প্ৰধানমন্ত্ৰী মোদীৰ Nice ভ্ৰমণৰ গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহ ছচিয়েল মিডিয়াত তুলি ধৰিবলৈ ৰাষ্ট্ৰপতি মেক্ৰনে এই ছবিখনৰ জনপ্ৰিয় গীত ‘আৰি আৰি’ ব্যৱহাৰ কৰে ।
ভাৰত আৰু ফ্ৰান্সৰ মাজত গঢ়ি উঠা প্ৰযুক্তি, উদ্ভাৱন আৰু প্ৰতিৰক্ষাৰ সুদৃঢ় সম্পৰ্কই এতিয়া বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে । এই ভ্ৰমণৰ মাজতে দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী দৃশ্য, য’ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ওপৰত বলীউডৰ জনপ্ৰিয় চলচ্চিত্ৰৰ প্ৰভাৱ স্পষ্ট হৈ পৰিল । পৰিচালক আদিত্য ধৰৰ ছবি ‘ধুৰন্ধৰ’ৰ জ্বৰে এতিয়া ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীকো বাৰুকৈয়ে আকৰ্ষিত কৰিছে ।
প্ৰধানমন্ত্ৰী মোদীৰ নিচ (Nice) ভ্ৰমণৰ গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহ ছচিয়েল মিডিয়াত তুলি ধৰিবলৈ ৰাষ্ট্ৰপতি মেক্ৰনে এই ছবিখনৰ জনপ্ৰিয় গীত ‘আৰি আৰি’ ব্যৱহাৰ কৰে । এক্স হেণ্ডেলত এই হিট গীতটোৰ সৈতে কৰা পোষ্টটোৰ পূৰ্বে মেক্ৰনে আন এটা পোষ্টত লিখিছিল, “ফ্ৰান্সৰ হাতত সকলো সম্পদ আছে: ইয়াত প্ৰতিভা বা শক্তি কাৰোৰে অভাৱ নাই!” উল্লেখ্য যে, এই গীতটিত আত্মাৰ মিলন আৰু বতাহৰ গতি পৰিৱৰ্তনৰ কথা কোৱা হৈছে, যিয়ে বৰ্তমানৰ জটিল ভূ-ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰেক্ষাপটত ভাৰত-ফ্ৰান্সৰ গভীৰ বন্ধুত্বক সুন্দৰভাৱে প্ৰতিফলি কৰিছে ।
‘বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্ব’ৰ প্ৰথম বৈঠক :
প্ৰধানমন্ত্ৰী মোদীয়ে নিচৰ ‘ভিলা কেৰিলচ’ত ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে এক গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক আলোচনাত মিলিত হয় । এই বছৰৰ আৰম্ভণিতে ভাৰত-ফ্ৰান্সৰ সম্পৰ্কক ‘বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্ব’ৰ পৰ্যায়লৈ উন্নীত কৰাৰ পিছত দুই বিশ্ব নেতাৰ মাজত এয়া আছিল প্ৰথমখন আনুষ্ঠানিক বৈঠক । বৈঠকত প্ৰধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি মেক্ৰনে উষ্ম আদৰণি জনায় আৰু দুয়োগৰাকী নেতাই সাৱটি ধৰি তথা কৰমৰ্দন কৰি আন্তৰিকতা প্ৰকাশ কৰে ।
প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডত বৃহৎ বুজাবুজি :
দুই নেতাৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সামৰি বিস্তৃত আলোচনা অনুষ্ঠিত হয় ।
প্ৰতিৰক্ষা উৎপাদন : সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ উৎকৃষ্ট বৃদ্ধিক লৈ তেওঁলোকে সন্তোষ প্ৰকাশ কৰে । প্ৰতিৰক্ষা প্লেটফৰ্ম আৰু উন্নত প্ৰযুক্তিৰ সহ-ডিজাইন, সহ-বিকাশ আৰু সহ-উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াক আৰু অধিক শক্তিশালী কৰিবলৈ দুয়োপক্ষ সন্মত হয় ।
মহাকাশ বিজ্ঞান : মহাকাশ খণ্ডত সহযোগিতাৰ চহকী ঐতিহ্যৰ কথা সুঁৱৰি তেওঁলোকে মানৱ মহাকাশ উড়ণ আৰু মহাকাশ পৰিস্থিতিগত সজাগতাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লয় । লগতে, মহাকাশ খণ্ডত ব্যক্তিগত কোম্পানীসমূহৰ অংশগ্ৰহণ বৃদ্ধিৰ ওপৰতো আলোচনা কৰা হয় ।
অসামৰিক পাৰমাণৱিক শক্তি আৰু ‘শান্তি আইন’:
অসামৰিক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত দুই নেতাই মত প্ৰকাশ কৰে যে ভাৰতৰ ‘শান্তি আইন’-এ সৰু আৰু উন্নত মডুলৰ ৰিয়েক্টৰকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ এক নতুন সুযোগৰ সৃষ্টি কৰিছে ।
‘ভাৰত ইনোভেটছ ২০২৬’ সন্মিলনৰ শুভাৰম্ভ :
এই ভ্ৰমণৰ আটাইতকেই আকৰ্ষণীয় দিশটো আছিল প্ৰযুক্তি আৰু উদ্ভাৱন। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰনে যুটীয়াভাৱে ঐতিহাসিক ‘ভাৰত ইনোভেটছ ২০২৬’ সন্মিলন উদ্বোধন কৰে । ভাৰত, ফ্ৰান্স আৰু বিশ্বৰ শীৰ্ষ উদ্ভাৱনীমূলক ষ্টাৰ্টআপসমূহক একত্ৰিত কৰা এই হাই-প্ৰফাইল অনুষ্ঠানটোৱে চলি থকা ‘ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ’ৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু ই দুই দেশৰ মাজত দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰযুক্তিগত অংশীদাৰিত্বক এক নতুন মাত্ৰা প্ৰদান কৰিছে ।
লগতে পঢ়ক : ‘ভাৰত ইনোভেটছ’ৰ উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক সাৱটি উষ্ম আদৰণি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ









