অসম প্ৰিমিয়াৰ লীগৰ নিলাম সম্পন্ন: কোন খেলুৱৈ কিমান টকাত বিক্ৰী?

অসম প্ৰিমিয়াৰ লীগৰ নিলাম সম্পন্ন: কোন খেলুৱৈ কিমান টকাত বিক্ৰী?

ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগা অসম প্ৰিমিয়াৰ লীগৰ বাবে দেওবাৰে নিলাম সম্পন্ন হয় । ১২.৬০ লাখ টকাৰে আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাবে পৰিগণিত হয় ডেনিছ দাস । অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত ‘অসম প্ৰিমিয়াৰ লীগ’ (APL)ৰ উদ্বোধনী সংস্কৰণৰ বাবে দেওবাৰে গুৱাহাটীত খেলুৱৈৰ নিলাম

ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগা অসম প্ৰিমিয়াৰ লীগৰ বাবে দেওবাৰে নিলাম সম্পন্ন হয় । ১২.৬০ লাখ টকাৰে আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাবে পৰিগণিত হয় ডেনিছ দাস ।

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত ‘অসম প্ৰিমিয়াৰ লীগ’ (APL)ৰ উদ্বোধনী সংস্কৰণৰ বাবে দেওবাৰে গুৱাহাটীত খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন হয় । এই নিলামৰ Marquee Player ৰাউণ্ডত ঘৰুৱা ক্ৰিকেটাৰসকলক নিজৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ আঠটা ফ্ৰেঞ্চাইজীৰ মাজত তীব্ৰ প্ৰতিযোগিতা দেখিবলৈ পোৱা যায় ।

কোনে পালে সৰ্বাধিক মূল্য?

এই ঐতিহাসিক নিলামত অসমৰ তাৰকা ক্ৰিকেটাৰ ডেনিছ দাস আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে । ১২.৬০ লাখ টকাৰ এক বৃহৎ ধনৰাশিৰ বিনিময়ত বৰপেটা ব্ৰেভছে (Barpeta Braves) তেওঁক নিজৰ দলভুক্ত কৰে ।

আনহাতে, মাৰ্কী খেলুৱৈসকলৰ ভিতৰত দ্বিতীয় সৰ্বাধিক মূল্য লাভ কৰে সুমিত ঘাদীগাওকাৰে । তেওঁক ১২.২০ লাখ টকাত ক্ৰয় কৰে চৰাইদেউ ছানৰাইজাৰ্ছে (Charaideo Sunrisers) । একেদৰে, অসমৰ আন এজন অভিজ্ঞ বেটাৰ শিৱশংকৰ ৰয়ক ১২ লাখ টকাৰ বিনিময়ত নিজৰ শিবিৰলৈ নিয়ে বৰাক লেজেণ্ডছে (Barak Legends) ।

শীৰ্ষ ৫ টা আটাইতকৈ দামী মাৰ্কী ক্ৰয়ৰ তালিকা সম্পূৰ্ণ কৰে আয়ুষ্মান মালাকাৰ আৰু স্বৰূপম পুৰকায়স্থই । ক্ৰমে তেজপুৰ টাইটানছ (Tezpur Titans) আৰু যোৰহাট ষ্টেলিয়নছে (Jorhat Stallions) তেওঁলোক দুয়োকে ১১.৮০ লাখ টকাকৈ দি দলত সুৰক্ষিত কৰে ।

মাৰ্কী ৰাউণ্ডৰ আন কিছু উল্লেখযোগ্য ক্ৰয়:

বৰাক লেজেণ্ডছ: আব্দুল আজিজ কুৰাইছি (৮.৪০ লাখ টকা) আৰু ভাৰ্গৱ লহকৰ (৫.২০ লাখ টকা)।

বৰপেটা ব্ৰেভছ: সৌৰভ দিহিঙীয়া (৭.৮০ লাখ টকা)।

ডিব্ৰুগড় ৱাৰিয়ৰ্ছ: চাহিল জৈন (৭.২০ লাখ টকা) আৰু জীতুমণি কলিতা (৬.২০ লাখ টকা)।

দলসমূহৰ মূল আকৰ্ষণ: ২০ গৰাকী BCCI খেলুৱৈ

উল্লেখ্য যে, এই নিলামত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ ভিতৰত ২০ গৰাকী এনে খেলুৱৈ আছে যিয়ে ইতিমধ্যে অসমৰ হৈ BCCI-ৰ বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্ট খেলিছে । তেওঁলোকৰ অভিজ্ঞতাই লীগখনৰ মৰ্যাদা বহুখিনি বৃদ্ধি কৰিব ।

বেটিং বিভাগ: চাহিল জৈন, প্ৰদ্যুন শইকীয়া আৰু সৌৰভ মৌচম দিহিঙীয়া ।

অলৰাউণ্ডাৰ: আব্দুল আজিজ কুৰাইছি, আকাশ সেনগুপ্ত আৰু আয়ুষ্মান মালাকাৰ ।

উইকেটকীপাৰ: সুমিত ঘাদীগাওকাৰ, ৰোহিত সেন আৰু ৰুহিনন্দন পেগু ।

উল্লেখ্য যে, অহা ১ আগষ্টৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব অসম প্ৰিমিয়াৰ লীগৰ এই প্ৰথমটো সংস্কৰণ ।

লগতে পঢ়ক : লৰ্ডছৰ বুকুত ৰোহিত-কোহলীয়ে ৰচিলে ইতিহাস