নৰেন্দ্ৰ মোদীয়ে ভাৰত ভ্ৰমণলৈ অহা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা বিশেষ ফোষ্টেৰে আদৰণি জনায় ।
মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ভ্ৰমণলৈ অহা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা বিশেষ ফোষ্টেৰে আদৰণি জনায় । এক্স পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “ভাৰতলৈ আপোনাক স্বাগতম! ভাৰত আপোনাৰ ভ্ৰমণ আৰু আমাৰ পাৰস্পৰিক সম্পৰ্কক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে আগ্ৰহী । মোৰ বিশ্বাস যে আমাৰ আলোচনাই বিভিন্ন খণ্ডত সহযোগিতা আৰু অধিক শক্তিশালী কৰি তুলিব আৰু বিশ্বজুৰি অৰিহণা যোগাব । মুম্বাইত আৰু পিছলৈ দিল্লীত লগ হ’ম মোৰ প্ৰিয় বন্ধু ইমানুৱেল মেক্ৰন ।”
উল্লেখযোগ্য যে ভাৰত ভ্ৰমণৰ বাবে মঙলবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন আৰু ফাৰ্ষ্ট লেডী ব্ৰীজিট মেক্ৰনে মুম্বাইত উপস্থিত হয় । তেওঁলোকৰ এই ভ্ৰমণ ১৯ ফেব্ৰুৱাৰীলৈকে চলিব । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডীক মুম্বাই বিমানবন্দৰত আদৰণি জনায় মহাৰাষ্ট্ৰৰ গৱৰ্ণৰ আচাৰ্য দেৱব্ৰত আৰু মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে ।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি মেক্ৰন আৰু প্ৰধানমন্ত্ৰী মোদীয়ে যৌথভাৱে ভাৰত এআই ইমপেক্ট ছামিটত অংশগ্ৰহণ কৰিব, যিয়ে কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল শাসন আৰু চাইবাৰ সুৰক্ষাৰ দৰে বিষয়ত অংশীদাৰিত্ব বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব । ভাৰত-ফ্ৰান্স উদ্ভাৱন মঞ্চৰ অধীনত উদ্ভাৱন, ষ্টাৰ্ট-আপ সহযোগিতা, উচ্চ শিক্ষা, আৰু গৱেষণাৰ যৌথ প্ৰকল্পৰ ক্ষেত্ৰতো দুয়োগৰাকী নেতাই সুনিৰ্দিষ্ট সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক : বাংলাদেশে শীঘ্ৰেই লাভ কৰিব নতুন প্ৰধানমন্ত্ৰী, তাৰিক ৰহমানৰ শপতগ্ৰহণৰ পূৰ্বে পদত্যাগ মহম্মদ ইউনুছৰ









