ভাৰত এৰি ডিচেম্বৰত ঘূৰি যাব বাংলাদেশলৈ! শ্বেখ হাছিনাৰ বিস্ফোৰক ঘোষণা

শ্বেখ হাছিনাই চলিত বছৰৰ ডিচেম্বৰ মাহত ভাৰতৰ পৰা বাংলাদেশলৈ ঘূৰি যোৱাৰ এক অভূতপূৰ্ব ঘোষণা কৰিছে

বাংলাদেশৰ ৰাজনীতিৰ এক অতি ডাঙৰ আৰু চাঞ্চল্যকাৰী খবৰ পোহৰলৈ আহিছে । দেশখনৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই চলিত বছৰৰ ডিচেম্বৰ মাহত ভাৰতৰ পৰা বাংলাদেশলৈ ঘূৰি যোৱাৰ এক অভূতপূৰ্ব ঘোষণা কৰিছে । নিজ দেশত মৃত্যুদণ্ডৰ ৰায় পোৱাৰ পিছতো হাছিনাই স্পষ্ট কৰি দিছে যে তেওঁ বাংলাদেশলৈ ঘূৰি যাব আৰু তাত থকা আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰিব ।

আৱামী লীগৰ এই ৭৮ বছৰীয়া নেত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এক বিশেষ দূৰভাষিক সাক্ষাৎকাৰত কয় যে তেওঁৰ জীৱনৰ প্ৰতি চৰম ভাবুকি আছে, কিন্তু তথাপিও তেওঁ নিজৰ এই সিদ্ধান্ত সলনি নকৰে ।

“মই যাবই লাগিব, মোক হত্যা কৰিবও পাৰে”

প্ৰায় এঘণ্টা ধৰি চলা এই সাক্ষাৎকাৰত শ্বেখ হাছিনাই আবেগিক হৈ কয়,

“যেতিয়া মই বাংলাদেশলৈ ঘূৰি যাম, তেতিয়া মোক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে, আনকি মোক হত্যাও কৰা হ’ব পাৰে । কিন্তু তথাপিও মই যাবই লাগিব । মোৰ দলৰ নেতা আৰু কৰ্মীসকলৰ ওপৰত বৰ্তমান বাংলাদেশত ভয়াৱহ অত্যাচাৰ আৰু দমন চলোৱা হৈছে । যদি মোৰ মৃত্যু লিখা আছে, তেন্তে মই বিচাৰোঁ সেই মৃত্যু মোৰ নিজৰ মাটিত হওক, য’ত মোৰ পিতৃ-মাতৃৰ কবৰ আছে আৰু য’ত তেওঁলোকৰ তেজ বৈ গৈছিল ।”

হাছিনাই লগতে প্ৰকাশ কৰে যে কেৱল তেওঁ অকলেই নহয়, বৰ্তমান দেশৰ বাহিৰত নিৰ্বাসিত হৈ থকা আৱামী লীগৰ বহু জ্যেষ্ঠ নেতাও তেওঁৰ সৈতে বাংলাদেশলৈ ঘূৰি যাব আৰু ন্যায়িক প্ৰক্ৰিয়াৰ সন্মুখীন হ’ব । এই নেতাসকলৰ তালিকাত বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কামালৰ নামো অন্তৰ্ভুক্ত থকাৰ সম্ভাৱনা আছে, যাক ইতিমধ্যে বাংলাদেশৰ আদালতে মৃত্যুদণ্ড বিহিছে ।

কিয় দেশ এৰিছিল শ্বেখ হাছিনাই?

উল্লেখ্য যে, ২০২৪ চনৰ ৫ আগষ্টত বাংলাদেশত তীব্ৰ হিংসাত্মক ছাত্ৰ আন্দোলন আৰু বিদ্ৰোহৰ পিছত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ভাৰতলৈ পলাই আহিছিল । তেতিয়াৰে পৰা ভাৰত চৰকাৰে তেওঁক সুৰক্ষিত আশ্ৰয় প্ৰদান কৰি আহিছে ।

ইয়াৰ পিছত, ২০২৫ চনৰ নৱেম্বৰ মাহত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ট্ৰাইবিউনেলে ২০২৪ চনৰ প্ৰতিবাদৰ সময়ত হোৱা গণ-হত্যা আৰু দমনৰ গোচৰত শ্বেখ হাছিনাক তেওঁৰ অনুপস্থিতিতে মৃত্যুদণ্ডৰ ৰায় শুনাইছিল । অৱশ্যে হাছিনাই এই সকলোবোৰ অভিযোগক ৰাজনৈতিকভাৱে প্ৰেৰিত বুলি অভিহিত কৰি প্ৰত্যাখ্যান কৰি আহিছে ।

