ফিফা বিশ্বকাপ ২০২৬: তৃতীয় স্থানৰ বাবে আজি ফ্ৰান্স-ইংলেণ্ডৰ যুঁজ

খিতাপ দখলৰ দৌৰৰ পৰা বাহিৰ হোৱাৰ পিছত এতিয়া ফ্ৰান্স আৰু ইংলেণ্ড তৃতীয় স্থানৰ প্লে-অফ খেলখনত মুখামুখি হ’ব

ফিফা বিশ্বকাপ ২০২৬-ৰ ফাইনেল খেলাৰ সপোন ভংগ হ’ল, কিন্তু দুয়োটা দলৰ বাবে বিশ্বজয়ৰ এই যাত্ৰা এতিয়াও সম্পূৰ্ণ শেষ হোৱা নাই । খিতাপ দখলৰ দৌৰৰ পৰা বাহিৰ হোৱাৰ পিছত এতিয়া ফ্ৰান্স আৰু ইংলেণ্ড তৃতীয় স্থানৰ বাবে খেলখনত মুখামুখি হ’ব ।

দুয়োটা দলেই মুকলিকৈ স্বীকাৰ কৰিছে যে তেওঁলোকে এইখন খেল খেলিব বিচৰা নাছিল, কাৰণ তেওঁলোকৰ একমাত্ৰ লক্ষ্য আছিল ফাইনেল । অৱশ্যে, এতিয়া দুয়োটা দলৰে সন্মুখত তৃতীয় স্থান অৰ্জন কৰি সন্মানেৰে টুৰ্ণামেণ্টখন সমাপ্ত কৰাৰ এক সোণালী সুযোগ আছে । পৰাজয়ৰ গভীৰ হতাশাৰ মাজতো এই খেলখন এতিয়া মৰ্যাদা, আত্মসন্মান আৰু জয়ৰ সৈতে বিশ্বকাপক বিদায় জনোৱাৰ এক ডাঙৰ যুঁজত পৰিণত হৈছে ।

গ’ল্ডেন বুটৰ দৌৰত এমবাপ্পে!

ফ্ৰান্সৰ তাৰকা ষ্ট্ৰাইকাৰ কিলিয়ান এমবাপ্পেৰ বাবে এই খেলখন গ’ল্ডেন বুট জিকাৰ এক ডাঙৰ সুযোগ হ’ব । বৰ্তমান ৮টা গ’লেৰে তেওঁ আৰ্জেণ্টিনাৰ লিয়নেল মেছিৰ সৈতে সমতা স্থাপন কৰি আছে । অৱশ্যে চাৰিটা এচিষ্টৰ সহায়ত মেছি বৰ্তমান টাইব্ৰেকাৰত আগবাঢ়ি আছে । আনহাতে, ইংলেণ্ডৰ হেৰী কেন আৰু জুড বেলিংহামৰ নামতো ৬টাকৈ গ’ল আছে, যাৰ বাবে এই দৌৰখন যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে ।

প্ৰশিক্ষক ডিডিয়াৰ ডেচচেম্পছৰ অন্তিম খেল

ফ্ৰান্সৰ মুখ্য প্ৰশিক্ষক ডিডিয়াৰ ডেচচেম্পছৰ বাবে ৰাষ্ট্ৰীয় দলটোৰ মেনেজাৰ হিচাপে এয়া অন্তিমখন খেল হ’ব । তেওঁ আৱেগিক হৈ কয় যে ফ্ৰান্সৰ জাৰ্চি পিন্ধি ইমান বছৰ দলটোক নেতৃত্ব দিয়াটো তেওঁৰ পেছাদাৰী জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান আছিল । উল্লেখ্য যে, ডেচচেম্পছৰ প্ৰশিক্ষণতে ফ্ৰান্সে ২০১৮ চনত বিশ্বকাপ জয় কৰিছিল আৰু ২০২২ চনত ৰানাৰ্ছ-আপ হৈছিল ।

খেলৰ সময়সূচী আৰু স্থান:

তাৰিখ: দেওবাৰে (১৯ জুলাই) অনুষ্ঠিত হ’ব এই হাইভল্টেজ মেচখন ।

স্থান: আমেৰিকাৰ বিখ্যাত মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন ।

সময়: ভাৰতীয় সময় অনুসৰি দেওবাৰে গভীৰ নিশা ২:৩০ বজাত খেলখন পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব ।

লগতে পঢ়ক : ফিফা বিশ্বকাপ ২০২৬: প্ৰথমবাৰৰ বাবে বিজয়ী দলে লাভ কৰিব বিশেষ উপহাৰ

অসহনীয় তাপপ্ৰৱাহৰ মাজতে বনজুইৰ তাণ্ডৱ, সহস্ৰাধিক লোকক স্থানান্তৰ  

বনজুইৰ কবলত ৮৭০০ হেক্টৰতকৈও অধিক বনাঞ্চল । ভয়াৱহ জুয়ে এতিয়া আৱাসিক এলেকাসমূহলৈকো ভাবুকি কঢ়িয়াই আনিছে।

ইউৰোপত চলি থকা তীব্ৰ গৰম আৰু খৰাং পৰিস্থিতিৰ ভয়াৱহ প্ৰভাৱ এতিয়া ফ্ৰান্সত স্পষ্টকৈ দেখা গৈছে । প্ৰচণ্ড গৰমৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি দেশখনত আন এক বিপদে জুৰুলা কৰিছে । দেশখনৰ দক্ষিণ প্ৰান্তৰ বনাঞ্চলসমূহত লগা ভয়াৱহ জুয়ে এতিয়া আৱাসিক এলেকাসমূহলৈকো ভাবুকি কঢ়িয়াই আনিছে । তীব্ৰ বতাহ আৰু শুকান বতৰৰ বাবে এই জুই ক্ষিপ্ৰতাৰে বিয়পি পৰিছে, যাৰ ফলত হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলগীয়া হৈছে ।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি বৰ্তমানলৈকে দেশখনৰ ৮,৭০০ হেক্টৰতকৈও অধিক ভূমি বনজুইত জাহ গৈছে । ২০০০ তকৈও অধিক অগ্নিনিৰ্বাপক কৰ্মী, হেলিকপ্টাৰ আৰু বিশেষ বিমান উদ্ধাৰ অভিযানত নিয়োজিত হৈছে ।

ইফালে কেম্পচাইটৰ পৰা প্ৰায় ১,৫০০ লোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে । লগতে এই বনজুইৰ বাবে পাৰ্পিনিয়ঁ (Perpignan) বিমানবন্দৰ সাময়িকভাৱে বন্ধ ঘোষণা কৰিছে প্ৰশাসনে ।

