বাংলাদেশত তাৰিক ৰহমান চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; ভাৰতৰ সৈতে পুনৰ আৰম্ভ হ’ব ভিছা সেৱা

বাংলাদেশৰ ৰাজনীতিত বৃহৎ পৰিবৰ্তনৰ পিছত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কৰ দিশটোও সলনি হোৱা দেখিবলৈ পোৱা গৈছে।

ভাৰত-বাংলাদেশৰ সম্পৰ্ক উন্নত কৰাৰ দিশত প্ৰথম পদক্ষেপ গ্ৰহণ কৰি দিল্লীত থকা বাংলাদেশ উচ্চায়ুক্তই শুকুৰবাৰে ভাৰতীয় নাগৰিকৰ বাবে পুনৰ ভিছা সেৱা আৰম্ভ কৰিছে।

প্ৰায় দুমাহ পূৰ্বে এই সেৱাসমূহ বন্ধ কৰি দিয়া হৈছিল। এই সিদ্ধান্ত এনে সময়ত লোৱা হৈছিল যেতিয়া তিনিদিন পূৰ্বে তাৰিক ৰহমানে বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

ইয়াৰ পৰা বুজিব পৰা যায় যে তেওঁলোকৰ পাৰ্টী বিএনপিৰ বাবে নতুন দিল্লীৰ গুৰুত্ব অতি বেছি আৰু প্ৰাৰম্ভিক পৰ্যায়ত সম্পৰ্কত থকা তিক্ততা দূৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

মাত্ৰ এদিন পূৰ্বে ভাৰতীয় কনছুলেটৰ এজন জ্যেষ্ঠ বিষয়াই কৈছিল যে নতুন দিল্লীয়েও শীঘ্ৰে বাংলাদেশৰ সকলো ভিছা সেৱা পুনৰ আৰম্ভ কৰিব।

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত দুয়োখন দেশৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাত কনছুলাৰ আৰু ভিছা সেৱা বন্ধ কৰি দিয়া হৈছিল।

ভাৰত বিৰোধী ছাত্ৰ নেতা শ্বৰীফ ওছমান হাদীৰ হত্যাকাণ্ডৰ পিছত এই উত্তেজনা বাঢ়ি যায়।হাদীৰ মৃত্যুত বাংলাদেশত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়,য’ত ভাৰত বিৰোধী বিষয়ে সক্ৰিয় অংশ লৈছিল।

বৰ্তমান চিকিৎসা আৰু ডাবল এণ্ট্ৰি ভিছা প্ৰদান কৰা হৈছে,আনহাতে ভিজিট ভিছাকে ধৰি অন্যান্য শিতানসমূহো অতি সোনকালে কাৰ্যক্ষম হ’ব।শীঘ্ৰে সকলো ধৰণৰ ভাৰতীয় ভিছা স্বাভাৱিকভাৱে প্ৰদান কৰা হ’ব।

এই সিদ্ধান্তসমূহক তাৰিক ৰহমানৰ নেতৃত্বত দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত কৰাৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে দেখা গৈছে।

লগতে পঢ়ক: থেংক ইউ ইণ্ডিয়া… ভাৰত ভ্ৰমণক স্মৰণীয় আখ্যা দি দেশলৈ উভতিল ৰাষ্ট্ৰপতি মেক্ৰন

বাংলাদেশৰ একাদশ প্ৰধানমন্ত্ৰীৰূপে শপত তাৰিক ৰহমানৰ, ২৫ জনীয়া মন্ত্ৰীসভাত এখন হিন্দু মুখ

তাৰিক ৰহমানে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । তেওঁ এতিয়া বাংলাদেশ চৰকাৰ দায়িত্ব ল’ব ।

মঙলবাৰে বাংলাদেশত ইতহাস ৰচনা কৰি তাৰিক ৰহমানে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । তেওঁ এতিয়া বাংলাদেশ চৰকাৰ দায়িত্ব ল’ব । তেওঁ দেশৰ একাদশ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে । সাধাৰণ নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ সৈতে তেওঁ অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছৰ উত্তৰাধিকাৰী হ’ব ।

৪ বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় । ঢাকাৰ সংসদ ভৱনৰ চাউথ প্লাজাত অনুষ্ঠিত হয় শপতগ্ৰহণ । তেওঁক শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে । তাৰিকৰ লগতে নতুন চৰকাৰৰ মন্ত্ৰীসভায়ো শপত গ্ৰহণ কৰে । ইয়াৰ ভিতৰত ড০  খলিলুৰ ৰহমান (বিদেশ মন্ত্ৰী), চালাহুদ্দিন আহমেদ (গৃহমন্ত্ৰী), ড০ আমিৰ খাছৰু মাহমুদ (বিত্ত আৰু পৰিকল্পনা মন্ত্ৰী), আৰু ছামা ওবাইদ (বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী) আদি উল্লেযোগ্য নাম ।