বৰ্তমান ঢাকাৰ শাসনত থকা প্ৰধানমন্ত্ৰী তাৰেক ৰহমানৰ নেতৃত্বাধীন বিএনপি চৰকাৰে ধাৰাবাহিকভাৱে ভাৰতৰ পৰা শ্বেখ হাছিনাক বাংলাদেশলৈ প্ৰত্যৰ্পণ কৰাৰ দাবী জনাই আহিছে । গতিকে ২০২৬ চনৰ শেষৰ ফালে শ্বেখ হাছিনাৰ এই প্ৰত্যাৱৰ্তনে বাংলাদেশৰ ৰাজনীতিত কেনেধৰণৰ ধুমুহাৰ সৃষ্টি কৰে, সেয়া সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ চৰ্চাৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক : ‘ট্ৰাম্পক হত্যা কৰক…’; খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ইৰাণৰ সমৰ্থকৰ ক্ষোভৰ জুই

‘মৃত্যুলৈ ভয় নাই’; বছৰৰ শেষত বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা শ্বেখ হাছিনাৰ

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মৃত্যুৰ যিকোনো আশংকাক নুই কৰি চলিত বৰ্ষৰ শেষৰ ফালে দেশলৈ উভতি যোৱাৰ কথা ঘোষণা কৰিছে।

২০২৪ চনত ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পিছৰে পৰা ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এক বৃহৎ মন্তব্য কৰিছে। তেওঁ কয় যে এই বছৰৰ শেষৰ ফালে বাংলাদেশলৈ উভতি অহাৰ পৰিকল্পনা কৰিছে আৰু তেওঁৰ মৃত্যুলৈ কোনো ভয় নাই।

আনহাতে, তেওঁৰ ৰাজনৈতিক বিৰোধীসকলে এই মন্তব্যক দেশৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি বিনষ্ট কৰা আৰু চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ কৌশল বুলি অভিহিত কৰিছে।শ্বেখ হাছিনাৰ এই মন্তব্য এনে এক সময়ত আহিছে যেতিয়া ঢাকাৰ ৰাজনৈতিক মহলত তেওঁৰ নিষিদ্ধ ঘোষিত দল আৱামী লীগ গ্ৰাম্য আৰু নগৰীয়া দুয়োটা অঞ্চলতে পুনৰ সক্ৰিয় হৈ উঠাৰ খবৰ সৰ্বত্ৰ চৰ্চিত হৈছে।

দলটোৰ এই কথিত পুনৰুত্থানক লৈয়েই তাৰেক ৰহমানৰ নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰে আৱামী লীগৰ সদস্যসকলক স্থানীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অনুমতি দিছে, যদিও তেওঁলোকে কেৱল নিৰ্দলীয় প্ৰাৰ্থী হিচাপেহে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব পাৰিব। আৱামী লীগক কেৱল এটা সংগঠন নহয়, বৰঞ্চ এটা শক্তি বুলি অভিহিত কৰি শ্বেখ হাছিনাই কয় যে সংখ্যালঘুসকলৰ ওপৰত হোৱা যিকোনো আক্ৰমণ বাংলাদেশৰ স্বাধীনতাৰ ওপৰত হোৱা আক্ৰমণ। তেওঁ স্পষ্ট কৰি কয়, “মোৰ উভতি যোৱাটো ব্যক্তিগত উচ্চাকাংক্ষাৰ প্ৰশ্ন নহয়। ই এক বৃহৎ বিষয়ৰ সৈতে জড়িত। বাংলাদেশৰ জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ, গণতন্ত্ৰৰ পুনৰুদ্ধাৰ, আইনৰ শাসন আৰু আমাৰ মুক্তি সংগ্ৰামৰ চেতনাৰ ৰক্ষা।”

যেতিয়া শ্বেখ হাছিনাই এই বছৰত নিজৰ দেশলৈ উভতি যোৱাৰ দাবী কৰিলে, তেতিয়া শাসকীয় বি এন পি (BNP) আৰু বিৰোধী দল জামাত-এ-ইছলামীৰ সদস্যসকলে তেওঁক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত পোৱা মৃত্যুদণ্ড আৰু তেওঁৰ বিৰুদ্ধে থকা বহুতো গোচৰৰ কথা সোঁৱৰাই দিয়ে।

