১৪ দিনৰ জে’ললৈ প্ৰেৰণ অভিনেতা আল্লু অৰ্জুনক

১৪ দিনৰ জে’ললৈ প্ৰেৰণ অভিনেতা আল্লু অৰ্জুনক। প্ৰিমিয়াৰ শ্ব’ত মহিলাৰ মৃত্যু হোৱা গোচৰত গ্ৰেপ্তাৰ আল্লু অৰ্জুনক। পুষ্পা-২ৰ প্ৰিমিয়াৰত পদপিষ্ট হৈ মৃত্যু হৈছিল এগৰাকী মহিলাৰ, আহত হৈছিল এটি শিশু। আজি হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেতাজনক। আদালতৰ পৰা কোনো সকাহ নাপালে আল্লু অৰ্জুনে। জামিন নোপোৱা পৰ্যন্ত জে’লতেই

১৪ দিনৰ জে’ললৈ প্ৰেৰণ অভিনেতা আল্লু অৰ্জুনক। প্ৰিমিয়াৰ শ্ব’ত মহিলাৰ মৃত্যু হোৱা গোচৰত গ্ৰেপ্তাৰ আল্লু অৰ্জুনক। পুষ্পা-২ৰ প্ৰিমিয়াৰত পদপিষ্ট হৈ মৃত্যু হৈছিল এগৰাকী মহিলাৰ, আহত হৈছিল এটি শিশু। আজি হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেতাজনক। আদালতৰ পৰা কোনো সকাহ নাপালে আল্লু অৰ্জুনে। জামিন নোপোৱা পৰ্যন্ত জে’লতেই থাকিব লাগিব অভিনেতা আল্লু অৰ্জুন

‘পুষ্পা ২’ ছবিখনে সমগ্ৰ দেশৰ চিনেমাগৃহত ঢৌ তুলিছে। ইফালে হায়দৰাবাদ আৰক্ষীয়ে আল্লু অৰ্জুনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে।

চিক্কাদাপল্লী থানাৰ এটা দলে হায়দৰাবাদৰ জুবিলী হিলছৰ আল্লু অৰ্জুনৰ ঘৰত উপস্থিত হয়।যোৱা ৪ ডিচেম্বৰত সন্ধ্যা থিয়েটাৰত এগৰাকী মহিলাৰ মৃত্যুৰ সৈতে জড়িত আল্লু অৰ্জুনক জেৰাৰ বাবে হায়দৰাবাদৰ চিক্কাডপল্লী থানালৈ অনা হৈছিল।