ইংলেণ্ডত ইতিহাস অভিষেক শৰ্মাৰ; ভংগ কৰিলে ইভিন লুইছৰ বৃহৎ অভিলেখ

ভাৰতীয় অ’পেনাৰ অভিষেক শৰ্মাই ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টি-২০আন্তঃৰাষ্ট্ৰীয়ত ২৪ বলত ৫৯ ৰানৰ দুৰ্দান্ত ইনিংছ খেলি ইতিহাস সৃষ্টি কৰিলে।

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতীয় বেটছমেন অভিষেক শৰ্মাই নিজৰ বিস্ফোৰক বেটিঙেৰে এনে এক অভিলেখ গঢ়িলে, যিটো বিশ্বৰ ডাঙৰ ডাঙৰ পাৱাৰ হিটৰেও গঢ়িব পৰা নাছিল। ভাৰতৰ দুৰ্বল আৰম্ভণিৰ মাজতে অভিষেকে কেৱল আগ্ৰাসী বেটিং কৰি দলৰ ইনিংছ পৰিচালনা কৰাই নহয়, বৰঞ্চ টি-২০ আন্তঃৰাষ্ট্ৰীয়  ক্ৰিকেটত ফুল মেম্বাৰ ৰাষ্ট্ৰৰ (পূৰ্ণকালীন সদস্য দেশ) ভিতৰত আটাইতকেই কম বলত ১০০টা ছিক্সাৰ মৰা বেটছমেন হিচাপেও পৰিগণিত হ’ল।

চেষ্টাৰ-লে-ষ্ট্ৰীটত অনুষ্ঠিত হোৱা খেলখনত ভাৰতে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়, কিন্তু আৰম্ভণিতেই সঞ্জু চেমচন আৰু ঈশান কিষাণৰ উইকেট হেৰুৱাই দলটো চাপত পৰে। এনে কঠিন সময়ত অভিষেক শৰ্মাই দায়িত্ব লৈ ইংলেণ্ডৰ বলাৰসকলৰ ওপৰত ওলোটা আক্ৰমণ চলায়। তেওঁ স্পিনাৰ লিয়াম ডছনৰ বলত এটা সুন্দৰ ছিক্সাৰ কোবায় ইয়াৰ পাছতে ছাকিব মাহমুদৰ বলত একেৰাহে দুটা ছয় মাৰি টি-২০ কেৰিয়াৰত ১০০টা ছয় সম্পূৰ্ণ কৰে।এই স্থানত উপনীত হ’বলৈ অভিষেকে মাত্ৰ ৭৮৫টা বলৰ সন্মুখীন হয়, যিটো যিকোনো পূৰ্ণকালীন সদস্য দেশৰ বেটছমেনৰ দ্বাৰা আটাইতকৈ দ্ৰুতগতিত ১০০টা ছিক্সাৰ সম্পূৰ্ণ কৰাৰ কৃতিত্ব। এই অভিলেখেৰে তেওঁ ৱেষ্ট ইণ্ডিজৰ বিস্ফোৰক বেটছমেন এভিন লুইছৰ অভিলেখ ভংগ কৰে।টি-২০ আন্তঃৰাষ্ট্ৰীয়ত লুইছে ৭৮৯টা বলত  ১০০টা ছিক্সাৰ সম্পূৰ্ণ কৰিছিল।

T20I ত আটাইতকেই কম বলত ১০০টা ছিক্সাৰ মৰা বেটছমেনসমূহ:

  • ৭৮৫ বল – অভিষেক শৰ্মা
  • ৭৮৯ বল – এভিন লুইছ
  • ৮৭১ বল – ফিন এলিন
  • ৯৩১ বল – টিম ডেভিড

প্ৰথমে বেটিং কৰিবলৈ নমা ভাৰতীয় দলটোৰ ইনিংছৰ আৰম্ভণি বৰ বিশেষ ভাল নাছিল। ২ অভাৰৰ ভিতৰতে সঞ্জু চেমচন আৰু ঈশান কিষাণ পেভিলিয়নলৈ উভতি যায়। আৰম্ভণিতে বিপৰ্যয়ৰ অন্তত অভিষেকে দ্ৰুতগতিত ৰান সংগ্ৰহ কৰি ইংলেণ্ডৰ বলাৰসকলৰ ছন্দত ব্যাঘাত জন্মায়। তেওঁ মাত্ৰ ২০টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে আৰু ২০০তকৈ অধিক ষ্ট্ৰাইক ৰেটেৰে বেটিং কৰি খেলৰ গতি সলনি কৰি দিয়ে। অৱশ্যে তেওঁৰ এই ধুমুহা সদৃশ ইনিংছৰ অন্ত পেলায় ছেম কাৰনে। অভিষেকে ২৪টা বলত ৫৯ ৰান কৰে, য’ত ৬টা চাৰি আৰু ৪টা ছয় অন্তৰ্ভুক্ত আছিল। তেওঁৰ এই ইনিংছৰ বলতেই ভাৰতে ১০ অভাৰত ৩টা উইকেট হেৰুৱাই স্ক’ৰবৰ্ডত ৯৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: অভিষেক শৰ্মাক  পিছ পেলাই শীৰ্ষত ঈশান কিষাণ; টি-২০ৰ ৰেংকিঙৰ ১ নম্বৰ বেটছমেন