ইয়াৰ প্ৰত্যুত্তৰত শ্বেখ হাছিনাই কয়, “মোক মৃত্যুলৈ ভয় নাই। ১৯৭৫ চনত মই মোৰ পিতৃ-মাতৃ, মোৰ ভাইসকল আৰু প্ৰায় সমগ্ৰ পৰিয়ালক হেৰুৱাইছিলোঁ… মোক গ্ৰেনেড নিক্ষেপ কৰি হত্যা কৰাৰ চেষ্টাও চলোৱা হৈছিল। মোৰ বিৰুদ্ধে বহু ষড়যন্ত্ৰ কৰা হৈছিল। কিন্তু ষড়যন্ত্ৰৰ প্ৰতিটো জাল ভাঙি মই বাংলাদেশৰ জনসাধাৰণৰ সৈতে থিয় দিছিলোঁ।” তেওঁ নিজৰ বিৰুদ্ধে দিয়া মৃত্যুদণ্ডৰ ৰায়ক অবৈধ, অসাংবিধানিক আৰু ৰাজনীতি প্ৰেৰিত প্ৰক্ৰিয়াৰ অংশ বুলি অভিহিত কৰে।

শ্বেখ হাছিনাই তাৰেক ৰহমানৰ নেতৃত্বাধীন বৰ্তমানৰ বি এন পি চৰকাৰ আৰু মহম্মদ ইউনুছৰ নেতৃত্বাধীন পূৰ্বৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ওপৰতো চোকা আক্ৰমণ কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে তাত কোনো গণতন্ত্ৰ নাই। আইনৰ কোনো শাসন নাই। কোনো নিৰাপত্তা নাই। অৰ্থনীতি দুৰ্বল হৈ পৰিছে। সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ হৈছে আৰু উগ্ৰবাদ দ্ৰুতগতিত বিয়পি পৰিছে। আনহাতে, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এজন ঘনিষ্ঠ সূত্ৰই হাছিনাৰ দাবীক খাৰিজ কৰি কয় যে, “আমি অলপো চিন্তিত নহয়। তেওঁ আৰু তেওঁৰ দলৰ লোকে এনে ধৰণৰ মন্তব্য বাৰে বাৰে কৰি থাকে, যি আমাৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ কৌশল হ’ব পাৰে। কিন্তু ই এক বৃহৎ সংখ্যাগৰিষ্ঠতাৰে নিৰ্বাচিত চৰকাৰ আৰু জনসাধাৰণ আমাৰ লগত আছে।”

লগতে পঢ়ক: আব্দুল খালেকক প্ৰদেশ কংগ্ৰেছৰ মিডিয়া উপদেষ্টা নিযুক্তি

ঢাকাৰ আকাশত প্ৰতিধ্বনিত হ’ল ‘জয় শ্ৰী ৰাম’ ধ্বনি; ৰাজপথত হাজাৰ হাজাৰ হিন্দুৰ প্ৰতিবাদ

বাংলাদেশৰ হিন্দু সম্প্ৰদায়ে শুকুৰবাৰে ঢাকাত জোৰ সমদল উলিয়াই ভগৱান ৰামক কৰা অভিযোগৰ প্ৰতিবাদ সাব্যস্ত কৰে।

শুকুৰবাৰে সন্ধিয়া বাংলাদেশৰ ৰাজধানী ঢাকাৰ আকাশত জয়শ্ৰী ৰাম ধ্বনিৰে প্ৰতিধ্বনিত হয়। শুকুৰবাৰে সন্ধিয়া বাংলাদেশৰ ৰাজধানী ঢাকাত বৃহৎ পৰিমাণে হিন্দুসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। দৰাচলতে ইছলামিক মৌলবাদীসকলে ৰংপুৰত ভগৱান ৰামৰ প্ৰতিমূৰ্তি স্থাপনৰ বিৰোধিতা কৰিছে। এই সময়ত ভগৱান ৰামৰ ছবিখনক অপমান কৰা হৈছিল, তাৰ পিছত বাংলাদেশৰ ঢাকাত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ঢাকাত হাজাৰ হাজাৰ হিন্দুৱে জোৰ সমদল উলিয়ায় আৰু ‘জয় শ্ৰী ৰাম’ ধ্বনি দিয়ে। প্ৰতিবাদকাৰীসকলে ভগৱান ৰামক অপমান কৰা লোকসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে।

হিন্দুসকলৰ এই প্ৰতিবাদ উত্তৰ গাইবান্ধা জিলাৰ পলাশবাৰীত ভগৱান ৰামৰ ৮১ ফুট ওখ মূৰ্তি নিৰ্মাণত বাধা আৰোপ কৰাৰ কেইদিনমান পিছতে সন্মুখলৈ আহিছে। এই প্ৰকল্পৰ আঁৰত কাম কৰি থকা ‘শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰ কমিটি’য়ে দাবী কৰিছে যে প্ৰশাসনক ইছলামী গোটসমূহৰ পৰা ভাবুকি দিয়া হৈছে। এই ঘটনাই মুছলিম সংখ্যাগৰিষ্ঠ বাংলাদেশত সংখ্যালঘুসকলৰ অধিকাৰক লৈ থকা চিন্তাক পুনৰবাৰ উদঙাই দেখুৱাইছে।

