নাৰ্চাৰী

নাৰ্চাৰীৰ অধ্যয়নৰ বাবে ২.৫ লাখ টকা; লাখটকীয়া মাচুলক লৈ হাহাকাৰ

নাৰ্চাৰীৰ অধ্যয়নৰ বাবে ২.৫ লাখ টকা হায়দৰাবাদৰ এখন ব্যক্তিগত বিদ্যালয়ৰ নাৰ্চাৰী ক্লাছৰ বাৰ্ষিক মাচুল ২.৫১ লাখ টকা হোৱাৰ খবৰে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰিছে ভাৰতীয় ধৰ্ম পাৰ্টিৰ প্ৰতিষ্ঠাপক অনুৰাধা তিৱাৰীয়ে। ইয়াৰ পিছত সামাজিক মাধ্যমত মধ্যবিত্ত পৰিয়ালৰ বাবে শিক্ষাৰ ব্যয়সাধ্যতা

নাৰ্চাৰীৰ অধ্যয়নৰ বাবে ২.৫ লাখ টকা

হায়দৰাবাদৰ এখন ব্যক্তিগত বিদ্যালয়ৰ নাৰ্চাৰী ক্লাছৰ বাৰ্ষিক মাচুল ২.৫১ লাখ টকা হোৱাৰ খবৰে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে।

সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰিছে ভাৰতীয় ধৰ্ম পাৰ্টিৰ প্ৰতিষ্ঠাপক অনুৰাধা তিৱাৰীয়ে। ইয়াৰ পিছত সামাজিক মাধ্যমত মধ্যবিত্ত পৰিয়ালৰ বাবে শিক্ষাৰ ব্যয়সাধ্যতা আৰু স্বচ্ছতাক লৈ বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে।

মাচুল স্লিপৰ ফটোখন শ্বেয়াৰ কৰি পোষ্টটোত তেওঁ লিখিছে, ‘এতিয়া ABCD শিকিবলৈ মাহে ২১ হাজাৰ টকা দিব লাগিব।এই বিদ্যালয়বোৰে কি পাঠদান কৰাই যাৰ বাবে ইমান উচ্চ মাচুলৰ ন্যায্যতা প্ৰদান কৰে।’

বিদ্যালয়খনৰ মাচুলৰ গাঁথনি অনুসৰি প্ৰাক-প্ৰাথমিক প্ৰথম আৰু দ্বিতীয়ৰ বাবে বছৰি ২,৪২,৭০০ টকা মাচুল ধাৰ্য কৰা হৈছে।একে সময়তে ১ আৰু দ্বিতীয় শ্ৰেণীৰ বছৰি মাচুল ২,৯১,৪৬০ টকা।

প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে ইমান বেছি মাচুল দেখি এতিয়া আচৰিত হৈছে সকলো।সামাজিক মাধ্যমত ব্যৱহাৰকাৰীসকলে এনে মাচুলৰ আঁৰৰ যুক্তিক লৈ প্ৰশ্ন উত্থাপন কৰিছে।অৱশ্যে এই সন্দৰ্ভত হায়দৰাবাদ চৰকাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

লগতে পঢ়ক: ভূগোলত স্নাতক সম্পূৰ্ণ হোৱাৰ পিছত কেৰিয়াৰৰ বিকল্প কি ? স্নাতকোত্তৰ নে চাকৰি ?