অভিষেক শৰ্মাক  পিছ পেলাই শীৰ্ষত ঈশান কিষাণ; টি-২০ৰ ৰেংকিঙৰ ১ নম্বৰ বেটছমেন

নিজৰ সতীৰ্থ অভিষেক শৰ্মাক চেৰ পেলাই ঈশান কিষাণে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত বিশ্বৰ ১ নম্বৰ বেটছমেন হিচাপে পৰিগণিত হৈছে।

শেহতীয়া আইচিচি টি-২০ ৰেংকিঙত এক অদ্ভুত সালসলনি পৰ্যবেক্ষণ কৰা হৈছে, যাৰ ফলত ক্ৰিকেট জগত আৰু অনুৰাগী উভয়ে আচৰিত হৈ পৰিছে।টিম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ-বেটছমেন ঈশান কিষাণে প্ৰথমবাৰৰ বাবে বিশ্বৰ ১ নম্বৰ টি-২০ বেটছমেন হিচাপে পৰিগণিত হৈছে।

যুৱ বেটছমেন ঈশান কিষাণে টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত নিজৰে সতীৰ্থ অভিষেক শৰ্মাক পিছ পেলাই নম্বৰ-১ বেটছমেনৰ খিতাপ দখল কৰিছে। আক্ৰমণাত্মক বেটিং আৰু অনবদ্য প্ৰদৰ্শনৰ বলত  ক্ৰিকেটাৰ গৰাকীয়ে এই সফলতা অৰ্জন কৰিছে, যাৰ ফলত ভাৰতীয় দলৰ বেটিং লাইন-আপ অধিক শক্তিশালী দেখা গৈছে।

এই বাঁওহতীয়া বেটছমেনগৰাকীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে দীৰ্ঘদিনৰ বিৰতিৰ পিছত টি-২০ আন্তঃৰাষ্ট্ৰীয় দললৈ প্ৰত্যাৱৰ্তন কৰিছিল, যেতিয়া তেওঁ ২০২৫/২৬ ছিজনত ঝাৰখণ্ডক প্ৰথমবাৰৰ বাবে ছৈয়দ মুস্তাক আলী ট্ৰফীৰ খিতাপ জয় কৰাইছিল। ৰেংকিঙৰ শীৰ্ষত ঈশান কিষাণৰ এই আৰোহণ ২০২৬ চনৰ টি-২০ বিশ্বকাপত তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ফল, আনহাতে অভিষেক শৰ্মাৰ প্ৰদৰ্শন তুলনামূলকভাৱে ম্লান আছিল।

ভাৰত বনাম আয়াৰলেণ্ড টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাত কিষাণে মাত্ৰ ১ আৰু ১২ ৰানহে সংগ্ৰহ কৰে, তথাপিও তেওঁ অভিষেকক পিছ পেলাই ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়। আনহাতে, অভিষেক শৰ্মাই দুখন মেচত ৪৯ আৰু ০ ৰান কৰে।ঈশান কিষাণে ২০২৬ চনৰ টি-২০ বিশ্বকাপত প্ৰায় ২০০ ষ্ট্ৰাইক ৰেটেৰে ৩১৭ ৰান সংগ্ৰহ কৰিছিল, য’ত কলম্বোত পাকিস্তানৰ বিৰুদ্ধে খেলা মেচ বিজয়ী ইনিংছটোও অন্তৰ্ভুক্ত আছিল। বৰ্তমান ঈশান কিষাণৰ ৰেটিং পইণ্ট ৮৭৬, আনহাতে অভিষেকৰ ৮৬৯ পইণ্ট আছে। শীৰ্ষ ১০ গৰাকী খেলুৱৈৰ ভিতৰত থকা আন ভাৰতীয় বেটছমেনসকলৰ ভিতৰত তিলক বাৰ্মা (পঞ্চম) আৰু সূৰ্যকুমাৰ যাদৱ (অষ্টম) স্থানত আছে।

২০২৬ বৰ্ষত ঈশান কিষাণে ১৫ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ৫৪৫ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ১০৩ ৰান। এই সময়ছোৱাত তেওঁ ৪ টা অৰ্ধশতক আৰু ১ টা শতক অৰ্জন কৰিছে। আইপিএল ২০2৬ ত সুন্দৰ প্ৰদৰ্শন কৰাৰ পিছত তেওঁ আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ বাবে দলত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে আৰু নম্বৰ-৩ বেটছমেন হিচাপে তেওঁ এগৰাকী বিশ্বাসযোগ্য খেলুৱৈ প্ৰমাণিত হৈছে। আনহাতে, টি-২০ বিশ্বকাপত অভিষেক শৰ্মাৰ প্ৰদৰ্শন আশাপ্ৰদ নাছিল। তেওঁ মাত্ৰ দুটা ভাল ইনিংছ খেলিছিল— এটা জিম্বাবুৱেৰ বিৰুদ্ধে ছুপাৰ-৮ ৰ মেচত আৰু আনটো ফাইনেলত। আইপিএলত ভাল প্ৰদৰ্শন কৰা স্বত্বেও আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাত তেওঁ বিশেষ চমক দেখুৱাব নোৱাৰিলে।

লগতে পঢ়ক: এছিয়ান গেমছ ২০২৬-ৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা; নেতৃত্বত হৰমনপ্ৰীত

ফাইনেল মেচৰ বাবে আহমেদাবাদত উপস্থিত টিম ইণ্ডিয়া; প্লেয়িং ১১ ত হ’ব নেকি পৰিৱৰ্তন?

টি-২০ বিশ্বকাপ ২০২৬ৰ হাই ভল্টেজ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোৰ প্লেয়িং ১১ত ডাঙৰ পৰিৱৰ্তন হোৱাৰ ইংগিত পোৱা গৈছে।দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা তাৰকা বেটছমেন অভিষেক শৰ্মাক বাদ দিয়া হ’ব পাৰে।

ভাৰতীয় দলটোৱে অহা ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ অন্তিমখন খেল খেলিব।২০২৬ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেল খেলখনৰ বাবে অন-ফিল্ড আম্পায়াৰ হিচাপে ইংলেণ্ডৰ ৰিচাৰ্ড ইলিংৱৰ্থ আৰু এলেক্স ৱাৰ্ফৰ যুটি নিৰ্বাচিত হৈছে।

ফাইনেলৰ এই যাত্ৰাত ভাৰতীয় দলটোৱে মাত্ৰ এখন মেচত পৰাস্ত হৈছিল, সেই খেলখন ছুপাৰ-৮ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আছিল।ইয়াৰ পিছতে টিম ইণ্ডিয়াৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে এতিয়া ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে।

দেওবাৰে  হ’বলগীয়া খিতাপি মেচখনৰ বাবে ভাৰতীয় দলটো ৬ মাৰ্চ শুকুৰবাৰৰ সন্ধিয়া আহমেদাবাদত উপস্থিত হয়।কিন্তু ফাইনেল মেচখনৰ বাবে ভাৰতীয় দলটোৰ প্লেয়িং ১১ ত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে।

খবৰ অনুসৰি, দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা অভিষেক শৰ্মাক ফাইনেল মেচখনৰ পৰা বাহিৰ কৰি প্লেইং ১১ ত এটা ডাঙৰ পদক্ষেপ ল’বলৈ সাজু হৈছে দল পৰিচালনা সমিতি।

দলটোত অভিষেকৰ ঠাইত ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ আৰু কুলদীপ যাদৱৰ নাম অন্তৰ্ভুক্ত হৈছে।কিন্তু কুলদীপ যাদৱৰ সম্ভাৱনা অধিক।২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত কুলদীপে কিৱিৰ বিৰুদ্ধে দুটা উইকেট দখল কৰি ভাৰতৰ জয়ৰ ভেটি স্থাপন কৰিছিল।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ; ৭ ৰানত পৰাস্ত ইংলেণ্ড

সলনি হ’ব ভাৰতীয় দলৰ মূল একাদশ, জিম্বাবৱেৰ বিৰুদ্ধে সুযোগ পাব এই ১১ গৰাকীয়ে

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ পিছত এতিয়া ছেমি ফাইনেলৰ বাট অনিশ্চিত হৈ পৰিছে ভাৰতীয় দলৰ । ইফালে দলটোৰ পৰৱৰ্তী মেচত চলিত টি-২০ বিশ্বকাপত অঘটন ঘটাই ছুপাৰ-৮ত প্ৰৱেশ কৰা জিম্বাবৱেৰ বিৰুদ্ধে আছে ।

চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ পৰ্যায়ৰ প্ৰথমখন মেচত পৰাজয়ৰ সন্মুখীন হয় টিম ইণ্ডিয়া । দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাই ভাৰতীয় দলক ৭৬ ৰানত পৰাস্ত কৰে । এইখন মেচত পৰাস্ত হোৱাৰ পিছত এতিয়া ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ বাকী থকা দুয়োখন মেচতে জয়লাভ কৰিব লাগিব । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ভাৰতীয় দলৰ মূল একাদশত কিছু পৰিৱৰ্তন হ’ব পাৰে ।

ছুপাৰ-৮ পৰ্যায়ত ভাৰতৰ পৰৱৰ্তী মেচ জিম্বাবৱেৰ বিৰুদ্ধে । এই খেলখন চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই মেচৰ বাবে ইতিমধ্যে চেন্নাই উপস্থিত হৈছে ভাৰতীয় দল । যদিও জিম্বাবুৱে এটা সৰু দল, তথাপিও প্ৰতিযোগিতাখনত অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ দৰে ডাঙৰ দলক পৰাস্ত কৰি ছুপাৰ-৮ পৰ্যায়ত উপনীত হৈছে দলটো । গতিকে জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতীয় দলৰ অভিযান সহজ নহ’ব ।

