প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে এই নিযুক্তি প্ৰদান কৰা হৈছে
প্ৰাক্তন সাংসদ আব্দুল খালেকক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে এই নিযুক্তি প্ৰদান কৰা হৈছে । ২৭ জুন, শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰামনা বৰুৱাৰ দ্বাৰা জাৰী কৰা এক কাৰ্যালয়ৰ জাননীযোগে এই নিযুক্তিৰ কথা অৱগত কৰা হৈছে ।
এই জাননী অনুসৰি, আব্দুল খালেকে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষৰ সৈতে আলোচনা কৰি কাম কৰিব আৰু পোনপটীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ওচৰত জবাবদিহি হ’ব ।
এই নিৰ্দেশটো তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে আৰু জাননীখনৰ প্ৰতিলিপি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে. চি. বেণুগোপাল আৰু জিতেন্দ্ৰ সিঙকে ধৰি দলৰ জ্যেষ্ঠ নেতা, বিষয়ববীয়া, সাংসদ, বিধায়ক আৰু অন্যান্য সংশ্লিষ্ট বিষয়ববীয়া সকললৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক : নিজৰেই সাংসদৰ বিদ্ৰোহত লজ্জিত উদ্ধৱ থাকৰে!