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰিছে যে অলপতে এটা হিংসাত্মক দলে ভগৱান ৰামৰ মূৰ্তিত জোতা থৈ তাক অপবিত্ৰ কৰে, যিটো হিন্দু ধৰ্মৰ বাবে এক ঘোৰ অপমান। তেওঁলোকে ৭২ ঘণ্টাৰ এক আলটিমেটাম দি কয় যে যদিহে এই অপমানৰ আঁৰত থকা দোষীক সময়মতে গ্ৰেপ্তাৰ কৰা নহয়, তেন্তে তেওঁলোকে দেওবাৰে ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰালয়ক এখন স্মাৰকপত্ৰ প্ৰদান কৰিব। ইয়াৰ উপৰিও, তেওঁলোকে প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক, লগতে বিভিন্ন সমদল আৰু কাৰ্যসূচীসহ আন বহু পৰিকল্পনাৰ কথা ঘোষণা কৰিছে।

তথ্য অনুসৰি, শুক্ৰবাৰে বিয়লি ৫ বজাৰ পৰা ৰাজধানী ঢাকাৰ শ্বাহবাগ চ’কত হিন্দু সম্প্ৰদায়ৰ বিভিন্ন সংগঠন এটাৰ পিছত এটাকৈ একত্ৰিত হয়। ইয়াৰ ভিতৰত বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও আছিল। সমদলটো শ্বাহবাগ চ’কৰ পৰা আৰম্ভ হৈ মতেশ্বৰ ভৱন হৈ নেচনেল প্ৰেছ ক্লাব পৰ্যন্ত যায়। এই সমদলৰ সময়ত লোকসকলে “জয় শ্ৰী ৰাম” আৰু আন কেইবাটাও শ্লোগান দিয়ে। ভগৱান ৰামৰ অপমানৰ প্ৰতিবাদত শুক্ৰবাৰে ৰাতিপুৱাও ঢাকাত দুটা সুকীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

লগতে পঢ়ক: ‘এতিয়া এটা হে শিৱসেনা আছে, বেলেগ  ফৈদ নাই’; উদ্ধৱ থাকৰেক তীক্ষ্ণ সমালোচনা অমিত শ্বাহৰ

ঈদ পালন কৰি উভতি অহা ২৩ জনৰ সৈতে শোকাৱহ ঘটনা, কেইবাজনো সন্ধানহীন

ঈদৰ বন্ধৰ দিন উদযাপন কৰি ঢাকালৈ উভতি আহিছিল এই সকল লোক

বাংলাদেশত এখন যাত্ৰীবাহী বাছ নদীত বাগৰি পৰি ডুব যোৱাৰ ফলত ২৩ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে । বুধবাৰে সন্ধিয়া প্ৰায় ৫.১৫ বজাত ৰাজবাৰী জিলাৰ দৌলতদিয়া টাৰ্মিনেলত এই ঘটনা সংঘটিত হয় । বাছখন ফেৰীত উঠিবলৈ চেষ্টা কৰি থকাৰ সময়তে হঠাৎ ভাৰসাম্য হেৰুৱাই পদ্মা নদীত বাগৰি পৰে ।

খবৰ অনুসৰি বাছখনত কেইবাটিও শিশুকে ধৰি প্ৰায় ৪০ জন যাত্ৰী আছিল । ঈদৰ বন্ধৰ দিন উদযাপন কৰি ঢাকালৈ উভতি আহিছিল এই সকল লোক । দুৰ্ঘটনাটোৰ পিছতে ততাতৈয়াকৈ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰা হয় । অত্যন্ত কঠিন পৰিস্থিতি আৰু বেয়া বতৰৰ মাজতো প্ৰায় ৬ ঘণ্টা কঠোৰ প্ৰচেষ্টাৰ অন্তত অৱশেষত ক্ৰেন ব্যৱহাৰ কৰি বাছখন নদীৰ পৰা ওলিয়াই অনা হয় ।

বাছখন উলিয়াই অনাৰ সময়ত ভিতৰত ১৪টা মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে ডুবাৰুৱে ইয়াৰ পূৰ্বে দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে । ইয়াৰ ফলত মুঠ মৃত্যু হোৱা নিশ্চিত লোকৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পাইছে । এতিয়াও কেইবাজনো লোক সন্ধানহীন হৈ আছে আৰু তেওঁলোকৰ সন্ধান অব্যাহত আছে । সেনা, আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু উপকূলৰক্ষী বাহিনীৰ দলসমূহে যৌথভাৱে অনুসন্ধান অভিযান চলাই আছে ।

