পুষ্পা ৩ ত আল্লু অৰ্জুনৰ স্থান ল’ব নেকি অৰ্জুন কাপুৰে? অনুৰাগীসকলে কৰিলে ইতিকিং

পুষ্পা-২ মুক্তিৰ লগে লগেই অনুৰাগী সকলৰ মাজত পুষ্পা-৩ৰ আলোচনা পূৰ্ণ গতিত চলি আছে। ছবিখনে বক্স অফিচত এনেদৰে ধুমুহা সৃষ্টি কৰিছিল যে অনুৰাগী সকলে ইয়াৰ তৃতীয় অংশৰ বাবে অধৈৰ্য্য হৈ পৰিছে। এতিয়া এই ছবিখনৰ বিষয়ে সামাজিক মাধ্যমত এতিয়া বহুটো চৰ্চা দেখিবলৈ পোৱা গৈছে।সামাজিক মাধ্যমত খবৰ ওলাইছিল

পুষ্পা-২ মুক্তিৰ লগে লগেই অনুৰাগী সকলৰ মাজত পুষ্পা-৩ৰ আলোচনা পূৰ্ণ গতিত চলি আছে। ছবিখনে বক্স অফিচত এনেদৰে ধুমুহা সৃষ্টি কৰিছিল যে অনুৰাগী সকলে ইয়াৰ তৃতীয় অংশৰ বাবে অধৈৰ্য্য হৈ পৰিছে।

এতিয়া এই ছবিখনৰ বিষয়ে সামাজিক মাধ্যমত এতিয়া বহুটো চৰ্চা দেখিবলৈ পোৱা গৈছে।সামাজিক মাধ্যমত খবৰ ওলাইছিল যে পুষ্পা ৩ত আল্লু অৰ্জুনৰ সলনি এইবাৰ অৰ্জুন কাপুৰে পুষ্পাৰ চৰিত্ৰটিত অভিনয় কৰিব।

ছবিখনৰ বাবে ইতিমধ্যে নিৰ্মাতাসকলে আল্লু অৰ্জুনৰ পৰিৱৰ্তে অৰ্জুন কাপুৰক স্বাক্ষৰ কৰিছে। এই খবৰৰ পিছতেই অনুৰাগী সকলে হাস্যকৰ মন্তব্য দিছে।

বহুতে কৈছে যে তেতিয়া “বাজেট ৩০০ কোটি আৰু বক্স অফিচ সংগ্ৰহ মাত্ৰ ৩০০ টকা হ’ব “।আন একাংশই আকৌ কৈছে যে এইটো বছৰটোৰ শীৰ্ষ কৌতুক।

অৱশ্যে এই কথা উৰাবাতৰি বুলি উল্লেখ কৰিছে নিৰ্মাতাসকলে। তেওঁলোকৰ মতে বৰ্তমান আল্লু অৰ্জুনক স্থানান্তৰিত কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই।