এছিয়ান গেমছ ২০২৬-ৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা; অধিনায়ক হৰমনপ্ৰীত

এছিয়ান গেমছ ২০২৬-ৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা; নেতৃত্বত হৰমনপ্ৰীত

চীনৰ হাংঝৌত অনুষ্ঠিত হোৱা বিগত এছিয়ান গেমছত স্বৰ্ণ পদক বুটলি থৈছিল ভাৰতীয় দলে আগন্তুক এছিয়ান গেমছৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা কৰা হৈছে । মহিলা বাছনি সমিতিয়ে ছেপ্টেম্বৰ মাহত জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হ’বলগীয়া এই বৃহৎ প্ৰতিযোগিতাখনৰ বাবে ১৫ জনীয়া মূল দলটো বাছনি কৰিছে ।

চীনৰ হাংঝৌত অনুষ্ঠিত হোৱা বিগত এছিয়ান গেমছত স্বৰ্ণ পদক বুটলি থৈছিল ভাৰতীয় দলে

আগন্তুক এছিয়ান গেমছৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা কৰা হৈছে । মহিলা বাছনি সমিতিয়ে ছেপ্টেম্বৰ মাহত জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হ’বলগীয়া এই বৃহৎ প্ৰতিযোগিতাখনৰ বাবে ১৫ জনীয়া মূল দলটো বাছনি কৰিছে ।

চীনৰ হাংঝৌত অনুষ্ঠিত হোৱা বিগত এছিয়ান গেমছত স্বৰ্ণ পদক বুটলি থৈছিল ভাৰতীয় দলে । গতিকে এইবাৰ ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে ‘ডিফেণ্ডিং চেম্পিয়ন’ হিচাপে খেলপথাৰত অৱতীৰ্ণ হ’ব । অভিজ্ঞ ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে দলটোক নেতৃত্ব দিয়া কাৰ্য অব্যাহত ৰাখিব আৰু তাৰকা বেটাৰ স্মৃতি মান্ধানাক সহ-অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।

দলত যুৱ আৰু অভিজ্ঞ ক্ৰিকেটাৰৰ মিশ্ৰণ

ঘোষিত ভাৰতীয় দলটোত অভিজ্ঞ আৰু যুৱ প্ৰতিভাৰ এক সুন্দৰ মিশ্ৰণ দেখিবলৈ পোৱা গৈছে । দলৰ বেটিং বিভাগ চম্ভালিব শ্বেফালী বাৰ্মা, জেমিমাহ ৰড্ৰিগছ আৰু অলৰাউণ্ডাৰ দীপ্তি শৰ্মাই । উইকেটৰক্ষক হিচাপে প্ৰথম পচন্দৰ ৰিচা ঘোষৰ লগতে বিকল্প হিচাপে জি কমলিনীকো দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

আনহাতে, বলিং বিভাগত আছে ৰেণুকা ঠাকুৰ, ক্ৰান্তি গৌড়, অৰুন্ধতী ৰেড্ডী, ৰাধা যাদৱ আৰু ভাৰতী ফুলমালি । অলৰাউণ্ডাৰ হিচাপে শ্ৰী চৰণী, শ্ৰেয়াংকা পাতিল আৰু নন্দিনী শৰ্মাই দলটোক অধিক শক্তিশালী কৰি তুলিছে । অৱশ্যে, শ্ৰেয়াংকা পাতিলৰ নিৰ্বাচন তেওঁৰ শাৰীৰিক সক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব বুলি ক্ৰিকেট ব’ৰ্ডে স্পষ্ট কৰি দিছে ।

টি-২০ বিশ্বকাপ ২০২৬-ৰ পৰা বিদায় ভাৰতৰ

এছিয়ান গেমছৰ দল ঘোষণাৰ মাজতেই ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এটা বেয়া খবৰ । লৰ্ডছত অনুষ্ঠিত আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৬-ৰ এখন গুৰুত্বপূৰ্ণ মেচত অষ্ট্ৰেলিয়াৰ হাতত ৬ উইকেটত পৰাস্ত হয় ভাৰত । এই পৰাজয়ৰ সৈতে ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হৈছে টীম ইণ্ডিয়া ।

২০২৬ এছিয়ান গেমছৰ বাবে সম্পূৰ্ণ ভাৰতীয় দল : হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (সহ-অধিনায়ক), শ্বেফালী বাৰ্মা, জেমিমাহ ৰড্ৰিগছ, দীপ্তি শৰ্মা, ৰিচা ঘোষ (উইকেটৰক্ষক), জি. কমলিনী (উইকেটৰক্ষক), ভাৰতী ফুলমালি, শ্ৰী চৰণী, ৰেণুকা ঠাকুৰ, ক্ৰান্তি গৌড়, অৰুন্ধতী ৰেড্ডী, শ্ৰেয়াংকা পাতিল* (ফিটনেছ সাপেক্ষে), ৰাধা যাদৱ, নন্দিনী শৰ্মা ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপত থমকিলেও ভাৰতীয় মহিলা ক্ৰিকেট দললৈ আহিল সুখবৰ

শেহতীয়া প্ৰৱন্ধসমূহ