ফিফা বিশ্বকাপ ২০২৬: প্ৰথমবাৰৰ বাবে বিজয়ী দলে লাভ কৰিব বিশেষ উপহাৰ

প্ৰতিটো আঙঠিৰ এফালে ফিফা বিশ্বকাপৰ ট্ৰফী খোদিত থকাৰ বিপৰীতে আনটো ফাল বিজয়ী দলটোৰ পৰিচয় আৰু ঐতিহ্য প্ৰতিফলিত কৰাকৈ কাষ্টমাইজ কৰা হ’ব

ফুটবল বিশ্বকাপৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে পূৰ্বে নোহোৱা এক পৰম্পৰাৰ সূচনা কৰিবলৈ সাজু হৈছে বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফা (FIFA) । ২০২৬ চনৰ ফিফা বিশ্বকাপৰ ফাইনেলত বিজয়ী দলটোক আইকনিক স্বৰ্ণিল ট্ৰফী আৰু সোণৰ পদকৰ উপৰিও প্ৰদান কৰা হ’ব বিশেষভাৱে অৰ্ডাৰ দি প্ৰস্তুত কৰা “চেম্পিয়নশ্বিপ আঙঠি” (Bespoke Championship Rings) । ফিফাৰ ৱেবছাইট অনুসৰি, ইয়াৰ পূৰ্বে ফিফাৰ কোনো প্ৰতিযোগিতাতে এনেধৰণৰ পুৰস্কাৰ আগবঢ়োৱা হোৱা নাই ।

আমেৰিকাৰ ক্ৰীড়াজগতৰ এক পুৰণি আৰু জনপ্ৰিয় পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । অহা ১৯ জুলাই, দেওবাৰে (স্থানীয় সময় অনুসৰি) নিউয়ৰ্ক নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া স্পেইন আৰু আৰ্জেন্টিনাৰ মাজৰ মেগা ফাইনেল খেলখনৰ সামৰণিৰ পিছতে চেম্পিয়ন দলটোক এই বিশেষ আঙঠিসমূহ প্ৰদান কৰা হ’ব ।

মাত্ৰ ২,০২৬ টা আঙঠি আৰু অনন্য ডিজাইন

এই ঐতিহাসিক টুৰ্নামেণ্টখন স্মৰণীয় কৰি ৰাখিবলৈ মুঠ ২,০২৬ টা সুকীয়া নম্বৰযুক্ত আঙঠি প্ৰস্তুত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । ইয়াৰে ৩০ টা আঙঠি বিজয়ী দলৰ খেলুৱৈ আৰু সদস্যসকলৰ বাবে সংৰক্ষিত থাকিব । বাকী ১,৯৯৬ টা আঙঠি বিশ্বজুৰি ফুটবল অনুৰাগীসকলৰ বাবে ‘অফিচিয়েল লাইচেঞ্চড প্ৰডাক্ট’ হিচাপে মুকলি কৰা হ’ব ।

প্ৰতিটো আঙঠিৰ এফালে ফিফা বিশ্বকাপৰ ট্ৰফী খোদিত থকাৰ বিপৰীতে আনটো ফাল বিজয়ী দলটোৰ পৰিচয় আৰু ঐতিহ্য প্ৰতিফলিত কৰাকৈ কাষ্টমাইজ কৰা হ’ব । প্ৰতিটো আঙঠিতে একক নম্বৰ থকাৰ লগতে ইয়াৰ সৈতে এটা সত্যতাৰ প্ৰমাণপত্ৰও প্ৰদান কৰা হ’ব ।

খেলৰ শেষত অনুষ্ঠিত হ’বলগীয়া বিজয় উৎসৱৰ সময়ত কেৱল বিজয়ী দলৰ অধিনায়ক আৰু মুখ্য প্ৰশিক্ষকক সাময়িকভাৱে দুটা আঙঠি দিয়া হ’ব । পৰৱৰ্তী সময়ত সকলো খেলুৱৈৰে হাতৰ সঠিক জোখ লৈ চূড়ান্তভাৱে ৩০ টা আঙঠি কাষ্টম-মেড হিচাপে সাজু কৰি আনুষ্ঠানিকভাৱে খেলুৱৈসকলৰ হাতত অৰ্পণ কৰা হ’ব ।

লগতে পঢ়ক : ফিফা বিশ্বকাপৰ সামৰণি অনুষ্ঠানত কোনে কোনে পৰিৱেশন কৰিব অনুষ্ঠান?

