আইচিচিৰ সকীয়নিৰ পিছতো নিজৰ স্থিতিত অটল থকাৰ সিদ্ধান্ত লৈছে বাংলাদেশে । ইয়াৰ পিছতে এতিয়া টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হৈছে দেশখন ।
ভাৰতৰ বিৰোধিতা কৰিবলৈ গৈ মুখ থেকেচা খালে বাংলাদেশে । আইচিচিয়ে বান্ধি দিয়া সিদ্ধান্ত তথা সময়সীমা মানি নোলোৱাৰ পিছতেই টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশ বাহিৰ হৈছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সকীয়নি আৰু আল্টিমেটামৰ পিছতো বাংলাদেশ ক্ৰিকেট ব’ৰ্ড (বিচিবি), খেলুৱৈ আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ ক্ৰীড়া উপদেষ্টাই টি-২০ বিশ্বকাপ সন্দৰ্ভত নিজৰ স্থিতিত অটল থকাৰ সিদ্ধান্ত লৈছে । বাংলাদেশে স্পষ্ট কৰি দিছে যে যদিহে খেলসমূহৰ স্থান ভাৰতৰ পৰা শ্ৰীলংকালৈ স্থানান্তৰিত নহয় তেন্তে দলটোৱে বিশ্বকাপত অংশগ্ৰহণ নকৰে ।
খেলুৱৈসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত বাংলাদেশৰ ক্ৰীড়া উপদেষ্টা আছিফ নাজৰুলে আইচিচিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে । তেওঁ উল্লেখ কৰে যে আইচিচিয়ে বাংলাদেশক ন্যায় দিয়া নাই আৰু খেলুৱৈসকলৰ সুৰক্ষাক অৱহেলা কৰা হৈছে । আছিফ নাজৰুলৰ মতে, কোনো কাৰণতে নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ নহ’ব বুলি চৰকাৰ, ক্ৰিকেট ব’ৰ্ড, খেলুৱৈসকলে সকলোৱে সহমত প্ৰকাশ কৰিছে ।
আছিফ নাজৰুলে স্পষ্টভাৱে কয় যে, “আমি কাৰো হেঁচাত তল মূৰ নকৰো । বাংলাদেশে বিশ্বকাপ খেলিব নোৱাৰিলে ইয়াৰ পৰিণতি বিশ্বই বুজিব লাগে । আমি আমাৰ খেলুৱৈৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচ কৰিব নোৱাৰো ।”
বৈঠকৰ অন্তত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডেও এই সিদ্ধান্তত অটল থকাৰ কথা ঘোষণা কৰে । ব’ৰ্ডে উল্লেখ কৰে যে সাম্প্ৰতিক পৰিস্থিতিত খেলিবলৈ ভাৰতলৈ যোৱাটো নিৰাপদ নহয় আৰু সেয়েহে স্থান শ্ৰীলংকালৈ সলনি কৰিব লাগে । অৱশ্যে প্ৰতিযোগিতাখনৰ খেলসমূহ ভাৰতৰ বাহিৰলৈ স্থানান্তৰ কৰা নহ’ব বুলি ইতিমধ্যে আইচিচিয়ে স্পষ্ট কৰি দিছে ।
আইচিচিৰ এই কঠোৰ সতৰ্কবাণীৰ পিছতো বাংলাদেশে নিজৰ সিদ্ধান্তত অটল থকাৰ কথা ঘোষণা কৰিছে । এই সমগ্ৰ বিতৰ্কই টি-২০ বিশ্বকাপৰ ওপৰত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । সকলোৰে দৃষ্টি এতিয়া আইচিচিৰ পৰৱৰ্তী পদক্ষেপ আৰু এই সংঘাতৰ সমাধানৰ ওপৰত থাকিব ।
টি-২০ বিশ্বকাপৰ সূচী অনুসৰি বাংলাদেশক প্ৰথমে গ্ৰুপ C-ত স্থান দিয়া হৈছিল । ইয়াৰ প্ৰথম তিনিখন মেচ কলকাতাত অনুষ্ঠিত হোৱাৰ কথা আছিল । ইয়াৰ পিছত ১৭ ফেব্ৰুৱাৰীত মুম্বাইত নেপালৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেল খেলাৰ কথা আছিল বাংলাদেশে ।
লগতে পঢ়ক : আইচিচি ৰেংকিঙত অৱনমিত বিৰাট কোহলী, হেৰুৱালে এদিনীয়াৰ শীৰ্ষস্থান









