৪৩ বছৰীয়া হ’ল ছুপাৰষ্টাৰ আল্লু অৰ্জুন; জন্মদিনৰ দিনটোত কৰিলে মহৎ কাম

দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন প্ৰযোজক আল্লু অৰবিন্দৰ পুত্ৰ আৰু বিখ্যাত তেলেগু অভিনেতা চিৰঞ্জীৱীৰ ভতিজা। দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে আজি ৪৩ সংখ্যক জন্মদিন উদযাপন কৰিছে।

পেন ইণ্ডিয়া তাৰকাগৰাকীৰ সমগ্ৰ বিশ্বতে বিপুল অনুৰাগী আছে। আল্লু অৰ্জুনে পুষ্প ২ ৰ জৰিয়তে যথেষ্ট সফলতা অৰ্জন কৰিছে।অভিনেতা গৰাকীয়ে নিজৰ জন্মদিনটোত প্ৰতিবছৰেই এক মহৎ কাম কৰে।

জন্মদিনটোত ৰক্তদান কৰা অভিনেতাসকলৰ ভিতৰত আল্লু অৰ্জুন অন্যতম। বহু ছবিত বলিষ্ঠ অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰকে ধৰি বহু বঁটা লাভ কৰিছে।

‘পুষ্পা’ অভিনেতাগৰাকীক ষ্টাইলিছ ষ্টাৰ বুলিও জনা যায়। ২০০৩ চনত অৰ্জুনে ‘গংগোত্ৰী’ ছবিত অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।  

প্ৰতি বছৰে জন্মদিনত আল্লু অৰ্জুনে ৰক্তদান কৰাৰ লগতে ৰক্তদান শিবিৰৰো আয়োজন কৰে, য’ত তেওঁৰ অনুৰাগীসকলেও ৰক্তদান কৰিবলৈ আহে।

তেওঁ পৰিয়াল আৰু সন্তানৰ সৈতে বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে আয়োজন কৰা বিভিন্ন বিশেষ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে।এই দিনটোক আৰু বিশেষ কৰি তুলিবলৈ তেওঁ ঘৰতে নিজৰ জন্মদিন পালন কৰে পৰিয়ালৰ সৈতে।

দক্ষিণৰ অন্যতম ধনী অভিনেতা সকলৰ মাজৰ এজন হৈছে আল্লু অৰ্জুন। অভিনেতাগৰাকীয়ে তেওঁৰ এখন ছবিৰ বাবে ১৫০ৰ পৰা ২০০ কোটি টকা লয়।

প্ৰথম অৱস্থাত অভিনেতাজনে এনিমেটৰ হিচাপে কাম কৰিছিল, যাৰ বাবে তেওঁ তিনি হাজাৰ টকা পাইছিল। আজি তেওঁৰ সম্পত্তি ৪৬০ কোটি টকা।

পুষ্পা ৩ ত আল্লু অৰ্জুনৰ স্থান ল’ব নেকি অৰ্জুন কাপুৰে? অনুৰাগীসকলে কৰিলে ইতিকিং

পুষ্পা-২ মুক্তিৰ লগে লগেই অনুৰাগী সকলৰ মাজত পুষ্পা-৩ৰ আলোচনা পূৰ্ণ গতিত চলি আছে। ছবিখনে বক্স অফিচত এনেদৰে ধুমুহা সৃষ্টি কৰিছিল যে অনুৰাগী সকলে ইয়াৰ তৃতীয় অংশৰ বাবে অধৈৰ্য্য হৈ পৰিছে।

এতিয়া এই ছবিখনৰ বিষয়ে সামাজিক মাধ্যমত এতিয়া বহুটো চৰ্চা দেখিবলৈ পোৱা গৈছে।সামাজিক মাধ্যমত খবৰ ওলাইছিল যে পুষ্পা ৩ত আল্লু অৰ্জুনৰ সলনি এইবাৰ অৰ্জুন কাপুৰে পুষ্পাৰ চৰিত্ৰটিত অভিনয় কৰিব।

