হায়দৰাবাদত ড’নাল্ড ট্ৰাম্পৰ নামেৰে মুকলি হ’ল পথঃ ধন্যবাদ জনালে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে

ড’নাল্ড ট্ৰাম্পৰ নামেৰে হায়দৰাবাদত নতুন পথঃ কৃতজ্ঞতা প্ৰকাশ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ

হায়দৰাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নামেৰে নামাকৰণ কৰা হৈছে এটি বিষেশ পথ । ইয়াৰ পিছতেই সামাজিক মাধ্যমযোগে ভাৰতৰ প্ৰতি কৃজ্ঞতা জ্ঞাপন কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে । এই সন্মান লাভ কৰা তেওঁ প্ৰথমগৰাকী মাৰ্কিন ৰাষ্ট্ৰপতি বুলিও উল্লেখ কৰে তেওঁ । মাৰ্কিন ৰাষ্ট্ৰপতি চনাল্ড ট্ৰাম্পৰ নামত হায়দৰাবাদত মুকলি

হায়দৰাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নামেৰে নামাকৰণ কৰা হৈছে এটি বিষেশ পথ । ইয়াৰ পিছতেই সামাজিক মাধ্যমযোগে ভাৰতৰ প্ৰতি কৃজ্ঞতা জ্ঞাপন কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে । এই সন্মান লাভ কৰা তেওঁ প্ৰথমগৰাকী মাৰ্কিন ৰাষ্ট্ৰপতি বুলিও উল্লেখ কৰে তেওঁ ।

মাৰ্কিন ৰাষ্ট্ৰপতি চনাল্ড ট্ৰাম্পৰ নামত হায়দৰাবাদত মুকলি হ’ল এটা বিশেষ পথ । হায়দৰাবাদস্থিত আমেৰিকান কনচুলেটৰ কাষতে মুকলি কৰা পথটোৰ নাম আনুষ্ঠানিকভাৱে ‘ডনাল্ড ট্ৰাম্প এভিনিউ’ ৰখাৰ বাবে শুকুৰবাৰে ভাৰতক ধন্যবাদ জ্ঞাপন কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে । লগতে তেওঁ দাবী কৰে যে এই ধৰণে সন্মানিত হোৱা তেৱেঁই প্ৰথমগৰাকী আমেৰিকান ৰাষ্ট্ৰপতি ।

আমেৰিকাৰ স্বাধীনতাৰ ২৫০ বছৰ পূৰ্তি উপলক্ষে অনুষ্ঠিত ‘ফ্ৰিডম ২৫০’ উদযাপনৰ অংশ হিচাপে তেলেংগানা চৰকাৰে হায়দৰাবাদৰ ফাইনেন্সিয়েল ডিষ্ট্ৰিক্টৰ পথটোৰ নাম আনুষ্ঠানিকভাৱে পৰিৱৰ্তন কৰাৰ কেইদিনমান পিছতেই ট্ৰাম্পে এই মন্তব্য কৰে ।

ট্ৰুথ ছচিয়েলত ট্ৰাম্পে লিখে : “ভাৰতৰ হায়দৰাবাদত নতুন ড’নাল্ড ট্ৰাম্প এভিনিউ- এইদৰে সন্মানিত হোৱা প্ৰথমগৰাকী আমেৰিকান ৰাষ্ট্ৰপতি । ধন্যবাদ! ৰাষ্ট্ৰপতি ডনাল্ড জে ট্ৰাম্প ।”

এই উৎসৱত তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী ভাট্টি বিক্ৰমাৰ্কা, ভাৰতস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰ আৰু হায়দৰাবাদত নিযুক্ত আমেৰিকাৰ কনচুল জেনেৰেল ল’ৰা উইলিয়ামছে এই পথৰ আনুষ্ঠানিক ফলক উন্মোচন কৰে । অনুষ্ঠানটোত কূটনীতিবিদ, চৰকাৰী বিষয়া আৰু কেইবাগৰাকীও উদ্যোগপতিয়ে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, এই পথটোৰ নাম পৰিৱৰ্তনৰ সিদ্ধান্তটো প্ৰথমে ২০২৫ চনৰ ডিচেম্বৰ মাহত তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীয়ে ঘোষণা কৰিছিল । ৰাজ্য চৰকাৰৰ বিষয়াসকলে জনোৱা মতে, হায়দৰাবাদ বৰ্তমান আমেৰিকান প্ৰযুক্তি কোম্পানী আৰু গ্ল’বেল কেপাবিলিটি চেণ্টাৰসমূহৰ বাবে এক প্ৰধান কেন্দ্ৰ হৈ পৰিছে । সেয়েহে তেলেংগানা আৰু আমেৰিকাৰ মাজত বৃদ্ধি পোৱা কৌশলগত, ব্যৱসায়িক আৰু বিনিয়োগৰ সম্পৰ্কক স্বীকৃতি দি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক : ভাৰতলৈ আহিব ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প; আমেৰিকাৰ বৈদেশিক মন্ত্ৰী ৰুবিঅ’ৰ ঘোষণা