স্পেইন সীমান্তত জুইৰ ভয়াৱহ প্ৰভাৱ-

দক্ষিণ ফ্ৰান্সৰ ভূমধ্যসাগৰীয় উপকূলীয় অঞ্চলত তীব্ৰ বতাহে বনজুইৰ তীব্ৰতা আৰু অধিক ভয়াৱহ কৰি তুলিছে । স্পেইনৰ সীমান্তৰ ওচৰত অৱস্থিত কানে-এন-ৰুচিয়ঁ অঞ্চলত এই দুৰ্যোগে আটাইতকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইয়াত থকা এটা মেৰিনা আৰু কেইবাটাও বাণিজ্যিক গুডাম জুইৰ কবলত পৰিছে । পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে যে স্থানীয় প্ৰশাসনে পাৰ্পিনিয়ঁ বিমানবন্দৰটো সাময়িকভাৱে বন্ধ কৰিবলৈ বাধ্য হৈছে ।

জুই নুমুৱাবলৈ ২০০০ অগ্নিনিৰ্বাপক কৰ্মী আৰু যুদ্ধকালীন প্ৰস্তুতি

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ফ্ৰান্স চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰিছে । প্ৰায় ২,০০০ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীয়ে দিনে-নিশাই কাম কৰি আছে । কেৱল কানে-এন-ৰুচিয়ঁ এলেকাতে ৪ খন হেলিকপ্টাৰ আৰু ৩ খন বিশেষ কানাডেয়াৰ অগ্নি নিৰ্বাপক বিমান নিয়োজিত কৰা হৈছে ।

ইফালে অড অঞ্চলত প্ৰতি ঘণ্টাত ৭০ কিলোমিটাৰ বেগত বলা বতাহে উদ্ধাৰকাৰ্যত আটাইতকৈ ডাঙৰ হেঙাৰ হৈ থিয় দিছে । অৱশ্যে, ফ্ৰান্সৰ দ্বিতীয় বৃহত্তম চহৰ মাৰ্চেইৰ উপকণ্ঠ অঞ্চলৰ জুই বৰ্তমান নিয়ন্ত্ৰণলৈ অনা হৈছে ।

ঔদ্যোগিক ক্ষেত্ৰলৈ জুইৰ ভাবুকি: উদ্বিগ্ন প্ৰধানমন্ত্ৰী

ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবেষ্টিয়ান লেকৰ্ণুৱে প্ৰকাশ কৰা অনুসৰি, এই বছৰ ৮,৭০০ হেক্টৰতকৈও অধিক ভূমি জুইত ধ্বংস হৈছে, যাৰ ভিতৰত ১২০০ হেক্টৰ এলেকা অতি কম সময়ৰ ভিতৰতে জ্বলি ছাৰখাৰ হৈ যায় । জুই এতিয়া এটা ডাঙৰ ঔদ্যোগিক অঞ্চলৰ ওচৰ চাপিছে, য’ত দাহ্য আৰু প্ৰদূষণকাৰী ৰাসায়নিক পদাৰ্থ মজুত আছে। ফলত প্ৰশাসনে সেই অঞ্চলটোত সৰ্বোচ্চ সতৰ্কতা জাৰি কৰিছে ।

তাপপ্ৰবাহৰ বাবে ১০০০ লোকৰ মৃত্যুৰ আশংকা

ফ্ৰান্সৰ বতৰ বিজ্ঞান সংস্থাৰ মতে, অহা সপ্তাহত দেশখনত পুনৰ আন এক ভয়াৱহ তাপপ্ৰবাহ অহাৰ পূৰ্ণ সম্ভাৱনা আছে । স্বাস্থ্য বিষয়াসকলে অনুমান কৰিছে যে জুন মাহৰ শেষৰফালে হোৱা অভিলেখ ভংগকাৰী গৰমৰ বাবে ফ্ৰান্সত ইতিমধ্যে প্ৰায় ১,০০০ অতিৰিক্ত লোকৰ মৃত্যু হৈছে । বতৰৰ এই চৰম ৰূপৰ মাজতে সাহায্য আৰু উদ্ধাৰ অভিযান বৰ্তমান তীব্ৰগতিত চলাই থকা হৈছে ।

লগতে পঢ়ক : ইতিহাসৰ আটাইতকৈ ভয়ংকৰ গৰম! ভাঙিব পাৰে পূৰ্বৰ সকলো অভিলেখ

ফ্ৰান্সত স্কাইডাইভিং কৰিবলৈ যোৱা শিক্ষাৰ্থীৰ বিমান দুৰ্ঘটনাস্ত; ১১ জনৰ মৃত্যু

দেওবাৰে পূব ফ্ৰান্সত এখন অসামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ এঘাৰজন লোকৰ মৃত্যু হৈছে।বিমানখনত থকা পাইলট ,পাঁচজন ছাত্ৰ আৰু পাঁচজন প্ৰশিক্ষককে ধৰি ১০ জন যাত্ৰীৰ মৃত্যু হৈছে।

দেওবাৰে পূৰ্ব ফ্ৰান্সত এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। বিমান দুৰ্ঘটনাটোৰ ফলত ১১ জন লোকৰ মৃত্যু হৈছে জানিব পৰা গৈছে। জানিব পৰা মতে, পূব ফ্ৰান্সৰ টমব্লেইন চহৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। বিমানখনৰ পাইলট আৰু ১০ গৰাকী যাত্ৰীৰ মৃত্যু হৈছে। যাত্ৰীসকলৰ ভিতৰত পাঁচজন ছাত্ৰ আৰু পাঁচজন প্ৰশিক্ষক আছিল।স্থানীয় প্ৰশাসনে এক্সত এটা পোষ্টত উল্লেখ কৰিছে যে টমব্লেইন পৌৰসভাত অসামৰিক বিমানৰ সৈতে জড়িত এক কাণ্ড সংঘটিত হৈছে। এই বিমানখনে নেন্সি-এচি বিমানবন্দৰৰ পৰা উৰা মাৰিছিল।

স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি, বিমানখনত স্কাইডাভিংৰ বাবে এটা দল গৈ আছিল।বিমানখন পেৰাচুটিং স্কুলৰ আছিল আৰু নেন্সি-এচি বিমানবন্দৰৰ পৰা উৰা মৰাৰ সময়তেই দুৰ্ঘটনাগ্ৰস্ত হয়। ইপিনে, দেশখনৰ গৃহ মন্ত্ৰালয়ে জনোৱা মতে, গৃহ মন্ত্ৰী লৰেন্ট নুনেজ দুৰ্ঘটনাটোৰ স্থান অভিমুখে ৰাওনা হৈছে।