ছবিখনৰ বাবে ইতিমধ্যে নিৰ্মাতাসকলে আল্লু অৰ্জুনৰ পৰিৱৰ্তে অৰ্জুন কাপুৰক স্বাক্ষৰ কৰিছে। এই খবৰৰ পিছতেই অনুৰাগী সকলে হাস্যকৰ মন্তব্য দিছে।

বহুতে কৈছে যে তেতিয়া “বাজেট ৩০০ কোটি আৰু বক্স অফিচ সংগ্ৰহ মাত্ৰ ৩০০ টকা হ’ব “।আন একাংশই আকৌ কৈছে যে এইটো বছৰটোৰ শীৰ্ষ কৌতুক।

অৱশ্যে এই কথা উৰাবাতৰি বুলি উল্লেখ কৰিছে নিৰ্মাতাসকলে। তেওঁলোকৰ মতে বৰ্তমান আল্লু অৰ্জুনক স্থানান্তৰিত কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই।

আল্লু অৰ্জুনৰ অনুৰাগী নীতিশ কুমাৰ ৰেড্ডী; প্ৰথমটো অৰ্ধ শতকৰ পিছত দিলে ‘পুষ্পা’ ষ্টাইল

অষ্ট্ৰেলিয়াত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত, মাত্ৰ দুজন বেটছমেনৰ দুৰ্দান্ত প্ৰদৰ্শনে টীম ইণ্ডিয়াক ধাৰাবাহিকভাৱে সমৰ্থন কৰি আহিছে।

কে এল ৰাহুল আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে সকলো খেলতে অষ্ট্ৰেলিয়াৰ দলটোক অসুবিধাত পেলাইছে।মেলবৰ্ণত অনুষ্ঠিত চতুৰ্থ টেষ্টৰ প্ৰথম ইনিংছত ৰাহুলৰ বেটে কাম নকৰিলে, কিন্তু নীতিশ ৰেড্ডীয়ে টীম ইণ্ডিয়াক ফলো-অনৰ বিপদৰ পৰা বাহিৰ লৈ গ’ল।

চতুৰ্থ টেষ্টৰ তৃতীয় দিনা তেওঁ এটা সুন্দৰ অৰ্ধশতক অৰ্জন কৰি ভাৰতীয় ইনিংছৰ দায়িত্ব লয়। যেতিয়া আন ভাৰতীয় বেটছমেনসকলে এটা এটাকৈ পেভিলিয়নলৈ উভতিছিল, নীতিশে অষ্ট্ৰেলিয়াৰ বলাৰসকলৰ মুখামুখি হৈছিল।

নীতিশে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাৰ্থ টেষ্টত আত্মপ্ৰকাশ কৰাৰ সুযোগ পাইছিল। তেতিয়াৰ পৰা, তেওঁ একেৰাহে ভাল ইনিংছ খেলিছিল, কিন্তু তেওঁ পঞ্চাশত উপনীত হ’ব নোৱাৰিলে। মেলবৰ্ণত তেওঁ এই সংখ্যাটো অতিক্ৰম কৰিছিল।

অৰ্ধ-শতক অৰ্জন কৰাৰ লগে লগে তেওঁ এক বিশেষ ধৰণে উদযাপন কৰে।নীতিশে তাৰকা অভিনেতা আল্লু অৰ্জুনক নকল কৰিছিল।

‘পুষ্পা’ বোলছবিখনত আল্লু অৰ্জুনৰ বিখ্যাত সংলাপটো হৈছে –  ‘ঝুকেগা নাহি’ এই সংলাপটো কোৱাৰ সময়ত, আল্লু অৰ্জুনে তেওঁৰ ডিঙিৰ তলত হাতটো আনিছিল।

