৬.৩ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, চুনামীৰ সতৰ্কবাণী জাৰি

ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল তে আনাউ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটৰ উত্তৰে

বৃহস্পতিবাৰে এক তীব্ৰ ভূমিপকম্পই কঁপাই যায় নিউজীলেণ্ডৰ চাউথ আইলেণ্ড । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৩ । ভূমিকম্পৰ পাছতে চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে । তথ্য অনুসৰি, ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল তে আনাউ (Te Anau) চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটৰ উত্তৰে । এই অঞ্চলটো ফিয়ৰ্ডলেণ্ডৰ দৰে বিখ্যাত পৰ্যটন থলীৰ প্ৰৱেশদ্বাৰ হিচাপে জনা যায় ।

নিউজীলেণ্ডৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই ৰাইজক সাগৰৰ পাৰ আৰু উপকূলীয় অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে । অৱশ্যে প্ৰাৰম্ভিক তথ্য অনুসৰি, এই ভূমিকম্পৰ ফলত কোনো ডাঙৰ ক্ষয়-ক্ষতি বা প্ৰাণহানিৰ খবৰ পোৱা হোৱা নাই ।

আনহাতে, আমেৰিকাৰ ভূতাত্বিক জৰীপ সংস্থা আৰু জাৰ্মানীৰ জিঅ’চাইন্স ৰিচাৰ্চ চেন্টাৰে এই ভূমিকম্পৰ তীব্ৰতা ৫.৯ বুলি লিপিৱদ্ধ কৰিছে । দুয়োটা সংস্থাৰ মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু ভূগৰ্ভৰ ৫০ কিলোমিটৰতকৈও অধিক গভীৰতাত আছিল ।

গুজৰাটত তিনি মিনিটত দুটাকৈ জোকাৰণি

ইপিনে, ভাৰতৰ গুজৰাটৰ কচ্ছ জিলাতো বৃহস্পতিবাৰে তিনি মিনিটৰ ভিতৰত ভূমিকম্পৰ দুটাকৈ জোকাৰণি অনুভূত হয় ।

গান্ধীনগৰৰ ইনষ্টিটিউট অৱ চিচম’লজিকেল ৰিচাৰ্চৰ মতে প্ৰথমটো জোকাৰণি দুপৰীয়া ২:২০ বজাত অনুভূত হৈছিল আৰু ইয়াৰ প্ৰাবল্য আছিল ৩.৬ । যাৰ কেন্দ্ৰবিন্দু আছিল খাৱড়াৰ পৰা ৩২ কিলোমিটৰ উত্তৰ-পূবে ।

দ্বিতীয়টো জোকাৰণি ইয়াৰ ঠিক তিনি মিনিট পিছত, ২:২৩ বজাত অনুভূত হয় যাৰ প্ৰাবল্য আছিল ৩.২ । ইয়াৰ কেন্দ্ৰবিন্দু ধোলাৱীৰাৰ পৰা ৩২ কিলোমিটৰ পশ্চিম-উত্তৰত আছিল ।

বৰ্তমানলৈকে কচ্ছত ভূমিকম্পৰ বাবে কোনো ধৰণৰ ক্ষয়-ক্ষতি বা প্ৰাণহানিৰ খবৰ অহা নাই । স্থানীয় প্ৰশাসনে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ।

লগতে পঢ়ক : প্ৰলয়ংকৰী বানৰ পিছত এইবাৰ টাইফুন ‘বাভী’ৰ তাণ্ডৱ, ১৭ লাখৰো অধিক লোকক স্থানান্তৰ

নিউজীলেণ্ডক ‘ক্লীন ছুইপ’ কৰাৰ লক্ষ্য ভাৰতীয় দলৰ, বিশাখাপট্টনমত আজি চতুৰ্থ টি-২০

ভাৰত-নিউজীলেণ্ডৰ টি-২০ শৃংখলাৰ চতুৰ্থখন মেচ বুধবাৰে বিশাখাপট্টনমত অনুষ্ঠিত হ’ব । অৱশ্যে উইকেটকীপাৰ-বেটছমেন নিৰ্বাচন ভাৰতীয় দলৰ বাবে চিন্তাৰ বিষয় হৈ আছে ।

ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ চতুৰ্থখন মেচ বুধবাৰে বিশাখাপট্টনমত অনুষ্ঠিত হ’ব । তিনিখন মেচত জয়লাভ কৰি শৃংখলাত ৩-০ ব্যৱধানত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰা ভাৰতীয় দলে এতিয়া এই মেচখনত জয়লাভ কৰি ক্লীন ছুইপৰ দিশত আন এক শক্তিশালী পদক্ষেপ ল’বলৈ চেষ্টা কৰিব । অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে এই শৃংখলাত বেটিং, বলিং, ফিল্ডিঙ তিনিওটা বিভাগতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে ।