প্ৰত্যক্ষদৰ্শীৰ মতে, বাছখন ফেৰীখনৰ কাষ চাপি অহাৰ লগে লগে এখন সৰু ইউটিলিটি ফেৰীয়ে খুন্দা মাৰে । ইয়াৰ ফলত বাছ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু বাছখন পোনে পোনে নদীত বাগৰি যায় । একাংশ যাত্ৰী সাঁতুৰি নিৰাপদ স্থানলৈ যাবলৈ সক্ষম হয় বা উদ্ধাৰ কৰা হয় যদিও বেছিভাগ যাত্ৰী বাছৰ ভিতৰত আবদ্ধ হৈ পৰে ।

লগতে পঢ়ক : পশ্চিম বংগৰ নিৰ্বাচনৰ পূৰ্বে চাঞ্চল্যৰ ঘটনা; উদ্ধাৰ ৮৪টা দেশত নিৰ্মিত বোমা

বাংলাদেশত তাৰিক ৰহমান চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; ভাৰতৰ সৈতে পুনৰ আৰম্ভ হ’ব ভিছা সেৱা

বাংলাদেশৰ ৰাজনীতিত বৃহৎ পৰিবৰ্তনৰ পিছত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কৰ দিশটোও সলনি হোৱা দেখিবলৈ পোৱা গৈছে।

ভাৰত-বাংলাদেশৰ সম্পৰ্ক উন্নত কৰাৰ দিশত প্ৰথম পদক্ষেপ গ্ৰহণ কৰি দিল্লীত থকা বাংলাদেশ উচ্চায়ুক্তই শুকুৰবাৰে ভাৰতীয় নাগৰিকৰ বাবে পুনৰ ভিছা সেৱা আৰম্ভ কৰিছে।

প্ৰায় দুমাহ পূৰ্বে এই সেৱাসমূহ বন্ধ কৰি দিয়া হৈছিল। এই সিদ্ধান্ত এনে সময়ত লোৱা হৈছিল যেতিয়া তিনিদিন পূৰ্বে তাৰিক ৰহমানে বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

ইয়াৰ পৰা বুজিব পৰা যায় যে তেওঁলোকৰ পাৰ্টী বিএনপিৰ বাবে নতুন দিল্লীৰ গুৰুত্ব অতি বেছি আৰু প্ৰাৰম্ভিক পৰ্যায়ত সম্পৰ্কত থকা তিক্ততা দূৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

মাত্ৰ এদিন পূৰ্বে ভাৰতীয় কনছুলেটৰ এজন জ্যেষ্ঠ বিষয়াই কৈছিল যে নতুন দিল্লীয়েও শীঘ্ৰে বাংলাদেশৰ সকলো ভিছা সেৱা পুনৰ আৰম্ভ কৰিব।

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত দুয়োখন দেশৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাত কনছুলাৰ আৰু ভিছা সেৱা বন্ধ কৰি দিয়া হৈছিল।

ভাৰত বিৰোধী ছাত্ৰ নেতা শ্বৰীফ ওছমান হাদীৰ হত্যাকাণ্ডৰ পিছত এই উত্তেজনা বাঢ়ি যায়।হাদীৰ মৃত্যুত বাংলাদেশত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়,য’ত ভাৰত বিৰোধী বিষয়ে সক্ৰিয় অংশ লৈছিল।

বৰ্তমান চিকিৎসা আৰু ডাবল এণ্ট্ৰি ভিছা প্ৰদান কৰা হৈছে,আনহাতে ভিজিট ভিছাকে ধৰি অন্যান্য শিতানসমূহো অতি সোনকালে কাৰ্যক্ষম হ’ব।শীঘ্ৰে সকলো ধৰণৰ ভাৰতীয় ভিছা স্বাভাৱিকভাৱে প্ৰদান কৰা হ’ব।

এই সিদ্ধান্তসমূহক তাৰিক ৰহমানৰ নেতৃত্বত দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত কৰাৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে দেখা গৈছে।

লগতে পঢ়ক: থেংক ইউ ইণ্ডিয়া… ভাৰত ভ্ৰমণক স্মৰণীয় আখ্যা দি দেশলৈ উভতিল ৰাষ্ট্ৰপতি মেক্ৰন

বাংলাদেশৰ একাদশ প্ৰধানমন্ত্ৰীৰূপে শপত তাৰিক ৰহমানৰ, ২৫ জনীয়া মন্ত্ৰীসভাত এখন হিন্দু মুখ

তাৰিক ৰহমানে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । তেওঁ এতিয়া বাংলাদেশ চৰকাৰ দায়িত্ব ল’ব ।