লগতে পঢ়ক: ৬.২ প্ৰাৱল্যৰ ভূমিকম্পত হাহাকাৰ

‘ধুৰন্ধৰ’ৰ গীতেৰে প্ৰধানমন্ত্ৰী মোদীক আদৰিলে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে

প্ৰধানমন্ত্ৰী মোদীৰ Nice ভ্ৰমণৰ গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহ ছচিয়েল মিডিয়াত তুলি ধৰিবলৈ ৰাষ্ট্ৰপতি মেক্ৰনে এই ছবিখনৰ জনপ্ৰিয় গীত ‘আৰি আৰি’ ব্যৱহাৰ কৰে ।

ভাৰত আৰু ফ্ৰান্সৰ মাজত গঢ়ি উঠা প্ৰযুক্তি, উদ্ভাৱন আৰু প্ৰতিৰক্ষাৰ সুদৃঢ় সম্পৰ্কই এতিয়া বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে । এই ভ্ৰমণৰ মাজতে দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী দৃশ্য, য’ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ওপৰত বলীউডৰ জনপ্ৰিয় চলচ্চিত্ৰৰ প্ৰভাৱ স্পষ্ট হৈ পৰিল । পৰিচালক আদিত্য ধৰৰ ছবি ‘ধুৰন্ধৰ’ৰ জ্বৰে এতিয়া ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীকো বাৰুকৈয়ে আকৰ্ষিত কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীৰ নিচ (Nice) ভ্ৰমণৰ গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহ ছচিয়েল মিডিয়াত তুলি ধৰিবলৈ ৰাষ্ট্ৰপতি মেক্ৰনে এই ছবিখনৰ জনপ্ৰিয় গীত ‘আৰি আৰি’ ব্যৱহাৰ কৰে । এক্স হেণ্ডেলত এই হিট গীতটোৰ সৈতে কৰা পোষ্টটোৰ পূৰ্বে মেক্ৰনে আন এটা পোষ্টত লিখিছিল, “ফ্ৰান্সৰ হাতত সকলো সম্পদ আছে: ইয়াত প্ৰতিভা বা শক্তি কাৰোৰে অভাৱ নাই!” উল্লেখ্য যে, এই গীতটিত আত্মাৰ মিলন আৰু বতাহৰ গতি পৰিৱৰ্তনৰ কথা কোৱা হৈছে, যিয়ে বৰ্তমানৰ জটিল ভূ-ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰেক্ষাপটত ভাৰত-ফ্ৰান্সৰ গভীৰ বন্ধুত্বক সুন্দৰভাৱে প্ৰতিফলি কৰিছে ।

‘বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্ব’ৰ প্ৰথম বৈঠক :

প্ৰধানমন্ত্ৰী মোদীয়ে নিচৰ ‘ভিলা কেৰিলচ’ত ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে এক গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক আলোচনাত মিলিত হয় । এই বছৰৰ আৰম্ভণিতে ভাৰত-ফ্ৰান্সৰ সম্পৰ্কক ‘বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্ব’ৰ পৰ্যায়লৈ উন্নীত কৰাৰ পিছত দুই বিশ্ব নেতাৰ মাজত এয়া আছিল প্ৰথমখন আনুষ্ঠানিক বৈঠক । বৈঠকত প্ৰধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি মেক্ৰনে উষ্ম আদৰণি জনায় আৰু দুয়োগৰাকী নেতাই সাৱটি ধৰি তথা কৰমৰ্দন কৰি আন্তৰিকতা প্ৰকাশ কৰে ।

প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডত বৃহৎ বুজাবুজি :

দুই নেতাৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সামৰি বিস্তৃত আলোচনা অনুষ্ঠিত হয় ।

প্ৰতিৰক্ষা উৎপাদন : সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ উৎকৃষ্ট বৃদ্ধিক লৈ তেওঁলোকে সন্তোষ প্ৰকাশ কৰে । প্ৰতিৰক্ষা প্লেটফৰ্ম আৰু উন্নত প্ৰযুক্তিৰ সহ-ডিজাইন, সহ-বিকাশ আৰু সহ-উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াক আৰু অধিক শক্তিশালী কৰিবলৈ দুয়োপক্ষ সন্মত হয় ।

মহাকাশ বিজ্ঞান : মহাকাশ খণ্ডত সহযোগিতাৰ চহকী ঐতিহ্যৰ কথা সুঁৱৰি তেওঁলোকে মানৱ মহাকাশ উড়ণ আৰু মহাকাশ পৰিস্থিতিগত সজাগতাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লয় । লগতে, মহাকাশ খণ্ডত ব্যক্তিগত কোম্পানীসমূহৰ অংশগ্ৰহণ বৃদ্ধিৰ ওপৰতো আলোচনা কৰা হয় ।

অসামৰিক পাৰমাণৱিক শক্তি আৰু ‘শান্তি আইন’:

অসামৰিক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত দুই নেতাই মত প্ৰকাশ কৰে যে ভাৰতৰ ‘শান্তি আইন’-এ সৰু আৰু উন্নত মডুলৰ ৰিয়েক্টৰকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ এক নতুন সুযোগৰ সৃষ্টি কৰিছে ।

‘ভাৰত ইনোভেটছ ২০২৬’ সন্মিলনৰ শুভাৰম্ভ :

এই ভ্ৰমণৰ আটাইতকেই আকৰ্ষণীয় দিশটো আছিল প্ৰযুক্তি আৰু উদ্ভাৱন। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰনে যুটীয়াভাৱে ঐতিহাসিক ‘ভাৰত ইনোভেটছ ২০২৬’ সন্মিলন উদ্বোধন কৰে । ভাৰত, ফ্ৰান্স আৰু বিশ্বৰ শীৰ্ষ উদ্ভাৱনীমূলক ষ্টাৰ্টআপসমূহক একত্ৰিত কৰা এই হাই-প্ৰফাইল অনুষ্ঠানটোৱে চলি থকা ‘ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ’ৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু ই দুই দেশৰ মাজত দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰযুক্তিগত অংশীদাৰিত্বক এক নতুন মাত্ৰা প্ৰদান কৰিছে ।

লগতে পঢ়ক : ‘ভাৰত ইনোভেটছ’ৰ উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক সাৱটি উষ্ম আদৰণি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ

‘ভাৰত ইনোভেটছ’ৰ উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক সাৱটি উষ্ম আদৰণি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ

তিনিদিনীয়া কাৰ্যসূচীৰে ১৪ জুনৰ পৰা ১৬ জুনলৈ অনুষ্ঠিত হ’বলগীয়া এই মেগা সন্মিলনখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে যুটীয়াভাৱে উদ্বোধন কৰে

প্ৰযুক্তি আৰু উদ্ভাৱনক মূল বিষয়বস্তু হিচাপে লৈ আজি ফ্ৰান্সৰ নিচ (Nice) চহৰত উলহ-মালহেৰে আৰম্ভ হৈছে ঐতিহাসিক ‘ভাৰত ইনোভেটছ ২০২৬’ সন্মিলন । তিনিদিনীয়া কাৰ্যসূচীৰে ১৪ জুনৰ পৰা ১৬ জুনলৈ অনুষ্ঠিত হ’বলগীয়া এই মেগা সন্মিলনখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে যুটীয়াভাৱে উদ্বোধন কৰে ।

উষ্ম আদৰণি আৰু দ্বিপাক্ষিক বৈঠক :

দেওবাৰে নিচত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে উষ্ম আদৰণি জনায় । এক গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকৰ পূৰ্বে দুয়োগৰাকী বিশ্ব নেতাই ইজনে সিজনক সাৱটি ধৰি আৰু কৰমৰ্দন কৰি অভিবাদন বিনিময় কৰে ।

গোলকীয় মঞ্চত ভাৰতীয় ষ্টাৰ্টআপ-

‘ভাৰত ইনোভেটছ’ হৈছে এনে এক বৃহৎ গোলকীয় মঞ্চ, যিয়ে ভাৰত, ফ্ৰান্স আৰু বিশ্বৰ অন্যান্য প্ৰান্তৰ অগ্ৰণী ষ্টাৰ্টআপ তথা ভেঞ্চাৰ কেপিটেল ফাণ্ডসমূহক একেটা চালিৰ তললৈ আনিছে । বৰ্তমান চলি থকা ‘ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ’ৰ অংশ হিচাপে এই হাই-প্ৰফাইল অনুষ্ঠানটোক এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে । এই সন্মিলনে ভাৰতীয় উদ্ভাৱকসকলক গোলকীয় বিনিয়োগকাৰী, উদ্যোগ জগতৰ শীৰ্ষ নেতা আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপনৰ এক শক্তিশালী সুযোগ প্ৰদান কৰিব ।

প্ৰযুক্তি আৰু অংশীদাৰিত্বৰ নতুন শিখৰ: প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰনৰ এই যুটীয়া পদক্ষেপে ভাৰত-ফ্ৰান্সৰ ক্ৰমবৰ্ধমান সম্পৰ্কত প্ৰযুক্তিৰ গুৰুত্বক পুনৰ প্ৰমাণিত কৰিছে । শেহতীয়া বছৰবোৰত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডৰ পৰা আৰম্ভ কৰি ডিজিটেল প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) লৈকে সহযোগিতা গভীৰ হৈ পৰিছে ।

ভাৰতৰ বিশাল অংশগ্ৰহণ: এই সন্মানীয় অনুষ্ঠানত ভাৰতৰ তৰফৰ পৰা ১২০ টাতকৈও অধিক প্ৰতিশ্ৰুতিবান ‘ডিপ-টেক’ ষ্টাৰ্টআপ আৰু দেশৰ প্ৰথম শাৰীৰ আইআইটি আদিকে ধৰি ১৫ টাতকৈও অধিক উচ্চ শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে । এই সন্মিলনে অনাগত দিনত ভাৰত আৰু ফ্ৰান্সৰ প্ৰযুক্তিগত অংশীদাৰিত্বক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : ফ্ৰান্সত উপস্থিত প্ৰধানমন্ত্ৰী মোদী; বিমানবন্দৰৰ পৰা হোটেললৈ উষ্ম আদৰণি

ফ্ৰান্সত উপস্থিত প্ৰধানমন্ত্ৰী মোদী; বিমানবন্দৰৰ পৰা হোটেললৈ উষ্ম আদৰণি

ফ্ৰান্সৰ নীচ চহৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ পিছত এক আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচীৰে তেওঁক আদৰণি জনোৱা হয়।

ছয়দিনীয়া ফ্ৰান্স আৰু শ্লোভাকিয়া ভ্ৰমণৰ প্ৰথম ষ্টপ হিচাপে শনিবাৰে (১৩ জুন, ২০২৬) সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীচত উপস্থিত হয়। দেওবাৰে তেওঁ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁৰ সৈতে আলোচনাত বহিব আৰু জি-৭ (G-7) সন্মিলনতো অংশগ্ৰহণ কৰিব। দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে তেওঁ উদ্ভাৱন কেন্দ্ৰিক কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ লব।

প্ৰধানমন্ত্ৰী মোদী ফ্ৰান্স আৰু স্লোভাকিয়াৰ পাঁচদিনীয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত নীচ চহৰত উপস্থিত হৈছে। ‘নীচ কটে দা অজুৰ’ (Nice Côte d’Azur) বিমানবন্দৰত ফ্ৰান্সৰ শিক্ষামন্ত্ৰী এডুৱাৰ্ড গেফ্ৰে, উচ্চ শিক্ষা, গৱেষণা আৰু মহাকাশ মন্ত্ৰী ফিলিপ বেপ্টিষ্ট, ভাৰতত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়েৰী মাথু, নীচ চহৰৰ মেয়ৰ এৰিক চিঅ’টি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে প্ৰধানমন্ত্ৰীক আদৰণি জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে কয়:”নীচত উপস্থিত হৈছোঁ। ফ্ৰান্স ভ্ৰমণৰ এই সময়ছোৱাত নীচৰ উপৰি এভিয়ান আৰু পেৰিছতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব। ইয়াত দ্বিপাক্ষিক আৰু বহুপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব, যাৰ উদ্দেশ্য হৈছে উন্নয়নৰ গুৰুত্বপূৰ্ণ অংশীদাৰসকলৰ সৈতে ভাৰতৰ বন্ধুত্বক অধিক মজবুত কৰা।”

তেওঁ লগতে কয়, “মই কাইলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰঁক লগ পাবলৈ আৰু ‘ভাৰত ইনোভেটছ’ (Bharat Innovates) কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহেৰে বাট চাই আছোঁ।”

