‘কংগ্ৰেছৰ সৈতে একত্ৰিত নহয় এনচিপি-এছপি’; শাৰদ পাৱাৰৰ স্পষ্ট মন্তব্য

‘কংগ্ৰেছৰ সৈতে একত্ৰিত নহয় এনচিপি-এছপি’; শৰদ পাৱাৰৰ স্পষ্ট মন্তব্য

শৰদ পাৱাৰৰ দল এন চি পি-এছ পি কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱাৰ খবৰত যতি পেলাইছে শৰদ পাৱাৰে। শৰদ পাৱাৰে নিজেই এই জল্পনা-কল্পনাক খাৰিজ কৰিছে। মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ সৈতে জড়িত এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। এনচিপি-এছ পি কংগ্ৰেছৰ সৈতে একত্ৰীকৰণৰ জল্পনা-কল্পনাৰ অন্ত পেলাইছে শৰদ পাৱাৰে। এনচিপি (শৰদচন্দ্ৰ পাৱাৰ)ৰ

শৰদ পাৱাৰৰ দল এন চি পি-এছ পি কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱাৰ খবৰত যতি পেলাইছে শৰদ পাৱাৰে। শৰদ পাৱাৰে নিজেই এই জল্পনা-কল্পনাক খাৰিজ কৰিছে।

মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ সৈতে জড়িত এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। এনচিপি-এছ পি কংগ্ৰেছৰ সৈতে একত্ৰীকৰণৰ জল্পনা-কল্পনাৰ অন্ত পেলাইছে শৰদ পাৱাৰে। এনচিপি (শৰদচন্দ্ৰ পাৱাৰ)ৰ মুৰব্বী শৰদ পাৱাৰে তেওঁৰ দল কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱাৰ দাবীক খাৰিজ কৰিছে। শৰদ পাৱাৰে স্পষ্টকৈ কৈছে যে আমাৰ দলত কোনো বিভাজন হ’বলৈ যোৱা নাই আৰু দলটো কংগ্ৰেছৰ সৈতেও একত্ৰিত নহয়।

উল্লেখ্য যে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিজয় ৱাডেট্টিৱাৰে দাবী কৰিছিল যে শৰদ পাৱাৰৰ গোটৰ এনচিপি অতি সোনকালে তেওঁলোকৰ দলৰ সৈতে একত্ৰিত হ’ব। কংগ্ৰেছ নেতাগৰাকীয়ে এই সন্দৰ্ভত হাইকমাণ্ডৰ সৈতে এনচিপি নেতাৰ বৈঠক দিল্লীত চলি আছে বুলি উল্লেখ কৰিছিল। অৱশ্যে এতিয়া শৰদ পাৱাৰে সেই সকলোবোৰ জল্পনা-কল্পনা নাকচ কৰিছে।

আচলতে মহাৰাষ্ট্ৰৰ ৰাজনীতিত বিগত কেইবাদিনো ধৰি এই চৰ্চা চলি আছিল যে শৰদ পাৱাৰে তেওঁৰ দলটো কংগ্ৰেছৰ সৈতে একত্ৰিত কৰিবলৈ গৈ আছে ।  উল্লেখ্য যে ১৯৯৯ চনত শৰদ পাৱাৰে কংগ্ৰেছ ত্যাগ কৰি নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP) নামৰ এটা সুকীয়া দল গঠন কৰিছিল। অৱশ্যে ২০২৩ চনত এনচিপিত বিভাজন ঘটে। শৰদ পাৱাৰৰ ভতিজা অজিত পাৱাৰে বিদ্ৰোহ কৰে আৰু এনচিপি তেওঁৰ হাতলৈ যায়। ইয়াৰ পিছত শৰদ পাৱাৰে এনচিপি (শৰদচন্দ্ৰ পাৱাৰ) গঠন কৰে। অজিত পাৱাৰৰ এনচিপি বিজেপিৰ নেতৃত্বাধীন ‘মহায়ুতি’ৰ অংশীদাৰ হোৱাৰ বিপৰীতে শৰদ পাৱাৰৰ এনচিপিয়ে বিৰোধী শিবিৰ ‘মহাৱিকাশ আঘাড়ী’ৰ পক্ষ লয়।

লগতে পঢ়ক: পশ্চিম বংগৰ টিএমচিৰ সাংসদ মহুৱা মৈত্ৰলৈ কণী নিক্ষেপ সমবেত জনতাৰ

শেহতীয়া প্ৰৱন্ধসমূহ