নীতিশ ৰেড্ডীয়েও একেধৰণেই হাতৰ সলনি তেওঁৰ বেটখন ডিঙিৰ তললৈ আনিছিল। এইটো দেখি ষ্টেডিয়ামত বহি থকা ভাৰতীয় অনুৰাগীসকল আনন্দিত হৈছিল আৰু ই সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে।

হিন্দী বক্স অফিচতো নিজৰ ছাপ ৰাখিলে পুষ্পা ২ য়ে;  মাত্ৰ ১৫ দিনৰ ভিতৰতে হৈ পৰিল আটাইতকৈ ডাঙৰ ছবি

২০২১ বৰ্ষত যেতিয়া আল্লু অৰ্জুনৰ প্ৰথম সৰ্বভাৰতীয় চলচ্চিত্ৰ ‘পুষ্পা ১: দ্য ৰাইজ’  ছবিগৃহত মুক্তি পাইছিল, হিন্দীত তেলেগু তাৰকাৰ চলচ্চিত্ৰখনৰ উন্মাদনা দেখি বহুতো লোক আচৰিত হৈছিল।

যিসকলে আচৰিত হৈছিল তেওঁলোকৰ সম্ভৱতঃ কোনো ধাৰণা নাছিল যে আল্লু অৰ্জুনৰ তেলেগু চলচ্চিত্ৰৰ হিন্দী ডাবিংয়ে টেলিভিচনৰ জৰিয়তে হিন্দী দৰ্শকৰ মাজত কিমান জনপ্ৰিয় কৰি তুলিছিল। কিন্তু এতিয়া, ‘পুষ্পা ২: দ্য ৰুল’ৰ সৈতে, আল্লু অৰ্জুনৰ ষ্টাৰডম হিন্দী বজাৰতো স্থায়ীভাৱে মোহৰ লগাইছে।

প্ৰথম দিনাৰ পৰাই ‘পুষ্পা ২’য়ে দৰ্শকসকলক যথেষ্ট মনোৰঞ্জন দি আহিছে আৰু এতিয়া হিন্দী বক্স অফিচত মাত্ৰ ১৫ টা দিনতে আটাইতকৈ বেছি উপাৰ্জন কৰা ছবি হৈ পৰিছে।

আল্লু অৰ্জুনে অৰ্জন কৰা এই কৃতিত্বৰে দ্বিতীয় দক্ষিণ তাৰকা হৈ পৰিছে।তেওঁৰ পূৰ্বে, প্ৰভাসৰ ‘বাহুবলী ২’য়ে হিন্দীত সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছিল।

প্ৰথম দিনাৰ পৰাই, ছবিগৃহত ধামাকা কৰি থকা আল্লু অৰ্জুনৰ ছবিখনে ইতিমধ্যে ইয়াৰ সম্ভাৱনা প্ৰদৰ্শন দেখুৱাইছিল যে ছবিখন সঁচাকৈয়ে বক্স অফিচৰ জুই।

পুষ্পা ২’ৰ হিন্দী সংস্কৰণৰ মুঠ সংগ্ৰহ ৬১৮ কোটি অতিক্ৰম কৰিছে।মাত্ৰ ১৫ টা দিনতে হিন্দী সংস্কৰণত ইমান উপাৰ্জন কৰা শীৰ্ষ ছবিখন হৈ পৰিল পুষ্পা ২।

থিয়েটাৰত আঘাতপ্ৰাপ্ত শিশুটিক সাক্ষাৎ কৰিলে আল্লু অৰ্জুনৰ পিতৃয়ে; চিকিৎসালয়ত উপস্থিত হৈ ললে খবৰ

পুষ্পা ২ৰ অভিনেতা আল্লু অৰ্জুনৰ পিতৃ আল্লু অৰবিন্দে আজি ৪ ডিচেম্বৰত পদপিষ্ট হৈ আহত হোৱা শিশুটোক লগ কৰিবলৈ যায়। অৰ্জুনৰ পিতৃয়ে দৰিদ্ৰ পৰিয়ালটোৰ সৈতে সাক্ষাৎ কৰিছিল আৰু শিশুটোৰ অৱস্থাৰ বুজ লয়।

