্ল বৰুৱাই আজি প্ৰথমখন বাজেট সদনত দাখিল কৰিব । দিনৰ ১১ বাজি ৪৫ মিনিটত সদনত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে ।

বাজেট উত্থাপনৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এক তাৎপৰ্যপূৰ্ণ পোষ্ট শ্বেয়াৰ কৰি কয়- “বাজেট কেৱল চৰকাৰৰ আয় আৰু ব্যয়ৰ হিচাপ নহয়, এয়া চৰকাৰখনে স্বদেশ-স্বজাতি আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে দেখা সপোনক বাস্তৱায়িত কৰাৰ এক পথ নক্সা ।” আনহাতে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহ এই বাজেটত প্ৰতিফলিত হ’ব বুলি আশা প্ৰকাশ কৰিছে সাধাৰণ জনতাই ।  

কাৰ বাবে কি থকাৰ সম্ভাৱনা? উৎকণ্ঠিত জনতা

এইবাৰৰ বাজেটত চৰকাৰে উন্নয়ন আৰু নতুন কৰ্মসংস্থাপনৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । নিবনুৱা যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি মধ্যবিত্ত শ্ৰেণীলৈকে সকলোৱে আজিৰ এই বাজেটক লৈ আশাবাদী । লগতে কি কি সামগ্ৰীৰ দাম কমিব আৰু কি কি সামগ্ৰীৰ দাম বৃদ্ধি হ’ব পাৰে, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম কবিম নে তাকে লৈ উৎকণ্ঠিত হৈ আছে সাধাৰণ জনতা ।

নিবনুৱা আৰু চাকৰি প্ৰাৰ্থীৰ বাবে আহিব পাৰে ভাল খবৰ!

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীসকলৰ বাবে আজি বাজেটত ডাঙৰ ঘোষণা অহাৰ পূৰ্ণ সম্ভাৱনা আছে । ইয়াৰ উপৰিও, স্ব-নিয়োজনৰ বাবে চৰকাৰৰ ফ্লেগশ্বিপ আঁচনি ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম’ৰ জৰিয়তে যুৱক-যুৱতীসকললৈ নতুন পুঁজি বা ৰেহাই মূল্যৰ ঋণ ঘোষণা কৰা হয় নেকি, সেইয়া হ’ব আজিৰ বাজেটৰ আটাইতকৈ ডাঙৰ লক্ষণীয় দিশ ।

অৰুণোদয় আঁচনিৰ ধন পুনৰ বৃদ্ধি?

ৰাজ্যৰ লাখ লাখ মহিলা হিতাধিকাৰীৰ বাবে আন এক সুখবৰ আহিব পাৰে । চৰকাৰৰ সৰ্ববৃহৎ সামাজিক সুৰক্ষা আঁচনি ‘অৰুণোদয়’ৰ মাহেকীয়া ধনৰ পৰিমাণ এইবাৰৰ বাজেটত পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

কৃষক আৰু গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণ

অসমৰ কৃষি খণ্ডক গতিশীল কৰাৰ উদ্দেশ্যে কৃষকসকলৰ বাবে সাৰ, উন্নত বীজ যোগান ধৰা বা কৃষি ঋণ ৰেহাইৰ দৰে কোনো নতুন কল্যাণকামী আঁচনি ঘোষণা হ’ব পাৰে । লগতে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ বাবেও এটা বিশেষ পেকেজ বাজেটত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে ।

শিক্ষা, পৰ্যটন আৰু মধ্যবিত্তৰ আশা

এইবাৰ অসমৰ পৰ্যটন আৰু শিক্ষা খণ্ডই লাভ কৰিব পাৰে অভিলেখ পৰিমাণৰ ধন । আনহাতে, বৰ্ধিত মূল্যবৃদ্ধিৰ মাজতে ৰাজ্যৰ মধ্যবিত্ত শ্ৰেণীয়ে আশা কৰিছে যাতে চৰকাৰে কৰৰ বোজা কিছু লাঘব কৰি তেওঁলোকক সকাহ দিয়ে ।

লগতে পঢ়ক : বিশ্বৰ বুকুত জিলিকিব অসমীয়া! ইউনিকোডৰ বিশেষ স্বীকৃতি আৰু চৰকাৰী OTT-ৰ বৃহৎ প্ৰস্তুতি