অৱশ্যে উইকেটকীপাৰ-বেটছমেন নিৰ্বাচন ভাৰতীয় দলৰ বাবে চিন্তাৰ বিষয় হৈ আছে । প্ৰথম তিনিখন মেচত সঞ্জু চেমছনে সুযোগ লাভ কৰিছিল যদিও বেটিঙত ধাৰাবাহিক ব্যৰ্থতা প্ৰদৰ্শন কৰে তেওঁ । তৃতীয় টি-২০ত কোনো ৰান নকৰাকৈ আউট হোৱাৰ ফলত তেওঁৰ ওপৰত হেঁচা আৰু অধিক বৃদ্ধি পাইছে ।

উল্লেখ্য যে, ভাৰত আৰু নিউজীলেণ্ডে এই পৰ্যন্ত ২৮ খন টি-২০ মেচ খেলিছে । ইয়াৰে ১৭খন খেলত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে নিউজীলেণ্ডে ১০খন খেলত জয়লাভ কৰিছে । এখন মেচ টাই হৈছে । পৰিসংখ্যাই স্পষ্টকৈ দেখুৱাইছে যে মেচৰ ফলাফল এতিয়ালৈকে ভাৰতৰ হাতত আছে ।

বিশাখাপট্টনম পিচ ৰিপৰ্ট-

বিশাখাপট্টনম খেলপথাৰখন বেটছমেন অনুকূল খেলপথাৰ বুলি গণ্য কৰা হয় । ইয়াত যোৱা টি-২০ত ৪০০ ৰানৰো অধিক ৰান দেখা গৈছিল । ২০২৩ চনত অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে এই একেখন খেলপথাৰতে ২০৯ ৰান সংগ্ৰহ কৰিছিল, যিটো ৰান ভাৰতে শেষ বলত সফলতাৰে অনুসৰণ কৰিছিল । সেয়ে আকৌ এবাৰ এই খেলপথাৰত হাই স্ক’ৰিং মেচ হোৱাৰ সম্ভাৱনা আছে । বেটছমেনক ৰোধিবলৈ বলাৰসকলে এটা নিৰ্দিষ্ট ৰণ কৌশল ব্যৱহাৰ কৰিব লাগিব ।

বুধবাৰে বিশাখাপট্টনমৰ এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-নিউজীলেণ্ড শৃংখলাৰ চতুৰ্থ টি-২০ মেচ । সন্ধিয়া ৭ বজাৰ পৰা মেচখন অনুষ্ঠিত হ’ব । ৬.৩০ বজাত মেচখনৰ টছ অনুষ্ঠিত হ’ব ।

ভাৰতৰ সম্ভাৱ্য মূল একাদশ :

সঞ্জু চেমচন (উইকেটকীপাৰ), ঈশান কিষণ, শ্ৰেয়াছ আয়েৰ, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, হৰ্ষিত ৰাণা, কুলদীপ যাদৱ, অৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী ।

লগতে পঢ়ক : অৰিজিত সিঙৰ কণ্ঠত ‘অৱসৰ’ৰ সুৰ : ছচিয়েল মিডিয়াত ভাইৰেল অনুৰাগী বিৰাট কোহলীৰ প্ৰতিক্ৰিয়া

অভিষেকৰ ধুমুহাত বিধ্বস্ত নিউজীলেণ্ড… তৃতীয় টি-২০ত ৮ উইকেটত ভাৰতৰ জয়

টি-২০ শৃংখলাত নিজৰ বিজয়ী অভিযান অব্যাহত ৰাখিছে ভাৰতীয় দলে । নিউজীলেণ্ডৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয়খন মেচতো ভাৰতৰ জয় ।

নিউজীলেণ্ডৰ বিৰুদ্ধে চলিত পাঁচখন মেচৰ টি-২০ শৃংখলাত নিজৰ বিজয়ী অভিযান অব্যাহত ৰাখিছে ভাৰতীয় দলে । দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয়খন মেচত ৮ উইকেট ভাৰতীয় দলটোৱে বিজয় সাব্যস্ত কৰে । লগে লগে পাঁচখন মেচৰ টি-২০ শৃংখলাটো দখল কৰে সূৰ্য ব্ৰিগেডে । মেচখনত অভিষেক শৰ্মাৰ বিস্ফোৰক বেটিঙৰ সহায়ত ভাৰতে মাত্ৰ ১০ অভাৰতে কেৱল ২টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে ।

ভাৰতৰ বেটিং বিক্ৰম-

১৫৪ ৰানৰ লক্ষ্য অনুসৰণ কৰা টিম ইণ্ডিয়াৰ আৰম্ভণি বিপৰ্যয়েৰে হয় । প্ৰথম বলতে সঞ্জু চেমছন বল্ড হয় । মেট হেনৰীয়ে সঞ্জুৰ উইকেট দখল কৰি ভাৰতক চাপত পেলাই । কিন্তু তাৰ পিছতে ঈশান কিষণে দলৰ ইনিংছ চম্ভালে । তেওঁ ১৩টা বলত ২৮ ৰান সংগ্ৰহ কৰে । তেওঁৰ ইনিংছত তিনিটা চাৰি আৰু দুটা ছয় আছিল । চতুৰ্থ অভাৰত কিষণৰ উইকেটৰ পতন ঘটে । কিন্তু তেতিয়ালৈকে টিম ইণ্ডিয়াই ৫০ ৰান অতিক্ৰম কৰে ।