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামৰ খেলপথাৰ স্পীনাৰৰ বাবে অনুকূল বুলি বিবেচিত হৈছে । ইয়াত স্পীনাৰসকলে আধিপত্য বিস্তাৰ কৰে । গতিকে টিম ইণ্ডিয়াই তিনিজন স্পীনাৰ খেলপথাৰত নমাব পাৰে । তদুপৰি অক্ষৰ পেটেল দললৈ ঘূৰি অহাৰ সম্ভাৱনা আছে । ৱাশ্বিংটন সুন্দৰক অক্ষৰৰ সলনি অন্তৰ্ভূক্ত কৰা হৈছিল যদিও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ পিছত এতিয়া দলৰ মূল একাদশলৈ ‘বাপু’ৰ প্ৰত্যাৱৰ্তন নিশ্চিত বুলি বিবেচিত হৈছে ।

ইফালে চলিত টি-২০ বিশ্বকাপ অভিষেক শৰ্মাৰ বাবে দুঃস্বপ্ন হিচাবে বিবেচিত হৈছে । এতিয়ালৈকে তেওঁ আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব পৰা নাই । এতিয়া অভিষেকৰ ঠাইত সঞ্জু চেমচনক পৰৱৰ্তী মেচত অন্তৰ্ভূক্ত কৰাৰ বাবে চৰ্চা চলিছে । অৱশ্যে দল পৰিচালনা সমিতিয়ে অভিষেকৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে, যাৰ ফলত চেমচনে অপেক্ষা কৰিব লাগিব । পৰৱৰ্তী মেচত ভাৰতীয় দলত দুটা পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে । অক্ষৰ পেটেল আৰু কুলদীপ যাদৱ মূল একাদশলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে ।

জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতৰ সম্ভাৱ্য মূল একাদশ-

অভিষেক শৰ্মা, ঈশান কিষাণ, তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, কুলদীপ যাদৱ/ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং আৰু যশপ্ৰীত বুমৰাহ ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপত থমকিল ভাৰতৰ বিজয় ৰথ, ছুপাৰ-৮ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শোচনীয় পৰাজয়

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বাদ পৰিব নেকি অভিষেক শৰ্মা ? দুৰ্বল ফৰ্মক লৈ  অধিনায়ক সূৰ্যকুমাৰ যাদৱে দিলে প্ৰতিক্ৰিয়া

সংবাদমেলৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱক অভিষেক শৰ্মাৰ দুৰ্বল ফৰ্মৰ বিষয়ে সোধা হৈছিল । অভিষেক গ্ৰুপ পৰ্যায়ৰ তিনিওখন খেলতে শূন্যত আউট হৈছে ।

টি-২০ বিশ্বকাপ ২০২৬ৰ ভাৰতৰ প্ৰথমখন ছুপাৰ ৮ মেচ ২২ ফেব্ৰুৱাৰী দেওবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে শনিবাৰৰ সংবাদমেলৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱক অভিষেক শৰ্মাৰ দুৰ্বল ফৰ্মৰ বিষয়ে সোধা হৈছিল । অভিষেক গ্ৰুপ পৰ্যায়ৰ তিনিওখন খেলতে শূন্যত আউট হৈছে । অৱশ্যে অধিনায়ক সূৰ্যই কয় যে তেওঁ অ’পেনিং বেটছমেনক লৈ চিন্তিত নহয়, বৰঞ্চ বিপক্ষৰ দলটোক চিন্তিত ।

দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-২০ বিশ্বকাপ ২০২৬ ছুপাৰ ৮ৰ খেলখন । একেখন খেলপথাৰতে ভাৰতে নেদাৰলেণ্ডক পৰাস্ত কৰিছিল লগতে এই মেচতো একেৰাহে তৃতীয়বাৰৰ বাবে শূণ্যত আউট হৈছিল অভিষেক । ইয়াৰ পূৰ্বে তেওঁ আমেৰিকা আৰু পাকিস্তানৰ বিৰুদ্ধে শূণ্যত পেভিলিয়নমুখী হৈছিল । যদিও ভাৰত এতিয়ালৈকে প্ৰতিযোগিতাখনত পৰাস্ত হোৱা নাই, তথাপিও তেওঁৰ ফৰ্ম নিশ্চিতভাৱে চিন্তাৰ বিষয় । অৱশ্যে অধিনায়ক সূৰ্যকুমাৰ যাদৱে অভিষেকৰ ফৰ্মক লৈ চিন্তিত নহয় বুলি উল্লেখ কৰে ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে শনিবাৰে এখন সংবাদমেলত সূৰ্যকুমাৰে কয় যে, “অভিষেকক লৈ চিন্তিত হোৱাসকলৰ বাবে মই চিন্তিত । ভৱিষ্যতে অভিষেক শৰ্মাই কোনবোৰ দলৰ বিৰুদ্ধে খেলিব সেইবোৰৰ বাবে মই অধিক চিন্তিত । যোৱা বছৰ তেওঁ সকলো কৰিছিল, এতিয়া তেওঁৰ অৱদানৰ বাবে আমি তেওঁক পুৰস্কৃত কৰাৰ সময় আহি পৰিছে ।”

