অসম প্ৰিমিয়াৰ লীগৰ নিলাম সম্পন্ন: কোন খেলুৱৈ কিমান টকাত বিক্ৰী?

ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগা অসম প্ৰিমিয়াৰ লীগৰ বাবে দেওবাৰে নিলাম সম্পন্ন হয় । ১২.৬০ লাখ টকাৰে আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাবে পৰিগণিত হয় ডেনিছ দাস ।

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত ‘অসম প্ৰিমিয়াৰ লীগ’ (APL)ৰ উদ্বোধনী সংস্কৰণৰ বাবে দেওবাৰে গুৱাহাটীত খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন হয় । এই নিলামৰ Marquee Player ৰাউণ্ডত ঘৰুৱা ক্ৰিকেটাৰসকলক নিজৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ আঠটা ফ্ৰেঞ্চাইজীৰ মাজত তীব্ৰ প্ৰতিযোগিতা দেখিবলৈ পোৱা যায় ।

কোনে পালে সৰ্বাধিক মূল্য?

এই ঐতিহাসিক নিলামত অসমৰ তাৰকা ক্ৰিকেটাৰ ডেনিছ দাস আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে । ১২.৬০ লাখ টকাৰ এক বৃহৎ ধনৰাশিৰ বিনিময়ত বৰপেটা ব্ৰেভছে (Barpeta Braves) তেওঁক নিজৰ দলভুক্ত কৰে ।

আনহাতে, মাৰ্কী খেলুৱৈসকলৰ ভিতৰত দ্বিতীয় সৰ্বাধিক মূল্য লাভ কৰে সুমিত ঘাদীগাওকাৰে । তেওঁক ১২.২০ লাখ টকাত ক্ৰয় কৰে চৰাইদেউ ছানৰাইজাৰ্ছে (Charaideo Sunrisers) । একেদৰে, অসমৰ আন এজন অভিজ্ঞ বেটাৰ শিৱশংকৰ ৰয়ক ১২ লাখ টকাৰ বিনিময়ত নিজৰ শিবিৰলৈ নিয়ে বৰাক লেজেণ্ডছে (Barak Legends) ।

শীৰ্ষ ৫ টা আটাইতকৈ দামী মাৰ্কী ক্ৰয়ৰ তালিকা সম্পূৰ্ণ কৰে আয়ুষ্মান মালাকাৰ আৰু স্বৰূপম পুৰকায়স্থই । ক্ৰমে তেজপুৰ টাইটানছ (Tezpur Titans) আৰু যোৰহাট ষ্টেলিয়নছে (Jorhat Stallions) তেওঁলোক দুয়োকে ১১.৮০ লাখ টকাকৈ দি দলত সুৰক্ষিত কৰে ।

মাৰ্কী ৰাউণ্ডৰ আন কিছু উল্লেখযোগ্য ক্ৰয়:

বৰাক লেজেণ্ডছ: আব্দুল আজিজ কুৰাইছি (৮.৪০ লাখ টকা) আৰু ভাৰ্গৱ লহকৰ (৫.২০ লাখ টকা)।

বৰপেটা ব্ৰেভছ: সৌৰভ দিহিঙীয়া (৭.৮০ লাখ টকা)।

ডিব্ৰুগড় ৱাৰিয়ৰ্ছ: চাহিল জৈন (৭.২০ লাখ টকা) আৰু জীতুমণি কলিতা (৬.২০ লাখ টকা)।

দলসমূহৰ মূল আকৰ্ষণ: ২০ গৰাকী BCCI খেলুৱৈ

উল্লেখ্য যে, এই নিলামত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ ভিতৰত ২০ গৰাকী এনে খেলুৱৈ আছে যিয়ে ইতিমধ্যে অসমৰ হৈ BCCI-ৰ বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্ট খেলিছে । তেওঁলোকৰ অভিজ্ঞতাই লীগখনৰ মৰ্যাদা বহুখিনি বৃদ্ধি কৰিব ।

বেটিং বিভাগ: চাহিল জৈন, প্ৰদ্যুন শইকীয়া আৰু সৌৰভ মৌচম দিহিঙীয়া ।

অলৰাউণ্ডাৰ: আব্দুল আজিজ কুৰাইছি, আকাশ সেনগুপ্ত আৰু আয়ুষ্মান মালাকাৰ ।

উইকেটকীপাৰ: সুমিত ঘাদীগাওকাৰ, ৰোহিত সেন আৰু ৰুহিনন্দন পেগু ।

উল্লেখ্য যে, অহা ১ আগষ্টৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব অসম প্ৰিমিয়াৰ লীগৰ এই প্ৰথমটো সংস্কৰণ ।

