লৰ্ডছৰ বুকুত ৰোহিত-কোহলীয়ে ৰচিলে ইতিহাস

লৰ্ডছৰ বুকুত ৰোহিত-কোহলীয়ে ৰচিলে ইতিহাস

দেওবাৰে অনুষ্ঠিত তৃতীয়খন এদিনীয়াত ৰোহিত-কোহলী যুটিয়ে গঢ়ে এক ডাঙৰ অভিলেখ । এই কৃতিত্ব অৰ্জন কৰা দুয়োগৰাকী প্ৰথম ভাৰতীয় বেটছমেন হিচাবে পৰিগণিত হৈছে । দেওবাৰে ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাৰ তৃতীয় তথা অন্তিমখন এদিনীয়াত ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই এক

দেওবাৰে অনুষ্ঠিত তৃতীয়খন এদিনীয়াত ৰোহিত-কোহলী যুটিয়ে গঢ়ে এক ডাঙৰ অভিলেখ । এই কৃতিত্ব অৰ্জন কৰা দুয়োগৰাকী প্ৰথম ভাৰতীয় বেটছমেন হিচাবে পৰিগণিত হৈছে ।

দেওবাৰে ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাৰ তৃতীয় তথা অন্তিমখন এদিনীয়াত ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই এক অনন্য অভিলেখ নিজৰ নামত কৰে । দুয়োগৰাকীৰ মহান ক্ৰিকেটাৰে যুটি হিচাবে একেলগে ৪০০ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ ঐতিহাসিক অভিলেখ স্পৰ্শ কৰিছে । ইতিমধ্যেই এই যুটিটো ভাৰতৰ হৈ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় মেচ একেলগে খেলাৰ কৃতিত্ব অৰ্জন কৰিছে ।

অনুৰাগীৰ মাজত RO-KO হিচাবে জনপ্ৰিয় এই যুটিটোৱে শচীন টেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিড়ৰ ৩৯১ খন মেচৰ অখিলেখ ভংগ কৰিছে । এতিয়া লৰ্ডছত দুয়োজনে ৪০০ সংখ্যক মেচ খেলি ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এক নতুন অধ্যায় সংযোজন কৰিলে ।

অৱশ্যে বিশ্ব ক্ৰিকেটত একেলগে আটাইতকৈ বেছি মেচ খেলাৰ অভিলেখ এতিয়াও শ্ৰীলংকাৰ কুমাৰ ছাংগাক্কাৰা আৰু মাহেলা জয়াবৰ্ধনেৰ নামত আছে । এই দুয়োগৰাকী কিংবদন্তি ক্ৰিকেটাৰে একেলগে ৫৫০ খন আন্থঃৰাষ্ট্ৰীয় মেচ খেলিছে । ৰোহিত-বিৰাটে একেলগে ৪০০ খন মেচ খেলি এই তালিকাত ষষ্ঠ স্থানত আছে ।

উল্লেখ্য যে, ৰোহিত শৰ্মাই ২০০৭ চনত আৰু বিৰাট কোহলীয়ে ২০০৮ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভৰি থৈছিল । বিগত ১৮ বছৰত দুয়োগৰাকী তাৰকা ভাৰতীয় বেটিং লাইন-আপৰ আটাইতকৈ শক্তিশালী প্ৰাচীৰ হৈ থিয় দি আহিছে ।

এই সময়ছোৱাত ভাৰতে তিনিখন টি-২০ বিশ্বকাপ, এখন এদিনীয়া বিশ্বকাপ আৰু দুটা চেম্পিয়নছ ট্ৰফী খিতাপ জয় কৰিছে । দুয়োগৰাকী খেলুৱৈয়ে ইতিমধ্যে টি-২০ আৰু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু বৰ্তমান কেৱল এদিনীয়া ক্ৰিকেটহে খেলে ।

লগতে পঢ়ক : লৰ্ডছত ইতিহাস ৰচিব ৰোহিত-কোহলী যুটীয়ে