ভ্ৰমণৰ প্ৰথম পৰ্যায়ত, প্ৰধানমন্ত্ৰীয়ে দেওবাৰে ৰাষ্ট্ৰপতি মেক্ৰঁৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আৰু তেওঁলোকৰ ‘ভাৰত ইনোভেটছ’ কাৰ্যসূচীৰো উদ্বোধন কৰিব। এই কাৰ্যসূচীত ভাৰত, ফ্ৰান্স আৰু অন্যান্য দেশৰ শীৰ্ষ পৰ্যায়ৰ ষ্টাৰ্ট-আপ আৰু ভেঞ্চাৰ কেপিটেল ফাণ্ডসমূহ একত্ৰিত হ’ব।

দুয়োগৰাকী নেতাই ভাৰত-ফ্ৰান্স দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ পৰ্যালোচনা কৰিব। উল্লেখ্য যে, এই বছৰৰ আৰম্ভণিতে দুয়োখন দেশৰ সম্পৰ্কক ‘বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্ব’ পৰ্যায়লৈ উন্নীত কৰা হৈছিল।

বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ছচিয়েল মিডিয়া পোষ্টত কয় যে এই ভ্ৰমণে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত ভাৰত-ফ্ৰান্সৰ সহযোগিতা বৃদ্ধি কৰাৰ এক উত্তম সুযোগ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰী মোদীক তাত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে উষ্ম আদৰণি জনায়। বহুসংখ্যক লোকে হাতত ত্ৰিৰংগা লৈ ‘ভাৰত মাতা কী জয়’ ধ্বনিৰে তাত সমবেত হয়। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়: “নীচত ভাৰতীয় সম্প্ৰদায়ৰ দ্বাৰা এক স্মৰণীয় আদৰণি। তেওঁলোক নিজৰ ঘৰৰ পৰা হাজাৰ কিলোমিটাৰ দূৰত থাকিলেও, আমাৰ প্ৰব্ৰজনকাৰী সমাজৰ ভাৰতৰ সৈতে থকা সম্পৰ্ক পূৰ্বৰ দৰেই শক্তিশালী হৈ আছে।”

প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ সন্মানত নীচ চহৰৰ মেয়ৰ কাৰ্যালয় (চিটি হ’ল)ত ভাৰতীয় ত্ৰিৰংগা পতাকা উত্তোলন কৰা হয়। কোনো বিদেশী নেতাৰ বাবে ইয়াক এক বিৰল সন্মানীয় পদক্ষেপ বুলি গণ্য কৰা হৈছে। ফ্ৰান্স ভ্ৰমণৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে ১৪-১৫ জুনত চৰকাৰী ভ্ৰমণসূচীৰে স্লোভাকিয়ালৈ ৰাওনা হ’ব।

থেংক ইউ ইণ্ডিয়া… ভাৰত ভ্ৰমণক স্মৰণীয় আখ্যা দি দেশলৈ উভতিল ৰাষ্ট্ৰপতি মেক্ৰন

ভাৰত ভ্ৰমণক স্মৰণীয় আখ্যা দি দেশলৈ উভতিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন । সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ’ ।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে তেওঁৰ ভ্ৰমণৰ সামৰণিত ভাৰতলৈ ধন্যবাদ বাৰ্তা প্ৰেৰণ কৰে । এই ভ্ৰমণৰ সময়ত তেওঁ ইণ্ডিয়া এআই ইমপেক্ট ছামিটত অংশগ্ৰহণ কৰে । এক্সৰ এটা পোষ্টত মেক্ৰনে ভাৰতৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি ভ্ৰমণৰ সময়ত তেওঁ পোৱা উষ্ম আদৰণিৰ বাবে শলাগ লৈ লিখিছে, “ধন্যবাদ ভাৰত !”

ভ্ৰমণৰ অন্তিম দিনটোত মেক্ৰনে এআই শীৰ্ষ সন্মিলনত গুগলৰ চিইঅ’ সুন্দৰ পিচাইৰ সৈতে আলোচনাত বহে । এক্সৰ এটা পোষ্টত মেক্ৰনে কয়, “আমাৰ ডিজিটেল প্ৰত্যাহ্বানৰ সমাধান গুগলৰ ভিতৰত গঢ়ি তুলিব নোৱাৰি, কিন্তু গুগল আৰু সকলো অংশীদাৰৰ সৈতে একেলগে গঢ়ি তুলিব পাৰি । দিল্লী এআই শীৰ্ষ সন্মিলনত সুন্দৰ পিচাইৰ সৈতে আমি ফ্ৰান্সৰ জি-৭ৰ অধ্যক্ষতাৰ অগ্ৰাধিকাৰৰ বিষয়ে আলোচনা কৰিলোঁ আৰু মই বাৰ্তাটো আগবঢ়াই দিলোঁ ।”

মেটাৰ মুখ্য এআই বিষয়া আলেকজেণ্ডাৰ ৱাঙৰ সৈতেও মেক্ৰনে আলোচনা কৰে । এক্সত দিয়া এটা পোষ্টত তেওঁ কয় যে দিল্লী এআই শীৰ্ষ সন্মিলনত মেটাৰ আলেকজেণ্ডাৰ ৱাঙৰ সৈতে গঠনমূলক আলোচনা হৈছিল । আমি ফ্ৰান্সে কি দিব পাৰে সেই বিষয়ে আলোচনা কৰিছিলো : প্ৰতিভা, গৱেষণা, আৰু ডাটা চেণ্টাৰ ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীয়ে জনালে ৰমজানৰ শুভেচ্ছা, দিলে সামাজিক ঐক্যৰ বাৰ্তা

ফ্ৰান্স-আমেৰিকাৰ পৰা ওমানলৈকে… ২০২৫ বৰ্ষত কোন কোন দেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ফ্ৰান্স ভ্ৰমণৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশ ভ্ৰমণ আৰম্ভ কৰিছিল । এই বৰ্ষটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে ২২খন দেশ ভ্ৰমণ কৰে ।

২০২৫ বৰ্ষই আমাৰ পৰা বিদায় লোৱাৰ সময় সমাগত । ভাৰতৰ বাবে কিছু কিছু ক্ষেত্ৰত এয়া আছিল এক প্ৰত্যাহ্বানমূলক বছৰ । ভাৰতে অন্যান্য বিষয়ৰ লগতে সন্ত্ৰাসবাদী আক্ৰমণ, পাকিস্তানৰ সৈতে সামৰিক সংঘাত, আমেৰিকাৰ সৈতে শুল্ক বিবাদৰ সৈতে যুঁজি থকাৰ সময়তে দেশখনে বৈদেশিক নীতি শক্তিশালী কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় স্বাৰ্থৰ উন্নতিৰ পোষকতা কৰি চলিত বৰ্ষত মুঠ ২৩খন দেশ ভ্ৰমণ কৰে ।