মঙলবাৰে বাংলাদেশত ইতহাস ৰচনা কৰি তাৰিক ৰহমানে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । তেওঁ এতিয়া বাংলাদেশ চৰকাৰ দায়িত্ব ল’ব । তেওঁ দেশৰ একাদশ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে । সাধাৰণ নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ সৈতে তেওঁ অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছৰ উত্তৰাধিকাৰী হ’ব ।

৪ বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় । ঢাকাৰ সংসদ ভৱনৰ চাউথ প্লাজাত অনুষ্ঠিত হয় শপতগ্ৰহণ । তেওঁক শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে । তাৰিকৰ লগতে নতুন চৰকাৰৰ মন্ত্ৰীসভায়ো শপত গ্ৰহণ কৰে । ইয়াৰ ভিতৰত ড০  খলিলুৰ ৰহমান (বিদেশ মন্ত্ৰী), চালাহুদ্দিন আহমেদ (গৃহমন্ত্ৰী), ড০ আমিৰ খাছৰু মাহমুদ (বিত্ত আৰু পৰিকল্পনা মন্ত্ৰী), আৰু ছামা ওবাইদ (বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী) আদি উল্লেযোগ্য নাম ।

এই শপত গ্ৰহণ অনুষ্ঠানৰ বাবে বিশ্বৰ বিভিন্ন দেশলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছিল । ভাৰতৰ পৰা লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰী এই অনুষ্ঠানত উপস্থিত থাকে, য’ত তেওঁলোকক উষ্ম আদৰণি জনোৱা হয় । ইয়াৰ উপৰিও মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী, পাকিস্তান, মালদ্বীপ, তুৰস্ক, শ্ৰীলংকাৰ প্ৰতিনিধিও উপস্থিত থাকে । চীন, চৌদি আৰব, ইউ এ ই, ব্ৰুনাইলৈও নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছিল ।

তাৰিক ৰহমান সংসদীয় দলৰ নেতা নিৰ্বাচিত-

শপতগ্ৰহণৰ পূৰ্বে পুৱা ১১:৩০ বজাত বিএনপিয়ে সংসদীয় দলৰ বৈঠক আহ্বান কৰে । আনুষ্ঠানিকতাত তাৰিক ৰহমান সংসদীয় দলৰ নেতা হিচাপে নিৰ্বাচিত হয় । তাৰিক ৰহমানে জামাত-ই-ইছলামীৰ মুৰব্বী ছফিকুৰ ৰহমান আৰু নেশ্যনেল চিটিজেনছ পাৰ্টিৰ আহ্বায়ক নাহিদ ইছলামকে ধৰি বিৰোধী দলৰ নেতাসকলকো সাক্ষাৎ কৰে ।

ঐতিহাসিক জয়ৰে ক্ষমতা দখল বিএনপিৰ-

শেহতীয়া নিৰ্বাচনত বিএনপিয়ে ঐতিহাসিক জয়লাভ কৰে । ২৯৭খন আসনৰ ভিতৰত ২০৯খন আসন লাভ কৰাৰ বিপৰীতে জামাত-ই-ইছলামী মাত্ৰ ৬৮খনতে সীমাবদ্ধ থাকে । ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা নিৰ্বাচনত শ্বেখ হাছিনাৰ আৱামী লীগক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহ’ল । তদুপৰি বিএনপিৰ টিকটত জয়ী হোৱা দুজন হিন্দুকে ধৰি সংখ্যালঘু সম্প্ৰদায়ৰ চাৰিজন প্ৰাৰ্থী জয়ী হয় । মন কৰিবলগীয়া যে বাংলাদেশত ৰাজনৈতিক হিংসা আৰু ছাত্ৰ প্ৰতিবাদৰ মাজতে শ্বেখ হাছিনাক পদৰ পৰা অপসাৰণ কৰা হৈছিল । তেতিয়াৰ পৰাই বাংলাদেশত ৰাজনৈতিক অস্থিৰতা দেখা গৈছে । কিন্তু নতুন চৰকাৰ গঠনৰ লগে লগে গণতান্ত্ৰিক ব্যৱস্থাৰ অধীনত পুনৰবাৰ দেশখন সুকলমে চলিব বুলি আসা কৰা হৈছে ।

লগতে পঢ়ক : মুম্বাইত মিলিত প্ৰধানমন্ত্ৰী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন, লোকভৱনত দ্বিপাক্ষিক বৈঠক

বাংলাদেশে শীঘ্ৰেই লাভ কৰিব নতুন প্ৰধানমন্ত্ৰী, তাৰিক ৰহমানৰ শপতগ্ৰহণৰ পূৰ্বে পদত্যাগ মহম্মদ ইউনুছৰ