 তেলেংগানাৰ স্বাস্থ্য সচিব ক্ৰিষ্টিনা জে চোংথু আৰু হায়দৰাবাদৰ আৰক্ষী আয়ুক্ত চি আনন্দো ৪ ডিচেম্বৰৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ থকা শিশুটোৰ অৱস্থা পৰীক্ষা কৰিবলৈ উপস্থিত হৈছিল।

আৰক্ষী আয়ুক্ত চি.ভি. আনন্দে কৈছিল যে আঘাতটোৱে শিশুটোৰ মগজুত বিৰূপ প্ৰভাৱ পেলাইছে। তেওঁ কৈছিল, ‘যেতিয়া তেওঁ পদপৃষ্ট হৈ আঘাতপ্ৰাপ্ত হৈছিল, তেতিয়া তেওঁৰ মগজুত অক্সিজেন পোৱা নাছিল, আৰু ইয়াৰ ফলত তেওঁৰ অৱস্থাত নেতিবাচক প্ৰভাৱ পৰিছিল।’

চিকিৎসকৰ দলটোৱে কৈছে যে তেওঁৰ আৰোগ্য হ’বলৈ সময় লাগিব। শিশুটো বৰ্তমান ভেণ্টিলেটৰত আছে আৰু নিৰন্তৰ পৰীক্ষা চলি আছে।

শিশুটিৰ লগতে আল্লু অৰ্জুনৰ পিতৃয়ে ভুক্তভোগীৰ দেউতাক আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সাক্ষাৎ কৰিছিল।

উল্লেখ্য যে ৪ ডিচেম্বৰত পুষ্পা ২ ৰ প্ৰদৰ্শনৰ সময়ত হায়দৰাবাদত এটা ডাঙৰ ঘটনা সংঘটিত হৈছিল। আল্লু অৰ্জুন থিয়েটাৰৰ পৰা ওলাই অহাৰ লগে লগে হঠাতে হাজাৰ হাজাৰ লোকৰ ভিৰ হ’ল।

এই ভিৰৰ মাজত, মানুহে আল্লু অৰ্জুনক লগ কৰিবলৈ জঁপিয়াই পৰিছিল, যাৰ ফলত মাটিত পৰিছিল এগৰাকী মহিলা আৰু তেওঁৰ  শিশুটি।

পদপৃষ্ট হৈ মহিলাৰ মৃত্যু হয় আৰু তেওঁৰ পুত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই ক্ষেত্ৰত, হায়দৰাবাদ আৰক্ষীয়ে আল্লু অৰ্জুনকো গ্ৰেপ্তাৰো কৰিছিল।

আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰে প্ৰভাৱ পেলালে নেকি পুষ্পা ২ৰ উপাৰ্জনত ?  সংগ্ৰহ ১৪০০ কোটি অতিক্ৰম

আল্লু অৰ্জুন অভিনীত পুষ্পা ২: দ্য ৰুলে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে, অভিলেখ ভংগকাৰী উপাৰ্জন কৰিছে ছবিখনে । মুক্তিৰ দ্বিতীয় সপ্তাহৰ শেষৰ ফালে পুষ্পা ২ৰ বিশ্বব্যাপী সংগ্ৰহে ১৪০০ কোটি টকা অতিক্ৰম কৰিলে । ইয়াৰ মাজতে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰাৰ ফলত ছবিখনৰ উপাৰ্জনত যথেষ্ট প্ৰভাৱ পৰিছে বুলি বিশ্বাস কৰা হৈছে ।