ইৰানৰ ওপৰত আমেৰিকাৰ পুনৰ মিছাইলৰ বৰষুণ; CENTCOM-এ শ্বেয়াৰ কৰিলে ভিডিঅ’

শেহতীয়াকৈ ইৰানৰ বিৰুদ্ধে চলোৱা সামৰিক আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰিছে মাৰ্কিন চেণ্ট্ৰেল কমাণ্ডে। শেহতীয়াকৈ ইৰানৰ বিৰুদ্ধে চলোৱা সামৰিক আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰিছে মাৰ্কিন চেণ্ট্ৰেল কমাণ্ডে।

ইৰান আৰু আমেৰিকাৰ মাজত উত্তেজনা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। আমেৰিকান CENTCOM কমাণ্ডে  ইৰানৰ ওপৰত চলোৱা শেহতীয়া সামৰিক আক্ৰমণৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত আমেৰিকান নৌসেনাৰ যুঁজাৰু বিমান আৰু টমাহক ক্ৰুজ মিছাইলৰ জৰিয়তে ইৰানৰ কেইবাটাও সামৰিক ঘাটিত আক্ৰমণ কৰা দেখা গৈছে। ইফালে, তেহৰানৰ আশে-পাশে আমেৰিকান সামৰিক বিমানৰ সক্ৰিয়তা আৰু বৰুজৰ্দৰ ওচৰত বিস্ফোৰণৰ খবৰে পৰিস্থিতি অধিক গুৰুতৰ কৰি তুলিছে।

CENTCOM-এ জাৰী কৰা ভিডিঅ’টোত আমেৰিকান নৌসেনাৰ F/A-18E ছুপাৰ হৰ্নেট যুঁজাৰু বিমানে USS Abraham Lincoln বিমানবাহী জাহাজৰ পৰা উৰণ মৰা দেখা গৈছে। ইয়াৰ উপৰিও Arleigh Burke শ্ৰেণীৰ যুদ্ধজাহাজৰ পৰা BGM-109 টমাহক ক্ৰুজ মিছাইল নিক্ষেপ কৰাৰ দৃশ্যও পোহৰলৈ আহিছে। আমেৰিকান সেনাৰ মতে, এই আক্ৰমণত মিছাইল লঞ্চাৰ (TEL), ড্ৰোন লঞ্চ চাইট, পূৰ্বৰে পৰা নিষ্ক্ৰিয় হৈ থকা আৰু সেৱাৰ পৰা আঁতৰাই দিয়া বিমান তথা এটা দূৰসংযোগ (টেলিকম) টাৱাৰক লক্ষ্য কৰি লোৱা হৈছিল।

CENTCOM-এ জনোৱা মতে, আমেৰিকান সময় অনুসৰি নিশা ৯ বজালৈকে আক্ৰমণৰ এটা ডাঙৰ পৰ্যায় সম্পূৰ্ণ কৰা হয়। এই সময়ছোৱাত কমাণ্ড চেণ্টাৰ, এয়াৰ ডিফেন্স চিষ্টেম, মিছাইল আৰু ড্ৰোন ঘাটিৰ লগতে উপকূলীয় নিৰীক্ষণ (কোষ্টাল চাৰ্ভিলেন্স) ব্যৱস্থাসমূহৰ ওপৰতো আক্ৰমণ চলোৱা হয়। অৱশ্যে আমেৰিকান সেনাই কয় যে সামৰিক অভিযান এতিয়াও শেষ হোৱা নাই আৰু ভৱিষ্যতেও কাৰ্যপন্থা অব্যাহত থাকিব।

সামৰিক কাৰ্যপন্থাৰ মাজতে আমেৰিকাই ইৰানলৈ অহা-যোৱা কৰা জাহাজসমূহৰ ওপৰত অৱৰোধ (ব্লকেড) আৰোপ কৰাৰ কথাও ঘোষণা কৰিছে। ইয়াৰ ফলত অঞ্চলটোত উত্তেজনা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