বাংলাদেশত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ নেতা তাৰিকে ৰহমানে ।

বাংলাদেশত নতুন চৰকাৰে ক্ষমতা দখল কৰাৰ পূর্বে পদত্যাগ কৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে । প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা আৱামি লীগৰ মুৰব্বী শ্বেখ হাছিনাক পদচ্যুত কৰাৰ পিছত গঠন হোৱা অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল মহম্মদ ইউনুছে । বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনৰ পিছত নিৰ্বাচিত চৰকাৰক ক্ষমতা অৰ্পণ কৰাৰ পূৰ্বে তেওঁ দেশবাসীক বিদায় ভাষণত এই কথা ঘোষণা কৰে ।

মহম্মদ ইউনুছে তেওঁৰ ভাষণত কয় যে, “আজি অন্তৱৰ্তীকালীন চৰকাৰখনে কাৰ্যভাৰ এৰিছে, কিন্তু বাংলাদেশত আৰম্ভ হোৱা মৌলিক অধিকাৰ, বাক স্বাধীনতা আৰু গণতন্ত্ৰৰ প্ৰক্ৰিয়াটো বন্ধ কৰা উচিত নহয় ।” ২০২৪ চনৰ আগষ্ট মাহত শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ সময়ত ইউনুছে বাংলাদেশলৈ উভতি আহিছিল । ইউনুছে কয়, “সেইটো আছিল মহান মুক্তিৰ দিন । কি যে আনন্দৰ দিন! বাংলাদেশীসকলে আনন্দৰ চকুলো টুকিলে । আমাৰ দেশৰ যুৱক-যুৱতীসকলে দেশক এটা দানৱৰ কবলৰ পৰা মুক্ত কৰিলে ।”

বাংলাদেশত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ নেতা তাৰিকে ৰহমানে । নতুন বাংলাদেশ চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতকো আমন্ত্ৰণ জনোৱা হৈছে । যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশলৈ নাযায়, তথাপি তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ।

লগতে পঢ়ক : ইজৰাইল ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী, উৎফুল্লিত নেতানিয়াহু…

১৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে; ভাৰত-পাকিস্তানকে ধৰি ১৩খন দেশক নিমন্ত্ৰণ

১৭ ফেব্ৰুৱাৰীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে। তাৰিকৰ শপত গ্ৰহণ অনুষ্ঠানলৈ সমগ্ৰ বিশ্বৰ নেতাসকলক আমন্ত্ৰণ জনোৱা হৈছে।

বাংলাদেশত ১৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া বিএনপি নেতা তাৰিক ৰহমানে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰা হৈছে আৰু ইয়াক এক বৃহৎ কূটনৈতিক অনুষ্ঠান হিচাপে উপস্থাপন কৰা হৈছে।

অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ১৩খন দেশৰ চৰকাৰৰ মুৰব্বীলৈ নিমন্ত্ৰণ প্ৰেৰণ কৰিছে।

এই পদক্ষেপক নতুন বাংলাদেশ চৰকাৰৰ বৈদেশিক নীতি আৰু আঞ্চলিক ভাৰসাম্যৰ দিশত ইয়াক সংকেত হিচাপে দেখা গৈছে।

শপতগ্ৰহণ অনুষ্ঠানটোলৈ যিবোৰ দেশক নিমন্ত্ৰণ দিয়া হৈছে সেই দেশ সমূহ হৈছে,ভাৰত, চীন, চৌদি আৰব, পাকিস্তান, তুৰস্ক, সংযুক্ত আৰব আমিৰশ্বাহী, কাটাৰ, মালয়েছিয়া, ব্ৰুনাই, শ্ৰীলংকা, নেপাল, মালদ্বীপ আৰু ভূটান।

দক্ষিণ এছিয়াৰ পৰা পশ্চিম এছিয়াৰ দেশবোৰক একেলগে নিমন্ত্ৰণ দিয়াটো অনুষ্ঠানটোৰ কূটনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ কৰি তুলিছে।

ঢাকাত অনুষ্ঠিত হ’বলগীয়া এই শপতগ্ৰহণক কেৱল আনুষ্ঠানিক অনুষ্ঠান বুলি গণ্য কৰা হোৱা নাই,বৰঞ্চ ইয়াক নতুন চৰকাৰৰ আন্তৰ্জাতিক বাৰ্তা হিচাপেহে দেখা গৈছে।

বিশেষকৈ ভাৰত আৰু চীন দুয়োখন দেশকে আমন্ত্ৰণ কৰাটো আঞ্চলিক ভাৰসাম্য বজাই ৰখাৰ প্ৰয়াস হিচাপে দেখা গৈছে।