কিষণৰ উইকেটৰ পতনৰ পিছতে বিস্ফোৰক ৰূপ ধাৰণ কৰে অভিষেক শৰ্মাই । অভিষেকে ১৪টা বলতে অৰ্ধ শতক সম্পূৰ্ণ কৰে । অভিষেকৰ বেটিং ধুমুহাত ভাৰতৰ স্ক’ৰ সপ্তম অভাৰত ১০০ ৰান অতিক্ৰম কৰে । ইয়াৰ পিছতে অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ বেটেও বিধ্বংসী ৰূপ লয় । সূৰ্য্যই ২৫টা বলত অৰ্শ শতক সম্পূৰ্ণ কৰে । অভিষেক আৰু সূৰ্যকুমাৰৰ বেটিং বিক্ৰমৰ সহায়তে ভাৰতে মাত্ৰ ১০ অভাৰতে মেচখনত জয়লাভ কৰে । সূৰ্যই ২৬টা বলত অপৰাজিত ৫৭ ৰান সংগ্ৰহ কৰে । অভিষেকে ২০টা বলত ৬৮ ৰানৰ অপৰাজিত ইনিংছ খেলে । অভিষেকে তেওঁৰ ইনিংছত ৭টা চাৰি আৰু ৫টা ছয় কোবাই । সূৰ্যই ৬টা চাৰি আৰু ৩টা ছয় কোবাই ।

নিউজীলেণ্ডৰ ইনিংছ-

বৰ্ষাপাৰাত টছত জয়ী হৈ ভাৰতে প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় ভাৰতে । প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত নিউজীলেণ্ডে ৯টা উইকেট হেৰুৱাই ১৫৪ ৰান সংগ্ৰহ কৰে । দলটোৰ হৈ গ্লেন ফিলিপছে সৰ্বাধিক ৪৮ ৰানৰ ইনিংছ খেলে । নিউজীলেণ্ডে আৰম্ভণি দুৰ্বল আছিল । প্ৰথম অভাৰতে হৰ্ষিত ৰাণাই কনৱেক ব্যক্তিগত ১ৰানত আউট কৰে । তাৰ পাছত দ্বিতীয় অভাৰত হাৰ্দিকে ৪ ৰানত ৰাচিন ৰবীন্দ্ৰক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পাছতে যশপ্ৰীত বুমৰাহে টিম ছেইফাৰ্টক নিজৰ প্ৰথম অভাৰতে বল্ড কৰে । পাৱাৰপ্লে’ত তিনিজনকৈ কিৱি বেটছমেনে নিজৰ উইকেট হেৰুৱাই । কিন্তু চেপমেন আৰু গ্লেন ফিলিপছে দলৰ ইনিংছ চম্ভালে আৰু এটা অংশীদাৰিত্ব গঢ়ে । ১০ অভাৰৰ অন্তত নিউজীলেণ্ডৰ স্ক’ৰ ৭৫-৩ আছিল ।

দ্বাদশ অভাৰত চেপমেনক আউট কৰি এই অৰ্ধশতকীয় অংশীদাৰিত্ব ভাঙে ৰবি বিষ্ণোইয়ে । চেপমেনে ৩২ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছত ডেৰিল মিচেলৰ উইকেটৰ পতন ঘটে । ইয়াৰ পিছত ছেণ্টনাৰে ২৭ ৰানৰ এটা দৰ্শনীয় ইনিংছ খেলে যদিও নিউজীলেণ্ডে মাত্ৰ ১৫৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ভাৰতৰ হৈ বুমৰাহে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে হাৰ্দিক আৰু ৰবি বিষ্ণোই দুটাকৈ উইকেট দখল কৰে । হৰ্ষিতে এটা উইকেট লাভ কৰে ।

লগতে পঢ়ক : ৰোহিত শৰ্মা আৰু হৰমনপ্ৰীত কৌৰক পদ্মশ্ৰী বঁটা… ক্ৰীড়া জগতৰ এইসকল কিংবদন্তিলৈ পদ্ম সন্মান

বিজয় অভিযান অব্যাহত ৰখাৰ লক্ষ্যৰে দ্বিতীয় টি-২০লৈ সাজু ভাৰতীয় দল…

শুকুৰবাৰে ৰায়পুৰত অনুষ্ঠিত হ’ব ভাৰত-নিউজীলেণ্ডৰ দ্বিতীয়খন টি-২০ মেচ । জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ খেলপথাৰত নামিব ভাৰতীয় দল।

জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে শুকুৰবাৰে নিউজীলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ত মুখামুখি হ’ব সূৰ্য ব্ৰিগেড । ইতিমধ্যে নাগপুৰত ২১ জানুৱাৰীত অনুষ্ঠিত হোৱা প্ৰথমখন মেচত লাভ কৰা বৃহৎ জয়ৰ পিছত বৰ্তমান আত্মবিশ্বাস তুংগত আছে ভাৰতীয় দলৰ । ইফালে দ্বিতীয়খন টি-২০ত সকলোৰে দৃষ্টি শীৰ্ষ ক্ৰমৰ বেটছমেন সঞ্জু চেমছন আৰু ঈশান কিষনৰ ওপৰত থাকিব । এদিনীয়া শৃংখলাত পৰাস্ত হোৱাৰ পাছত নাগপুৰত অনুষ্ঠিত হোৱা প্রথম টি-২০ত ভাৰতে ৪৮ ৰানত জয় নিশ্চিত কৰে যদিও চেমছন আৰু কিষনে বিশেষ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় ৷

বিস্ফোৰক ফৰ্মত অভিষেক শৰ্মা-

ভাৰতীয় দলৰ কেইবাটাও দুৰ্বলতা প্ৰথম টি-২০ত স্পষ্টকৈ ধৰা পৰিছে । ইয়াৰ পিছতো দলটোৰ প্ৰদৰ্শনে টি-২০ বিশ্বকাপৰ পূৰ্বে প্ৰতিদ্বন্দ্বী দললৈ বিপদজনক সংকেত প্ৰেৰণ কৰিছে, য’ত ভাৰত ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰৱেশ কৰিছে । ভাৰতীয় দলে টি-২০ বিশ্বকাপৰ খিতাপ ৰক্ষা কৰা প্ৰথমটো দল হ’বলৈ হ’লে বুধবাৰৰ নিশাৰ দৰে অভিষেক শৰ্মাই শীৰ্ষ ক্ৰমত আগ্ৰাসী বেটিং অব্যাহত ৰাখিব লাগিব । আনহাতে কুলদীপ যাদৱৰ অনুপস্থিতিতো বলিং বিভাগ যথেষ্ট সন্তুলিত যেন ধাৰণা হৈছে ।

নিউজীলেণ্ডে তেওঁলোকৰ বলিং প্ৰদৰ্শন আশা কৰা ধৰণৰ নাছিল বুলি জানে যদিও তেওঁলোকৰ শীঘ্ৰেই শক্তিশালী প্ৰত্যাৱৰ্তনৰ প্ৰৱণতা আছে । শেহতীয়াকৈ কিৱি দলৰ অন্যতম বেটিং মেৰুদণ্ড ডেভন কনৱে আউট হোৱাৰ ধৰণলৈ চাই দলটো অলপ চিন্তিত হোৱা যেন পৰিলক্ষিত হৈছে । এই সকলোবোৰ দুৰ্বলতা আঁতৰাই নিউজীলেণ্ডে দ্বিতীয় টি-২০ত ভাৰতীয় দলক তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ সম্ভৱনা আছে ।

কেতিয়া অনুষ্ঠিত হ’ব দ্বিতীয়খন টি-২০ মেচ ?

উল্লেখ্য যে, ২৩ জানুৱাৰী, শুকুৰবাৰে ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন টি-২০ মেচ । ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত এই মেচ অনুষ্ঠিত হ’ব । সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’বলগা মেচখনৰ টছ আধা ঘণ্টা পূৰ্বে, সন্ধিয়া ৬:৩০ বজাত হ’ব ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল বাংলাদেশ…

কাইলৈ ​​ভাৰত-নিউজীলেণ্ডৰ প্ৰথমখন এদিনীয়া; ৰোহিত-কোহলীৰ ওপৰত থাকিব সকলোৰে দৃষ্টি

দেওবাৰে ভাৰত-নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ । এই শৃংখলাত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ৰোহিত-কোহলীৰ ওপৰত ।

দেওবাৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু নিউজীলেণ্ডৰ মাজৰ তিনিখন খেলৰ এদিনীয়া শৃংখলা । বদোদৰাৰ বি চি এ ক্ৰিকেট ষ্টেডিয়ামত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন এদিনীয়া খেল । দুপৰীয়া ১ বজাত টছ অনুষ্ঠিত হ’ব, মেচখন ১:৩০ বজাৰ পৰা আৰম্ভ হ’ব । উল্লেখ্য যে, এই খেলপথাৰত ভাৰতীয় দলটোৱে প্ৰথমবাৰৰ বাবে খেলিব । ইয়াৰ পূৰ্বে এইখন গ্ৰাউণ্ডত ভাৰত আৰু ৱেষ্ট ইণ্ডিজ মহিলা দলৰ মাজত এদিনীয়া শৃংখলা অনুষ্ঠিত হৈছিল ।

ৰোহিত-কোহলীৰ ওপৰত থাকিব দৃষ্টি-

সকলোৰে দৃষ্টি পুনৰ এবাৰ ভাৰতীয় দলৰ দুই তাৰকা তথা বিস্ফোৰক বেটছমেন ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ওপৰত থাকিব । বিগত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত দুয়োগৰাকীয়ে বিস্ফোৰক প্ৰদৰ্শন আগবঢ়াইছিল । ইফালে বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০ শতক অৰ্জনৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে । গতিকে এই ছিৰিজতো তেওঁ কমেও দুটা শতক অৰ্জন কৰাত লক্ষ্য ৰাখিব । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলাত দুটা শতক অৰ্জন কৰিছিল কিং কোহলীয়ে ।

মাইকেল ব্ৰেচৱেলৰ হাতত কিৱি দলৰ বাঘজৰী-

কেইবাগৰাকীও গুৰুত্বপূৰ্ণ খেলুৱৈৰ অনুপস্থিতিত নিউজীলেণ্ড দলৰ নেতৃত্ব দিব মাইকেল ব্ৰেচৱেলে । নিয়মীয়া অধিনায়ক মিচেল ছেণ্টনাৰ গ্ৰ’ইনৰ আঘাতৰ বাবে এদিনীয়া শৃংখলাৰ পৰা আঁতৰি থকাৰ বিপৰীতে টম লেথামে প্ৰথম সন্তান জন্মৰ বাবে ঘৰলৈ উভতি গৈছে । এছ এ ২০ লীগৰ বাবে দক্ষিণ আফ্ৰিকাত আছে প্ৰাক্তন অধিনায়ক কেন উইলিয়ামছন । আনহাতে ৰাচিন ৰবিন্দ্ৰ আৰু বেগী বলাৰ জেকব ডাফীক এই শৃংখলাৰ বাবে জিৰণি দিয়া হৈছে ।

ইফালে আঘাতৰ পৰা সুস্থ হৈ উঠা মেট হেনৰীয়ে আগন্তুক টি-২০ বিশ্বকাপৰ প্ৰতি দৃষ্টি ৰাখি টি-২০ শৃংখলাত মনোনিৱেশ কৰিছে । ওখ অল-ৰাউণ্ডাৰ কাইল জেমিছন আৰু ২৩ বছৰীয়া লেগ স্পীনাৰ আদিত্য অশোকৰ প্ৰদৰ্শনৰ ওপৰতো তীক্ষ্ণ দৃষ্টি থাকিব । ছেন্টনাৰৰ সলনি জেডেন লেনক্সক দলত অন্তৰ্ভুক্ত কৰা হৈছে । উল্লেখ্য যে, কেইবাজনো নতুন আৰু অনভিজ্ঞ মুখৰ ভিতৰত ডেভন কনৱে, ডেৰিল মিচেল, হেনৰী নিকোলছ, উইল ইয়ং, গ্লেন ফিলিপছৰ দৰে খেলুৱৈৰ উপস্থিতিয়ে নিউজীলেণ্ডৰ বেটিং ক্ৰম শক্তিশালী কৰি তুলিছে ।

এদিনীয়া শৃংখলাৰ বাবে টিম ইণ্ডিয়া-

শুভমন গীল (অধিনায়ক), যশস্বী জয়ছোৱাল, বিৰাট কোহলী, ৰোহিত শৰ্মা, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, মহম্মদ চিৰাজ, হৰ্ষিত ৰানা ।

লগতে পঢ়ক : ‘ভাগ্যত লিখা কথা কোনেও কাঢ়ি নিব নোৱাৰে’;টি-২০ বিশ্বকাপৰ পৰা বাদ পৰাৰ পিছত শুভমান গিলৰ দুখ প্ৰকাশ

নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত ল’লে বিৰাট কোহলীয়ে…

১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ভাৰত-নিউজীলেণ্ডৰ এদিনীয়া শৃংখলা । এই শৃংখলাৰ পূৰ্বে এচ ডাঙৰ সিদ্ধান্ত ল’লে বিৰাট কোহলীয়ে…

বিজয় হাজাৰে ট্ৰফীত দিল্লীৰ হৈ তৃতীয়খন মেচ খেলিব বিৰাট কোহলীয়ে । অহা ৬ জানুৱাৰীত ৰে’লৱেৰ বিৰুদ্ধে বেংগালুৰুস্থিত ব’ৰ্ড অৱ কণ্ট্ৰ’ল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া (বিচিচিআই) চেণ্টাৰ অৱ এক্সেলেন্সত অনুষ্ঠিত হ’বলগীয়া খেলখনত খেলাৰ সম্ভাৱনা আছে প্ৰবীণ বেটছমেনগৰাকীয়ে । বিৰাট কোহলীৰ উপলব্ধতা সন্দৰ্ভত দিল্লী আৰু জিলা ক্ৰিকেট সন্থাৰ সভাপতি ৰোহন জেটলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । কোহলীয়ে বৰ্তমান খেলি থকা বুলি উল্লেখ কৰে তেওঁলোকে । বিৰাটে তিনিখন মেচৰ বাবে উপলব্ধতা নিশ্চিত কৰিছে ।

