মুম্বাইত মিলিত প্ৰধানমন্ত্ৰী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন, লোকভৱনত দ্বিপাক্ষিক বৈঠক

মুম্বাইত মিলিত প্ৰধানমন্ত্ৰী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন, লোকভৱনত দ্বিপাক্ষিক বৈঠক

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰনে ভাৰত-প্ৰশান্ত মহাসাগৰীয় সহযোগিতাকে ধৰি আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো আলোচনা কৰে । মঙলবাৰে মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক সাক্ষাৎ কৰে । এক্স হেণ্ডেলৰ পৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰনক মুম্বাইত লগ পাই বৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰনে ভাৰত-প্ৰশান্ত মহাসাগৰীয় সহযোগিতাকে ধৰি আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো আলোচনা কৰে ।

মঙলবাৰে মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক সাক্ষাৎ কৰে । এক্স হেণ্ডেলৰ পৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰনক মুম্বাইত লগ পাই বৰ ভাল লাগিল । তেওঁ মোক কৈছিল যে তেওঁ চহৰখনক ভাল পায় আৰু আজি পুৱা তেওঁ ভালদৰে উপভোগ কৰিছে ।” ভাৰত আৰু ফ্ৰান্সৰ মাজত কেইবাটাও ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰি মুম্বাইৰ লোকভৱনত দুয়োগৰাকী নেতাই বিস্তৃত দ্বিপাক্ষিক আলোচনাত মিলিত হয় ।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰনে ভাৰত-প্ৰশান্ত মহাসাগৰীয় সহযোগিতাকে ধৰি আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো আলোচনা কৰে । দ্বিপাক্ষিক বৈঠকৰ পিছত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰনে ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬ উদ্বোধন কৰিব আৰু দুয়োখন দেশৰ ব্যৱসায়িক নেতা, ষ্টাৰ্টআপ, গৱেষক আৰু উদ্ভাৱকসকলৰ এক সমাৱেশত ভাষণ দিব । ইয়াৰ পিছত মেক্ৰনে এআই ইমপেক্ট ছামিটত অংশগ্ৰহণৰ বাবে নতুন দিল্লীলৈ ৰাওনা হ’ব ।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ভাৰতত উপস্থিত হয় । সোমবাৰে নিশা তেওঁ আৰু তেওঁৰ পত্নী ব্রিজিট মেক্ৰনক মুম্বাইৰ ছাত্রপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনায় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নবিছ আৰু ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে ৷ মেক্ৰনৰ এয়া চতুৰ্থ ভাৰত ভ্ৰমণ আৰু প্ৰথম মুম্বাই ভ্ৰমণ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফ্ৰান্স ভ্ৰমণৰ এবছৰৰ পাছত এই ভ্ৰমণলৈ আহিছে মেক্ৰন ।

লগতে পঢ়ক : ‘প্ৰিয় বন্ধু মেক্ৰন…’ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক ভাৰতলৈ আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