অৱশ্যে জানিব পৰা মতে , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঢাকা যোৱাৰ সম্ভাৱনা কম, কাৰণ ১৭ ফেব্ৰুৱাৰীত মুম্বাইত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে তেওঁৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে।

লগতে পঢ়ক: ভাৰতৰ সৈতে কেনে হ’ব আগন্তুক বন্ধুত্ব ?  শপত লোৱাৰ পূৰ্বে তাৰিক ৰহমানে দিলে উত্তৰ

ভাৰতৰ সৈতে কেনে হ’ব আগন্তুক বন্ধুত্ব ?  শপত লোৱাৰ পূৰ্বে তাৰিক ৰহমানে দিলে উত্তৰ

তাৰিক ৰহমানে কয় যে তেওঁৰ দলে চীন, ভাৰত, পাকিস্তানৰ সৈতে সম্পৰ্কত বাংলাদেশৰ স্বাৰ্থ সুৰক্ষিত কৰা বৈদেশিক নীতি গ্ৰহণ কৰিব ।

বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ পিছত প্ৰথমবাৰৰ বাবে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ মুৰব্বী তাৰিক ৰহমানে দেশবাসীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ ইয়াক দেশ, গণতন্ত্ৰ, জনতাৰ আশাৰ বিজয় বুলি অভিহিত কৰে । বিএনপিৰ বিজয়ৰ পাছতে পশ্চিম এছিয়াৰ দেশ বিশেষকৈ ভাৰতৰ সৈতে বিএনপিৰ সম্পৰ্ক সন্দৰ্ভত আলোচনা তীব্ৰতৰ হৈ পৰিছে । তাৰিক ৰহমানে কয় যে তেওঁৰ দলে চীন, ভাৰত, পাকিস্তানৰ সৈতে সম্পৰ্কত বাংলাদেশৰ স্বাৰ্থ সুৰক্ষিত কৰা বৈদেশিক নীতি গ্ৰহণ কৰিব ।

শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণক কি ক’লে তাৰিক ৰহমানে ?

তাৰিক ৰহমানে কয় যে বাংলাদেশৰ বৈদেশিক নীতি নিৰ্ধাৰণ হ’ব ইয়াৰ জনসাধাৰণৰ স্বাৰ্থৰ ভিত্তিত । বিএনপিয়ে ভাৰতৰ পৰা শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণ বিচাৰিব নেকি বুলি সোধাত তেওঁ কয় যে ই আইনী প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব ।

তেওঁ কয়, “আমি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো । আমাৰ অৰ্থনীতি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু দেশৰ আইন-শৃংখলা পৰিস্থিতি চিন্তনীয় । আমি জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব । পূৰ্বৰ চৰকাৰে প্ৰায় সকলো প্ৰতিষ্ঠানকে ৰাজনীতিকৰণ কৰিছিল, গতিকে আমি সুশাসন নিশ্চিত কৰিব লাগিব ।” তেওঁ কয় যে আমি বাংলাদেশলৈ নতুন বিনিয়োগ আনিম, যাৰ ফলত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব ।

চীনৰ সৈতে সম্পৰ্কক লৈ তাৰিকৰ প্ৰতিক্ৰিয়া-

চীনৰ সৈতে বাংলাদেশৰ সম্পৰ্ক আৰু বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ সন্দৰ্ভত তাৰিকে কয়, “আমি বাংলাদেশৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিম । যদি কিবা বাংলাদেশৰ স্বাৰ্থত নহয়, তেন্তে আমি স্বাভাৱিকতে ইয়াক সমৰ্থন নকৰোঁ । মই বিশ্বাস কৰোঁ যে পাৰস্পৰিক স্বাৰ্থ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হ’ব । বেল্ট এণ্ড ৰোড ইনিচিয়েটিভে যদি বাংলাদেশক লাভৱান কৰে আৰু ইয়াৰ অৰ্থনীতিক সমৰ্থন কৰে তেন্তে আমি সিদ্ধান্ত লম ।”

দক্ষিণ এছিয়ান এছ’চিয়েশ্যন ফৰ ৰিজিঅ’নেল ক’অপাৰেশ্যনৰ সন্দৰ্ভত তেওঁ কয় যে, “বাংলাদেশৰ উদ্যোগত এই সংস্থাটো স্থাপন কৰা হৈছে । আমি ই কাম কৰাটো বিচাৰো । আমি আমাৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে আলোচনা কৰিম আৰু ছাৰ্কক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰিম ।”

লগতে পঢ়ক : মধ্যপ্ৰাচ্যত আমেৰিকাৰ শক্তি প্ৰদৰ্শন, প্ৰেৰণ কৰিলে বিশ্বৰ সৰ্ববৃহৎ যুদ্ধজাহাজ