তাৰিক ৰহমানে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । তেওঁ এতিয়া বাংলাদেশ চৰকাৰ দায়িত্ব ল’ব ।
মঙলবাৰে বাংলাদেশত ইতহাস ৰচনা কৰি তাৰিক ৰহমানে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । তেওঁ এতিয়া বাংলাদেশ চৰকাৰ দায়িত্ব ল’ব । তেওঁ দেশৰ একাদশ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে । সাধাৰণ নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ সৈতে তেওঁ অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছৰ উত্তৰাধিকাৰী হ’ব ।
৪ বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় । ঢাকাৰ সংসদ ভৱনৰ চাউথ প্লাজাত অনুষ্ঠিত হয় শপতগ্ৰহণ । তেওঁক শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে । তাৰিকৰ লগতে নতুন চৰকাৰৰ মন্ত্ৰীসভায়ো শপত গ্ৰহণ কৰে । ইয়াৰ ভিতৰত ড০ খলিলুৰ ৰহমান (বিদেশ মন্ত্ৰী), চালাহুদ্দিন আহমেদ (গৃহমন্ত্ৰী), ড০ আমিৰ খাছৰু মাহমুদ (বিত্ত আৰু পৰিকল্পনা মন্ত্ৰী), আৰু ছামা ওবাইদ (বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী) আদি উল্লেযোগ্য নাম ।
এই শপত গ্ৰহণ অনুষ্ঠানৰ বাবে বিশ্বৰ বিভিন্ন দেশলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছিল । ভাৰতৰ পৰা লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰী এই অনুষ্ঠানত উপস্থিত থাকে, য’ত তেওঁলোকক উষ্ম আদৰণি জনোৱা হয় । ইয়াৰ উপৰিও মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী, পাকিস্তান, মালদ্বীপ, তুৰস্ক, শ্ৰীলংকাৰ প্ৰতিনিধিও উপস্থিত থাকে । চীন, চৌদি আৰব, ইউ এ ই, ব্ৰুনাইলৈও নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছিল ।
তাৰিক ৰহমান সংসদীয় দলৰ নেতা নিৰ্বাচিত-
শপতগ্ৰহণৰ পূৰ্বে পুৱা ১১:৩০ বজাত বিএনপিয়ে সংসদীয় দলৰ বৈঠক আহ্বান কৰে । আনুষ্ঠানিকতাত তাৰিক ৰহমান সংসদীয় দলৰ নেতা হিচাপে নিৰ্বাচিত হয় । তাৰিক ৰহমানে জামাত-ই-ইছলামীৰ মুৰব্বী ছফিকুৰ ৰহমান আৰু নেশ্যনেল চিটিজেনছ পাৰ্টিৰ আহ্বায়ক নাহিদ ইছলামকে ধৰি বিৰোধী দলৰ নেতাসকলকো সাক্ষাৎ কৰে ।
ঐতিহাসিক জয়ৰে ক্ষমতা দখল বিএনপিৰ-
শেহতীয়া নিৰ্বাচনত বিএনপিয়ে ঐতিহাসিক জয়লাভ কৰে । ২৯৭খন আসনৰ ভিতৰত ২০৯খন আসন লাভ কৰাৰ বিপৰীতে জামাত-ই-ইছলামী মাত্ৰ ৬৮খনতে সীমাবদ্ধ থাকে । ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা নিৰ্বাচনত শ্বেখ হাছিনাৰ আৱামী লীগক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহ’ল । তদুপৰি বিএনপিৰ টিকটত জয়ী হোৱা দুজন হিন্দুকে ধৰি সংখ্যালঘু সম্প্ৰদায়ৰ চাৰিজন প্ৰাৰ্থী জয়ী হয় । মন কৰিবলগীয়া যে বাংলাদেশত ৰাজনৈতিক হিংসা আৰু ছাত্ৰ প্ৰতিবাদৰ মাজতে শ্বেখ হাছিনাক পদৰ পৰা অপসাৰণ কৰা হৈছিল । তেতিয়াৰ পৰাই বাংলাদেশত ৰাজনৈতিক অস্থিৰতা দেখা গৈছে । কিন্তু নতুন চৰকাৰ গঠনৰ লগে লগে গণতান্ত্ৰিক ব্যৱস্থাৰ অধীনত পুনৰবাৰ দেশখন সুকলমে চলিব বুলি আসা কৰা হৈছে ।
লগতে পঢ়ক : মুম্বাইত মিলিত প্ৰধানমন্ত্ৰী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন, লোকভৱনত দ্বিপাক্ষিক বৈঠক









