টি-২০ শৃংখলাত নিজৰ বিজয়ী অভিযান অব্যাহত ৰাখিছে ভাৰতীয় দলে । নিউজীলেণ্ডৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয়খন মেচতো ভাৰতৰ জয় ।
নিউজীলেণ্ডৰ বিৰুদ্ধে চলিত পাঁচখন মেচৰ টি-২০ শৃংখলাত নিজৰ বিজয়ী অভিযান অব্যাহত ৰাখিছে ভাৰতীয় দলে । দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয়খন মেচত ৮ উইকেট ভাৰতীয় দলটোৱে বিজয় সাব্যস্ত কৰে । লগে লগে পাঁচখন মেচৰ টি-২০ শৃংখলাটো দখল কৰে সূৰ্য ব্ৰিগেডে । মেচখনত অভিষেক শৰ্মাৰ বিস্ফোৰক বেটিঙৰ সহায়ত ভাৰতে মাত্ৰ ১০ অভাৰতে কেৱল ২টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে ।
ভাৰতৰ বেটিং বিক্ৰম-
১৫৪ ৰানৰ লক্ষ্য অনুসৰণ কৰা টিম ইণ্ডিয়াৰ আৰম্ভণি বিপৰ্যয়েৰে হয় । প্ৰথম বলতে সঞ্জু চেমছন বল্ড হয় । মেট হেনৰীয়ে সঞ্জুৰ উইকেট দখল কৰি ভাৰতক চাপত পেলাই । কিন্তু তাৰ পিছতে ঈশান কিষণে দলৰ ইনিংছ চম্ভালে । তেওঁ ১৩টা বলত ২৮ ৰান সংগ্ৰহ কৰে । তেওঁৰ ইনিংছত তিনিটা চাৰি আৰু দুটা ছয় আছিল । চতুৰ্থ অভাৰত কিষণৰ উইকেটৰ পতন ঘটে । কিন্তু তেতিয়ালৈকে টিম ইণ্ডিয়াই ৫০ ৰান অতিক্ৰম কৰে ।
কিষণৰ উইকেটৰ পতনৰ পিছতে বিস্ফোৰক ৰূপ ধাৰণ কৰে অভিষেক শৰ্মাই । অভিষেকে ১৪টা বলতে অৰ্ধ শতক সম্পূৰ্ণ কৰে । অভিষেকৰ বেটিং ধুমুহাত ভাৰতৰ স্ক’ৰ সপ্তম অভাৰত ১০০ ৰান অতিক্ৰম কৰে । ইয়াৰ পিছতে অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ বেটেও বিধ্বংসী ৰূপ লয় । সূৰ্য্যই ২৫টা বলত অৰ্শ শতক সম্পূৰ্ণ কৰে । অভিষেক আৰু সূৰ্যকুমাৰৰ বেটিং বিক্ৰমৰ সহায়তে ভাৰতে মাত্ৰ ১০ অভাৰতে মেচখনত জয়লাভ কৰে । সূৰ্যই ২৬টা বলত অপৰাজিত ৫৭ ৰান সংগ্ৰহ কৰে । অভিষেকে ২০টা বলত ৬৮ ৰানৰ অপৰাজিত ইনিংছ খেলে । অভিষেকে তেওঁৰ ইনিংছত ৭টা চাৰি আৰু ৫টা ছয় কোবাই । সূৰ্যই ৬টা চাৰি আৰু ৩টা ছয় কোবাই ।

নিউজীলেণ্ডৰ ইনিংছ-
বৰ্ষাপাৰাত টছত জয়ী হৈ ভাৰতে প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় ভাৰতে । প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত নিউজীলেণ্ডে ৯টা উইকেট হেৰুৱাই ১৫৪ ৰান সংগ্ৰহ কৰে । দলটোৰ হৈ গ্লেন ফিলিপছে সৰ্বাধিক ৪৮ ৰানৰ ইনিংছ খেলে । নিউজীলেণ্ডে আৰম্ভণি দুৰ্বল আছিল । প্ৰথম অভাৰতে হৰ্ষিত ৰাণাই কনৱেক ব্যক্তিগত ১ৰানত আউট কৰে । তাৰ পাছত দ্বিতীয় অভাৰত হাৰ্দিকে ৪ ৰানত ৰাচিন ৰবীন্দ্ৰক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পাছতে যশপ্ৰীত বুমৰাহে টিম ছেইফাৰ্টক নিজৰ প্ৰথম অভাৰতে বল্ড কৰে । পাৱাৰপ্লে’ত তিনিজনকৈ কিৱি বেটছমেনে নিজৰ উইকেট হেৰুৱাই । কিন্তু চেপমেন আৰু গ্লেন ফিলিপছে দলৰ ইনিংছ চম্ভালে আৰু এটা অংশীদাৰিত্ব গঢ়ে । ১০ অভাৰৰ অন্তত নিউজীলেণ্ডৰ স্ক’ৰ ৭৫-৩ আছিল ।

দ্বাদশ অভাৰত চেপমেনক আউট কৰি এই অৰ্ধশতকীয় অংশীদাৰিত্ব ভাঙে ৰবি বিষ্ণোইয়ে । চেপমেনে ৩২ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছত ডেৰিল মিচেলৰ উইকেটৰ পতন ঘটে । ইয়াৰ পিছত ছেণ্টনাৰে ২৭ ৰানৰ এটা দৰ্শনীয় ইনিংছ খেলে যদিও নিউজীলেণ্ডে মাত্ৰ ১৫৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ভাৰতৰ হৈ বুমৰাহে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে হাৰ্দিক আৰু ৰবি বিষ্ণোই দুটাকৈ উইকেট দখল কৰে । হৰ্ষিতে এটা উইকেট লাভ কৰে ।
লগতে পঢ়ক : ৰোহিত শৰ্মা আৰু হৰমনপ্ৰীত কৌৰক পদ্মশ্ৰী বঁটা… ক্ৰীড়া জগতৰ এইসকল কিংবদন্তিলৈ পদ্ম সন্মান