সূৰ্যকুমাৰ যাদৱে কয় যে প্ৰতিবাৰেই ২৫০ ৰান সংগ্ৰহ কৰাটো প্ৰয়োজনীয় নহয় । তেওঁ কয় যে উইকেটবোৰ অলপ বেলেগ । আগন্তুক মেচসমূহত আমি খেলপথাৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ম । উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছুপাৰ ৮ৰ খেলখন অনুষ্ঠিত হ’বলগীয়া নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত । নেদাৰলেণ্ডৰ বিৰুদ্ধে এই খেলপথাৰতে ভাৰতে জয়লাভ কৰে । অৱশ্যে দক্ষিণ আফ্ৰিকাইও চলিত সংস্কৰণত এই খেলপথাৰত দুখন মেচ খেলি দুয়োখন খেলতে জয়লাভ কৰিছে ।

লগতে পঢ়ক : ঘৰৰ মাটিতে ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলা হেৰুৱালে অষ্ট্ৰেলিয়াই, স্মৃতি মন্ধানাই ভংগ কৰিলে ছবছৰীয়া অভিলেখ

পাকিস্তানৰ বিৰুদ্ধে হাইভল্টেজ মেচৰ পূৰ্বে টীম ইণ্ডিয়ালৈ সুখবৰ; অভিষেক শৰ্মাক লৈ আহিল ডাঙৰ আপডেট

অধিনায়ক সূৰ্যকুমাৰ যাদৱে পাকিস্তানৰ বিুৰুদ্ধে মেচৰ পূৰ্বে অভিষেক শৰ্মাক লৈ ডাঙৰ মন্তব্য কৰিছে ।

টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে হাইভল্টেজ মেচৰ পূৰ্বে টীম ইণ্ডিয়ালৈ সুখবৰ । এই মেচখন অনুষ্ঠিত হোৱাৰ পূৰ্বে অধীৰ আগ্ৰহেৰে ৰৈ থকা ভাৰতীয় অনুৰাগীয়ে লাভ কৰিছে এটা ভাল খবৰ । অধিনায়ক সূৰ্যকুমাৰ যাদৱে শনিবাৰে নিশ্চিত কৰিছে যে দেওবাৰে কলম্বোত অভিষেক শৰ্মাই চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে খেলিব । বিস্ফোৰক বেটছমেনগৰাকীয়ে শেহতীয়াকৈ নামিবিয়াৰ বিৰুদ্ধে খেলখনৰ বাবে ভাৰতীয় মূল একাদশ স্থানত স্থান লাভ নাছিল । অসুস্থতাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও তাৰ পিছত তেওঁক যাবলৈ দিয়া হয় ।

অভিষেকৰ প্ৰত্যাৱৰ্তন-

টি-২০ বিশ্বকাপৰ এই হাই ভল্টেজ সংঘৰ্ষৰ পূৰ্বে ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে নিশ্চিত কৰে যে অভিষেক শৰ্মাই এই মেচত খেলিব । তেওঁ কয়, “আপোনালোক সকলোৱে যদি অভিষেক শৰ্মাই খেলাটো বিচাৰে তেন্তে আমি তেওঁক খেলোৱাম ।” চলিত প্ৰতিযোগিতাত অভিষেকে এতিয়ালৈকে মাত্ৰ এখন খেলহে খেলিছে । আমেৰিকাৰ বিৰুদ্ধে তেওঁ শূণ্যতে আউট হয় । লগতে অসুস্থতাৰ বাবে নামিবিয়াৰ বিৰুদ্ধে খেলখনত অংশ ল’ব নোৱাৰিলে তেওঁ । এতিয়া পাকিস্তানৰ বিৰুদ্ধে খেলখনৰ বাবে দললৈ উভতি আহিব বিস্ফোৰক অ’পেনাৰ অভিষেক শৰ্মা ।

লগতে পঢ়ক : ভাৰত-পাকিস্তানৰ খেলত খলনায়ক হ’ব পাৰে বৰষুণ; শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি

বিজয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সাজু ভাৰত; মূল একাদশত হ’ব দুটাকৈ আচৰিত পৰিৱৰ্তন!

