কাৰ্বি আংলঙত দুৰ্ঘটনাত পতিত ছুখয়-৩০ যুদ্ধ বিমান…!

কাৰ্বি আংলং জিলাৰ চকীহোলাৰ সমীপত এখন ছুখয়-৩০ যুদ্ধ বিমান দুৰ্ঘটনাত পতিত হয়।

কাৰ্বি আংলঙৰ ৰংখেলানত এখন যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হয়।বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭.৪২ বজাত স্থানীয় ৰাইজে এটা প্ৰচণ্ড শব্দ শুনিবলৈ পায়। অঞ্চলটোত এখন যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ কৰা হৈছে।

ইতিমধ্যে ঘটনাস্থলীলৈ অসম আৰক্ষীৰ দল ৰাওনা হৈছে। যোৰহাটৰ পৰা উৰণৰ কিছু সময়ৰ পিছতেই কাৰ্বি আংলঙত দুৰ্ঘটনাগ্ৰস্ত হয় ছুখয়-৩০ যুদ্ধ বিমানখন।

যোৰহাটৰ পৰা উৰণৰ কিছুসময়ৰ পিছতেই বিমানখনৰ ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল।জিলাখনৰ চোকীহোলাৰ অন্তৰ্গত নিলিপ ব্লকৰ সমীপৰ এটা দুৰ্গম পাহাৰীয়া অঞ্চলত সন্দেহজনক দুৰ্ঘটনাটো সংঘটিত হৈছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, শব্দটো বহু বেচি আৰু পাহাৰীয়া ভূখণ্ডৰ মাজেৰে প্ৰতিধ্বনিত হৈছিল। অৱশ্যে এই ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত ভাৰতীয় বায়ু সেনাই আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে। বৰ্তমান উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।

লগতে পঢ়ক: ইৰাণৰ প্ৰতিশোধ; পাৰ্চী উপসাগৰত আমেৰিকাৰ টেংকাৰত ভয়ংকৰ আক্ৰমণ

কাৰ্বি আংলঙৰ খেৰণিত উত্তেজনা… মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বাসগৃত অগ্নিসংযোগ

সোমবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত হয় উত্তেজনাময় পৰিস্থিতিৰ । একাংশ প্ৰতিবাদকাৰীয়ে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বাসগৃহতো অগ্নিসংযোগ কৰে ।

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সোমবাৰে বিয়লি অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হয় । জিলাখনৰ ভিজিআৰ-পিজিআৰ মাটিত উচ্ছেদৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি থকা দুই এজন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰাৰ পিছতে সংঘটিত এই উত্তেজনাময় পৰিস্থিতি । প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ আৰু হিংসাত্মক প্ৰতিবাদ কৰাৰ পিছতে পৰিস্থিতি অধিক উত্তেজনাময় হৈ পৰে । আৰক্ষীৰ সৈতে প্ৰত্যক্ষ সংঘাততো লিপ্ত হয় প্ৰতিবাদকাৰী ।

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডনকামুকামত থকা পুৰণি বাসগৃহত প্ৰতিবাদকাৰীসকলে আৰক্ষীক শিলগুটি নিক্ষেপ কৰে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পিছলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় । আৰক্ষীৰ গুলীচালনাত তিনিজনকৈ প্ৰতিবাদকাৰী আহত হোৱা বুলি জানিব পৰা গৈছে, যাৰ পিছতেই এই প্ৰতিবাদ অধিক হিংসাত্মক হৈ পৰে ।

উত্তেজিত প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ বিপৰীতে প্ৰতিবাদকাৰীৰ একাংশই ডনকামুকামত থকা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পুৰণি বাসগৃহত শিলগুটি নিক্ষেপ কৰাৰ উপৰিও অগ্নিসংযোগ কৰে ।

ঘটনাস্থলীত অতিৰিক্ত আৰক্ষীৰ দল ততাতৈয়াকৈ উপস্থি হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইফালে শিক্ষামন্ত্ৰী ডাঃ ৰানোজ পেগুৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পশ্চিম কাৰ্বি আংলঙত ততাতৈয়াকৈ উপস্থিত হৈ পৰিস্থিতি স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ প্ৰচেষ্টা নিৰীক্ষণ কৰিছে ।

লগতে পঢ়ক : বাংলাদেশ হিংসাৰ মাজতে অসমত বৃদ্ধি সতৰ্কতা… চোকা দৃষ্টি ৰাখিছে ৰাজ্য চৰকাৰে- মুখ্যমন্ত্ৰী