মধ্যপ্ৰাচ্যত আমেৰিকাৰ শক্তি প্ৰদৰ্শন, প্ৰেৰণ কৰিলে বিশ্বৰ সৰ্ববৃহৎ যুদ্ধজাহাজ

মধ্যপ্ৰাচ্যত আমেৰিকাৰ শক্তি প্ৰদৰ্শন, প্ৰেৰণ কৰিলে বিশ্বৰ সৰ্ববৃহৎ যুদ্ধজাহাজ

আমেৰিকাই এতিয়া নিজৰ সৰ্ববৃহৎ বিমানবাহী জাহাজ ইউ এছ এছ গেৰাল্ড আৰ ফৰ্ড ইৰাণৰ কাষৰীয়া অঞ্চললৈ প্ৰেৰণ কৰিছে বুলি বাতৰি প্ৰকাশ পাইছে । আমেৰিকা আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে উত্তেজনা । ইফালে আমেৰিকাই মধ্যপ্ৰাচ্যত সামৰিক উপস্থিতিও বৃদ্ধি কৰিছে । শেহতীয়াকৈ আমেৰিকাই এতিয়া নিজৰ সৰ্ববৃহৎ বিমানবাহী

আমেৰিকাই এতিয়া নিজৰ সৰ্ববৃহৎ বিমানবাহী জাহাজ ইউ এছ এছ গেৰাল্ড আৰ ফৰ্ড ইৰাণৰ কাষৰীয়া অঞ্চললৈ প্ৰেৰণ কৰিছে বুলি বাতৰি প্ৰকাশ পাইছে ।

আমেৰিকা আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে উত্তেজনা । ইফালে আমেৰিকাই মধ্যপ্ৰাচ্যত সামৰিক উপস্থিতিও বৃদ্ধি কৰিছে । শেহতীয়াকৈ আমেৰিকাই এতিয়া নিজৰ সৰ্ববৃহৎ বিমানবাহী জাহাজ ইউ এছ এছ গেৰাল্ড আৰ ফৰ্ড ইৰাণৰ কাষৰীয়া অঞ্চললৈ প্ৰেৰণ কৰিছে বুলি বাতৰি প্ৰকাশ পাইছে ।

প্ৰকাশিত বাতৰি অনুসৰি এই যুদ্ধ জাহাজখন মধ্যপ্ৰাচ্যলৈ যাবলৈ এসপ্তাহ সময় লাগিব, য’ত ইতিমধ্যে আব্ৰাহাম লিংকন কেৰিয়াৰ আৰু অন্যান্য যুদ্ধ জাহাজ নিয়োজিত হৈ আছে । এই পদক্ষেপে ইৰাণৰ ওপৰত সাগৰ আৰু আকাশ উভয়ৰে পৰা সামৰিক হেঁচা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে ।

বিমান পৰিবাহী এই যুদ্ধ জাহাজখন পাৰমাণৱিক শক্তিসম্পন্ন আৰু ইয়াত এফ-১৮ ছুপাৰ হৰ্নেট যুদ্ধ বিমান আৰু ই-২ হকআই আৰ্লি ৱাৰ্নিং বিমানকে ধৰি ৭৫খনতকৈও অধিক সামৰিক বিমান নিয়োগ কৰিব পৰা যায় । ইয়াৰ উপৰিও ইয়াত অত্যাধুনিক ৰাডাৰ ব্যৱস্থা আছে যিয়ে যুদ্ধ বিমান চলাচল আৰু নেভিগেচন নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।

ইউ এছ এছ গেৰাল্ড আৰ ফৰ্ড প্ৰথমে ইউৰোপত নিয়োজিত হোৱাৰ কথা আছিল যদিও নৱেম্বৰ মাহত হঠাতে কেৰিবিয়ান সাগৰলৈ স্থানান্তৰ কৰা হয় । এই যুদ্ধ জাহাজে ভেনিজুৱেলাত আমেৰিকাৰ অভিযানতো অংশগ্ৰহণ কৰিছিল । ইয়াৰ উপৰিও যোৱা কেইটামান সপ্তাহত মধ্যপ্ৰাচ্যত কেইবাখনো গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ, যুঁজাৰু বিমান, নিৰীক্ষণ বিমান নিয়োগ কৰা হৈছে ।

উল্লেখ্য যে, আমেৰিকান নৌসেনাৰ ১১খন বিমানবাহী জাহাজ আছে, যাৰ বাবে ইয়াক এক মূল্যৱান সম্পদ হিচাপে পৰিগণিত কৰা হয় আৰু ইয়াৰ নিয়োগৰ সময়সূচী পূৰ্বনিৰ্ধাৰিত । যোৱা জুন মাহত যেতিয়া ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ আৰম্ভ হৈছিল, তেতিয়া ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণৰ সময়ত এই অঞ্চলত আমেৰিকাৰ দুখন বিমানবাহী যুদ্ধ জাহাজ আছিল । ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও কয় যে ইৰাণৰ সৈতে কোনো চুক্তি নহ’লে দ্বিতীয়খন কেৰিয়াৰ প্ৰেৰণ কৰাৰ কথা চিন্তা কৰিছে । তেওঁ কয় যে অহা এমাহৰ ভিতৰত ইৰাণৰ সৈতে চুক্তি হ’ব পাৰে, নহ’লে ইয়াৰ পৰিণতি ভয়াৱহ হ’ব ।

লগতে পঢ়ক : বাংলাদেশ নিৰ্বাচনত বিএনপিৰ আকৰ্ষণীয় প্ৰদৰ্শন, প্ৰধানমন্ত্ৰী হ’বলৈ সাজু তাৰিক ৰহমান