এই শপত গ্ৰহণ অনুষ্ঠানৰ বাবে বিশ্বৰ বিভিন্ন দেশলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছিল । ভাৰতৰ পৰা লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰী এই অনুষ্ঠানত উপস্থিত থাকে, য’ত তেওঁলোকক উষ্ম আদৰণি জনোৱা হয় । ইয়াৰ উপৰিও মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী, পাকিস্তান, মালদ্বীপ, তুৰস্ক, শ্ৰীলংকাৰ প্ৰতিনিধিও উপস্থিত থাকে । চীন, চৌদি আৰব, ইউ এ ই, ব্ৰুনাইলৈও নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছিল ।

তাৰিক ৰহমান সংসদীয় দলৰ নেতা নিৰ্বাচিত-

শপতগ্ৰহণৰ পূৰ্বে পুৱা ১১:৩০ বজাত বিএনপিয়ে সংসদীয় দলৰ বৈঠক আহ্বান কৰে । আনুষ্ঠানিকতাত তাৰিক ৰহমান সংসদীয় দলৰ নেতা হিচাপে নিৰ্বাচিত হয় । তাৰিক ৰহমানে জামাত-ই-ইছলামীৰ মুৰব্বী ছফিকুৰ ৰহমান আৰু নেশ্যনেল চিটিজেনছ পাৰ্টিৰ আহ্বায়ক নাহিদ ইছলামকে ধৰি বিৰোধী দলৰ নেতাসকলকো সাক্ষাৎ কৰে ।

ঐতিহাসিক জয়ৰে ক্ষমতা দখল বিএনপিৰ-

শেহতীয়া নিৰ্বাচনত বিএনপিয়ে ঐতিহাসিক জয়লাভ কৰে । ২৯৭খন আসনৰ ভিতৰত ২০৯খন আসন লাভ কৰাৰ বিপৰীতে জামাত-ই-ইছলামী মাত্ৰ ৬৮খনতে সীমাবদ্ধ থাকে । ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা নিৰ্বাচনত শ্বেখ হাছিনাৰ আৱামী লীগক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহ’ল । তদুপৰি বিএনপিৰ টিকটত জয়ী হোৱা দুজন হিন্দুকে ধৰি সংখ্যালঘু সম্প্ৰদায়ৰ চাৰিজন প্ৰাৰ্থী জয়ী হয় । মন কৰিবলগীয়া যে বাংলাদেশত ৰাজনৈতিক হিংসা আৰু ছাত্ৰ প্ৰতিবাদৰ মাজতে শ্বেখ হাছিনাক পদৰ পৰা অপসাৰণ কৰা হৈছিল । তেতিয়াৰ পৰাই বাংলাদেশত ৰাজনৈতিক অস্থিৰতা দেখা গৈছে । কিন্তু নতুন চৰকাৰ গঠনৰ লগে লগে গণতান্ত্ৰিক ব্যৱস্থাৰ অধীনত পুনৰবাৰ দেশখন সুকলমে চলিব বুলি আসা কৰা হৈছে ।

লগতে পঢ়ক : মুম্বাইত মিলিত প্ৰধানমন্ত্ৰী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন, লোকভৱনত দ্বিপাক্ষিক বৈঠক

বাংলাদেশে শীঘ্ৰেই লাভ কৰিব নতুন প্ৰধানমন্ত্ৰী, তাৰিক ৰহমানৰ শপতগ্ৰহণৰ পূৰ্বে পদত্যাগ মহম্মদ ইউনুছৰ

বাংলাদেশত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ নেতা তাৰিকে ৰহমানে ।

বাংলাদেশত নতুন চৰকাৰে ক্ষমতা দখল কৰাৰ পূর্বে পদত্যাগ কৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে । প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা আৱামি লীগৰ মুৰব্বী শ্বেখ হাছিনাক পদচ্যুত কৰাৰ পিছত গঠন হোৱা অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল মহম্মদ ইউনুছে । বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনৰ পিছত নিৰ্বাচিত চৰকাৰক ক্ষমতা অৰ্পণ কৰাৰ পূৰ্বে তেওঁ দেশবাসীক বিদায় ভাষণত এই কথা ঘোষণা কৰে ।

মহম্মদ ইউনুছে তেওঁৰ ভাষণত কয় যে, “আজি অন্তৱৰ্তীকালীন চৰকাৰখনে কাৰ্যভাৰ এৰিছে, কিন্তু বাংলাদেশত আৰম্ভ হোৱা মৌলিক অধিকাৰ, বাক স্বাধীনতা আৰু গণতন্ত্ৰৰ প্ৰক্ৰিয়াটো বন্ধ কৰা উচিত নহয় ।” ২০২৪ চনৰ আগষ্ট মাহত শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ সময়ত ইউনুছে বাংলাদেশলৈ উভতি আহিছিল । ইউনুছে কয়, “সেইটো আছিল মহান মুক্তিৰ দিন । কি যে আনন্দৰ দিন! বাংলাদেশীসকলে আনন্দৰ চকুলো টুকিলে । আমাৰ দেশৰ যুৱক-যুৱতীসকলে দেশক এটা দানৱৰ কবলৰ পৰা মুক্ত কৰিলে ।”