লগতে পঢ়ক: হৰমুজত ইৰানৰ মিছাইল আক্ৰমণ: এজন ভাৰতীয়ৰ মৃত্যু, আহত ৬

সামুদ্ৰিক সুৰক্ষা লাগে যদি আমেৰিকাক ধন দিয়ক- উপসাগৰীয় দেশক ট্ৰাম্পৰ সকীয়নি

ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে হৰমুজ প্ৰণালীৰ দৰে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক কৰিডৰ সুৰক্ষিত কৰাৰ বাবদ উপসাগৰীয় দেশসমূহে আমেৰিকাক আৰ্থিক ক্ষতিপূৰণ আদায় দিব লাগে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণ আৰু মধ্যপ্ৰাচ্যৰ নিৰাপত্তাক লৈ এক বিস্ফোৰক মন্তব্য কৰিছে । সোমবাৰে অ’ভেল অফিচত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত ৰাষ্ট্ৰপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে হৰমুজ প্ৰণালীৰ দৰে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক কৰিডৰ সুৰক্ষিত কৰাৰ বাবদ উপসাগৰীয় দেশসমূহে আমেৰিকাক আৰ্থিক ক্ষতিপূৰণ আদায় দিব লাগে ।

ইয়াৰ পিছতে এক সাক্ষাৎকাৰত ট্ৰাম্পে দাবী কৰে যে আমেৰিকাৰ ধাৰাবাহিক সামৰিক আক্ৰমণে ইৰাণৰ আক্ৰমণাত্মক ক্ষমতাক সম্পূৰ্ণৰূপে পংগু কৰি পেলাইছে । বিগত চাৰি মাহৰ সামৰিক অভিযানে ইৰাণৰ সামৰিক চৰিত্ৰ সলনি কৰি দিয়া বুলি উল্লেখ কৰি ট্ৰাম্পে কয়, “চাৰি মাহৰ ভিতৰত আমি তেওঁলোকক বহু পৰিমাণে প্ৰস্তৰ যুগত উপনীত কৰাইছোঁ । তেওঁলোকৰ শক্তি প্ৰায় কাঢ়ি লোৱা হৈছে ।”

ৰাষ্ট্ৰপতিগৰাকীয়ে ইৰাণৰ হোৱা সামৰিক ক্ষতিৰ এক খতিয়ানো দাঙি ধৰে । তেওঁ কয় যে তেহৰাণৰ নৌসেনা আৰু বিমান বাহিনীৰ এক বুজন অংশ ইতিমধ্যে ধ্বংস কৰা হৈছে । “ইৰাণৰ সামৰিক বাহিনীৰ ১৫৯খন জাহাজ আছিল, যাৰ আটাইকেইখনেই এতিয়া সাগৰৰ তলিত ডুব গৈছে । ইয়াৰ উপৰি তেওঁলোকৰ হাতত থকা ২০০খন বিমানৰ এখনো এতিয়া বাকী থকা নাই,” ট্ৰাম্পে কয় ।

কেৱল জাহাজ বা বিমানেই নহয়, ইৰাণৰ ৰাডাৰ ব্যৱস্থা, বিমান-বিধ্বংসী প্ৰতিৰক্ষা ব্যৱস্থা আৰু উদ্যোগিক অস্ত্ৰ নিৰ্মাণৰ ক্ষমতাও প্ৰায় ৮৪ শতাংশ হ্ৰাস পাইছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰে । ইৰাণৰ হাতত বৰ্তমান অতি নগণ্য পৰিমাণৰ মিছাইল আৰু সামৰিক শক্তি বাকী আছে বুলি উল্লেখ কৰি তেওঁ কয় যে শত্ৰুপক্ষক এক ভিন্ন সময়ৰ বুকুলৈ ঘূৰাই পঠোৱা হৈছে ।

মধ্যপ্ৰাচ্যত ইৰাণৰ আধিপত্যক কঠোৰ হাতেৰে দমন কৰাৰ ইংগিত দি ট্ৰাম্পে শেষত কয়, “ইৰাণ মধ্য প্ৰাচ্যৰ গুণ্ডা আছিল, কিন্তু তেওঁলোকে মোৰ ওপৰত গুণ্ডাগিৰি কৰিবলৈ অহাটো মই সহ্য নকৰিলোঁ ।” ৰাষ্ট্ৰপতিগৰাকীৰ এই আক্ৰমণাত্মক স্থিতিয়ে আগন্তুক দিনত মধ্যপ্ৰাচ্যৰ ভূ-ৰাজনীতি আৰু আমেৰিকা-ইৰাণৰ সম্পৰ্ক অধিক উত্তপ্ত কৰি তুলিব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে ।

