হায়দৰাবাদ-বেংগালুৰু ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা; বাইক আৰু বাছৰ সংঘৰ্ষত ১১ জনৰ মৃত্যু

হায়দৰাবাদ-বেংগালুৰু ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

কুৰনুল জিলাৰ কল্লুৰ মণ্ডলৰ চিন্নাটেকুৰ অঞ্চলত শুকুৰবাৰে পুৱা এক শোকাৱহ ঘটনা সংঘটিত হয়।হঠাৎ দাউ দাউ কৈ জ্বলি উঠিল হায়দৰাবাদৰ পৰা বেংগালুৰুলৈ যোৱা কাবেৰী ট্ৰেভেলছৰ এখন বাছ।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মিনিটৰ ভিতৰতে গোটেই বাছখন ছাইলৈ পৰিণত হৈছিল।বৰ্তমানলৈকে এই দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হৈছে।আন বহু লোকো গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে।

প্ৰাথমিক তথ্য অনুসৰি,ৰাষ্ট্ৰীয় ঘাইপথটোত এখন দুচকীয়া বাহনৰ সৈতে মুখামুখি সংঘৰ্ষৰ পিছতে বাছখনত অগ্নিকাণ্ড সংঘটিত হয়।দুৰ্ঘটনাৰ সময়ত বাছখনত ২৪ জনতকৈও অধিক যাত্ৰী আছিল।

চৰকাৰী সূত্ৰ অনুসৰি,দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১২ জনতকৈ অধিক যাত্ৰী জৰুৰীকালীন প্ৰস্থানৰ মাজেৰে ওলাই আহিবলৈ সক্ষম হয়।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত সকলোকক চিকিৎসালয়ত ভৰ্তি কৰে।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই দুৰ্ঘটনাত লৈ এক পোষ্টযোগে শোক প্ৰকাশ কৰে।

লগতে পঢ়ক: মাজ আকাশতে ইণ্ডিগো বিমানত অঘটন; বাৰাণসীত জৰুৰী অৱতৰণ

নাৰ্চাৰীৰ অধ্যয়নৰ বাবে ২.৫ লাখ টকা; লাখটকীয়া মাচুলক লৈ হাহাকাৰ

নাৰ্চাৰীৰ অধ্যয়নৰ বাবে ২.৫ লাখ টকা

হায়দৰাবাদৰ এখন ব্যক্তিগত বিদ্যালয়ৰ নাৰ্চাৰী ক্লাছৰ বাৰ্ষিক মাচুল ২.৫১ লাখ টকা হোৱাৰ খবৰে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে।

সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰিছে ভাৰতীয় ধৰ্ম পাৰ্টিৰ প্ৰতিষ্ঠাপক অনুৰাধা তিৱাৰীয়ে। ইয়াৰ পিছত সামাজিক মাধ্যমত মধ্যবিত্ত পৰিয়ালৰ বাবে শিক্ষাৰ ব্যয়সাধ্যতা আৰু স্বচ্ছতাক লৈ বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে।

মাচুল স্লিপৰ ফটোখন শ্বেয়াৰ কৰি পোষ্টটোত তেওঁ লিখিছে, ‘এতিয়া ABCD শিকিবলৈ মাহে ২১ হাজাৰ টকা দিব লাগিব।এই বিদ্যালয়বোৰে কি পাঠদান কৰাই যাৰ বাবে ইমান উচ্চ মাচুলৰ ন্যায্যতা প্ৰদান কৰে।’

বিদ্যালয়খনৰ মাচুলৰ গাঁথনি অনুসৰি প্ৰাক-প্ৰাথমিক প্ৰথম আৰু দ্বিতীয়ৰ বাবে বছৰি ২,৪২,৭০০ টকা মাচুল ধাৰ্য কৰা হৈছে।একে সময়তে ১ আৰু দ্বিতীয় শ্ৰেণীৰ বছৰি মাচুল ২,৯১,৪৬০ টকা।

প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে ইমান বেছি মাচুল দেখি এতিয়া আচৰিত হৈছে সকলো।সামাজিক মাধ্যমত ব্যৱহাৰকাৰীসকলে এনে মাচুলৰ আঁৰৰ যুক্তিক লৈ প্ৰশ্ন উত্থাপন কৰিছে।অৱশ্যে এই সন্দৰ্ভত হায়দৰাবাদ চৰকাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

লগতে পঢ়ক: ভূগোলত স্নাতক সম্পূৰ্ণ হোৱাৰ পিছত কেৰিয়াৰৰ বিকল্প কি ? স্নাতকোত্তৰ নে চাকৰি ?