বাংলাদেশত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ নেতা তাৰিকে ৰহমানে । নতুন বাংলাদেশ চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতকো আমন্ত্ৰণ জনোৱা হৈছে । যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশলৈ নাযায়, তথাপি তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ।

লগতে পঢ়ক : ইজৰাইল ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী, উৎফুল্লিত নেতানিয়াহু…

বিএনপিৰ জয়ৰ বাবে মমতা বেনাৰ্জীয়ে জনালে অভিনন্দন; তাৰিক ৰহমানলৈ ফুল আৰু মিঠাই প্ৰেৰণ

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাংলাদেশৰ হ’ব লগীয়া প্ৰধানমন্ত্ৰী তাৰিক ৰহমনাক জয়ৰ বাবে শুভেচ্ছা জনাইছে। তাৰিক ৰহমানক ভাতৃ বুলি কৈ শ্বেয়াৰ কৰিছে এটা বিশেষ পোষ্ট।

বাংলাদেশৰ নিৰ্বাচনত তাৰিক ৰহমানৰ দল বাংলাদেশ জাতীয়তাবাদী পাৰ্টিয়ে ঐতিহাসিক জয় লাভ কৰিছে।১৭ ফেব্ৰুৱাৰীত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব,যাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰপতিলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে।

ইফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তাৰিক ৰহমানক ফুল আৰু মিঠাই প্ৰেৰণ কৰি জয়ৰ বাবে অভিনন্দন জনাইছে।

মমতা বেনাৰ্জীৰ এই পদক্ষেপ কেৱল নিৰ্বাচনী জয়ৰ অভিনন্দন জনোৱাই নহয়,ইয়াৰ উপৰিও দুয়োখন দেশৰ সাংস্কৃতিক আৰু ভৌগোলিক সান্নিধ্য শক্তিশালী কৰাৰ প্ৰচেষ্টাও প্ৰকাশ কৰে।

বিএনপিৰ অধ্যক্ষৰ ৰাজনৈতিক কাৰ্যালয়ে জনোৱা মতে, শনিবাৰে বিএনপিৰ অধ্যক্ষৰ ৰাজনৈতিক কাৰ্যালয়ত বিএনপিৰ মিডিয়া চেলৰ সদস্য আতিউৰ ৰহমান ৰুমানে  মমতা বেনাৰ্জীয়ে প্ৰেৰণ কৰা ফুলৰ থোপা আৰু মিঠাই লাভ কৰে।

ইয়াৰ পূৰ্বে শুকুৰবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তাৰিক ৰহমানক ‘তাৰিক ভাই’ বুলি অভিহিত কৰি নিৰ্বাচনত জয়ী হোৱাৰ বাবে অভিনন্দন জনালে।

তেওঁ এক্সত লিখিছে যে, “মোৰ সকলো ভাই-ভনী আৰু বাংলাদেশবাসীলৈ আন্তৰিক অভিনন্দন।সকলোলৈ আগতিয়াকৈ ৰমজান মুবাৰক।মোৰ তাৰিক ভাই, তেওঁৰ দল আৰু সকলো দলকে এই মহান জয়ৰ বাবে অভিনন্দন।’

লগতে পঢ়ক: ১৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে; ভাৰত-পাকিস্তানকে ধৰি ১৩খন দেশক নিমন্ত্ৰণ

১৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে; ভাৰত-পাকিস্তানকে ধৰি ১৩খন দেশক নিমন্ত্ৰণ

১৭ ফেব্ৰুৱাৰীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে। তাৰিকৰ শপত গ্ৰহণ অনুষ্ঠানলৈ সমগ্ৰ বিশ্বৰ নেতাসকলক আমন্ত্ৰণ জনোৱা হৈছে।

বাংলাদেশত ১৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া বিএনপি নেতা তাৰিক ৰহমানে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰা হৈছে আৰু ইয়াক এক বৃহৎ কূটনৈতিক অনুষ্ঠান হিচাপে উপস্থাপন কৰা হৈছে।

অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ১৩খন দেশৰ চৰকাৰৰ মুৰব্বীলৈ নিমন্ত্ৰণ প্ৰেৰণ কৰিছে।

এই পদক্ষেপক নতুন বাংলাদেশ চৰকাৰৰ বৈদেশিক নীতি আৰু আঞ্চলিক ভাৰসাম্যৰ দিশত ইয়াক সংকেত হিচাপে দেখা গৈছে।

শপতগ্ৰহণ অনুষ্ঠানটোলৈ যিবোৰ দেশক নিমন্ত্ৰণ দিয়া হৈছে সেই দেশ সমূহ হৈছে,ভাৰত, চীন, চৌদি আৰব, পাকিস্তান, তুৰস্ক, সংযুক্ত আৰব আমিৰশ্বাহী, কাটাৰ, মালয়েছিয়া, ব্ৰুনাই, শ্ৰীলংকা, নেপাল, মালদ্বীপ আৰু ভূটান।

দক্ষিণ এছিয়াৰ পৰা পশ্চিম এছিয়াৰ দেশবোৰক একেলগে নিমন্ত্ৰণ দিয়াটো অনুষ্ঠানটোৰ কূটনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ কৰি তুলিছে।