লগতে পঢ়ক : লৰ্ডছৰ বুকুত ৰোহিত-কোহলীয়ে ৰচিলে ইতিহাস

আই চি চি-ৰ গুৰুত্বপূৰ্ণ পদত অসম সন্তান দেৱজিত লন শইকীয়া

দেৱজিত লন শইকীয়াৰ এই অভূতপূৰ্ব সাফল্যত অসম ক্ৰিকেট সন্থাই গভীৰ আনন্দ প্ৰকাশ কৰিছে

অসম তথা সমগ্ৰ দেশৰ ক্ৰীড়া জগতৰ বাবে এক অত্যন্ত গৌৰৱৰ খবৰ । ভাৰতীয় ক্ৰীকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-ৰ সন্মানীয় সম্পাদক দেৱজিত লন শইকীয়াক এক বৃহৎ দায়িত্ব অৰ্পণ কৰা হৈছে । তেওঁক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC)-ৰ অতি গুৰুত্বপূৰ্ণ গভৰ্নেন্স কমিটি (পৰিচালন সমিতি)ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ।

অসম ক্ৰিকেট সন্থা (ACA)-ৰ অভিনন্দন:

দেৱজিত লন শইকীয়াৰ এই অভূতপূৰ্ব সাফল্যত অসম ক্ৰিকেট সন্থাই গভীৰ আনন্দ প্ৰকাশ কৰিছে । অসম ক্ৰিকেট এছ’চিয়েশ্যনে নিজৰ অফিচিয়েল ফেচবুক পেজত এক পোষ্টৰ জৰিয়তে তেওঁক উষ্ম আদৰণি জনাই লিখিছে- “ভাৰতীয় ক্ৰীকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-ৰ সন্মানীয় সম্পাদক শ্ৰী দেৱজিত শইকীয়াক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC)-ৰ গভৰ্নেন্স কমিটিৰ অধ্যক্ষ হিচাপে নিযুক্ত হোৱাৰ বাবে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ । অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰশাসনৰ শিখৰলৈকে তেওঁৰ যাত্ৰাই আমাক সকলোকে অনুপ্ৰাণিত কৰি যাব । এই সন্মানীয় দায়িত্ব কান্ধ পাতি লোৱাৰ সময়ত আমি তেওঁলৈ শুভকামনা জনাইছোঁ ।”

সন্থাই লগতে উল্লেখ কৰে যে এই সন্মানীয় দায়িত্বই দেৱজিত লন শইকীয়াৰ দূৰদৰ্শী নেতৃত্ব, অপৰিসীম প্ৰশাসনিক দক্ষতা আৰু ক্ৰীড়া ক্ষেত্ৰখনক এক নতুন মাত্ৰা দিয়াৰ প্ৰতি থকা অটুট নিষ্ঠাকে প্ৰমাণ কৰে ।

কি এই আই চি চি গভৰ্নেন্স কমিটি?

উল্লেখ্য যে, আই চি চি গভৰ্নেন্স কমিটিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰশাসনক পৰিচালনা আৰু গঢ় দিয়াৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয় । ক্ৰিকেটৰ মূল পৰিচালন আৰু নিয়ন্ত্ৰণ সম্পৰ্কীয় নীতি-নিৰ্দেশনাসমূহ তদাৰক কৰাৰ সম্পূৰ্ণ দায়িত্ব এই সমিতিৰ ওপৰত থাকে ।

ভাৰত আৰু অসমৰ বাবে গৌৰৱৰ মুহূৰ্ত-

ক্ৰিকেট বিশেষজ্ঞসকলৰ মতে, এই সন্মানীয় পেনেলত শইকীয়াৰ নিযুক্তিৰ ফলত বিশ্ব ক্ৰিকেটৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত ভাৰতৰ ভূমিকা আৰু প্ৰতিনিধিত্ব আগতকৈ অধিক শক্তিশালী হৈ পৰিব । একে সময়তে, এই উত্তৰণে অসমৰ বাবেও এক অপৰিসীম গৌৰৱৰ মুহূৰ্ত কঢ়িয়াই আনিছে । বিশ্ব ক্ৰীড়া প্ৰশাসনৰ মজিয়াত অসমৰ বৰ্ধিত মৰ্যাদা আৰু গুৰুত্বক এই যুক্তিয়ে পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে ।