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ফ্ৰান্স ভ্ৰমণৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশ ভ্ৰমণ আৰম্ভ কৰিছিল আৰু সেই বছৰৰ শেষৰ ফালে তেওঁ ওমান ভ্ৰমণ কৰিছিল, য’ত প্ৰধানমন্ত্ৰীয়ে লাভ কৰা সন্মান আৰু বিশেষ আদৰণিয়ে ভাৰতৰ বিশ্বব্যাপী স্থান প্ৰদৰ্শন কৰিছিল । আজি আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৩টা বিদেশ ভ্ৰমণৰ ওপৰত আলোকপাত কৰিম, যিয়ে বিশ্ব মঞ্চত ভাৰতৰ গুৰুত্ব আৰু প্ৰতিপত্তি আৰু অধিক বৃদ্ধি কৰিলে আৰু ভাৰতৰ বৈদেশিক নীতিক শক্তিশালী কৰিলে ।

১১-১২ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে ফ্ৰান্সৰ এ আই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ ভাৰতৰ এ আই মিছনৰ বিষয়ে বিশ্ববাসীক অৱগত কৰে । ২০২৬ চনত ভাৰতে এ আই শীৰ্ষ সন্মিলন আয়োজন কৰিব । ভাৰত আৰু ফ্ৰান্সৰ মাজত সম্পৰ্ক গভীৰ হৈ পৰিল । ভাৰতে এতিয়া আতিথ্য প্ৰদান কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক ।

১২-১৩ ফেব্ৰুৱাৰীঃ আমেৰিকা ভ্ৰমণ, ৰাষ্ট্ৰপতি ট্ৰাম্পে হোৱাইট হাউছত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় । দুয়োখন দেশ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সহমতত উপনীত হয় । ক্ষমতালৈ অহাৰ পাছত প্ৰথমবাৰৰ বাবে ট্ৰাম্পে হোৱাইট হাউছলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনায় । এই সময়ছোৱাত ইউ এছ-ইণ্ডিয়া কম্পেক্ট নামৰ এক নতুন পদক্ষেপ আৰম্ভ কৰা হয় । মিছন-৫০০ অৰ্থাৎ ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যত ৫০০ বিলিয়ন ডলাৰ লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয় । বিটিএ (বাণিজ্যিক চুক্তি) সন্দৰ্ভতো দুয়োগৰাকী নেতাৰ মাজত আলোচনা হয় । ইণ্ডিয়া মিডল ইষ্ট ইউৰোপ কৰিডৰ আৰু আই টু ইউ ২ সন্দৰ্ভতো আলোচনা কৰা হয় । এই সময়ছোৱাত তাহাৱুৰ ৰাণাক প্ৰত্যাৰ্পণতো অনুমোদন জনোৱা হয় ।

১১-১২ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৰিচাছ ভ্ৰমণ । মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱসত তেওঁ মুখ্য অতিথি হিচাপে উপস্থিত থাকে । ভাৰতৰ ভিজন সাগৰৰ বাবে মৰিচাছ গুৰুত্বপূৰ্ণ ।

৩-৪ এপ্ৰিলঃ বিমষ্টেক শীৰ্ষ সন্মিলনৰ বাবে থাইলেণ্ড ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । থাইলেণ্ড-ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কতো থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা হয় । ইয়াক ভাৰতৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ অংশ বুলিও গণ্য কৰা হয় ।

৪-৬ এপ্ৰিলঃ শ্ৰীলংকা ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । নতুন চৰকাৰ গঠনৰ পিছত এইটোৱেই আছিল প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰীলংকা ভ্ৰমণ । সংকটৰ সময়ত ভাৰতে শ্ৰীলংকাৰ সৈতে থিয় দিছিল আৰু প্ৰথম সঁহাৰিদাতাৰ ভূমিকা পালন কৰিছিল । এই ভ্ৰমণক চুবুৰীৰ প্ৰথম নীতিৰ প্ৰতিফলন হিচাপে দেখা গৈছে ।

২২ এপ্ৰিলঃ ছৌদি ক্ৰাউন প্ৰিন্সৰ আমন্ত্ৰণত চৌদি আৰৱ ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই ভ্ৰমণে উপসাগৰীয় দেশসমূহৰ সৈতে ভাৰতৰ সুদৃঢ় সম্পৰ্কৰ সাক্ষ্য দিয়ে । মুছলিম ৱৰ্ল্ড লীগৰ সচিব প্ৰধানেও প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠকত মিলিত হয় । ভাৰত-চৌদি আৰব ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ কাউন্সিল (এছ পি চি)ৰ বৈঠক অনুষ্ঠিত কৰে ক্ৰাউন প্ৰিন্সে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণকো গৰিহণা দিয়ে ক্ৰাউন প্ৰিন্সে । ভাৰতলৈ ঘূৰি অহাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ বাতিল কৰি পহলগাম আক্ৰমণৰ পিছত ধাৰাবাহিকভাৱে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে ।

১৫-১৬ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চাইপ্ৰাছ ভ্ৰমণ । দুই দশকৰ ভিতৰত এইটোৱেই আছিল ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম চাইপ্ৰাছ ভ্ৰমণ । ভূমধ্যসাগৰীয় অঞ্চলৰ এই ভ্ৰমণ আছিল উল্লেখযোগ্য । দশক দশক ধৰি কোনো প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ নকৰা দেশৰ সৈতে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এয়া আছিল এক উল্লেখযোগ্য ভ্ৰমণ । ছাইপ্ৰাছে পাহালগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে ।

১৬-১৭ জুন : জাষ্টিন ট্ৰুডোৰ ৰাষ্ট্ৰপতিত্বৰ সময়ত ভাৰত আৰু কানাডাৰ সম্পৰ্কৰ অৱনতি ঘটাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম কানাডা ভ্ৰমণ । কানানাস্কিছত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছিল তেওঁ । কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণত তেওঁ এই ভ্ৰমণ কৰে । এই ভ্ৰমণৰ সময়ত ভাৰত আৰু কানাডাৰ উচ্চায়ুক্তসকলক পুনৰ নিয়োগ কৰাৰ ক্ষেত্ৰত এক চুক্তিত উপনীত হয় । আৰলি প্ৰগ্ৰেছ ট্ৰেড এগ্ৰিমেণ্ট সন্দৰ্ভতো আলোচনা কৰা হয় । দুয়োখন দেশৰ মাজৰ সম্পৰ্ক পুনৰ শুদ্ধ পথলৈ অহা যেন দেখা যায় । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ মাজত দীঘলীয়া টেলিফোনিক বাৰ্তালাপ হয় ।

