ক্ৰিকেটত পুনৰ লাগিল মেচ ফিক্সিঙৰ দাগ, তাৎক্ষণিকভাৱে নিলম্বন চাৰিজন ভাৰতীয় খেলুৱৈক

ক্ৰিকেটত পুনৰ লাগিল মেচ ফিক্সিঙৰ দাগ, তাৎক্ষণিকভাৱে নিলম্বন চাৰিজন ভাৰতীয় খেলুৱৈক

মেচ ফিক্সিঙৰ অভিযোগত চাৰিজনকৈ ভাৰতীয় খেলুৱৈক নিলম্বন কৰা হৈছে । এইবাৰ ভাৰতীয় ঘৰুৱা ক্ৰিকেটত মেচ ফিক্সিঙৰ দৰে ঘটনা পোহৰলৈ আহিছে । ক্ৰিকেট জগতত পুনৰ লাগিল মেচ ফিক্সিঙৰ দাগ । এইবাৰ ভাৰতীয় ঘৰুৱা ক্ৰিকেটত মেচ ফিক্সিঙৰ ঘটনা পোহৰলৈ আহিছে । শুকুৰবাৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন

মেচ ফিক্সিঙৰ অভিযোগত চাৰিজনকৈ ভাৰতীয় খেলুৱৈক নিলম্বন কৰা হৈছে । এইবাৰ ভাৰতীয় ঘৰুৱা ক্ৰিকেটত মেচ ফিক্সিঙৰ দৰে ঘটনা পোহৰলৈ আহিছে ।

ক্ৰিকেট জগতত পুনৰ লাগিল মেচ ফিক্সিঙৰ দাগ । এইবাৰ ভাৰতীয় ঘৰুৱা ক্ৰিকেটত মেচ ফিক্সিঙৰ ঘটনা পোহৰলৈ আহিছে । শুকুৰবাৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে সংবাদ মাধ্যমৰ আগত কয় যে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাৰিজন খেলুৱৈক নিলম্বন কৰা হৈছে । এই চাৰিজন খেলুৱৈ হৈছে অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী, আৰু অভিষেক ঠাকুৰ ।

সনাতন দাসে উল্লেখ কৰে যে এই চাৰিজন খেলুৱৈ ক্ৰিকেটত ফিক্সিঙৰ দৰে ঘটনাত জড়িত আছিল । এই গোচৰটো চৈয়দ মুস্তাক আলী ট্ৰফী ২০২৫ৰ সৈতে জড়িত ।

অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে এক বিবৃতিত কয়, “এই চাৰিজন ক্ৰিকেটাৰে অসমক বিভিন্ন পৰ্যায়ত প্ৰতিনিধিত্ব কৰিছে । এই চাৰিজন খেলুৱৈৰ বিৰুদ্ধে চৈয়দ মুস্তাক আলী ট্ৰফী ২০২৫ত অসমৰ হৈ খেলা কিছুমান খেলুৱৈক প্ৰভাৱিত আৰু উচটনি দিয়াৰ অভিযোগ আছে । এই অভিযোগৰ পিছতে বি চি চি আইৰ দুৰ্নীতি নিবাৰক ইউনিটে বিষয়টোৰ তদন্ত কৰে । এ চি এয়ে অপৰাধমূলক তদন্তও আৰম্ভ কৰিছে ।”

মেচ ফিক্সিঙৰ লগত জড়িত চাৰিজন খেলুৱৈৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত এফ আই আৰ দাখিল কৰা বুলি উল্লেখ কৰে এচিএয়ে । ইফালে টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি বি চি চি আইৰ সম্পাদক দেৱজিৎ শইকীয়াই এনে কাৰ্যকলাপৰ সৈতে জড়িত খেলুৱৈসকলক সকীয়াই দিছে । শইকীয়াই স্পষ্টভাৱে উল্লেখ কৰে যে এনে কাৰ্য সহ্য কৰা নহ’ব ।

চৈয়দ মুস্তাক আলী ট্ৰফীৰ এলিট গ্ৰুপ এত ৰখা হৈছে অসম দলটোক । ভাৰতৰ তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগেও এই দলৰ হৈ খেলে । অসমে সাতখন খেলৰ ভিতৰত মাত্র তিনিখনত জয়লাভ কৰি নিজৰ গ্ৰুপৰ আঠটা দলৰ ভিতৰত সপ্তম স্থান দখল কৰে ৷ মন কৰিবলগীয়া যে মেচ ফিক্সিং কেলেংকাৰীত নাম উল্লেখ কৰা চাৰিজন খেলুৱৈৰ কোনো এজনো চৈয়দ মুস্তাক আলী ট্ৰফীৰ বাবে অসম দলৰ অংশ নাছিল ।

লগতে পঢ়ক : ডুবাইত বৈভৱ সূৰ্য্যবংশীৰ বেটিং ধুমুহা; নতুন ইতিহাস সৃষ্টি

শেহতীয়া প্ৰৱন্ধসমূহ