১৩ ডিচেম্বৰত সন্ধ্যা থিয়েটাৰৰ বাহিৰত ব্যাপক সমাগমত পদপিষ্ট হৈ মৃত্যু হোৱা মহিলাগৰাকীৰ গোচৰত আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছিল । অৱশ্যে কিছু সময়ৰ পাছত জামিনত তেওঁক মুকলি কৰি দিয়া হয় । ইয়াৰ ফলত ছবিখনৰ উপাৰ্জন হ্ৰাস পাব বুলি বিশ্বাস কৰা হৈছিল যদিও পৰিসংখ্যা আছিল ইয়াৰ বিপৰীত । আল্লুক গ্ৰেপ্তাৰ আৰু মুক্তিৰ পিছত অহা নতুন তথ্য অনুসৰি এই ঘটনাৰ পৰা ছবিখনে আৰু অধিক লাভৱান হোৱা বুলি কোৱা হৈছে । ছবিখনৰ খামোছ ঢিলা হোৱা নাই, ব্পৰীতে শক্তিশালী হৈ পৰিছে ।

বিতৰ্কৰ মাজতো বিশেষজ্ঞসকলে নিশ্চিত কৰিছে যে পুষ্পা ২ য়ে দৰ্শকৰ আৱেগৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই । কিন্তু আল্লুৰ প্ৰতি মানুহৰ বহুত সহানুভূতি আছে । যিহেতু ছবিখনে ইতিমধ্যে বহু টকা উপাৰ্জন কৰিছে, গতিকে গ্ৰেপ্তাৰৰ ঘটনাই ইয়াক লাভান্বিত কৰিছে বুলি ক’লে ভুল কোৱা নহ’ব ।

তৃতীয় সপ্তাহৰ শেষৰ ফালে মুফাছাৰ সৈতে প্ৰতিযোগিতা-

ট্ৰেড এক্সপাৰ্টৰ মতে, প্ৰতিদিনে নতুন অভিলেখ সৃষ্টি কৰা ভাৰতীয় চিনেমাত ছবিখনৰ ৰান ৰেট সৰ্বাধিক দ্ৰুত । এতিয়া যি সংগ্ৰহ আছে, সেয়া বোনাছ । এইটো স্পষ্ট যে ছবিখনক সমগ্ৰ বিশ্বৰ দৰ্শকে সম্পূৰ্ণ হৃদয়েৰে গ্ৰহণ কৰিছে । পুষ্পা ২ তৃতীয় উইকেণ্ডত প্ৰৱেশ কৰিছে, য’ত মুফাছা: দ্য লায়ন কিংৰ সৈতে সংঘৰ্ষ হ’ব, যাৰ বাবে শ্বাহৰুখ খানে নিজৰ কণ্ঠ দিছে, অনুৰাগীসকলে ইয়াৰ বাবে অপেক্ষা কৰি আছে । কিন্তু মুফাছা মুক্তিৰ সময়লৈকে পুষ্পা ২এ দুসপ্তাহ সম্পূৰ্ণ কৰিব ।

কাৰাগাৰৰ পৰা ঘৰলৈ উভতিল আল্লু অৰ্জুন…সাক্ষাৎ কৰিবলৈ আহিল ‘পুষ্পা ২’ৰ পৰিচালক, তাৰকাৰ ভিৰ

‘পুষ্পা ২’ৰ অভিনেতা আল্লু অৰ্জুন কাৰামুক্ত হৈ ঘৰলৈ উভতিছে । হায়দৰাবাদৰ চাঞ্চলগুডা কেন্দ্ৰীয় কাৰাগাৰত নিশা কটাই ঘৰলৈ উভতি আহিছে অভিনেতাগৰাকী । ইয়াৰ পিছতে তেওঁ পত্নী স্নেহা ৰেড্ডী আৰু সন্তানক সাক্ষাৎ কৰে । এতিয়া অভিনেতাজনৰ ঘৰত দক্ষিণৰ তাৰকাৰ সোঁত দেখা গৈছে । নাগা চৈতন্য, ৰাণা দগ্গুবতীকে ধৰি বহু তাৰকাই আল্লু অৰ্জুনক তেওঁৰ জুবলী হিলছৰ ঘৰত সাক্ষাৎ কৰিবলৈ অহা পৰিলক্ষিত হৈছে ।