ঢাকাত অনুষ্ঠিত হ’বলগীয়া এই শপতগ্ৰহণক কেৱল আনুষ্ঠানিক অনুষ্ঠান বুলি গণ্য কৰা হোৱা নাই,বৰঞ্চ ইয়াক নতুন চৰকাৰৰ আন্তৰ্জাতিক বাৰ্তা হিচাপেহে দেখা গৈছে।

বিশেষকৈ ভাৰত আৰু চীন দুয়োখন দেশকে আমন্ত্ৰণ কৰাটো আঞ্চলিক ভাৰসাম্য বজাই ৰখাৰ প্ৰয়াস হিচাপে দেখা গৈছে।

অৱশ্যে জানিব পৰা মতে , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঢাকা যোৱাৰ সম্ভাৱনা কম, কাৰণ ১৭ ফেব্ৰুৱাৰীত মুম্বাইত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে তেওঁৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে।

লগতে পঢ়ক: ভাৰতৰ সৈতে কেনে হ’ব আগন্তুক বন্ধুত্ব ?  শপত লোৱাৰ পূৰ্বে তাৰিক ৰহমানে দিলে উত্তৰ

ভাৰতৰ সৈতে কেনে হ’ব আগন্তুক বন্ধুত্ব ?  শপত লোৱাৰ পূৰ্বে তাৰিক ৰহমানে দিলে উত্তৰ

তাৰিক ৰহমানে কয় যে তেওঁৰ দলে চীন, ভাৰত, পাকিস্তানৰ সৈতে সম্পৰ্কত বাংলাদেশৰ স্বাৰ্থ সুৰক্ষিত কৰা বৈদেশিক নীতি গ্ৰহণ কৰিব ।

বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ পিছত প্ৰথমবাৰৰ বাবে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ মুৰব্বী তাৰিক ৰহমানে দেশবাসীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ ইয়াক দেশ, গণতন্ত্ৰ, জনতাৰ আশাৰ বিজয় বুলি অভিহিত কৰে । বিএনপিৰ বিজয়ৰ পাছতে পশ্চিম এছিয়াৰ দেশ বিশেষকৈ ভাৰতৰ সৈতে বিএনপিৰ সম্পৰ্ক সন্দৰ্ভত আলোচনা তীব্ৰতৰ হৈ পৰিছে । তাৰিক ৰহমানে কয় যে তেওঁৰ দলে চীন, ভাৰত, পাকিস্তানৰ সৈতে সম্পৰ্কত বাংলাদেশৰ স্বাৰ্থ সুৰক্ষিত কৰা বৈদেশিক নীতি গ্ৰহণ কৰিব ।

শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণক কি ক’লে তাৰিক ৰহমানে ?

তাৰিক ৰহমানে কয় যে বাংলাদেশৰ বৈদেশিক নীতি নিৰ্ধাৰণ হ’ব ইয়াৰ জনসাধাৰণৰ স্বাৰ্থৰ ভিত্তিত । বিএনপিয়ে ভাৰতৰ পৰা শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণ বিচাৰিব নেকি বুলি সোধাত তেওঁ কয় যে ই আইনী প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব ।

তেওঁ কয়, “আমি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো । আমাৰ অৰ্থনীতি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু দেশৰ আইন-শৃংখলা পৰিস্থিতি চিন্তনীয় । আমি জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব । পূৰ্বৰ চৰকাৰে প্ৰায় সকলো প্ৰতিষ্ঠানকে ৰাজনীতিকৰণ কৰিছিল, গতিকে আমি সুশাসন নিশ্চিত কৰিব লাগিব ।” তেওঁ কয় যে আমি বাংলাদেশলৈ নতুন বিনিয়োগ আনিম, যাৰ ফলত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব ।

চীনৰ সৈতে সম্পৰ্কক লৈ তাৰিকৰ প্ৰতিক্ৰিয়া-

চীনৰ সৈতে বাংলাদেশৰ সম্পৰ্ক আৰু বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ সন্দৰ্ভত তাৰিকে কয়, “আমি বাংলাদেশৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিম । যদি কিবা বাংলাদেশৰ স্বাৰ্থত নহয়, তেন্তে আমি স্বাভাৱিকতে ইয়াক সমৰ্থন নকৰোঁ । মই বিশ্বাস কৰোঁ যে পাৰস্পৰিক স্বাৰ্থ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হ’ব । বেল্ট এণ্ড ৰোড ইনিচিয়েটিভে যদি বাংলাদেশক লাভৱান কৰে আৰু ইয়াৰ অৰ্থনীতিক সমৰ্থন কৰে তেন্তে আমি সিদ্ধান্ত লম ।”

দক্ষিণ এছিয়ান এছ’চিয়েশ্যন ফৰ ৰিজিঅ’নেল ক’অপাৰেশ্যনৰ সন্দৰ্ভত তেওঁ কয় যে, “বাংলাদেশৰ উদ্যোগত এই সংস্থাটো স্থাপন কৰা হৈছে । আমি ই কাম কৰাটো বিচাৰো । আমি আমাৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে আলোচনা কৰিম আৰু ছাৰ্কক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰিম ।”

