ভাৰতীয় অ’পেনাৰ অভিষেক শৰ্মাই ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টি-২০আন্তঃৰাষ্ট্ৰীয়ত ২৪ বলত ৫৯ ৰানৰ দুৰ্দান্ত ইনিংছ খেলি ইতিহাস সৃষ্টি কৰিলে।
ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতীয় বেটছমেন অভিষেক শৰ্মাই নিজৰ বিস্ফোৰক বেটিঙেৰে এনে এক অভিলেখ গঢ়িলে, যিটো বিশ্বৰ ডাঙৰ ডাঙৰ পাৱাৰ হিটৰেও গঢ়িব পৰা নাছিল। ভাৰতৰ দুৰ্বল আৰম্ভণিৰ মাজতে অভিষেকে কেৱল আগ্ৰাসী বেটিং কৰি দলৰ ইনিংছ পৰিচালনা কৰাই নহয়, বৰঞ্চ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ফুল মেম্বাৰ ৰাষ্ট্ৰৰ (পূৰ্ণকালীন সদস্য দেশ) ভিতৰত আটাইতকেই কম বলত ১০০টা ছিক্সাৰ মৰা বেটছমেন হিচাপেও পৰিগণিত হ’ল।
চেষ্টাৰ-লে-ষ্ট্ৰীটত অনুষ্ঠিত হোৱা খেলখনত ভাৰতে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়, কিন্তু আৰম্ভণিতেই সঞ্জু চেমচন আৰু ঈশান কিষাণৰ উইকেট হেৰুৱাই দলটো চাপত পৰে। এনে কঠিন সময়ত অভিষেক শৰ্মাই দায়িত্ব লৈ ইংলেণ্ডৰ বলাৰসকলৰ ওপৰত ওলোটা আক্ৰমণ চলায়। তেওঁ স্পিনাৰ লিয়াম ডছনৰ বলত এটা সুন্দৰ ছিক্সাৰ কোবায় ইয়াৰ পাছতে ছাকিব মাহমুদৰ বলত একেৰাহে দুটা ছয় মাৰি টি-২০ কেৰিয়াৰত ১০০টা ছয় সম্পূৰ্ণ কৰে।এই স্থানত উপনীত হ’বলৈ অভিষেকে মাত্ৰ ৭৮৫টা বলৰ সন্মুখীন হয়, যিটো যিকোনো পূৰ্ণকালীন সদস্য দেশৰ বেটছমেনৰ দ্বাৰা আটাইতকৈ দ্ৰুতগতিত ১০০টা ছিক্সাৰ সম্পূৰ্ণ কৰাৰ কৃতিত্ব। এই অভিলেখেৰে তেওঁ ৱেষ্ট ইণ্ডিজৰ বিস্ফোৰক বেটছমেন এভিন লুইছৰ অভিলেখ ভংগ কৰে।টি-২০ আন্তঃৰাষ্ট্ৰীয়ত লুইছে ৭৮৯টা বলত ১০০টা ছিক্সাৰ সম্পূৰ্ণ কৰিছিল।
T20I ত আটাইতকেই কম বলত ১০০টা ছিক্সাৰ মৰা বেটছমেনসমূহ:
- ৭৮৫ বল – অভিষেক শৰ্মা
- ৭৮৯ বল – এভিন লুইছ
- ৮৭১ বল – ফিন এলিন
- ৯৩১ বল – টিম ডেভিড
প্ৰথমে বেটিং কৰিবলৈ নমা ভাৰতীয় দলটোৰ ইনিংছৰ আৰম্ভণি বৰ বিশেষ ভাল নাছিল। ২ অভাৰৰ ভিতৰতে সঞ্জু চেমচন আৰু ঈশান কিষাণ পেভিলিয়নলৈ উভতি যায়। আৰম্ভণিতে বিপৰ্যয়ৰ অন্তত অভিষেকে দ্ৰুতগতিত ৰান সংগ্ৰহ কৰি ইংলেণ্ডৰ বলাৰসকলৰ ছন্দত ব্যাঘাত জন্মায়। তেওঁ মাত্ৰ ২০টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে আৰু ২০০তকৈ অধিক ষ্ট্ৰাইক ৰেটেৰে বেটিং কৰি খেলৰ গতি সলনি কৰি দিয়ে। অৱশ্যে তেওঁৰ এই ধুমুহা সদৃশ ইনিংছৰ অন্ত পেলায় ছেম কাৰনে। অভিষেকে ২৪টা বলত ৫৯ ৰান কৰে, য’ত ৬টা চাৰি আৰু ৪টা ছয় অন্তৰ্ভুক্ত আছিল। তেওঁৰ এই ইনিংছৰ বলতেই ভাৰতে ১০ অভাৰত ৩টা উইকেট হেৰুৱাই স্ক’ৰবৰ্ডত ৯৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক: অভিষেক শৰ্মাক পিছ পেলাই শীৰ্ষত ঈশান কিষাণ; টি-২০ৰ ৰেংকিঙৰ ১ নম্বৰ বেটছমেন