‘এনেই যি টি কথা নক’ব’: বিধানসভাত অখিল গগৈক চেলেঞ্জ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিধায়ক অখিল গগৈৰ বাক-বিতণ্ডাই উত্তাল কৰি তোলে বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয়টো দিন

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিন । দ্বিতীয়টো দিনৰ আৰম্ভণিৰে পৰাই ছিণ্ডিকেটৰ প্ৰসংগক লৈ উত্তপ্ত হৈ পৰে সদন । ছিণ্ডিকেট প্ৰসংগক লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিধায়ক অখিল গগৈৰ মাজত তীবে্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় । দুয়োগৰাকীৰ বাক যুদ্ধত বহুসময় ধৰি স্থবিৰ হৈ পৰে সদনৰ কাম-কাজ ।

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে ছিণ্ডিকেট চলোৱাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে মন্ত্ৰীগৰাকীয়ে উভতি ধৰি প্ৰত্যুত্তৰ দিয়ে । মন্ত্ৰী মল্লবৰুৱাই কোনো তথ্য নোহোৱাকৈ বিধানসভাত কথা নকবলৈ বিধায়ক অখিল গগৈক সকীয়াই দিয়ে ।

বিধায়ক অখিল গগৈক প্ৰত্যাহ্বান জনাই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অখিল গগৈক যদি কোনো তথ্য আছে তেন্তে বিধানসভাৰ অধ্যক্ষক দাখিল কৰিবলৈ কয় । যদি তেওঁ তথ্য দাখিল কৰিব নোৱাৰে তেন্তে অখিল গগৈয়ে বিধানসভাত ক্ষমা খুজিব লাগিব বুলিও দাবী কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

অখিল গগৈক উভতি ধৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়-“বিধানসভাত এনেই থিয় হৈ যিটি কথা নক’ব । যদি আপোনাৰ হাতত কিবা তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ ওচৰত দাখিল কৰক আমি তাৰ উত্তৰ দিম । যদি দিব নোৱাৰে বিধানসভাত ক্ষমা খুজিব লাগিব । বিধানসভাক অপমান কৰাৰ অধিকাৰ আপোনাক দিয়া নাই । টিভিত ওলাবৰ বাবে যি মন যায় তাকেই ক’ব সেয়া হ’ব নোৱাৰে ।“

লগতে অখিল গগৈৰ ‘ দোকান বন্ধ কৰি আছোঁ‘ বুলিও বিধায়কগৰাকীক কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । মন্ত্ৰীগৰাকীয়ে অখিল গগৈক কটাক্ষ কৰি কয়- “আপোনাৰ দোকান বিলাক লাহে লাহে বন্ধ কৰি আছোঁ চিন্তা কৰিব নালাগে । অখিল গগৈয়ে তিতকাৰী মাৰিছে কাৰণ তেওঁ ছিণ্ডিকেট বন্ধ হোৱাটো নিবিচাৰে । কাৰণ এইবিলাক কাম হ’লে তেওঁ মাজে মাজে মহলৰ পৰা পইচা পাই থাকে সেয়া বন্ধ হৈ যাব ।“

লগতে পঢ়ক : অসমত ৩.১৪ লাখ হেক্টৰ বনভূমি বেদখলৰ কৱলত! বিধানসভাত তথ্য দাঙি ধৰিলে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন; ১০ জুলাইত উত্থাপন হ’ব পূৰ্ণাংগ বাজেট

বিধানসভাৰ এই বাজেট অধিৱেশনখন অহা ৬ জুলাইৰ পৰা আৰম্ভ হৈ ৩১ জুলাইলৈকে চলিব আৰু এই সমগ্ৰ সময়ছোৱাত মুঠ ১৬খন বৈঠক অনুষ্ঠিত হ’ব

৬ জুলাইৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন । অসম বিধানসভা সচিবালয়ে প্ৰকাশ কৰা সাময়িক কাৰ্যসূচী অনুসৰি, দ্বিতীয়টো কাৰ্যকালৰ বাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথমখন পূৰ্ণাংগ বাজেট ১০ জুলাইত উত্থাপন কৰা হ’ব ।

বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট নাটনি বা বাজেট আনুমানিক ব্যয় সম্বলিত বাৰ্ষিক বিত্তীয় বিবৃতি সদনত দাঙি ধৰিব । বিধানসভাৰ এই বাজেট অধিৱেশনখন অহা ৬ জুলাইৰ পৰা আৰম্ভ হৈ ৩১ জুলাইলৈকে চলিব আৰু এই সমগ্ৰ সময়ছোৱাত মুঠ ১৬খন বৈঠক অনুষ্ঠিত হ’ব ।

উল্লেখযোগ্য যে এই বছৰৰ আৰম্ভণিতে বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তদানীন্তন বিত্তমন্ত্ৰী অজন্তা নেওগে ১৭ ফেব্ৰুৱাৰীত এখন লেখানুদান বাজেট উত্থাপন কৰিছিল । এই পূৰ্ণাংগ বাজেটখন উত্থাপন নকৰালৈকে চৰকাৰৰ নিয়মীয়া ব্যয়সমূহ চম্ভালিবৰ বাবে তেওঁ ৬২,২৯৪.৭৮ কোটি টকাৰ এক অন্তৱৰ্তীকালীন ব্যয়ৰ প্ৰস্তাৱ দিছিল ।

শেহতীয়া বিধানসভা নিৰ্বাচনত ১২৬ জনীয়া সদনত এন ডি এ মিত্ৰজোঁটে ১০২খন আসন লাভ কৰি এক বৃহৎ বিজয় সাব্যস্ত কৰাৰ পাছতে এই পূৰ্ণাংগ বাজেটখন উপস্থাপন কৰা হ’ব । এই নিৰ্বাচনত বিজেপিয়ে অকলেই ৮২খন আসন লাভ কৰি অসমত প্ৰথমবাৰৰ বাবে একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰে । আনহাতে মিত্ৰদল অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে ১০খনকৈ আসন লাভ কৰিবলৈ সক্ষম হয় ।

আনহাতে, কংগ্ৰেছ দলে ১৯খন আসন লাভ কৰি প্ৰধান বিৰোধী দল হিচাপে আত্মপ্ৰকাশ কৰে । ইয়াৰ পিছতে ৰাইজৰ দলে (২খন), এ আই ইউ ডি এফে (২খন) আৰু তৃণমূল কংগ্ৰেছে (১খন) আসন লাভ কৰে ।

লগতে পঢ়ক : গুৱাহাটী বিমানবন্দৰৰ প্ৰশংসনীয় পদক্ষেপ: যাত্ৰীক ঘূৰাই দিলে ১০ লাখ টকাৰ বিদেশী মুদ্ৰা

৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন : ১০ জুলাইত উত্থাপন হ’ব ৰাজ্যিক বাজেট

অসম বিধানসভাৰ বাজেট অধিৱেশন ২০২৬- ৬ জুলাইৰ পৰা আৰম্ভ, ১০ জুলাইত হ’ব বাজেট উত্থাপন ।

অহা ৬ জুলাইৰ পৰা ৩১ জুলাইলৈ অনুষ্ঠিত হ’ব ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন । ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যিক বাজেটখন অহা ১০ জুলাইত সদনত উত্থাপন কৰাৰ দিন ধাৰ্য কৰা হৈছে । অসম বিধানসভা সচিবালয়ে ইতিমধ্যে এই সন্দৰ্ভত এক সাময়িক দিনপঞ্জী প্ৰকাশ কৰিছে ।

অসম বিধানসভা সচিবালয়ৰ দিনপঞ্জী অনুসৰি, এমাহজোৰা এই অধিৱেশনৰ কাৰ্যসূচী তলত দিয়া ধৰণে যুগুত কৰা হৈছে :

৬ জুলাই (অধিৱেশনৰ আৰম্ভণি): নিয়মীয়া বিধানসভাৰ কাৰ্যাৱলী যেনে- শোকপ্ৰস্তাৱ, বিভিন্ন প্ৰতিবেদন দাখিল, চৰকাৰী বিধেয়ক উত্থাপন আৰু অনুদানৰ পৰিপূৰক দাবীৰ ওপৰত আলোচনাৰে অধিৱেশনৰ কাম-কাজ আৰম্ভ হ’ব ।