লগতে পঢ়ক : মধ্যপ্ৰাচ্যত আমেৰিকাৰ শক্তি প্ৰদৰ্শন, প্ৰেৰণ কৰিলে বিশ্বৰ সৰ্ববৃহৎ যুদ্ধজাহাজ

নিৰ্বাসনৰ পৰা প্ৰধানমন্ত্ৰীৰ পদলৈঃ ‘ডাৰ্ক প্ৰিন্স’ তাৰিক ৰহমানৰ ৰাজনৈতিক যাত্ৰাৰ কাহিনী

এই সাধাৰণ নিৰ্বাচনত বিএনপিৰ ঐতিহাসিক জয়ৰ আঁৰত আছিল তাৰিক ৰহমানৰ কৌশলগত নেতৃত্ব ।

জামাতক ধৰাশায়ী কৰি বাংলাদেশৰ শাসনৰ বাঘজৰী ল’লে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীয়ে । এই সাধাৰণ নিৰ্বাচনত বিএনপিৰ ঐতিহাসিক জয়ৰ আঁৰত আছিল তাৰিক ৰহমানৰ কৌশলগত নেতৃত্ব । দীৰ্ঘদিনীয়া নিৰ্বাসন আৰু ৰাজনৈতিক প্ৰত্যাহ্বানৰ মাজতো তেওঁ দলটোক একত্ৰিত কৰিছিল, যুৱ ভোটাৰক আকৰ্ষণ কৰিছিল আৰু জনসমৰ্থনৰ নতুন ঢৌৰ সৃষ্টি কৰিছিল । এই বিজয় কেৱল বিএনপিৰেই নহয় তাৰিক ৰহমানৰ নেতৃত্ব আৰু ৰাজনৈতিক দৃষ্টিভংগীৰ প্ৰতীক হৈ পৰিছে ।

এই নিৰ্বাচনী ফলাফলৰ পৰা বুজিব পৰা গৈছে যে, বাংলাদেশৰ ৰাজনীতি দশকজুৰি দুটা মুখ্য পৰিয়াল-কেন্দ্ৰিক ৰাজনৈতিক ধাৰণাৰ মাজত আৱৰ্তিত হৈ আহিছে— এফালে পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু আনফালে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ উত্তৰাধিকাৰ । এনে পৰিপ্ৰেক্ষিতত, ২০২৬ চনৰ নিৰ্বাচনত বিএনপিৰ জয় আৰু তাৰেক ৰহমানৰ উদীয়মান ভূমিকাই এই সংকেত দিয়ে যে দেশৰ নেতৃত্বই এতিয়া এক নতুন ৰাজনৈতিক যুগত প্ৰৱেশ কৰিব পাৰে ।

কোন হয় তাৰিক ৰহমান-

১৯৬৫ চনৰ ২০ নৱেম্বৰত জন্মগ্ৰহণ কৰা তাৰিক ৰহমান বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ জ্যেষ্ঠ নেতা আৰু দলটোৰ অধ্যক্ষ । তেওঁ দলৰ সৰ্বোচ্চ ৰাজনৈতিক সংস্থাটোৰ নেতৃত্ব দিয়ে । তেওঁ ঢাকা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ৰাজনীতিত সক্ৰিয় ভূমিকা ল’বলৈ আৰম্ভ কৰে । বাংলাদেশৰ ইতিহাসত গভীৰভাৱে শিপাই থকা ৰাজনৈতিক পৰিয়ালত তেওঁৰ জন্ম । তেওঁৰ পিতৃ জিয়াউৰ ৰহমান বাংলাদেশৰ এজন বিশিষ্ট ৰাষ্ট্ৰপতি আৰু বিশিষ্ট স্বাধীনতা কৰ্মী আছিল, যিজনক ১৯৮১ চনত হত্যা কৰা হৈছিল ।

তাৰিকৰ মাতৃ বেগম খালেদা জিয়া ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ আৰু ২০০১ চনৰ পৰা ২০০৬ চনলৈকে বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আৰু বিএনপিৰ অধ্যক্ষ আছিল । ৰাজনৈতিক জীৱনৰ প্ৰথম দিনৰ পৰাই তাৰিকে পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ লগত জড়িত হৈ বিএনপিৰ ভিতৰ চ’ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

কোন হয় খালেদা জিয়া ?

তাৰিক ৰহমানৰ মাতৃ তথা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াই ১৯৮২ চনৰ ৩ জানুৱাৰীত বিএনপিৰ সদস্য হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰে । পিছলৈ তেওঁ বিএনপিৰ সভানেত্ৰী হয়, যিটো পদত তেওঁ মৃত্যুৰ আগলৈকে আছিল । বাংলাদেশত সামৰিক শাসনৰ বিৰুদ্ধে বিশিষ্ট কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল খালেদা জিয়াই । সামৰিক শাসনৰ বিৰুদ্ধে জনসাধাৰণক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ ।