শক্তিশালী ফৰ্মত আছে বিৰাট কোহলী-

কোহলীয়ে খেলা ঘৰুৱা মেচ দুয়োখনতে ভাল প্ৰদৰ্শন কৰিছে । তেওঁ ক্ৰমে ১৩১ আৰু ৭৭ ৰান সংগ্ৰহ কৰে । লগতে তেওঁ লিষ্ট এ ক্ৰিকেটত ১৬ হাজাৰ ৰান সম্পূৰ্ণ কৰি শচীন তেণ্ডুলকাৰক অতিক্ৰমি এই কৃতিত্ব অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে ।

ঘৰুৱা মেচৰ পূৰ্বে কোহলীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাতো উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল । একেৰাহে দুটা শতক আৰু তাৰ পাছত অৰ্ধশতক অৰ্জন কৰি কোহলীয়ে ভাৰতক ২-১ ব্যৱধানত শৃংখলা জয় কৰাত সহায় কৰে । ইফালে অহা ৮ জানুৱাৰীত ভাৰতীয় দলত যোগদান কৰিব তেওঁ ।

খবৰ অনুসৰি অহা ৮ জানুৱাৰীত ভাৰতীয় দলটো বদোদৰাত একত্ৰিত হ’ব । সম্ভৱতঃ কোহলীয়ে এদিন পূৰ্বে আহি প্ৰশিক্ষণ আৰম্ভ কৰিব পাৰে । নিউজীলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলা ১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব, প্ৰথমখন খেল বাদোদৰাত অনুষ্ঠিত হ’ব ।

এদিনীয়া শৃংখলাত নাথাকিব হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰীত বুমৰাহ-

খবৰ অনুসৰি তিনিখন খেলৰ এদিনীয়া শৃংখলাত হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰীত বুমৰাহে অংশগ্ৰহণ নকৰে । এইবাৰ অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতৰ অভিযানৰ বাবে দুয়োগৰাকী খেলুৱৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । ভাৰত ডিফেণ্ডিং চেম্পিয়ন আৰু এই প্ৰতিযোগিতাখন ঘৰুৱা মাটিত অনুষ্ঠিত হ’ব । গতিকে টি-২০ খিতাপ সফলতাৰে ৰক্ষা কৰা প্ৰথমটো দল হিচাপে ভাৰতে ইতিহাস ৰচনা কৰিব বিচাৰিলে হাৰ্দিক আৰু বুমৰাহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ’ব ।

লগতে পঢ়ক : শ্ৰীলংকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০টো ভাৰতৰ জয়… ক্লীন ছুইপৰ দিশে হৰমনপ্ৰীত ব্ৰিগেড

নিউজীলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, বাদ পৰিল কেইবাজনো খেলুৱৈ

নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হবলগা এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল । অহা বছৰ ১১ জানুৱাৰীৰ আৰম্ভ হ’ব এই শৃংখলা ।

২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’বলগীয়া আই চি চি পুৰুষ টি-২০ বিশ্বকাপৰ বাবে ঘোষমা কৰা হৈছে ভাৰতীয় দল । শনিবাৰে মুম্বাইত মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ নেতৃত্বত এই দলটো ঘোষণা কৰা হয় । লগতে ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ বাবেও ভাৰতীয় দল ঘোষণা কৰা হৈছে । বিশ্বকাপৰ বাবে নিৰ্বাচিত একেটা দলেই এই শৃংখলাতো খেলিব ।

টি-২০ বিশ্বকাপৰ পূৰ্বে নিউজীলেণ্ডে ভাৰতৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলা আৰু তাৰ পিছত পাঁচখন টি-২০ শৃংখলা খেলিব । ১১ জানুৱাৰীৰ পৰা এদিনীয়া শৃংখলা আৰম্ভ হোৱাৰ বিপৰীতে ২১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব টি-২০ শৃংখলা । এই টি-২০ শৃংখলাটো গুৰুত্বপূৰ্ণ হ’ব কাৰণ টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱাৰ এইটোৱেই হ’ব ভাৰতীয় দলৰ শেষ সুযোগ । এই শৃংখলাৰ পিছত পোনপটীয়াকৈ বিশ্বকাপলৈ যাত্ৰা কৰিব টিম ইণ্ডিয়াই ।

নিউজীলেণ্ড শৃংখলা আৰু টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া ভাৰতীয় দল : সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অক্ষৰ পেটেল (সহঃ অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, সঞ্জু চেমচন (উইকেটকীপাৰ), কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, ৰিংকু সিং, হৰ্ষিত ৰানা, ৱাশ্বিংটন সুন্দৰ আৰু ঈশান কিষণ (উইকেটকীপাৰ)।

নিউজীলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ সম্পূৰ্ণ সূচী-

১১ জানুৱাৰীত বদোদৰাত অনুষ্ঠিত হ’ব শৃংখলাৰ প্ৰথমখন এদিনীয়া । দ্বিতীয়খন এদিনীয়া ১৪ জানুৱাৰীত ৰাজকোটত অনুষ্ঠিত হ’ব আৰু ১৮ জানুৱাৰীত ইন্দোৰত অনুষ্ঠিত হ’ব তৃতীয় তথা অন্তিমখন এদিনীয়া ।