আল্লু অৰ্জুনক সাক্ষাৎ কৰিবলৈ আহিল বহুতো তাৰকা-

আল্লু অৰ্জুনৰ ছবি ‘পুষ্পা ২’ৰ পৰিচালক সুকুমাৰ তেওঁক লগ কৰিবলৈ অহা পৰিলক্ষিত হয় । ছবিখনৰ প্ৰযোজক ৱাই ৰবি শংকৰ আৰু নবীন য়েৰ্নেনীও এই সময়ত তেওঁৰ লগত আছিল । অভিনেতা আৰু পৰিচালকজনৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত তেওঁলোকে বাৰ্তালাপ কৰা দেখা গৈছে । অভিনেতা নাগা চৈতন্য, ৰাণা দগ্গুবাটি আৰু বিজয় দেৱেৰাকোণ্ডাও আল্লু অৰ্জুনক সাক্ষাৎ কৰিবলৈ আহে । সকলোৱে সাৱটি ধৰি তেওঁৰ অৱস্থাৰ বিষয়ে সোধে । ছুপাৰষ্টাৰ চিৰঞ্জীৱীৰ পত্নী সুৰেখা কনিডেলেও আল্লু অৰ্জুনক সাক্ষাৎ কৰে ।

ঘটনাতো কি ?

মুক্তিৰ পূৰ্বে ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ‘পুষ্পা ২’ৰ বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল । ছবিখনৰ প্ৰদৰ্শনীৰ সময়তে আল্লু অৰ্জুনো উপস্থিত হৈছিল । এই সময়ছোৱাতে এগৰাকী মহিলাই ব্যাপক ভিৰৰ মাজত পদপিষ্ট হৈ প্ৰাণ হেৰুৱাইছিল । মহিলাগৰাকীৰ পৰিয়ালে আল্লু অৰ্জুন, তেওঁৰ নিৰাপত্তাৰক্ষী দল আৰু থিয়েটাৰ পৰিচালনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । এই গোচৰত ১৩ ডিচেম্বৰৰ পুৱা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছিল । নিম্ন আদালতত শুনানি গ্ৰহণ কৰি আল্লু অৰ্জুনক ১৪ দিনৰ কাৰাদণ্ড বিহা হয় । ইয়াৰ পিছতে বিষয়টো তেলেংগানা উচ্চ ন্যায়ালয় পাইগৈ, য’ত তেওঁক ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হয় ।

জেলৰ পৰা ওলাই কি ক’লে আল্লু অৰ্জুনে ?

জেলৰ পৰা ওলাই অহাৰ পিছত আল্লু অৰ্জুনে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে । তেওঁ কয়- কোনো চিন্তা নাই । মই ঠিকে আছো । মই আইনত বিশ্বাস কৰোঁ । এই গোচৰটো আদালতত চলি আছে গতিকে মাজত কোনো মন্তব্য নকৰো । মই এজন আইন পালনকাৰী নাগৰিক । আৰক্ষীক সহযোগ কৰিম ।

“যি ঘটিল তাৰ বাবে দুঃখিত…মই আইনক সন্মান কৰোঁ” , জেলৰ পৰা মুক্ত হৈ আল্লু অৰ্জুনৰ প্ৰথমটো প্ৰতিক্ৰিয়া

দক্ষিণৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনক তেলেংগনা উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পিছত শনিবাৰে পুৱা  হায়দৰাবাদ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি হয়।