১৮ জুন : ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰপথমবাৰৰ বাবে ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰে । ই দুয়োখন দেশৰ সম্পৰ্কত এক ডাঙৰ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰে । ইয়াক ইউৰোপীয় সংঘৰ অংশীদাৰৰ সৈতে আলোচনা, সংযোগ আৰু পাৰস্পৰিক ক্ৰিয়া-কলাপ বজাই ৰখাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰদৰ্শন হিচাপে দেখা গৈছিল ।

২-৩ জুলাই : তিনি দশকৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া আছিল প্ৰথমটো ঘানা ভ্ৰমণ । ভাৰত আৰু ঘানাৰ মাজৰ সম্পৰ্কক এক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছিল । ঘানাই প্ৰধানমন্ত্ৰী মোদীক দেশকৰ ৰাষ্ট্ৰীয় সন্মানে  “অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা” সন্মানেৰে সন্মানিত কৰে । ঘানাৰ সংসদতো ভাষণ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ।

৩-৪ জুলাই : প্ৰধানমন্ত্ৰী মোদীৰ আনুষ্ঠানিক ট্ৰিনিদাদ এণ্ড ট’বাগো ভ্ৰমণ । ১৯৯৯ চনৰ পিছত দেশখনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ত্ৰিনিদাদৰ সংসদৰ যৌথ অধিৱেশনত ভাষণ দিয়ে । গ্ল’বেল চাউথৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰতো আলোচনাত গুৰুত্ব আৰোপ কৰা হয় । গ্ল’বেল চাউথৰ দেশসমূহৰ বাবে ভাৰত হৈছে এক শক্তিশালী কণ্ঠ । ট্ৰিনিদাদ এণ্ড ট’বাগোৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা “দ্য অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বাগো”ৰে সন্মানিত কৰা হয় নৰেন্দ্ৰ মোদীক ।

৪-৫ জুলাইঃ প্ৰধানমন্ত্ৰী মোদীৰ আৰ্জেণ্টিনা ভ্ৰমণ । ৰাষ্ট্ৰপতি মিলীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী । আলোচনাত ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

৫-৮ জুলাইঃ ব্ৰাজিল ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ । এই ভ্ৰমণৰ সময়ত তেওঁ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰে । ব্ৰিকছৰ দেশসমূহে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে, বিশেষকৈ চীন, যিখনো ব্ৰিকছৰ সদস্য । ৰিঅ’ ডি জেনেইৰোৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাজিলৰ ৰাজধানী ব্ৰাজিলিয়ালৈ যাত্ৰা কৰে আৰু তাৰ পৰাই তেওঁৰ ৰাজকীয় ভ্ৰমণ আৰম্ভ হয় । দুয়োখন দেশৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয় । প্ৰধানমন্ত্ৰীক আদৰণি জনোৱা হয় । আগন্তুক পাঁচ বছৰত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য ২০ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয় ।

৯ জুলাইঃ ৰাজকীয় ভ্ৰমণসূচীৰে নামিবিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । ভাৰতৰ পৰা এয়া আছিল তৃতীয় প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ । এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম নামিবিয়া ভ্ৰমণ । তেওঁ নামিবিয়াৰ সংসদতো ভাষণ দিয়ে । নামিবিয়াই প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ বঁটা “অৰ্ডাৰ অৱ দ্য মষ্ট এন্সিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ”ৰে সন্মানিত কৰে ।

২৩-২৪ জুলাইঃ প্ৰধানমন্ত্ৰী মোদীৰ ব্ৰিটেইনলৈ আনুষ্ঠানিক ভ্ৰমণ । এই ভ্ৰমণৰ সময়ত তেওঁ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । ৰজা তৃতীয় চাৰ্লছকো তেওঁ সাক্ষাৎ কৰে । ভাৰত আৰু ব্ৰিটেইনৰ মাজত ভাৰত-ব্ৰিটেইনৰ সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (CETA) ঘোষণা কৰা হয় । এইটো এটা ডাঙৰ সিদ্ধান্ত বুলি ধৰিব পাৰি । দুয়োগৰাকী নেতাই ভাৰত-ইউ কে ভিজন ২০৩৫ক স্বীকাৰ কৰে ।

২৫-২৬ জুলাইঃ প্ৰধানমন্ত্ৰী মোদীৰ মালদ্বীপ ভ্ৰমণ । এই ভ্ৰমণৰ সময়ত মালদ্বীপৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদী । ভাৰতৰ শক্তিক স্বীকাৰ কৰি ভাৰতৰ সৈতে আগবাঢ়ি যাবলৈ বাধ্য হ’ল মালদ্বীপৰ ৰাষ্ট্ৰপতি । ভাৰতৰ বাবে এয়া আছিল এক বৃহৎ কূটনৈতিক জয়, কিয়নো “ইণ্ডিয়া আউট” শ্লোগান উত্থাপন কৰা মইজুৱে মালদ্বীপৰ জনসাধাৰণৰ হেঁচাত নতশিৰ হৈ ভাৰতৰ সৈতে আগবাঢ়ি যাব লগা হয় ।

২৯-৩০ আগষ্টঃ জাপান ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয় । তেওঁ ১৫ সংখ্যক ভাৰত-জাপান সন্মিলনত অংশ লয় ।

৩১ আগষ্ট-১ ছেপ্টেম্বৰ : ২০১৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ছি জিনপিঙৰ আমন্ত্ৰণত এছচিঅ’ৰ বৈঠকত অংশগ্ৰহণ কৰে । এই ভ্ৰমণৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে তেওঁৰ গাড়ী চলোৱাৰ বিষয়ে বহু চৰ্চিত হৈছিল । ভাৰত-চীনৰ সম্পৰ্কৰ নতুন আৰম্ভণি । দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান যাত্ৰা পুনৰ আৰম্ভ কৰাৰ বাবে চুক্তিত উপনীত হয় । সীমান্ত অঞ্চলত শান্তি আৰু স্থিতিশীলতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । কৈলাশ মানসৰোৱৰ যাত্ৰা আৰু পৰ্যটন ভিছা সন্দৰ্ভতো আলোচনা হয় । ২০২৬ চনত চীনৰ ৰাষ্ট্ৰপতিক ব্ৰিকছ শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে ।

১১-১২ নৱেম্বৰঃ ভূটান ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী । ভূটানৰ ৰজাক সাক্ষাৎ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰে তেওঁ । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ শোক প্ৰকাশ কৰি এই আক্ৰমণৰ দোষীক ন্যায়ৰ কাঠগঢ়ালৈ আনিব বুলি উল্লেখ কৰে ।

