দিল্লীৰ বিৰুদ্ধে লাভ কৰা ব্যৰ্থতাৰ পিছত ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগক যথেষ্ট খঙাল আৰু আশাহত ৰূপত দেখা গ’ল
আইপিএল ২০২৬ ৰ দেওবাৰৰ খেলখনত দিল্লী কেপিটেলছৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ মেচত পৰাজয়ৰ মুখ দেখিবলগীয়া হয় ৰাজস্থান ৰয়েলছে । এই পৰাজয়ৰ ফলত ৰাজস্থানৰ দলটো পইণ্টছ টেবুলৰ ষষ্ঠ স্থানলৈ অৱনমিত হৈছে । প্লে অফৰ দৌৰত টিকি থাকিবলৈ হ’লে এতিয়া দলটোৱে বাকী থকা দুয়োখন খেলতে যিকোনো প্ৰকাৰে জয়লাভ কৰিবই লাগিব । দিল্লীৰ বিৰুদ্ধে লাভ কৰা এই ব্যৰ্থতাৰ পিছত ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগক যথেষ্ট খঙাল আৰু আশাহত ৰূপত দেখা গ’ল । মেচৰ অন্তত তেওঁ স্পষ্টকৈ কয় যে যদি দলটোৱে এনেদৰেই খেলি থাকে, তেন্তে তেওঁলোকে প্লে অফত স্থান লাভ কৰিব নোৱাৰিব ।
“এনেকৈ খেলিলে আমি প্লে অফলৈ যাব নোৱাৰিম”- ৰিয়ান পৰাগ
মেচৰ অন্তত নিজৰ ক্ষোভ আৰু নিৰাশা প্ৰকাশ কৰি অধিনায়ক ৰিয়ান পৰাগে কয়, “মই ভাবো যদি আমি ট্ৰফী জিকিব বিচাৰো, তেন্তে আমি ইয়াতকৈ বহু উন্নত খেল প্ৰদৰ্শন কৰিব লাগিব । মই অতি আশাহত হৈছো । যোৱা চাৰি-পাঁচখন খেলত আমি যেনে প্ৰদৰ্শন কৰিছো, বাস্তৱত আমি তাতকৈ বহুত বেছি ভাল দল । অৱশ্যে, বিৰতিৰ পৰা উভতি অহাৰ পিছত আজি আমি যি শক্তি, দক্ষতা আৰু পৰিকল্পনাৰ প্ৰয়োগ দেখুৱালোঁ, সেয়া তেনেই পুতৌলগা আছিল । যদি আমি এনেকৈয়ে খেলি থাকো, তেন্তে আমি শীৰ্ষ চাৰিৰ দৌৰৰ পৰা সম্পূৰ্ণ বাহিৰ হৈ পৰিম ।”
বেটিং বিপৰ্যয় আৰু দুৰ্বল ফিল্ডিং-
দিল্লী কেপিটেলছৰ বিৰুদ্ধে কেৱল বেটিঙতে নহয়, ফিল্ডিঙৰ ক্ষেত্ৰতো ৰাজস্থান ৰয়েলছৰ প্ৰদৰ্শন অতি দুৰ্বল আছিল । মেচৰ আৰম্ভণিতে যশৰাজ পুঞ্জাই দিল্লীৰ তাৰকা বেটছমেন কে এল ৰাহুলৰ এটা গুৰুত্বপূৰ্ণ কেচ এৰে, যেতিয়া ৰাহুলে আনকি খাতা খুলিবলৈও সক্ষম হোৱা নাছিল । ইয়াৰ উপৰি বৈভৱ সূৰ্যবংশী আৰু স্বয়ং অধিনায়ক ৰিয়ান পৰাগেও ফিল্ডিঙত কেইবাটাও ডাঙৰ ভুল কৰে ।
ফেৰেইৰাক বলিং দিয়াৰ সিদ্ধান্ত-
ফিল্ডিঙৰ ইমান ভুলৰ পিছতো ৰাজস্থান শেষৰ অভাৰকেইটাত মেচখনত বৰ্তি আছিল । শেষৰ ৩ অভাৰত দিল্লী কেপিটেলছক জয়ৰ বাবে ৩৫ ৰানৰ প্ৰয়োজন আছিল । ক্ৰীজত অক্ষৰ পেটেলৰ সৈতে নতুনকৈ নামিছিল ডেভিদ মিলাৰ । দাসুন শনাকা আৰু এডাম মিলনেৰ দৰে অভিজ্ঞ বলাৰৰ অভাৰ বাকী থকাৰ পিছতো অধিনায়ক পৰাগে ১৮ নম্বৰ অভাৰটো ডনোভান ফেৰেইৰাৰ হাতত অৰ্পণ কৰে । ৰিয়ানৰ এই সিদ্ধান্ত একেবাৰে ওলোটা পৰিল আৰু অক্ষৰ-মিলাৰে সেই অভাৰৰ পৰা ১৬ ৰান সংগ্ৰহ কৰি মেচখন দিল্লীৰ পক্ষলৈ লৈ যায় ।
এই সন্দৰ্ভত আত্মপক্ষ সমৰ্থন কৰি ৰিয়ানে কয়, “এয়া কোনো জুৱা নাছিল । টিভিৰ পৰ্দাত হয়তো ইয়াক এটা জুৱাৰ দৰে দেখাব পাৰে, কিন্তু সেই সময়ত ক্ৰীজত দুজন বাওঁহতীয়া বেটছমেন আছিল । মই শনাকাক আন এটা অভাৰ দিয়াৰ পৰিৱৰ্তে ফেৰেইৰাৰ অফ-স্পীনেৰে এটা সুযোগ লোৱাটোৱেই সঠিক বুলি ভাবিছিলোঁ ।”
শেষৰ ৭ অভাৰত ধূলিস্যাৎ হ’ল ইনিংছ-
প্ৰথমে বেটিং কৰাৰ সময়ত ১৪ অভাৰৰ অন্তত ৰাজস্থানৰ স্ক’ৰ আছিল ২ উইকেতৰ বিনিময়ত ১৬০ ৰান । কিন্তু ১৫ নম্বৰ অভাৰত মিচেল ষ্টাৰ্কে ৰিয়ান পৰাগকে ধৰি একেলগে তিনিটাকৈ ডাঙৰ উইকেট কাঢ়ি লৈ ৰাজস্থানক বৃহৎ মোক্ষম আঘাত দিয়ে । ইয়াৰ পিছত শেষৰ ৭ অভাৰত দলটোৱে মাত্ৰ ৪১ ৰানতে ৬ টা উইকেট হেৰুৱায় ।
অধিনায়ক পৰাগৰ মতে, তেওঁ আউট হোৱাৰ পিছত বাকী থকা বেটছমেনসকলে ছেট প্লেটফৰ্মৰ কোনো সুযোগ ল’ব নোৱাৰিলে । তেওঁ কয়, “যিটো পৰিস্থিতি আছিল, আমাৰ স্ক’ৰ ২২০-২৩০ হ’ব লাগিছিল । একেদৰে বলিঙৰ ক্ষেত্ৰতো আমাৰ প্ৰদৰ্শন অতি বেয়া আছিল । আমি আশা কৰা ধৰণে প্ৰদৰ্শন কৰাত সম্পূৰ্ণ ব্যৰ্থ হ’লোঁ ।”
লগতে পঢ়ক : ভাৰতৰ নতুন টেষ্ট শৃংখলা ঘোষণা, বিচিচিআইৰ তৰফৰ পৰা অনুৰাগীসকললৈ বিশেষ উপহাৰ









