গুৱাহাটী বিমানবন্দৰৰ প্ৰশংসনীয় পদক্ষেপ: যাত্ৰীক ঘূৰাই দিলে ১০ লাখ টকাৰ বৈদেশিক মুদ্ৰা

গুৱাহাটী বিমানবন্দৰৰ প্ৰশংসনীয় পদক্ষেপ: যাত্ৰীক ঘূৰাই দিলে ১০ লাখ টকাৰ বিদেশী মুদ্ৰা

বিমানবন্দৰৰ বিষয়াসকলৰ পৰা জানিব পৰা মতে, যোৱা ২৬ জুনত টাৰ্মিনেল ১-ত নিয়মীয়া নিৰাপত্তা পৰীক্ষা চলি থকাৰ সময়তে CISFৰ জোৱানে এটা বেগ অটোমেটেড ট্ৰে ৰিট্ৰিভিয়েল চিষ্টেমত পৰি থকা প্ৰত্যক্ষ কৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে এক ক্ষিপ্ৰ আৰু প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে । কেন্দ্ৰীয় ঔদ্যোগিক

বিমানবন্দৰৰ বিষয়াসকলৰ পৰা জানিব পৰা মতে, যোৱা ২৬ জুনত টাৰ্মিনেল ১-ত নিয়মীয়া নিৰাপত্তা পৰীক্ষা চলি থকাৰ সময়তে CISFৰ জোৱানে এটা বেগ অটোমেটেড ট্ৰে ৰিট্ৰিভিয়েল চিষ্টেমত পৰি থকা প্ৰত্যক্ষ কৰে

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে এক ক্ষিপ্ৰ আৰু প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে । কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (CISF), বিমানবন্দৰৰ ‘লষ্ট এণ্ড ফাউণ্ড’ শাখা আৰু হায়দৰাবাদ বিমানবন্দৰ কৰ্তৃপক্ষৰ এক যৌথ প্ৰচেষ্টাৰ অন্তত ১০.১৪ লাখতকৈও অধিক টকাৰ বৈদেশিক মুদ্ৰাসহ এটা মালিকবিহীন বেগ তাৰ প্ৰকৃত গৰাকীক সফলতাৰে ঘূৰাই দিয়ে ।

কেনেকৈ উদ্ধাৰ হ’ল এই বেগ?

বিমানবন্দৰৰ বিষয়াসকলৰ পৰা জানিব পৰা মতে, যোৱা ২৬ জুনত টাৰ্মিনেল ১-ত নিয়মীয়া নিৰাপত্তা পৰীক্ষা চলি থকাৰ সময়তে CISFৰ জোৱানে এটা বেগ অটোমেটেড ট্ৰে ৰিট্ৰিভিয়েল চিষ্টেমত পৰি থকা প্ৰত্যক্ষ কৰে । যিহেতু বেগটোৰ ওচৰত কোনো লোক নাছিল, নিৰাপত্তাৰ নিয়ম অনুসৰি বেগটো লগে লগে সুৰক্ষিত কৰি বিমানবন্দৰৰ ‘লষ্ট এণ্ড ফাউণ্ড’ শাখাক গতাই দিয়া হয় ।

পৰীক্ষা কৰাৰ পিছত বিষয়াসকলে বেগটোৰ ভিতৰত :

-১০,৭২০ মাৰ্কিন ডলাৰ

-১৭৫ চাইনিজ ইউয়ান

-প্ৰয়োজনীয় ঔষধ আৰু অন্যান্য ব্যক্তিগত সামগ্ৰী উদ্ধাৰ কৰে।

চিচিটিভি আৰু হায়দৰাবাদ বিমানবন্দৰৰ সহযোগত যাত্ৰীৰ সন্ধান

বেগটো কাৰ আছিল, তাক উলিয়াবলৈ কৰ্তৃপক্ষই বেগ আৰু ঔষধৰ ষ্ট্ৰিপত লিখা নামৰ সহায় লয় । ইয়াৰ পিছত চিচিটিভি ফুটেজ পৰীক্ষা কৰি ‘লষ্ট এণ্ড ফাউণ্ড’ শাখাই নিশ্চিত কৰে যে সংশ্লিষ্ট যাত্ৰীজনে ইতিমেধ্যে হায়দৰাবাদ অভিমুখে উৰা মৰা এখন বিমানত আৰোহণ কৰিছে ।

পলম নকৰি গুৱাহাটী বিমানবন্দৰ কৰ্তৃপক্ষই চি আই এছ এফ আৰু হায়দৰাবাদ বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে । সকলোৰে উপযুক্ত সমন্বয়ৰ ফলত যাত্ৰীজনৰ সন্ধান উলিয়াই মালিকীস্বত্ব প্ৰমাণ কৰা হয় আৰু বেগটো যাত্ৰীজনৰ এজন কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধিক সঠিকভাৱে গতাই দিয়া হয় ।

আদানী এয়াৰপৰ্ট হোল্ডিংস লিমিটেডৰ দ্বাৰা পৰিচালিত LGBIA-ই উল্লেখ কৰে যে এই সফল উদ্ধাৰে যাত্ৰীসকলক এক সুৰক্ষিত আৰু সুবিধাজনক ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতি থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিক আকৌ এবাৰ প্ৰমাণ কৰিলে । উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নতুন টাৰ্মিনেল ২ উদ্বোধন কৰা গুৱাহাটী বিমানবন্দৰটোৱে বৰ্তমান উত্তৰ-পূব ভাৰতৰ মুখ্য প্ৰৱেশদ্বাৰ হিচাপে নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই আহিছে ।

লগতে পঢ়ক : গুৱাহাটী বিমানবন্দৰত অসমীয়া ভাষা বৰ্জনৰ অভিযোগ: ৩ প্ৰাক্তন আমোলাৰ পত্ৰ

শেহতীয়া প্ৰৱন্ধসমূহ