২১-২৩ নৱেম্বৰঃ দক্ষিণ আফ্ৰিকা ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ । জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে কেইবাগৰাকীও ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰে ।

১৫-১৬ ডিচেম্বৰ : জৰ্ডান ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ । তেওঁ জৰ্ডানৰ ৰজাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । আঞ্চলিক কূটনীতি আৰু কৌশলৰ ক্ষেত্ৰত এই ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হয় ।

১৬-১৭ ডিচেম্বৰ : ইথিওপিয়া ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । ইথিওপিয়াই প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ বঁটাৰে সন্মানিত কৰে । এই সময়ছোৱাত দুয়োখন দেশৰ মাজৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হয় ।

১৭-১৮ ডিচেম্বৰঃ ওমান ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ । তেওঁ ওমানৰ চুলতানক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজত এফ টি এ ঘোষণা কৰে । ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । উপসাগৰীয় দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰিৰ পৰা যুৱ শক্তি, অপাৰেচন সিন্দুৰলৈকে… মন কি বাতত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

মাত্ৰ চাৰি মিনিটঃ চিনেমাৰ ষ্টাইলত প্ৰখ্যাত সংগ্ৰহালয়ৰ পৰা চোৰে লুটিলে অমূল্য ৰত্ন

চিনেমাৰ ষ্টাইলত ফ্ৰান্সৰ প্ৰসিদ্ধ সংগ্ৰহালয়ত চুৰি

দেওবাৰে বিশ্বৰ অন্যতম বিখ্যাত আৰু ব্যস্ত সংগ্ৰহালয় লুভৰ সংগ্ৰহালয়ত মাত্ৰ চাৰি মিনিটতে সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাণ্ড । চোৰে বাস্কেট লিফ্ট ব্যৱহাৰ কৰি সংগ্ৰহালয়ৰ গেলেৰী ডেছ এপলনত প্ৰৱেশ কৰি নেপোলিয়ন যুগৰ বহুমূলীয়া ৰত্ন চুৰি কৰি পলায়ন কৰে । ইয়াৰে এপদ গহণা, নেপোলিয়নৰ পত্নী সম্ৰাজ্ঞী ইউজেনীৰ পান্না খচিত মুকুট সংগ্ৰহালয়ৰ বাহিৰত পোৱা যায় । অৱশ্যে এই মুকুট ভঙা অৱস্থাত উদ্ধাৰ হয় । উল্লেখ্য যে, এই সংগ্ৰহালয়ত দৈনিক ৩০ হাজাৰ পৰ্যন্ত দৰ্শনাৰ্থী আহিব পাৰে ।

এই ঘটনা ১৯ অক্টোবৰৰ পুৱা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় । ঘটনাৰ সময়ত লুভৰত দৰ্শনাৰ্থীৰ ব্যাপক ভিৰ আছিল । নিৰ্মাণস্থলীৰ ওচৰৰ লিফট ব্যৱহাৰ কৰি চোৰে এখন খিৰিকী ভাঙি ডিস্ক কাটাৰেৰে গ্লাছ কাটি পোনে পোনে বহুমূলীয়া গহনা ৰখা শ্ব’কেছলৈ গৈছিল । ডিছপ্লে কেছ ভাঙি ৯টাকৈ গহনা চুৰি কৰি মটৰ চাইকেলেৰে পলায়ন কৰে চোৰে ।

ফ্ৰান্সৰ সাংস্কৃতিক মন্ত্ৰীয়ে কয় যে কৰ্তৃপক্ষই তদন্ত চলাই থকাৰ সময়তে লুভৰ সেইদিনাৰ বাবে বন্ধ কৰি ৰখা হৈছে । এক্সত তেওঁ লিখিছে, ‘আজি পুৱা লুভৰ মিউজিয়াম মুকলি কৰাৰ সময়ত এটা চুৰিকাণ্ড সংঘটিত হয় । তেওঁ কয় যে তদন্তৰ কাৰণে সংগ্ৰহালয়টো বন্ধ হৈ থাকিব । অৱশ্যে এই চুৰিকাণ্ডৰ সন্দৰ্ভত আৰু কোনো সবিশেষ প্ৰকাশ কৰা নাই তেওঁ ।

কি কি চুৰি হ’ল ?

চুৰি হোৱা নটা গহণাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল নেপোলিয়ন তৃতীয়ৰ পত্নী সম্ৰাজ্ঞী ইউজেনীৰ পান্নাৰে আবৃত মুকুট । তাত সোণ, হীৰা আৰু এটা খোদিত ঈগল সজোৱা আছিল । মিউজিয়ামৰ বাহিৰত এই মুকুটটো ভাঙি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে বাকী ৰত্নসমূহ এতিয়াও উদ্ধাৰ হোৱা নাই ।

সংগ্ৰহালয়ত প্ৰাচীন সামগ্ৰী, ভাস্কৰ্য্য, আৰু চিত্ৰকলাৰ সংগ্ৰহ-

লুভৰ মিউজিয়ামৰ সংগ্ৰহত নেপোলিয়নৰ লুণ্ঠনৰ সামগ্ৰীও আছে, যিয়ে ক্ষতিপূৰণৰ ওপৰত বিতৰ্কক ইন্ধন যোগাই আহিছে । লুভৰত মেছ’পটেমিয়া, ইজিপ্ত আৰু ধ্ৰুপদী জগতৰ পৰা আৰম্ভ কৰি ইউৰোপীয় শিল্পীলৈকে ৩৩,০০০ৰো অধিক শিল্পকৰ্ম, ভাস্কৰ্য্য আৰু চিত্ৰকলা আছে । ইয়াৰ প্ৰধান আকৰ্ষণসমূহৰ ভিতৰত আছে মনালিছা, ভেনাছ ডি মিলো । দেওবাৰৰ চুৰিৰ অভিযোগ সংঘটিত হোৱা গেলেৰী ডি এপ’লনত ফ্ৰান্সৰ ৰাজমুকুটৰ অলংকাৰ প্ৰদৰ্শিত হয় । এই মিউজিয়ামত হামুৰাবীৰ কোড আৰু ইউৰোপীয় চিত্ৰকলাৰ মাষ্টাৰপিছো আছে ।

লগতে পঢ়ক : মূৰত মুকুট; এ আই ভিডিঅ’ প্ৰকাশ কৰি প্ৰতিবাদকাৰীক উপহাস ডনাল্ড ট্ৰাম্পৰ