প্ৰথমখন মেচত আমেৰিকাক পৰাস্ত কৰাৰ পিছত ভাৰতৰ আত্মবিশ্বাস তুংগত আছে যদিও দ্বিতীয়খন মেচৰ পূৰ্বে মূল একাদশ সন্দৰ্ভত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে ।

টি-২০ বিশ্বকাপৰ বিজয়ী আৰম্ভণিৰ পিছত টিম ইণ্ডিয়াৰ পৰৱৰ্তী মেচ বৃহস্পতিবাৰে নামিবিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । প্ৰথমখন মেচত আমেৰিকাক পৰাস্ত কৰাৰ পিছত ভাৰতীয় দলটোৱে আত্মবিশ্বাস তুংগত আছে যদিও দ্বিতীয়খন মেচৰ পূৰ্বে মূল একাদশ সন্দৰ্ভত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে । ফিটনেছ সম্পৰ্কীয় উদ্বেগে দল পৰিচালনাক শেষ মুহূৰ্তলৈকে অপেক্ষা কৰিবলৈ বাধ্য কৰিব পাৰে ।

অভিষেক শৰ্মাৰ ফিটনেছৰ সিদ্ধান্ত বাকী-

বিস্ফোৰক অ’পেনাৰ অভিষেক শৰ্মা সম্পূৰ্ণ ফিট হৈ উঠা নাই । দলৰ সহায়ক কৰ্মচাৰীয়ে তেওঁৰ অৱস্থা নিৰীক্ষণ কৰি আছে আৰু তেওঁ খেলিব নে নাই সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত মেচৰ পূৰ্বে লোৱা হ’ব । যদি অভিষেক উপলব্ধ নহয় তেন্তে সঞ্জু চেমচনৰ কথা বিবেচনা কৰা হ’ব পাৰে । চেমছনে বেটিং আৰু উইকেটকিপিং দুয়োটা সুবিধা প্ৰদান কৰে, যিয়ে দলৰ সংমিশ্ৰণত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব পাৰে ।

ঈশান কিষণক লৈয়ো সন্দেহ-

নেট প্ৰেকটিছৰ সময়ত ঈশান কিষণে ভৰিত আঘাতপ্ৰাপ্ত হয় । যশপ্ৰীত বুমৰাহৰ বলিঙত আঘাতপ্ৰাপ্ত হয় তেওঁ । আঘাতৰ পিছত ঈশানক কিছু সময় অস্বস্তিবোধ কৰা যেন দেখা গ’ল আৰু ফিজিঅ’ই খেলপথাৰত হস্তক্ষেপ কৰিবলগীয়া হয় । যদিও পিছত তেওঁক পুনৰ অনুশীলন কৰা দেখা গৈছিল, তথাপিও তেওঁৰ মেচ ফিটনেছৰ সন্দৰ্ভত সম্পূৰ্ণ স্পষ্টতা নাই । যদি ঈশানো বাহিৰ হয় তেন্তে ওপেনিং যুটীৰ পৰিৱৰ্তন অনিবাৰ্য বুলি বিবেচিত হ’ব ।

জিৰণি ল’ব পাৰে বুমৰাহে-

ইফালে যশপ্ৰীত বুমৰাহক কেন্দ্ৰ কৰিও আন এক চৰ্চা চলিছে । দলে তেওঁক ৱৰ্কলোড মেনেজমেণ্টৰ অংশ হিচাপে জিৰণি দিব পাৰে বুলি বাতৰি প্ৰকাশ পাইছে । শেষৰখন খেলত মহম্মদ চিৰাজ আৰু অৰ্শদীপ সিঙে শক্তিশালী বলিঙেৰে দলটোক যথেষ্ট সকাহ প্ৰদান কৰে । গতিকে পৰৱৰ্তী ডাঙৰ মেচখনৰ পূৰ্বে বুমৰাহক সতেজ কৰি ৰখাৰ কৌশল গ্ৰহণ কৰিব পাৰে মেনেজমেন্টে ।

ইনিংছ মুকলি কৰিব নেকি সুন্দৰে ?

যদি শীৰ্ষ ক্ৰমৰ দুজন খেলুৱৈ উপলব্ধ নহয় তেন্তে দল পৰিচালনা সমিতিয়ে নতুন পৰিকল্পনা ৰচনা কৰিব লাগিব । ৱাশ্বিংটন সুন্দৰকো ইনিংছ মুকলিৰ বাবে বিবেচনা কৰা হৈছে বুলি কিছু ইংগিত পোৱা গৈছে । অৱশ্যে টছৰ পূৰ্বেহে চূড়ান্ত সিদ্ধান্ত স্পষ্ট হ’ব ।

ভাৰতৰ বাবে এই মেচখন কেৱল আন এখন প্ৰতিদ্বন্দ্বিতা নহয়, পইণ্ট টেবুলত নিজৰ স্থান দৃঢ় কৰাৰ এক সুযোগ । গতিকে নিৰ্বাচনত ভাৰসাম্য আৰু ফিটনেছ দুয়োটাকে অগ্ৰাধিকাৰ দিয়া হ’ব ।

ভাৰতীয় দলৰ সাম্ভাব্য মূল একাদশ –

সঞ্জু চেমচন, ঈশান কিষাণ/ৱাশ্বিংটন সুন্দৰ, তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং ।