লগতে পঢ়ক : ক্ৰিকেটৰ মক্কাত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে, ২৭০ ৰানত ধূলিসাৎ ইংলেণ্ড

গুৱাহাটীত অসম ক্ৰিকেট সংগ্ৰহালয়ৰ আনুষ্ঠানিক উদ্বোধন

বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়াম কমপ্লেক্সৰ ভিতৰত থকা ৯১ ইয়াৰ্ডছ ক্লাবত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ‘অসম ক্ৰিকেট সংগ্ৰহালয়

অসমৰ ক্ৰীড়া জগতৰ বাবে এক ঐতিহাসিক ক্ষণ । সোমবাৰে, ১৮ মে’ত গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ (ACA) ষ্টেডিয়াম কমপ্লেক্সৰ ভিতৰত থকা ‘৯১ ইয়াৰ্ডছ ক্লাব’ত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ‘অসম ক্ৰিকেট সংগ্ৰহালয়’। ৰাজ্যখনৰ ক্ৰিকেট ইতিহাসৰ সংৰক্ষণ তথা প্ৰসাৰৰ ক্ষেত্ৰত এই সংগ্ৰহালয়টোৱে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰিছে ।

এই বিশেষ অনুষ্ঠানতে অসমৰ ক্ৰিকেটৰ গৌৰৱময় ইতিহাসক সামৰি প্ৰস্তুত কৰা “দ্য গোল্ডেন ইনিংছ- লেগেছি অৱ আছাম ক্ৰিকেট” শীৰ্ষক এখন বিশেষ তথ্যচিত্ৰও আনুষ্ঠানিকভাৱে মুক্তি দিয়া হয় । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সংগ্ৰহালয়টো উদ্বোধন কৰাৰ লগতে তথ্যচিত্ৰখনো উন্মোচন কৰে ।

উদ্বোধনী অনুষ্ঠানত বি চি চি আই (BCCI)ৰ সন্মানীয় সম্পাদক দেৱজিত শইকীয়া, এ চি এ (ACA)ৰ সভাপতি তৰংগ গগৈ, কেবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰ, ক্ৰীড়াপ্ৰেমী সমাজ আৰু অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

সামাজিক মাধ্যম ‘এক্স’ (X)ৰ এটা পোষ্টত অসম ক্ৰিকেট সন্থাই জানিবলৈ দিয়ে যে, এই বিশেষ তথ্যচিত্ৰখনত অসমৰ ক্ৰিকেটৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে হোৱা যাত্ৰা, বিভিন্ন প্ৰধান সফলতা, ঐতিহাসিক মুহূৰ্তসমূহ সুন্দৰকৈ ফুটাই তোলা হৈছে । ইয়াৰ লগতে ৰাজ্যখনত এই খেলবিধৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰীড়া প্ৰশাসকসকলৰ অনবদ্য অৱদানক ইয়াৰ জৰিয়তে শ্ৰদ্ধাৰে স্মৰণ কৰা হৈছে ।

আনহাতে, নতুনকৈ মুকলি কৰা এই সংগ্ৰহালয়টোত অসমৰ ক্ৰিকেট ইতিহাসৰ সৈতে জড়িত কেবাটাও আপুৰুগীয়া ক্ৰিকেট স্মাৰক, ঐতিহাসিক আলোকচিত্ৰ, পুৰণি ক্ৰিকেট সঁজুলি, ট্ৰফী, আৰ্কাইভেল ৰেকৰ্ড আৰু অন্যান্য আকৰ্ষণীয় সামগ্ৰী প্ৰদৰ্শনৰ বাবে ৰখা হৈছে ।

উল্লেখ্য যে, সমগ্ৰ অসমত ক্ৰিকেট খেলবিধক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা পথপ্ৰদৰ্শক আৰু অৱদানকাৰীসকলক সন্মান জনোৱাৰ উদ্দেশ্যে এই অনন্য প্ৰকল্প হাতত লোৱা হৈছে । এই সমগ্ৰ সংগ্ৰহালয় আৰু তথ্যচিত্ৰখনৰ পৰিকল্পনা কৰিছিল বি চি চি আইৰ সন্মানীয় সম্পাদক তথা ৯১ য়াৰ্ডছ ক্লাবৰ সাধাৰণ সম্পাদক দেৱজিত শইকীয়াই । অসমৰ ক্ৰিকেটৰ ইতিহাস আৰু উত্তৰাধিকাৰক ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি ৰখাৰ ক্ষেত্ৰত এই সংগ্ৰহালয়টোৱে এক ডাঙৰ ভূমিকা পালন কৰিব বুলি ক্ৰীড়ামহলে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : দিল্লীৰ বিৰুদ্ধে শোচনীয় পৰাজয়, ক্ষোভ উজাৰিলে অধিনায়ক ৰিয়ান পৰাগে