১০ জুলাই (বাজেট উত্থাপন): এই দিনটোৱেই হ’ব অধিৱেশনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন । চৰকাৰে আগন্তুক বৰ্ষৰ বাবে ইয়াৰ বিত্তীয় পৰিকল্পনা আৰু উন্নয়নমূলক অগ্ৰাধিকাৰসমূহ সামৰি বাৰ্ষিক বিত্তীয় বিবৃতি (বাজেট) ডাঙি ধৰিব ।

১৩ ৰ পৰা ১৫ জুলাই (সাধাৰণ আলোচনা): বাজেট উত্থাপনৰ পিছত তিনি দিন ধৰি ইয়াৰ ওপৰত সাধাৰণ আলোচনা অনুষ্ঠিত হ’ব । য’ত বিধায়কসকলে চৰকাৰৰ নীতি, ব্যয়ৰ প্ৰস্তাৱ আৰু উন্নয়নমূলক আঁচনিসমূহৰ ওপৰত বিতৰ্ক কৰিব ।

১৬ ৰ পৰা ২১ জুলাই (সদন স্থগিত/বিৰতি): বিভিন্ন বিভাগৰ অনুদানৰ দাবীসমূহ সূক্ষ্মভাৱে পৰীক্ষা কৰিবলৈ বিভাগীয় স্থায়ী কমিটীসমূহক সময় দিয়াৰ উদ্দেশ্যে এই কেইদিন সদন স্থগিত ৰখা হ’ব ।

২২ আৰু ২৩ জুলাই (ভোটগ্ৰহণ আৰু বিধেয়ক পাছ): ২২ জুলাইত বিভাগীয় অনুদানৰ দাবীৰ ওপৰত আলোচনা আৰু ভোটগ্ৰহণ হ’ব । ২৩ জুলাইত বাকী থকা দাবীৰ ভোটগ্ৰহণৰ লগতে চৰকাৰী ব্যয়ৰ অনুমতি প্ৰদান কৰা গুৰুত্বপূৰ্ণ ‘অসম বিনিয়োগ বিধেয়ক, ২০২৬’ গৃহীত কৰাৰ দিশটো বিবেচনা কৰা হ’ব ।

অসমৰ অৰ্থনীতিত পৰিব বিশেষ প্ৰভাৱ

অধিৱেশনৰ অন্তিম দিনকেইটা চৰকাৰী আইনী কাম-কাজ, বেচৰকাৰী সদস্যসকলৰ প্ৰস্তাৱ-বিধেয়ক আৰু ৰাজহুৱা স্বাৰ্থজড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ বাবে ধাৰ্য কৰা হৈছে । কেইবাটাও গুৰুত্বপূৰ্ণ বিত্তীয় আৰু আইনী বিষয় কাৰ্যসূচীত থকাৰ বাবে, এই আগন্তুক বাজেট অধিৱেশনে অসমৰ অৰ্থনৈতিক অগ্ৰাধিকাৰ, শাসন প্ৰক্ৰিয়া আৰু সৰ্বাংগীণ উন্নয়নৰ গতিধাৰা নিৰ্ধাৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : চাহিদা পূৰাবলৈ সাজু অসম: বিদ্যুতৰ অভাৱ দূৰ কৰিবলৈ বৃহৎ প্ৰস্তুতি