লগতে পঢ়ক : টীম ইণ্ডিয়াত মোক্ষম আঘাত;চিকিৎসালয়ত ভৰ্তি অ’পেনাৰ অভিষেক শৰ্মা

টীম ইণ্ডিয়াত মোক্ষম আঘাত;চিকিৎসালয়ত ভৰ্তি অ’পেনাৰ অভিষেক শৰ্মা

ভাৰতীয় ক্ৰিকেট দলটোৱে টি-২০ বিশ্বকাপৰ দ্বিতীয়খন খেলৰ পূৰ্বে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে।চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অ’পেনাৰ অভিষেক শৰ্মাক।

টি-২০ বিশ্বকাপ ২০২৬ৰ মাজতে বৃদ্ধি পাইছে টিম ইণ্ডিয়াৰ চিন্তা। অ’পেনাৰ অভিষেক শৰ্মাক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে।

পেটৰ সংক্ৰমণৰ বাবে যোৱা দুদিন ধৰি দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছে অভিষেক শৰ্মা। যুৱ অ’পেনাৰগৰাকীৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটাৰ পিছত দল পৰিচালনা সমিতি সতৰ্ক অৱস্থাত আছে,বিশেষকৈ যেতিয়া ভাৰতে পৰৱৰ্তী মেচত নামিবিয়াৰ মুখামুখি হ’ব লাগিব।

ইয়াৰ পূৰ্বে টিম ইণ্ডিয়াৰ সহকাৰী প্ৰশিক্ষক ৰিয়ান টেন ড’শ্বেটে অভিষেক পেটৰ বিষত ভুগি থকা বুলি কৈছিল। যাৰ বাবে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত নামিবিয়াৰ খেলৰ পূৰ্বে দলৰ অনুশীলনত অভিষেক শৰ্মাই যোগদান কৰিব নোৱাৰিলে।

মেচৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত টেন ড’শ্বেটে অভিষেকৰ সুস্থতাৰ বিষয়ে আশা প্ৰকাশ কৰে।তেওঁ কয় যে অভিষেক সম্প্ৰতি পেট সম্পৰ্কীয় কিছু সমস্যাত ভুগি আছে, কিন্তু আমি আশা কৰিছো যে দুদিন পিছত তেওঁ মেচ খেলিবলৈ উপলব্ধ হ’ব পাৰিব।

টি-২০ বিশ্বকাপত আমেৰিকাৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন খেলৰ সময়তো অসুস্থ হৈ পৰিছিল অভিষেক শৰ্মা।ইয়াৰ পিছতো তেওঁ মুম্বাইত খেলখন খেলিছিল।

অৱশ্যে, তেওঁ অসুস্থতাৰ বাবে ফিল্ডিং কৰিব নোৱাৰিলে।প্ৰথম আৰু দ্বিতীয় মেচৰ মাজত ভাৰতে পাঁচ দিনৰ বিৰতি পাইছে,কিন্তু আশা কৰা ধৰণে তেওঁৰ স্বাস্থ্যৰ উন্নতি হোৱা নাই।

যোৱা ২৪ ঘন্টাত অভিষেকৰ অৱস্থা অধিক বেয়া হৈ পৰে, যাৰ বাবে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষককো চিন্তিত হৈ পৰিছে।

অভিষেকৰ অনুপস্থিতিত ঈশান কিষান আৰু সঞ্জু চেমছনে প্ৰথমে নেট অনুশীলন কৰে আৰু নামিবিয়াৰ বিৰুদ্ধে ইনিংছ মুকলি কৰাৰ বাবে দুয়োকে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হয়।

লগতে পঢ়ক: কঠোৰ হৈছে বিচিচিআই; টি-২০ বিশ্বকাপত নাকচ ভাৰতীয় খেলুৱৈৰ দাবী

অভিষেকৰ ধুমুহাত বিধ্বস্ত নিউজীলেণ্ড… তৃতীয় টি-২০ত ৮ উইকেটত ভাৰতৰ জয়

টি-২০ শৃংখলাত নিজৰ বিজয়ী অভিযান অব্যাহত ৰাখিছে ভাৰতীয় দলে । নিউজীলেণ্ডৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয়খন মেচতো ভাৰতৰ জয় ।

নিউজীলেণ্ডৰ বিৰুদ্ধে চলিত পাঁচখন মেচৰ টি-২০ শৃংখলাত নিজৰ বিজয়ী অভিযান অব্যাহত ৰাখিছে ভাৰতীয় দলে । দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয়খন মেচত ৮ উইকেট ভাৰতীয় দলটোৱে বিজয় সাব্যস্ত কৰে । লগে লগে পাঁচখন মেচৰ টি-২০ শৃংখলাটো দখল কৰে সূৰ্য ব্ৰিগেডে । মেচখনত অভিষেক শৰ্মাৰ বিস্ফোৰক বেটিঙৰ সহায়ত ভাৰতে মাত্ৰ ১০ অভাৰতে কেৱল ২টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে ।

