ইতিহাসৰ আটাইতকৈ ভয়ংকৰ গৰম! ভাঙিব পাৰে পূৰ্বৰ সকলো অভিলেখ

ইতিহাসৰ আটাইতকৈ ভয়ংকৰ গৰম! ভাঙিব পাৰে পূৰ্বৰ সকলো অভিলেখ

ইতিহাসৰ আটাইতকৈ ভয়ংকৰ গৰম! প্ৰচণ্ড উত্তাপৰ বাবে জৰুৰীকালীন পদক্ষেপ । শীতলীকৰণ কেন্দ্ৰলৈ ৰূপান্তৰ হ’ল শ শ ভৱন । চলি থকা ফিফা বিশ্বকাপৰ উন্মাদনাৰ মাজতে বৰ্তমান সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব প্ৰান্তত এক অভূতপূৰ্ব আৰু প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে ত্ৰাসৰ সৃষ্টি কৰিছে । এই তীব্ৰ গৰমৰ বাবে দেশখনৰ

ইতিহাসৰ আটাইতকৈ ভয়ংকৰ গৰম! প্ৰচণ্ড উত্তাপৰ বাবে জৰুৰীকালীন পদক্ষেপ । শীতলীকৰণ কেন্দ্ৰলৈ ৰূপান্তৰ হ’ল শ শ ভৱন ।

চলি থকা ফিফা বিশ্বকাপৰ উন্মাদনাৰ মাজতে বৰ্তমান সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব প্ৰান্তত এক অভূতপূৰ্ব আৰু প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে ত্ৰাসৰ সৃষ্টি কৰিছে । এই তীব্ৰ গৰমৰ বাবে দেশখনৰ বিদ্যুৎ সৰবৰাহ গ্ৰীডসমূহৰ ওপৰত অতিৰিক্ত চাপ পৰাৰ লগতে জনজীৱন ব্যাহত হৈ পৰিছে । কেৱল এয়াই নহয়, আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ফিফা বিশ্বকাপ খেলৰ প্ৰস্তুতি আৰু দেশখনৰ ঐতিহাসিক ২৫০ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ আনন্দও এই গৰমে ম্লান কৰি পেলাইছে ।

৪৬ ডিগ্ৰী স্পৰ্শ কৰাৰ সম্ভাৱনা

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, দেশৰ বহু ঠাইত তাপ সূচকাংক ৪৬ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । আমেৰিকাৰ আটাইতকৈ জনবহুল চহৰ নিউয়ৰ্ক চিটিয়ে বৰ্তমান এই ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাজু হৈছে । ইয়াৰ উপৰিও উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় আটলান্টিক উপকূলীয় অঞ্চলসমূহলৈ ইতিমধ্যে গৰমৰ জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰা হৈছে ।

নিউয়ৰ্কত জৰুৰীকালীন ব্যৱস্থা

প্ৰচণ্ড গৰমৰ সৈতে মোকাবিলা কৰিবলৈ নিউয়ৰ্ক চিটি কৰ্তৃপক্ষই এক বিশেষ জৰুৰীকালীন পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ অধীনত চহৰখনৰ শ শ ৰাজহুৱা ভৱনক ‘শীতলীকৰণ কেন্দ্ৰ’লৈ ৰূপান্তৰ কৰা হৈছে । লগতে অসুৰক্ষিত আৰু বয়োজ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ বিশেষ স্বেচ্ছাসেৱক বাহিনী মোতায়েন কৰা হৈছে । আনহাতে সাধাৰণ ৰাইজক সকাহ দিবলৈ চহৰখনৰ সকলো ৰাজহুৱা চুইমিং পুল বা অৱগাহনাগাৰসমূহৰ খোলা থকাৰ সময়সীমা বৃদ্ধি কৰা হৈছে ।

অন্যান্য চহৰৰো পুতৌলগা অৱস্থা

আমেৰিকাৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সেৱাই জনোৱা মতে, বায়ুমণ্ডলত অত্যাধিক আৰ্দ্ৰতাৰ বাবে বষ্টনত ৪১ ডিগ্ৰী, ফিলাডেলফিয়াত ৪৪ ডিগ্ৰী আৰু ৰাজধানী ৱাশ্বিংটনত ৪৫ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত তাপ অনুভৱ হ’ব পাৰে ।

বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে যে এইবাৰৰ স্বাধীনতা দিৱসৰ সময়ছোৱাত পূৰ্বৰ সকলো অভিলেখ ভংগ হ’ব পাৰে । একেৰাহে দৈনিক আৰু মাহিলী উষ্ণতাৰ পুৰণি ৰেকৰ্ড ভাঙি এইয়া ইতিহাসৰ আটাইতকৈ ভয়াৱহ গৰম হিচাপে চিহ্নিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

লগতে পঢ়ক : ভূমিকম্পৰ পাছত আকাশৰ এই ৰূপ দেখি স্তব্ধ হৈ পৰিল সকলো!