অনিৰ্দিষ্ট কালৰ বাবে স্থগিত লোকসভা আৰু ৰাজ্যসভা; বাজেট অধিবেশনৰ সামৰণি

বাজেট অধিবেশনৰ সময়ত লোকসভাত উৎপাদনশীলতা ৯৩ শতাংশ আৰু ৰাজ্যসভাত ১১০ শতাংশ আছিল

২৮ জানুৱাৰীৰ পৰা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হোৱা বাজেট অধিবেশনৰ সামৰণি পৰিল । ১৮ এপ্ৰিলত কাৰ্য্যবিধিৰ আৰম্ভণিতে লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণনে অধিবেশনৰ কাৰ্যসূচীৰ ওপৰত এক আভাস দিয়ে আৰু তাৰ পিছত স্থগিত ৰখাৰ কথা ঘোষণা কৰে । বাজেট অধিবেশনৰ সময়ত লোকসভাত উৎপাদনশীলতা ৯৩ শতাংশ আৰু ৰাজ্যসভাত ১১০ শতাংশ আছিল ।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদনৰ কাৰ্যবিধি স্থগিত ৰখাৰ কথা ঘোষণা কৰি কয় যে সদন ১৫১ ঘণ্টা ৪২ মিনিট ধৰি কাৰ্যবিধি চলে । ৰাজ্যসভাৰ অধ্যক্ষ চি.পি. ৰাধাকৃষ্ণনে উল্লেখ কৰে যে সদনে ১৫৭ ঘণ্টা ৪০ মিনিট কাম কৰিছিল । বাজেট অধিবেশনৰ সময়ত উৎপাদনশীলতা আছিল ১০৯.৮৭ শতাংশ । এই অধিবেশনত ১১৭টা প্ৰশ্ন কৰা হৈছিল, ৪৪৬টা শূন্য ঘন্টা অনুষ্ঠিত কৰা হৈছিল আৰু বিশেষ উল্লেখৰ অধীনত ২০৭টা বিষয় উত্থাপন কৰা হৈছিল ।

ৰাজ্যসভাৰ অধ্যক্ষই এই অধিৱেশনত তৃতীয়বাৰৰ বাবে হৰিবংশক উপাধ্যক্ষ নিৰ্বাচিত হোৱা বুলিও ঘোষণা কৰে । প্ৰধানমন্ত্ৰীয়ে বিভিন্ন দলৰ নেতা-সদস্যৰ লগতে হৰিবংশক অভিনন্দন জনায় । সদনৰ কাম-কাজ চলোৱাৰ ক্ষেত্ৰত সকলো সদস্য, উপাধ্যক্ষ, উপাঅধ্যক্ষৰ পেনেলৰ প্ৰতি সহযোগিতাৰ বাবে অধ্যক্ষই কৃতজ্ঞতা জ্ঞাপন কৰে । ইয়াৰ পিছতে অধ্যক্ষই সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক : আজি নিশা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাব : ১১৯ সাংসদৰ সমৰ্থনেৰে জাননী

প্ৰধান বিৰোধী দল কংগ্ৰেছে এতিয়া অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে । কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল কৰিছে ।

সংসদৰ চলিত বাজেট অধিৱেশনৰ আৰম্ভণিৰে পৰা লোকসভাত সৃষ্টি হৈছে তীব্ৰ হুলস্থূলীয়া পৰিস্থিতিৰ । প্ৰধান বিৰোধী দল কংগ্ৰেছে এতিয়া অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে । কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল কৰিছে । এই জাননীখন লোকসভা সচিবালয় আৰু লোকসভাৰ মহাসচিবলৈ দাখিল কৰিছে দলসমূহে ।

জানিব পৰা মতে  ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত আলোচনাৰ সময়ত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক কথা ক’বলৈ নিদিয়াটোৱেই বিৰোধীয়ে অনাস্থা প্ৰস্তাৱৰ ভিত্তি হিচাপে উল্লেখ কৰিছে । লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে এই অনাস্থা প্ৰস্তাৱ ৯৪চি অনুচ্ছেদৰ অধীনত দাখিল কৰা হৈছে ।

লোকসভাত কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে এই অনাস্থা প্ৰস্তাৱ নিশ্চিত কৰে । তেওঁ উল্লেখ কৰে যে মুঠ ১১৯ জন সাংসদে এই প্ৰস্তাৱত স্বাক্ষৰ কৰিছে । দিনৰ ১:১৪ বজাত লোকসভাৰ মহাসচিবক এই জাননী দাখিল কৰা হয় । বিৰোধীয়ে লোকসভা সচিবালয়ত অনাস্থা প্রস্তাৱৰ জাননী দাখিল কৰাৰ পাছতে অধ্যক্ষ ওম বিৰলাই সদনৰ কাম-কাজৰ অধ্যক্ষতা কৰিব নোৱাৰিব ৷

ইফালে লোকসভাত চলি থকা অচলাৱস্থা সমাধানৰ বাবে সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সকলো দলৰ নেতাৰ সৈতে বৈঠকত মিলিত হয় । সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ সৈতে অধ্যক্ষৰ কক্ষত অনুষ্ঠিত বৈঠকত দুপৰীয়া ২ বজাৰ পৰা সদন পুনৰ আহ্বান কৰাৰ বাবে সিদ্ধান্ত হয় ।

