‘শেষটোক স্বীকাৰ কৰক…’; অৰ্জুন কাপুৰৰ চাঞ্চল্যকৰ পোষ্ট

বলীউডৰ অভিনেতা অৰ্জুন কাপুৰৰ শেহতীয়া এটা পোষ্ট ভাইৰেল হৈ পৰিছে। য’ত তেওঁ শেষৰ কথা কৈছে।

আকৌ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ।শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত এটা চাঞ্চল্যকৰ পোষ্ট কৰিছিল।এই পোষ্টটোৰ পিছৰে পৰা তেওঁৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে।অৰ্জুনে এই পোষ্টটোত শেষৰ বিষয়ে আলোচনা কৰিছিল।

অৰ্জুনে ইনষ্টাগ্ৰাম ষ্টৰিত লিখিছে, ‘শেষটোক স্বীকাৰ কৰক। লাগিলে আপুনি যেনেদৰে ভাবিছিল তেনেকুৱা শেষটো নহওকেই কিয়।

অৰ্জুনৰ এই পোষ্টটো পিছতেই অনুৰাগীসকল চিন্তিত হৈ পৰিছে। দৰাচলতে শেহতিয়াকৈ  অৰ্জুন কাপুৰক সামাজিক মাধ্যমত ট্ৰ’ল কৰা দেখিবলৈ পোৱা গৈছে।কিন্তু মাতৃৰ জন্ম বাৰ্ষিকীত অৰ্জুনে এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছিল।য’ত তেওঁ লিখিছিল যে, তোমাৰ জন্মদিনত বহুত মিছ কৰিছো। জীৱনটো বৰ নিষ্ঠুৰ হৈ পৰিছে, কিন্তু প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ মই সাজু।এই পোষ্টটোৰ পিছৰে পৰা সামাজিক মাধ্যমক তেওঁক ট্ৰ’লিং কৰা কমাই দিছে। এতিয়া তেওঁৰ এই পোষ্টটোক লৈ সকলো চিন্তিত হৈ পৰিছে।

পুষ্পা ৩ ত আল্লু অৰ্জুনৰ স্থান ল’ব নেকি অৰ্জুন কাপুৰে? অনুৰাগীসকলে কৰিলে ইতিকিং

পুষ্পা-২ মুক্তিৰ লগে লগেই অনুৰাগী সকলৰ মাজত পুষ্পা-৩ৰ আলোচনা পূৰ্ণ গতিত চলি আছে। ছবিখনে বক্স অফিচত এনেদৰে ধুমুহা সৃষ্টি কৰিছিল যে অনুৰাগী সকলে ইয়াৰ তৃতীয় অংশৰ বাবে অধৈৰ্য্য হৈ পৰিছে।

এতিয়া এই ছবিখনৰ বিষয়ে সামাজিক মাধ্যমত এতিয়া বহুটো চৰ্চা দেখিবলৈ পোৱা গৈছে।সামাজিক মাধ্যমত খবৰ ওলাইছিল যে পুষ্পা ৩ত আল্লু অৰ্জুনৰ সলনি এইবাৰ অৰ্জুন কাপুৰে পুষ্পাৰ চৰিত্ৰটিত অভিনয় কৰিব।

ছবিখনৰ বাবে ইতিমধ্যে নিৰ্মাতাসকলে আল্লু অৰ্জুনৰ পৰিৱৰ্তে অৰ্জুন কাপুৰক স্বাক্ষৰ কৰিছে। এই খবৰৰ পিছতেই অনুৰাগী সকলে হাস্যকৰ মন্তব্য দিছে।

বহুতে কৈছে যে তেতিয়া “বাজেট ৩০০ কোটি আৰু বক্স অফিচ সংগ্ৰহ মাত্ৰ ৩০০ টকা হ’ব “।আন একাংশই আকৌ কৈছে যে এইটো বছৰটোৰ শীৰ্ষ কৌতুক।

অৱশ্যে এই কথা উৰাবাতৰি বুলি উল্লেখ কৰিছে নিৰ্মাতাসকলে। তেওঁলোকৰ মতে বৰ্তমান আল্লু অৰ্জুনক স্থানান্তৰিত কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই।

পুনৰ প্ৰেমত পৰিছে নেকি মালাইকা অৰোৰা?  অৰ্জুনৰ পিছত এইবাৰ ডেটিং…

প্ৰেমৰ সম্পৰ্কৰ ফাট মেলিলে মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰৰ। দুয়োজনে তেওঁলোকৰ বিচ্ছেদৰ বিষয়ে কেতিয়াও মুকলিকৈ কোৱা নাছিল যদিও অৰ্জুন কাপুৰে এটা অনুষ্ঠানত ব্ৰেকআপৰ বিষয়ে ইংগিত দিছিল।

পিছে কিছু সময়ৰ পৰা মালাইকাৰ নামটো এজন মানুহৰ সৈতে সাঙুৰ খাইছে। তেওঁলোক দুয়োৰে ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে। দেওবাৰে নিশা মুম্বাইত এপি ধিলনৰ কনচাৰ্টৰ ফটো আছিল।

তেতিয়াৰ পৰাই চৰ্চা চলিছে যে অৰ্জুনৰ সৈতে বিচ্ছেদৰ পিছত, এজন নতুন ব্যক্তিয়ে মালাইকাৰ জীৱনত প্ৰৱেশ কৰিছে।

মালাইকা অৰোৰা দেওবাৰে নিশা এ পি ধিলনৰ কনচাৰ্টত উপস্থিত হৈছিল, য’ৰ পৰা তেওঁৰ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে।

ইয়াৰে এখন ছবিত, মালাইকাক এজন যুৱকৰ সৈতে দেখা গৈছিল যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।এই ব্যক্তিজন হৈছে ষ্টাইলিষ্ট ৰাহুল বিজয়।  

মালাইকা অৰোৰাই তেওঁৰ সামাজিক মাধ্যমত ‘উইথ ইউ’ গানটোৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে। আমোদজনক ভাৱে, এই ছবিখন ৰাহুল বিজয়ে তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

কেৱল এয়াই নহয়, ৰাহুল বিজয়কো সংগীতানুষ্ঠানৰ সময়ত অভিনেত্ৰীগৰাকীক উৎসাহিত কৰা দেখা গৈছিল।

কিছু সময় পূৰ্বে , মালাইকাই তেওঁৰ প্ৰেম জীৱনৰ সৈতে সম্পৰ্কিত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত তেওঁৰ বৰ্তমানৰ সম্পৰ্কৰ বিষয়ে এক ইঙ্গিত দিছিল।

মালাইকা অৰোৰাক ৰাহুল বিজয়ৰ সৈতে দেখাৰ পিছত, তেওঁলোক দুয়োৰে ডেটিং খবৰে গতি লাভ কৰিছে। আনকি সংগীতানুষ্ঠানৰ পূ্ৰ্বে তেওঁলোক দুয়োকে ডিনাৰ আউটিংটো দেখা গৈছিল।

অনুৰাগীসকলে জানিবলৈ ব্যাকুল হৈ পৰিছে যে অৰ্জুন কাপুৰৰ পৰা পৃথক হোৱাৰ পিছত মালাইকা অৰোৰা আন কাৰোবাৰ প্ৰেমত পৰিছে নেকি, অৱশ্যে ডেটিংৰ খবৰক লৈ মালাইকা বা ৰাহুলে কোনো প্ৰতিক্ৰিয়া দিয়া নাই।