১৯৯১ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছিল জিয়া-

১৯৯১ চনত প্ৰথমবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈ খালেদা জিয়াই দেশখনৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ গৌৰৱ অৰ্জন কৰে । ইয়াৰ পিছত ২০০১ চনৰ পৰা ২০০৬ চনলৈ দ্বিতীয় কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰে তেওঁ । ১৯৪৬ চনৰ ১৫ আগষ্টত অবিভক্ত ভাৰতৰ দিনাজপুৰ জিলাত জন্মগ্ৰহণ কৰিছিল খালেদা জিয়াই ।

খালেদাৰ পৰিয়াল জলপাইগুৰিত চাহ ব্যৱসায়ৰ লগত জড়িত আছিল । পৰৱৰ্তী সময়ত তেওঁলোক দিনাজপুৰলৈ প্ৰব্ৰজন কৰে । ১৯৬০ চনত খালেদা জিয়াই সেনাৰ কেপ্তেইন জিয়াউৰ ৰহমানৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যি পিছলৈ বাংলাদেশৰ ৰাষ্ট্ৰপতি হয় । ১৯৮৩ চনত খালেদা বিএনপিৰ মুৰব্বী হোৱাত তেওঁৰ দলৰ কেইবাজনো জ্যেষ্ঠ নেতাই তেওঁৰ সামৰ্থ্যক লৈ সন্দেহ প্ৰকাশ কৰি দল ত্যাগ কৰে ।

তাৰিক ৰহমানৰ পিতৃ বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি-

তাৰিক ৰহমানৰ পিতৃ জিয়াউৰ ৰহমান বাংলাদেশৰ স্বাধীনতা সংগ্ৰামী আৰু দেশৰ সামৰিক-ৰাজনৈতিক নেতা আছিল । ১৯৭৫ চনত সামৰিক হস্তক্ষেপৰ অন্তত ক্ষমতালৈ আহি ১৯৭৭ চনৰ পৰা ১৯৮১ চনলৈ বাংলাদেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি বিএনপি প্ৰতিষ্ঠা কৰি গণতান্ত্ৰিক বহুদলীয় ৰাজনীতি শক্তিশালী কৰে । ১৯৮১ চনত তেওঁক হত্যা কৰা হৈছিল যদিও বিএনপি আৰু দেশৰ ৰাজনীতিত তেওঁৰ ৰাজনৈতিক উত্তৰাধিকাৰ জীয়াই আছে ।

লগতে পঢ়ক : ‘প্ৰগতিশীল বাংলাদেশৰ সৈতে আছে ভাৰত’, ঐতিহাসিক বিজয়ৰ পিছত তাৰিক ৰহমানক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

বাংলাদেশ নিৰ্বাচনত বিএনপিৰ আকৰ্ষণীয় প্ৰদৰ্শন, প্ৰধানমন্ত্ৰী হ’বলৈ সাজু তাৰিক ৰহমান

বাংলাদেশৰ নিৰ্বাচনৰ ফলাফলত বিএনপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে । বিএনপি+ দলে ২১১খন আসন লাভ কৰিছে ।

বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিয়ে পূৰ্বৰ মিত্ৰ জামাত-ই-ইছলামীৰ বিৰুদ্ধে নিজৰ অগ্ৰগতি আৰু অধিক শক্তিশালী কৰি তুলিছে । ২০২৪ চনৰ আগষ্ট মাহত আৱামি লীগ চৰকাৰৰ পতনৰ পিছত ক্ষমতা দখল কৰা অন্তৱৰ্তীকালীন চৰকাৰখনৰ ঠাইত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ সাধাৰণ নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে গভীৰ নিশাও ভোট গণনা অব্যাহত থাকে । এই নিৰ্বাচনত প্ৰয়াত প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দল বিএনপিয়ে প্ৰায় ২০ বছৰৰ পাছত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে ।

প্ৰকাশিত তথ্য অনুসৰি বাংলাদেশৰ নিৰ্বাচনৰ ফলাফলত বিএনপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে । বিএনপি+ দলে ২১১খন আসন লাভ কৰিছে । ইফালে মৌলবাদী দলসমূহে আশানুৰূপ সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা নাই । প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বৰ্তমান ভংগ হোৱা আৱামী লীগৰ অনুপস্থিতিত এই নিৰ্বাচনত বিএনপি আৰু জামাত-ই-ইছলামীৰ প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা হৈছিল ।

২৮৭ খন আসনত গণনা সম্পূৰ্ণ-

অনানুষ্ঠানিক ফলাফল অনুসৰি বিএনপি মিত্ৰজোঁটে ২১১খন, জামাতে ৭০খন আৰু অন্যান্যই ৬খন আসন লাভ কৰিছে । ২৯৯টা সমষ্টিৰ ভিতৰত ২৮৭টা সমষ্টিত গণনা সম্পূৰ্ণ হৈছে । খবৰ অনুসৰি বিএনপিয়ে নিৰ্বাচনত জয়লাভ কৰিছে । নিৰ্বাচন আয়োগৰ বিষয়াসকলে অনানুষ্ঠানিক ফলাফলত প্ৰকাশ কৰা অনুসৰি বিএনপিৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে নিজৰ গৃহ জিলা বুগুৰা আসনখনত জয়লাভ কৰে । সমষ্টিটোৰ ৰিটাৰ্নিং অফিচাৰৰ তথ্য অনুসৰি ৰহমানে লাভ কৰে ২১৬,২৮৪টা ভোট । ৰহমানৰ নিকটতম প্ৰতিদ্বন্দ্বী জামাতৰ প্ৰাৰ্থী আবিদুৰ ৰহমানে লাভ কৰে ৯৭,৬২৬টা ভোট ।

বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব ৰহমান!