লগতে পঢ়ক : হৰমুজ জলপথ বন্ধ কৰিলে ইৰাণে; ট্ৰাম্পৰ নিৰ্দেশত আমেৰিকাৰ ধাৰাবাহিক আক্ৰমণ

হৰমুজ জলপথ বন্ধ কৰিলে ইৰাণে; ট্ৰাম্পৰ নিৰ্দেশত আমেৰিকাৰ ধাৰাবাহিক আক্ৰমণ

IRGC-য়ে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ জলপথ হৰমুজ প্ৰণালী অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিছে

মধ্যপ্ৰাচ্যত পুনৰ চৰম উত্তেজনা । ইৰাণৰ ইছলামিক ৰিভলিউশ্বনাৰী গাৰ্ড কৰ্পছ (IRGC) ৰ নৌসেনাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । IRGC-য়ে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ জলপথ হৰমুজ প্ৰণালী অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিছে । এই কাৰ্যৰ লগে লগেই আমেৰিকান সেনাই ইৰাণৰ ওপৰত নতুনকৈ এক বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিছে ।

কিয় বন্ধ কৰা হ’ল হৰমুজ জলপথ ?

ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ তথ্য অনুসৰি, অঞ্চলটোত আমেৰিকাৰ সামৰিক হস্তক্ষেপৰ প্ৰতিবাদত এই সিদ্ধান্ত লোৱা হৈছে । IRGC-ৰ ভাষ্য অনুসৰি, যেতিয়ালৈকে আমেৰিকাৰ আগ্ৰাসী নীতি সম্পূৰ্ণৰূপে বন্ধ নহয়, তেতিয়ালৈকে এই নিষেধাজ্ঞা বাহাল থাকিব ।

এখন অচিনাক্ত জাহাজৰ ওপৰত সতৰ্কতামূলক গুলীচালনা কৰাৰ পিছতেই ইৰাণে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে । ইৰাণৰ দাবী যে জাহাজখনে অনুমতি নোহোৱা এক নিষিদ্ধ পথেৰে পাৰ হ’বলৈ চেষ্টা কৰি আছিল । ইৰাণৰ নৌসেনাই স্পষ্ট কৰি দিছে যে শত্ৰুপক্ষই যদি এই সিদ্ধান্তৰ সুযোগ লৈ কোনো ভুল পদক্ষেপ লয়, তেন্তে তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব ।

ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশত আমেৰিকাৰ প্ৰত্যাক্ৰমণ-

ইৰাণৰ এই একপক্ষীয় ঘোষণাৰ লগে লগেই সক্ৰিয় হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ । আমেৰিকাৰ চেন্ট্ৰেল কমাণ্ডে জনোৱা মতে, ইৰাণৰ ওপৰত এক নতুন পৰ্যায়ৰ সামৰিক আক্ৰমণ আৰম্ভ কৰা হৈছে ।

আমেৰিকান চেন্ট্ৰেল কমাণ্ডৰ বিবৃতি: “এই আক্ৰমণ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ পোনপটীয়া নিৰ্দেশত চলোৱা হৈছে । বাণিজ্যিক জাহাজৰ ওপৰত ইৰাণে চলোৱা আক্ৰমণৰ পিছত তেওঁলোকক বুজাবুজিৰ চুক্তি মানি চলিবলৈ সুযোগ দিয়া হৈছিল, কিন্তু ইৰাণ পুনৰ ব্যৰ্থ হ’ল ।”

চাইপ্ৰাছৰ জাহাজ ‘M/V Galaxy’ৰ ওপৰত ইৰাণৰ আক্ৰমণ-

আমেৰিকান চেন্ট্ৰেল কমাণ্ডে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’-ত এই সংঘাতৰ সবিশেষ তথ্য শ্বেয়াৰ কৰিছে । ইৰাণে হৰমুজ প্ৰণালীৰে পাৰ হৈ যোৱা চাইপ্ৰাছৰ পতাকাযুক্ত ‘M/V Galaxy’ নামