জিলাখনৰ কেকাইডং নদীত অলপতে এটা বিৰল তথা বিপন্ন প্ৰজাতিৰ পোৱালী ঘৰিয়াল প্ৰত্যক্ষ কৰা হৈছে
অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু নদী পৰিস্থিতিতন্ত্ৰৰ ক্ৰমাগত উন্নতিৰ এক ডাঙৰ প্ৰমাণ দেখিবলৈ পোৱা গৈছে পশ্চিম কাৰ্বি আংলং জিলাত । জিলাখনৰ কেকাইডং নদীত অলপতে এটা বিৰল তথা বিপন্ন প্ৰজাতিৰ পোৱালী ঘৰিয়াল প্ৰত্যক্ষ কৰা হৈছে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ সন্তোষ প্ৰকাশ কৰি কয় যে, ই ৰাজ্যখনৰ নদীসমূহৰ সুস্থ পৰিৱেশ তন্ত্ৰৰ এক ক্ৰমাগত পুনৰুত্থানকে প্ৰতিফলিত কৰিছে ।
সামাজিক মাধ্যম এক্স-ত কৰা এটা পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় :
“সুস্থ নদীসমূহে নিজৰ কাহিনী নিজেই কয় । পশ্চিম কাৰ্বি আংলঙৰ কেকাইডং নদীত এটা পোৱালী ঘৰিয়াল দেখা পোৱাটোৱে অসমৰ প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ ক্ৰমাগত পুনৰুজ্জীৱনকে প্ৰতিফলিত কৰিছে ।”
মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে উল্লেখ কৰে যে এই গুৰুত্বপূৰ্ণ ঘটনাই ৰাজ্যখনৰ চহকী জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু প্ৰাকৃতিক বাসস্থানসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰকৃতিপ্ৰেমীসকলৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰি তুলিব ।
পৰিৱেশতন্ত্ৰৰ বাবে ঘৰিয়ালৰ উপস্থিতি কিয় গুৰুত্বপূৰ্ণ ?
বিজ্ঞানসন্মতভাৱে Gavialis gangeticus নামেৰে জনাজাত এই মাছ খোৱা ঘৰিয়ালবিধক ‘ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেচন অৱ নেচাৰ’ (IUCN)ৰ ৰঙা তালিকাত গুৱুতৰভাৱে বিপন্ন বুলি চিহ্নিত কৰা হৈছে । বন্যপ্ৰাণী বিশেষজ্ঞসকলৰ মতে, ঘৰিয়ালৰ উপস্থিতি সদায় এটা সুস্থ আৰু প্ৰদূষণমুক্ত অলুণীয়া পানীৰ পৰিস্থিতিতন্ত্ৰৰ পৰিচায়ক । কিয়নো এই বিৰল সৰীসৃপবিধে কেৱল পৰিষ্কাৰ আৰু বাধাহীনভাৱে বৈ যোৱা নদীতহে জীয়াই থাকিব পাৰে ।
মন কৰিবলগীয়া যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত কিছুদিন পূৰ্বে এটা ঘৰিয়াল দেখা পোৱাৰ পিছত এইয়া ৰাজ্যখনত দ্বিতীয়টো ডাঙৰ বন্যপ্ৰাণীৰ শুভ লক্ষণ । কেকাইডং নদীত পোৱালী ঘৰিয়ালৰ উপস্থিতিৰ অৰ্থ হৈছে যে অঞ্চলটোত ঘৰিয়ালৰ সফল প্ৰজনন ঘটিছে, যিয়ে অসমৰ বন্যপ্ৰাণী প্ৰেমীসকলক যথেষ্ট উৎসাহিত কৰি তুলিছে ।
লগতে পঢ়ক : ডিব্ৰুগড়ত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতিঃ বন্যাৰ্তৰ বাবে জাৰি নিৰ্দেশনা