ইতিমধ্যে বিএনপিয়ে ঘোষণা কৰিছিল যে যদিহে বিএনপি ক্ষমতালৈ আহে তেন্তে তাৰিক ৰহমান বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব, যাৰ ফলত ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰৰ ১৮ মাহৰ শাসনৰ অন্ত পৰিব । জামাত-ই-ইছলামীৰ সভাপতি ছফিকুৰ ৰহমানক অনানুষ্ঠানিকভাৱে ঢাকা সমষ্টিত বিজয়ী ঘোষণা কৰা হয় । তেওঁ ৮২,৬৪৫টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ বিএনপিৰ প্ৰতিদ্বন্দ্বীয়ে লাভ কৰে ৬১,৯২০টা ভোট ।

উত্তৰ-পশ্চিম ঠাকুৰগাঁৱৰ সমষ্টিত বিএনপিৰ সাধাৰণ সম্পাদক মিৰ্জা ফখৰুল ইছলাম আলমগীৰে ২৩৪,১৪৪টা ভোট লাভ কৰি জয়লাভ কৰে । তেওঁৰ প্ৰতিদ্বন্দ্বী জামাতৰ প্ৰাৰ্থী ডেলৱাৰ হোছেইনে লাভ কৰে ১৩৭,২৮১টা ভোট । জামাতৰ সাধাৰণ সম্পাদক মিয়া গুলাম পোৰৱাৰ নিৰ্বাচনত বিএনপিৰ প্ৰতিদ্বন্দ্বী আলী আছগাৰ লবীৰ হাতত পৰাস্ত হয় । পোৰৱাৰে ১৪৪,৯৫৬টা ভোট লাভ কৰাৰ বিপৰীতে দক্ষিণ-পশ্চিম খুলনা সমষ্টিত লবীয়ে ১৪৭,৬৫৮টা ভোট লাভ কৰে ।

ইফালে ত্ৰয়োদশ সংসদীয় নিৰ্বাচনৰ ভোটদানৰ লগে লগে জুলাই ৰাষ্ট্ৰীয় চনদ নামেৰে জনাজাত ৮৪ দফীয়া সংস্কাৰ পেকেজ ৰূপায়ণৰ বাবে গণভোট অনুষ্ঠিত হয় । স্থানীয় সময় অনুসৰি ৪:৩০ বজাত ভোটগ্ৰহণ বন্ধ হোৱাৰ লগে লগে ভোট গণনা আৰম্ভ হয় । ইয়াৰ পূৰ্বে বিএনপিৰ নিৰ্বাচন পৰিচালনা সমিতিৰ মুখপাত্ৰ মাহদি আমিনে কয় যে তেওঁৰ দলৰ জয় অনিবাৰ্য আৰু স্পষ্ট ।

লগতে পঢ়ক : কিয় সলনি হ’ল আমেৰিকাৰ বাণিজ্য চুক্তিৰ চৰ্ত ? ভাৰতৰ বিদেশ মন্ত্ৰালয়ে দিলে উত্তৰ

শ্বেখ হাছিনাৰ আতংক নে শাস্তিৰ ভয় ? কিয় বাংলাদেশৰ পৰা পলায়ন কৰিছিল তাৰিক ৰহমানে ?

১৭ বছৰৰ নিৰ্বাসনৰ অন্তত শুকুৰবাৰে ঢাকালৈ উভতি আহে তাৰিক ৰহমান । তাৰিক ৰহমান পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ পদৰ বাবে আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে ।

বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ অধ্যক্ষ তাৰিক ৰহমানে ১৭ বছৰৰ অন্তত ২৫ ডিচেম্বৰ, শুকুৰবাৰে ঢাকালৈ উভতি আহে । প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ জ্যেষ্ঠ পুত্ৰ তাৰিকক বি এন পিৰ বাস্তৱিক নেতা হিচাপে গণ্য কৰা হয় । ২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচনৰ পূৰ্বে তেওঁৰ উভতি অহাটো উল্লেখযোগ্য বুলি বিবেচিত হৈছে, কিয়নো বি এন পিয়ে সৰ্বাধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে ।

কাৰাগাৰৰ পৰা মুক্তিৰ পিছত গৈছিল লণ্ডনলৈ-

তাৰিক ৰহমানে ২০০৮ চনত চিকিৎসাৰ অজুহাতত লণ্ডনলৈ গুচি যায় । ৰাজনৈতিক সংকটৰ মাজতে তেওঁ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল । লণ্ডনত থকাৰ সময়ত তেওঁ দলৰ দায়িত্ব লয়, অনলাইন সভা আৰু ৰেলীৰ জৰিয়তে বি এন পিক একত্ৰিত কৰি ৰাখে । ২০০৯ চনৰ পৰা তেওঁ দলৰ জ্যেষ্ঠ উপ-সভাপতি আৰু পিছলৈ ভাৰপ্ৰাপ্ত সভাপতি হয় । তাত তেওঁ এটা ব্যক্তিগত জনসংযোগ কোম্পানীও আৰম্ভ কৰিছিল ।