ইফালে ২১ জানুৱাৰীত নাগপুৰত প্ৰথমখন টি-২০, দ্বিতীয়খন টি-২০ ৰায়পুৰত, ২৫ জানুৱাৰীত গুৱাহাটীত তৃতীয় টি-২০, ২৮ জানুৱাৰীত বিশাখাপট্টনমত চতুৰ্থ টি-২০ আৰু ৩১ জানুৱাৰীত কেৰালাত চূড়ান্ত টি-২০ মেচ অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে, ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিব টি-২০ বিশ্বকাপ । ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ ২০ মাৰ্চত অনুষ্ঠিত হ’ব ফাইনেল । ডিফেণ্ডিং চেম্পিয়ন ভাৰতক এই প্ৰতিযোগিতাখনৰ বাবে গ্ৰুপ এলৈ টানি অনা হৈছে, য’ত আমেৰিকা যুক্তৰাষ্ট্ৰ, নামিবিয়া, নেদাৰলেণ্ড, পাকিস্তান অন্তৰ্ভুক্ত আছে ।

ভাৰত বনাম নিউজীলেণ্ডৰ সম্পূৰ্ণ সূচীঃ

১১ জানুৱাৰী : প্ৰথম এদিনীয়া, বদোদৰা

১৪ জানুৱাৰী : দ্বিতীয় এদিনীয়া, ৰাজকোট

১৮ জানুৱাৰী : তৃতীয় এদিনীয়া, ইন্দোৰ

২১ জানুৱাৰী : প্ৰথম টি-২০, নাগপুৰ

২৩ জানুৱাৰী : দ্বিতীয় টি-২০, ৰায়পুৰ

২৫ জানুৱাৰী : তৃতীয় টি-২০, গুৱাহাটী

২৮ জানুৱাৰী : চতুৰ্থ টি-২০, বিশাখাপট্টনম

৩১ জানুৱাৰী : পঞ্চম টি-২০, তিৰুৱনন্তপুৰম

লগতে পঢ়ক : শুভমান গিল আউট,ঈশান কিষাণ ইন; টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল

ভাৰত আৰু নিউজীলেণ্ডৰ মাজত গুৰুত্বপূৰ্ণ চুক্তি… পুনৰ দোহাৰিলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি

প্ৰধানমন্ত্ৰী মোদী আৰু নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে দিল্লীত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তিৰ সাক্ষী সাক্ষৰিত হয় ৷ নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনৰ সৈতে যৌথ প্রেছ বিবৃতিৰ সময়ত নৰেন্দ্ৰ মোদীয়ে কয়, “মই প্ৰধানমন্ত্ৰী লাক্সন আৰু তেওঁৰ কেবিনেটক ভাৰতলৈ আদৰণি জনাইছো… লাক্সন ভাৰতৰ সৈতে সংযুক্ত । আমি দেখিলোঁ যে তেওঁ শেহতীয়াকৈ কেনেকৈ হোলী উদযাপন কৰিছিল…আমি সুখী যে তেওঁৰ দৰে এজন যুৱ নেতা ৰাইচিনা ডাইলগ ২০২৫ত আমাৰ মুখ্য অতিথি….”

ইফালে সোমবাৰে নতুন দিল্লীত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয় । এই সময়ত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত আছিল । চুক্তিখনৰ পিছত এক যৌথ বিবৃতিত কোৱা হয় যে দুয়োখন দেশে প্ৰতিৰক্ষা অংশীদাৰিত্বক শক্তিশালী আৰু প্ৰতিষ্ঠানিকৰণৰ সিদ্ধান্ত লৈছে । ভাৰত আৰু নিউজীলেণ্ডৰ মাজত প্ৰতিৰক্ষা উদ্যোগত পাৰস্পৰিক সহযোগিতাৰ এক ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হ’ব । ইয়াৰ উপৰিও ভাৰত-নিউজীলেণ্ডৰ পাৰস্পৰিকভাৱে লাভজনক এফ টি এৰ আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “…অবৈধ প্ৰব্ৰজনৰ বিষয়টোৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰত আৰু নিউজীলেণ্ডৰ মাজত চুক্তি প্ৰণয়নৰ কাম কৰা হ’ব ।” যৌথ বিবৃতিটোত কোৱা হৈছে যে সেয়া ২০১৯ চনৰ ক্ৰাইষ্টচাৰ্চ আক্ৰমণ হওক বা ২০০৮ চনৰ মুম্বাই আক্ৰমণ হওক, যিকোনো ৰূপতে সন্ত্ৰাসবাদ গ্ৰহণযোগ্য নহয় । দুয়োখন দেশে সন্ত্ৰাসবাদী, বিচ্ছিন্নতাবাদী আৰু উগ্ৰ উপাদানৰ বিৰুদ্ধে যুঁজত সহযোগিতা আগবঢ়াই যাব বুলি উল্লেখ কৰে ।