অভিনেতাজনৰ পিতৃ আল্লু অৰবিন্দ আৰু শহুৰেক কাঞ্চৰলা চন্দ্ৰশেখৰে তেওঁক ঘৰলৈ নিবৰ বাবে আহিছিল। আল্লু অৰ্জুনে জামিন লাভ কৰাত আনন্দিত হৈছে তেওঁৰ অনুৰাগী সকল।

কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত আল্লু অৰ্জুনে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰিছিল।তেওঁ কয় যে “চিন্তা কৰাৰ একো কাৰণ নাই। মই ভালে আছো”।

“মই আইনৰ শাসনত বিশ্বাস কৰো। আদালতত যিহেতু এই গোচৰটো চলি আছে গতিকে গোচৰটোৰ বিষয়ে মই কোনো মন্তব্য নকৰো। মই এজন আইন পালনকাৰী নাগৰিক। মই আৰক্ষীৰ সৈতে সহযোগিতা কৰিম”।

তেওঁ লগতে কয় “প্ৰাণ হেৰুওৱা মহিলাগৰাকীৰ পৰিয়াললৈ মোৰ সমবেদনা। এইটো এটা দুৰ্ভাগ্যজনক ঘটনা আছিল। মই পৰিয়ালটোক সকলো ধৰণে সমৰ্থন কৰিবলৈ তাত থাকিম”।

“সকলোৰে মৰম আৰু সমৰ্থনৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আপোনালোকৰ সমৰ্থনৰ বাবে মই আজি ইয়াত আছোঁ। মই মোৰ অনুৰাগীসকলক ধন্যবাদ দিব বিচাৰো”। 

উল্লেখ্য যে ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰৰ সময়ত এগৰাকী মহিলাৰ পদপৃষ্ট হৈ মৃত্যু হৈছিল।

এই ক্ষেত্ৰত, অভিনেতা আল্লু অৰ্জুনক যোৱা নিশা গ্ৰেপ্তাৰ কৰা হৈছিল।  আল্লু অৰ্জুনক শুক্ৰবাৰে চঞ্চলগুড়া কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হৈছিল আৰু তেওঁক ১৪ দিনৰ ৰিমাণ্ডত প্ৰেৰণ কৰা হৈছিল।    

১৪ দিনৰ জে’ললৈ প্ৰেৰণ অভিনেতা আল্লু অৰ্জুনক

১৪ দিনৰ জে’ললৈ প্ৰেৰণ অভিনেতা আল্লু অৰ্জুনক। প্ৰিমিয়াৰ শ্ব’ত মহিলাৰ মৃত্যু হোৱা গোচৰত গ্ৰেপ্তাৰ আল্লু অৰ্জুনক। পুষ্পা-২ৰ প্ৰিমিয়াৰত পদপিষ্ট হৈ মৃত্যু হৈছিল এগৰাকী মহিলাৰ, আহত হৈছিল এটি শিশু। আজি হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেতাজনক। আদালতৰ পৰা কোনো সকাহ নাপালে আল্লু অৰ্জুনে। জামিন নোপোৱা পৰ্যন্ত জে’লতেই থাকিব লাগিব অভিনেতা আল্লু অৰ্জুন

‘পুষ্পা ২’ ছবিখনে সমগ্ৰ দেশৰ চিনেমাগৃহত ঢৌ তুলিছে। ইফালে হায়দৰাবাদ আৰক্ষীয়ে আল্লু অৰ্জুনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে।

চিক্কাদাপল্লী থানাৰ এটা দলে হায়দৰাবাদৰ জুবিলী হিলছৰ আল্লু অৰ্জুনৰ ঘৰত উপস্থিত হয়।যোৱা ৪ ডিচেম্বৰত সন্ধ্যা থিয়েটাৰত এগৰাকী মহিলাৰ মৃত্যুৰ সৈতে জড়িত আল্লু অৰ্জুনক জেৰাৰ বাবে হায়দৰাবাদৰ চিক্কাডপল্লী থানালৈ অনা হৈছিল।