ধন সৰবৰাহ আৰু হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ-

শ্বেখ হাছিনাৰ চৰকাৰৰ দিনত তাৰিক ৰহমান ধন সৰবৰাহ আৰু হত্যাৰ ষড়যন্ত্ৰকে ধৰি কেইবাটাও গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছিল । তেওঁক দোষী সাব্যস্ত কৰা হয় যদিও হাছিনাৰ চৰকাৰ উৎখাত হোৱাৰ পিছত তেওঁৰ বিৰুদ্ধে থকা সকলো গোচৰ বাতিল কৰা হয় । ২০২৫ চনৰ জুলাই মাহত ব্যাপক প্ৰতিবাদৰ পিছত শ্বেখ হাছিনাই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু ভাৰতলৈ পলায়ন কৰিছিল । তেতিয়াৰ পৰাই দেশখনত বি এন পিৰ স্থিতি অধিক শক্তিশালী হৈ উঠিছে ।

তাৰিকৰ প্ৰত্যাৱৰ্তনত লাভৱান হ’ব বি এন পি ?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় ৰিপাব্লিকান ইনষ্টিটিউটৰ এক সমীক্ষা অনুসৰি সংসদত বি এন পিয়ে সৰ্বাধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে । তাৰিক ৰহমান পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ পদৰ বাবে আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে । তেওঁৰ ৮০ বছৰীয়া মাতৃ খালেদা জিয়া অসুস্থ হৈ ঢাকাত চিকিৎসালয়ত ভৰ্তি হৈ আছে । তাৰিক ঘূৰি অহাৰ মূল কাৰণ হিচাপে তেওঁৰ মাতৃৰ স্বাস্থ্যৰ কথা উল্লেখ কৰা হৈছে ।

বগুৰা-৬ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তাৰিকে-

উভতি অহাৰ লগে লগে তাৰিক ৰহমানে এক বৃহৎ সমাৱেশত সমৰ্থকসকলক সম্বোধন কৰে । তেওঁ মাতৃক লগ কৰি অতি সোনকালে প্ৰচাৰ অভিযান আৰম্ভ কৰিব । তেওঁ বগুৰা-৬ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে । তেওঁৰ আগমনে বি এন পিক নতুন শক্তি প্ৰদান কৰিব আৰু যোৱা কেইমাহমানত হিংসা, অস্থিৰতা, সংখ্যালঘুৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱা দেশখনত ৰাজনৈতিক পৰিৱৰ্তনৰ চিন হিচাপে দেখা গৈছে ।

বাংলাদেশ সকলো ধৰ্মৰ লোকৰঃ তাৰিক

সমাৱেশত সমৰ্থকক সম্বোধন কৰি তাৰিকে কয়, “বাংলাদেশ সকলো ধৰ্মৰ লোকৰ । আজি বাংলাদেশৰ জনসাধাৰণে বাক স্বাধীনতাৰ অধিকাৰ পুনৰ লাভ কৰিব বিচাৰিছে । এতিয়া সময় হৈছে আমি একত্ৰিত হৈ এই দেশখন গঢ়ি তোলাৰ । এই দেশখন পাহাৰ-ভৈয়ামৰ জনসাধাৰণৰ, মুছলমান, হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টানসকলৰ । আমি এক সুৰক্ষিত বাংলাদেশ গঢ়িব বিচাৰো, য’ত প্ৰতিগৰাকী মহিলা, পুৰুষ আৰু শিশুৱে নিৰাপদে ওলাই আহি ঘৰলৈ উভতি যাব পাৰে ।”

পত্নী আৰু কন্যাৰ সৈতে বাংলাদেশত উপস্থিত তাৰিক-

পত্নী জুবেইদা ৰহমান আৰু কন্যা জাইমা ৰহমানৰ সৈতে লণ্ডনৰ পৰা বৃহস্পতিবাৰে বাংলাদেশত উপস্থিত হয় ৬০ বছৰীয়া তাৰিক ৰহমান । বিমানবন্দৰত তেওঁক আদৰণি জনায় বি এন পিৰ জ্যেষ্ঠ নেতা, স্থায়ী সমিতিৰ সদস্য, মহাসচিব মিৰ্জা ফখৰুল ইছলাম আলমগিৰে । কটকটীয়া নিৰাপত্তাৰ মাজতে তেওঁ এক বৃহৎ অভ্যৰ্থনা অনুষ্ঠানলৈ যায়, য’ত তেওঁক লাখ লাখ সমৰ্থকে আদৰণি জনায় ।

লগতে পঢ়ক : শ্বেখ হাছিনাৰ আৱামি লীগৰ ওপৰত নিষেধাজ্ঞা… অংশগ্ৰহণ কৰিব নোৱাৰিব নিৰ্বাচনত