লগতে পঢ়ক : মহাৰাষ্ট্ৰ জিলা পৰিষদ নিৰ্বাচনত মহাযুতিৰ আধিপত্য; ৭৩১খন আসনৰ ভিতৰত ৫৫২খন দখল

অধ্যক্ষলৈ কাগজ নিক্ষেপ, উত্তপ্ত পৰিস্থিতিৰ মাজতে ৮ বিৰোধী সাংসদক নিলম্বন

লোকসভাত হুলস্থুলীয়া পৰিৱেশৰ মাজতে একাংশ সাংসদে অধ্যক্ষৰ আসনৰ ফালে কাগজ নিক্ষেপ কৰে । লগে লগে সংশ্লিষ্ট সাংসদসকলক অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰা হয় ।

মঙলবাৰে সংসদৰ কাৰ্যবিধিৰ সময়ত সদনত মৰ্যাদা ভংগৰ এক ঘটনা পোহৰলৈ আহে । লোকসভাত হুলস্থুলীয়া পৰিৱেশৰ মাজতে একাংশ সাংসদে অধ্যক্ষৰ আসনৰ ফালে কাগজ নিক্ষেপ কৰে । লগে লগে এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি সংশ্লিষ্ট সাংসদসকলক অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰা হয় । আঠজন সাংসদৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হয় । তীব্ৰ কোলাহল আৰু প্ৰতিবাদৰ বাবে কেইবাবাৰো সদনৰ কাৰ্যবিধি বন্ধ কৰিবলগীয়া হয় । কাইলৈ ​​অৰ্থাৎ বুধবাৰলৈ স্থগিত ৰখা হৈছে কাৰ্যবিধি ।

বিয়লি ৩ বজাত চতুৰ্থবাৰৰ বাবে লোকসভা পুনৰ আৰম্ভ হোৱাত অধ্যক্ষৰ ওপৰত কাগজ নিক্ষেপ কৰা সদস্যসকলৰ নাম লিপিবদ্ধ কৰা হ’ব বুলি স্পষ্টকৈ উল্লেখ কৰে অধ্যক্ষই । ইয়াৰ পিছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এনে সাংসদক নিলম্বন কৰাৰ প্ৰস্তাৱ আগবঢ়ায় । সদনে ধ্বনি ভোটৰ জৰিয়তে এই প্ৰস্তাৱত অনুমোদন জনায় । ইয়াৰ পিছতো হুলস্থুলীয়া পৰিৱেশৰ অন্ত পৰা নাছিল ।

কোন কোন সাংসদক নিলম্বিত কৰা হয় ?

-ডিন কুৰিয়াকোছে

-কিৰণ ৰেড্ডী

-অমৰিন্দৰ সিং ৰাজা ৱাৰিদ

-মানিকম ঠাকুৰ

-গুৰজীত আউজলা

-হিবি ইডেন

-ভেংকট ৰমন

-প্ৰশান্ত পাডোলে

ইয়াৰ পিছতে বিৰোধী দলপতি ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ সদস্যসকলে সংসদ ভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰি দলৰ সদস্যসকলক লোকসভাৰ পৰা নিলম্বন কৰাৰ বিৰোধিতা কৰে । মঙলবাৰে বিয়লিৰ পৰাই সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ।

লগতে পঢ়ক : নিৰ্বাচনী বিজয়তে সন্তুষ্ট নহ’বলৈ সাংসদক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ; আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য

“আমি এতিয়া ৰিফৰ্ম এক্সপ্ৰেছত আছো…”, অৰ্থনৈতিক সমীক্ষাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে সংসদ ভৱন কমপ্লেক্সত সংবাদ মাধ্যমক সম্বোধন কৰে । তেওঁ বাজেটৰ পূৰ্বে এক ইংগিতপূৰ্ণ মন্তব্য কৰে ।

আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন । ২৮ জানুৱাৰী বুধবাৰে কেন্দ্ৰীয় প্ৰেক্ষাগৃহত দুয়োখন সদনক যৌথভাৱে সম্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে সংসদ ভৱন কমপ্লেক্সত সংবাদ মাধ্যমক সম্বোধন কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমাৰ চৰকাৰৰ পৰিচয় হৈছে সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰ । এতিয়া আমি ৰিফৰ্ম এক্সপ্ৰেছত আছো ।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অধিৱেশনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতিয়ে তেওঁলোকৰ আগত যি আশা প্ৰকাশ কৰিছিল, সেই আশা সাংসদসকলে গুৰুত্বসহকাৰে ল’ব বুলি মই নিশ্চিত । তেওঁ লগতে কয়, “এই অধিবেশন অতি গুৰুত্বপূৰ্ণ । একবিংশ শতিকাৰ এক চতুৰ্থাংশ পাৰ হৈ গ’ল । এয়া দ্বিতীয় ত্ৰৈমাসিকৰ আৰম্ভণি । ‘২০৪৭ বিকশিত ভাৰত’ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গুৰুত্বপূৰ্ণ ২৫ বছৰ আৰম্ভ হৈছে ।”

উল্লেখ্য যে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত ভাৰতৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰিব । অৰ্থনৈতিক সমীক্ষাত দেশৰ অৰ্থনীতিৰ বিস্তৃত মূল্যায়ন দাঙি ধৰা হয় আৰু বাজেট দাখিলৰ পূৰ্বে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰা হয় ।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত লোকসভাত ২০২৬ চনৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিব । এইখন তেওঁৰ একেৰাহে নৱম বাজেট হ’ব আৰু বিশ্বৰ অনিশ্চয়তাৰ মাজত অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ বাবে সংস্কাৰৰ ব্যৱস্থাও এই বাজেটত অন্তৰ্ভুক্ত হ’ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : কিমান শক্তিশালী ভাৰতীয় অৰ্থনীতি ? আজি দাখিল হ’ব অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন

বাজেটত কৃষকৰ বাবে ভালখবৰ ; উপকৃত হ’ব ১ কোটিতকৈও অধিক কৃষক

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণ বাজেট উপস্থাপন কৰিছে।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট উপস্থাপন কৰি ঘোষণা কৰে যে কিষাণ ক্ৰেডিট কাৰ্ডৰ সীমা ৫ লাখলৈ বৃদ্ধি কৰা হৈছে। যাৰ পূৰ্বে সৰ্বাধিক সীমা আছিল ২ লাখ টকা। ই কৃষকসকলক গুৰুত্বপূৰ্ণ লাভালাভ প্ৰদান কৰিব।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰধানমন্ত্ৰী ধনধান্য কৃষি আঁচনি ঘোষণা কৰিছে। তেওঁ কৈছিল যে ১০০ খন জিলাত নিম্ন উৎপাদনশীলতাৰ ওপৰত গুৰুত্ব দি উন্নতি কৰা হ’ব।

সঞ্চয় বৃদ্ধি কৰা প্ৰয়োজন আৰু জলসিঞ্চনৰ সুবিধা বৃদ্ধি কৰা প্ৰয়োজন। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কৈছিল যে প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধি আঁচনিৰ অধীনত ১ কোটিতকৈও অধিক কৃষক উপকৃত হ’ব।

কৃষকসকলৰ অধিক উৎপাদন কৰাৰ সম্ভাৱনা আছে।কৃষকসকলে শস্য উৎপাদন বৃদ্ধি কৰিছিল আৰু চৰকাৰে ক্ৰয়ত সহায় কৰিছিল। আমাৰ চৰকাৰে এতিয়া অৰহৰ আৰু উৰাদৰ দৰে মাহজাতীয় শস্যৰ ওপৰত গুৰুত্ব দিব।

বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটত প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনাৰ ঘোষণা কৰি কয় যে ইয়াৰ জৰিয়তে ১০০খন জিলাত ল’ প্ৰডাক্টিভিটীৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ইয়াত সংশোধন কৰা হ’ব।

তেওঁ লগতে কয় যে এই বাজেট সৰ্বাংগীন কৃষকৰ বাবে। ইয়াৰ জৰিয়তে ১.৭ কোটি কৃষকৰ লাভ হ’ব। আমি দেশক বিকশিত ভাৰত বনোৱাৰ বাবে ৰাজ্যসমূহৰ সৈতে মিলি কাম কৰা প্ৰয়োজন।

আমাৰ গুৰুত্ব শিক্ষা আৰু স্বাস্থ্যৰ ওপৰতো আছে। বাজেটত ৰপ্তানিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।কাৰণ কৃষি আমাৰ প্ৰথম ইঞ্জিন।