ক্ৰিকেটত পুনৰ লাগিল মেচ ফিক্সিঙৰ দাগ, তাৎক্ষণিকভাৱে নিলম্বন চাৰিজন ভাৰতীয় খেলুৱৈক

মেচ ফিক্সিঙৰ অভিযোগত চাৰিজনকৈ ভাৰতীয় খেলুৱৈক নিলম্বন কৰা হৈছে । এইবাৰ ভাৰতীয় ঘৰুৱা ক্ৰিকেটত মেচ ফিক্সিঙৰ দৰে ঘটনা পোহৰলৈ আহিছে ।

ক্ৰিকেট জগতত পুনৰ লাগিল মেচ ফিক্সিঙৰ দাগ । এইবাৰ ভাৰতীয় ঘৰুৱা ক্ৰিকেটত মেচ ফিক্সিঙৰ ঘটনা পোহৰলৈ আহিছে । শুকুৰবাৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে সংবাদ মাধ্যমৰ আগত কয় যে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাৰিজন খেলুৱৈক নিলম্বন কৰা হৈছে । এই চাৰিজন খেলুৱৈ হৈছে অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী, আৰু অভিষেক ঠাকুৰ ।

সনাতন দাসে উল্লেখ কৰে যে এই চাৰিজন খেলুৱৈ ক্ৰিকেটত ফিক্সিঙৰ দৰে ঘটনাত জড়িত আছিল । এই গোচৰটো চৈয়দ মুস্তাক আলী ট্ৰফী ২০২৫ৰ সৈতে জড়িত ।

অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে এক বিবৃতিত কয়, “এই চাৰিজন ক্ৰিকেটাৰে অসমক বিভিন্ন পৰ্যায়ত প্ৰতিনিধিত্ব কৰিছে । এই চাৰিজন খেলুৱৈৰ বিৰুদ্ধে চৈয়দ মুস্তাক আলী ট্ৰফী ২০২৫ত অসমৰ হৈ খেলা কিছুমান খেলুৱৈক প্ৰভাৱিত আৰু উচটনি দিয়াৰ অভিযোগ আছে । এই অভিযোগৰ পিছতে বি চি চি আইৰ দুৰ্নীতি নিবাৰক ইউনিটে বিষয়টোৰ তদন্ত কৰে । এ চি এয়ে অপৰাধমূলক তদন্তও আৰম্ভ কৰিছে ।”

মেচ ফিক্সিঙৰ লগত জড়িত চাৰিজন খেলুৱৈৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত এফ আই আৰ দাখিল কৰা বুলি উল্লেখ কৰে এচিএয়ে । ইফালে টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি বি চি চি আইৰ সম্পাদক দেৱজিৎ শইকীয়াই এনে কাৰ্যকলাপৰ সৈতে জড়িত খেলুৱৈসকলক সকীয়াই দিছে । শইকীয়াই স্পষ্টভাৱে উল্লেখ কৰে যে এনে কাৰ্য সহ্য কৰা নহ’ব ।

চৈয়দ মুস্তাক আলী ট্ৰফীৰ এলিট গ্ৰুপ এত ৰখা হৈছে অসম দলটোক । ভাৰতৰ তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগেও এই দলৰ হৈ খেলে । অসমে সাতখন খেলৰ ভিতৰত মাত্র তিনিখনত জয়লাভ কৰি নিজৰ গ্ৰুপৰ আঠটা দলৰ ভিতৰত সপ্তম স্থান দখল কৰে ৷ মন কৰিবলগীয়া যে মেচ ফিক্সিং কেলেংকাৰীত নাম উল্লেখ কৰা চাৰিজন খেলুৱৈৰ কোনো এজনো চৈয়দ মুস্তাক আলী ট্ৰফীৰ বাবে অসম দলৰ অংশ নাছিল ।

লগতে পঢ়ক : ডুবাইত বৈভৱ সূৰ্য্যবংশীৰ বেটিং ধুমুহা; নতুন ইতিহাস সৃষ্টি