২৫ বছৰৰ পাছত পুনৰ খিতাপৰ মেচত মুখামুখি হ’ব ভাৰত আৰু নিউজীলেণ্ড…জানক দুয়োটা দলৰ এই অভিলেখ

৯ মাৰ্চত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফীৰ খিতাপৰ মেচ । ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ বিপৰীতে নিউজীলেণ্ডে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি খিতাপ মেচত প্ৰৱেশ কৰিছে । ২৫ বছৰৰ পাছত পুনৰবাৰ এই দুয়োটা দলে আই চি চিৰ সীমিত অভাৰৰ ফৰ্মেটত খিতাপৰ মেচত মুখামুখি হ’ব ।

আঠ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মুখামুখি হ’ব-

চেম্পিয়নছ ট্ৰফীত গ্ৰুপ এ-ত আছিল ভাৰত আৰু নিউজীলেণ্ড । গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত ভাৰতে নিউজীলেণ্ডক পৰাস্ত কৰিছিল আৰু এতিয়া আঠ দিনৰ ব্যৱধানৰ অন্তত দুয়োটা দল আকৌ এবাৰ মুখামুখি হ’ব । আই চি চি টুৰ্ণামেণ্টৰ ফাইনেলত ভাৰত আৰু নিউজীলেণ্ডৰ দলৰ মাজত দুবাৰকৈ সংঘৰ্ষ হৈছে । শেষবাৰৰ বাবে দুয়োটা দলে ২০২১ চনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ৰ ফাইনেলত খেলিছিল । বৰষুণৰ বাবে ৬ দিন চলি থকা খিতাপ মেচখনত নিউজীলেণ্ডে ভাৰতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু কিৱি দলে ভাৰতীয় দলটোক ৮ উইকেটত পৰাস্ত কৰিছিল ।

২৫ বছৰ পূৰ্বে ভাৰতৰ সপোন ভংগ কৰিছিল কিৱি দলে-

উল্লেখ্য যে আই চি চিৰ সীমিত অভাৰৰ ফৰ্মেটৰ ফাইনেলত দুয়োটা দলে শেষবাৰৰ বাবে ২০০০ চনত আই চি চি নকআউট ট্ৰফী (বৰ্তমান চেম্পিয়নছ ট্ৰফী)ত খেলিছিল । সেই সময়ত নিউজীলেণ্ডে ভাৰতক চাৰি উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰিছিল । সেই মেচখনত গংগুলীৰ ১১৭ ৰান আৰু শচীন টেণ্ডুলকাৰৰ ৬৯ ৰানৰ বাবেই সৌৰভ গাংগুলীৰ নেতৃত্বত ভাৰতীয় দলটোৱে ৫০ অভাৰত ৬ উইকেটত ২৬৪ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ষ্টিফেন ফ্লেমিংৰ অধিনায়কত্বত থকা নিউজীলেণ্ড দলে সফলতাৰে লক্ষ্যত উপনীত হয় । কিৱিৰ হৈ ক্ৰীছ কেয়াৰ্নে ১১৩টা বলত অপৰাজিত ১০২ ৰান সংগ্ৰহ কৰি ভাৰতৰ পৰা জয় কাঢ়ি লয় ।

আই চি চিৰ খিতাপৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছে নিউজীলেণ্ডে-

তেতিয়াৰ পৰা নিউজীলেণ্ডে কেতিয়াও আই চি চিৰ হোৱাইট বল প্ৰতিযোগিতাত জয়ী হোৱা নাই । নিউজীলেণ্ড দলটোৱে ২০১৫ আৰু ২০১৯ৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও দুয়োবাৰেই পৰাজয়ৰ সন্মুখীন হৈছিল । এতিয়া তেওঁলোকে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলৰ বিৰুদ্ধে আন এখন ফাইনেলত মুখামুখি হ’ব, যিয়ে প্ৰতিযোগিতাখনত অপৰাজিত হৈ খিতাপ মেচত প্ৰৱেশ কৰিছে ।

২ মাৰ্চত একেখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামতে ভাৰত আৰু নিউজীলেণ্ডৰ মাজত এখন খেল অনুষ্ঠিত হৈছিল, য’ত ভাৰতে নিউজীলেণ্ডৰ সন্মুখত ২৫০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । এই মেচত বৰুণ চক্ৰৱৰ্তীৰ নেতৃত্বত ভাৰতীয় স্পীনাৰৰ শক্তিশালী প্ৰদৰ্শনৰ বাবে টিম ইণ্ডিয়াই লক্ষ্য ৰক্ষা কৰাত সফল হয় । চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন মেচ খেলা বৰুণে ৫টা উইকেট দখল কৰে আৰু নিউজীলেণ্ড পৰাজয়ৰ সন্মুখীন হয় ।