ফাৰ্মা প্লান্টত ভয়ংকৰ বিস্ফোৰণত নিহত ৮; আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

ফাৰ্মা প্লান্টত ভয়ংকৰ বিস্ফোৰণত নিহত ৮

সোমবাৰে তেলেংগানাৰ ছাংগাৰেড্ডীৰ এক ফাৰ্মা প্লাণ্টত সংঘটিত হোৱা সন্দেহজনক বিস্ফোৰণত ৮ জন লোকৰ মৃত্যু হয় । এই দুৰ্ঘটনাত আন বহু লোক আহত হয় । বিস্ফোৰণ সংঘটিত হোৱা পছুম্যালাম ঔদ্যোগিক এষ্টেটৰ চিগাচি ফাৰ্মা কোম্পানীত বহু শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে ।

অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনোৱা মতে, দুৰ্ঘটনাস্থলীৰ পৰা ছটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু চিকিৎসকে দুজনক মৃত ঘোষণা কৰিছে । আহত লোকসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু চিকিৎসাধীন হৈ আছে । উদ্ধাৰ অভিযান এতিয়াও চলি থকাৰ বাবে তেওঁলোকৰ অৱস্থা তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই ।

পশম্যালামৰ ৰাসায়নিক উৎপাদন কাৰখানা ছিগাচি ফাৰ্মা প্লান্টত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি মাল্টি জ’ন II মহাপৰিদৰ্শক ভি সত্যনাৰায়ণে জানিবলৈ দিয়ে । পুৱা ৮:১৫ৰ পৰা ৯:৩৫ বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা । এই ঘটনাত মুঠ ৮ জন লোকৰ মৃত্যু হৈছে । আহত হৈছে আন ২৬ জন । উদ্ধাৰ হৈছে ৬ টা মৃতদেহ । চন্দা নগৰত চিকিৎসাৰ সময়ত দুজন লোকৰ মৃত্যু । ২০ মিনিটৰ ভিতৰতে আমি সেই ঠাইত উপস্থিত হওঁ ৷ এন ডি আৰ এফ, এছ ডি আৰ এফকে ধৰি অন্যান্য উদ্ধাৰকাৰী দলে ১০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী লৈ ঘটনাস্থলীত আছে । জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত আছে । যুদ্ধকালীন গতিত উদ্ধাৰ অভিযান চলোৱা হৈছে ।

আৰ্থিক সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ-

এই ঘটনাত মৃত্যু হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ কয়, ‘এই ঘটনাত মই দুখিতঃ । যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ । আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ । প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰা হ’ব । আহতসকলক ৫০ হাজাৰ টকাৰ সাহাৰ্য দিয়া হ’ব ।’

লগতে পঢ়ক : পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত অঘটন; গুণ্ডিচা মন্দিৰৰ সমীপত পদপিষ্ট হৈ ৩ জনৰ মৃত্যু

১৪ দিনৰ জে’ললৈ প্ৰেৰণ অভিনেতা আল্লু অৰ্জুনক

১৪ দিনৰ জে’ললৈ প্ৰেৰণ অভিনেতা আল্লু অৰ্জুনক। প্ৰিমিয়াৰ শ্ব’ত মহিলাৰ মৃত্যু হোৱা গোচৰত গ্ৰেপ্তাৰ আল্লু অৰ্জুনক। পুষ্পা-২ৰ প্ৰিমিয়াৰত পদপিষ্ট হৈ মৃত্যু হৈছিল এগৰাকী মহিলাৰ, আহত হৈছিল এটি শিশু। আজি হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেতাজনক। আদালতৰ পৰা কোনো সকাহ নাপালে আল্লু অৰ্জুনে। জামিন নোপোৱা পৰ্যন্ত জে’লতেই থাকিব লাগিব অভিনেতা আল্লু অৰ্জুন

‘পুষ্পা ২’ ছবিখনে সমগ্ৰ দেশৰ চিনেমাগৃহত ঢৌ তুলিছে। ইফালে হায়দৰাবাদ আৰক্ষীয়ে আল্লু অৰ্জুনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে।

চিক্কাদাপল্লী থানাৰ এটা দলে হায়দৰাবাদৰ জুবিলী হিলছৰ আল্লু অৰ্জুনৰ ঘৰত উপস্থিত হয়।যোৱা ৪ ডিচেম্বৰত সন্ধ্যা থিয়েটাৰত এগৰাকী মহিলাৰ মৃত্যুৰ সৈতে জড়িত আল্লু অৰ্জুনক জেৰাৰ বাবে হায়দৰাবাদৰ চিক্কাডপল্লী থানালৈ অনা হৈছিল।