ভাৰতৰ বেটিং বিক্ৰম-

১৫৪ ৰানৰ লক্ষ্য অনুসৰণ কৰা টিম ইণ্ডিয়াৰ আৰম্ভণি বিপৰ্যয়েৰে হয় । প্ৰথম বলতে সঞ্জু চেমছন বল্ড হয় । মেট হেনৰীয়ে সঞ্জুৰ উইকেট দখল কৰি ভাৰতক চাপত পেলাই । কিন্তু তাৰ পিছতে ঈশান কিষণে দলৰ ইনিংছ চম্ভালে । তেওঁ ১৩টা বলত ২৮ ৰান সংগ্ৰহ কৰে । তেওঁৰ ইনিংছত তিনিটা চাৰি আৰু দুটা ছয় আছিল । চতুৰ্থ অভাৰত কিষণৰ উইকেটৰ পতন ঘটে । কিন্তু তেতিয়ালৈকে টিম ইণ্ডিয়াই ৫০ ৰান অতিক্ৰম কৰে ।

কিষণৰ উইকেটৰ পতনৰ পিছতে বিস্ফোৰক ৰূপ ধাৰণ কৰে অভিষেক শৰ্মাই । অভিষেকে ১৪টা বলতে অৰ্ধ শতক সম্পূৰ্ণ কৰে । অভিষেকৰ বেটিং ধুমুহাত ভাৰতৰ স্ক’ৰ সপ্তম অভাৰত ১০০ ৰান অতিক্ৰম কৰে । ইয়াৰ পিছতে অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ বেটেও বিধ্বংসী ৰূপ লয় । সূৰ্য্যই ২৫টা বলত অৰ্শ শতক সম্পূৰ্ণ কৰে । অভিষেক আৰু সূৰ্যকুমাৰৰ বেটিং বিক্ৰমৰ সহায়তে ভাৰতে মাত্ৰ ১০ অভাৰতে মেচখনত জয়লাভ কৰে । সূৰ্যই ২৬টা বলত অপৰাজিত ৫৭ ৰান সংগ্ৰহ কৰে । অভিষেকে ২০টা বলত ৬৮ ৰানৰ অপৰাজিত ইনিংছ খেলে । অভিষেকে তেওঁৰ ইনিংছত ৭টা চাৰি আৰু ৫টা ছয় কোবাই । সূৰ্যই ৬টা চাৰি আৰু ৩টা ছয় কোবাই ।

নিউজীলেণ্ডৰ ইনিংছ-

বৰ্ষাপাৰাত টছত জয়ী হৈ ভাৰতে প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় ভাৰতে । প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত নিউজীলেণ্ডে ৯টা উইকেট হেৰুৱাই ১৫৪ ৰান সংগ্ৰহ কৰে । দলটোৰ হৈ গ্লেন ফিলিপছে সৰ্বাধিক ৪৮ ৰানৰ ইনিংছ খেলে । নিউজীলেণ্ডে আৰম্ভণি দুৰ্বল আছিল । প্ৰথম অভাৰতে হৰ্ষিত ৰাণাই কনৱেক ব্যক্তিগত ১ৰানত আউট কৰে । তাৰ পাছত দ্বিতীয় অভাৰত হাৰ্দিকে ৪ ৰানত ৰাচিন ৰবীন্দ্ৰক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পাছতে যশপ্ৰীত বুমৰাহে টিম ছেইফাৰ্টক নিজৰ প্ৰথম অভাৰতে বল্ড কৰে । পাৱাৰপ্লে’ত তিনিজনকৈ কিৱি বেটছমেনে নিজৰ উইকেট হেৰুৱাই । কিন্তু চেপমেন আৰু গ্লেন ফিলিপছে দলৰ ইনিংছ চম্ভালে আৰু এটা অংশীদাৰিত্ব গঢ়ে । ১০ অভাৰৰ অন্তত নিউজীলেণ্ডৰ স্ক’ৰ ৭৫-৩ আছিল ।

দ্বাদশ অভাৰত চেপমেনক আউট কৰি এই অৰ্ধশতকীয় অংশীদাৰিত্ব ভাঙে ৰবি বিষ্ণোইয়ে । চেপমেনে ৩২ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছত ডেৰিল মিচেলৰ উইকেটৰ পতন ঘটে । ইয়াৰ পিছত ছেণ্টনাৰে ২৭ ৰানৰ এটা দৰ্শনীয় ইনিংছ খেলে যদিও নিউজীলেণ্ডে মাত্ৰ ১৫৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ভাৰতৰ হৈ বুমৰাহে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে হাৰ্দিক আৰু ৰবি বিষ্ণোই দুটাকৈ উইকেট দখল কৰে । হৰ্ষিতে এটা উইকেট লাভ কৰে ।

লগতে পঢ়ক : ৰোহিত শৰ্মা আৰু হৰমনপ্ৰীত কৌৰক পদ্মশ্ৰী বঁটা… ক্ৰীড়া জগতৰ এইসকল কিংবদন্তিলৈ পদ্ম সন্মান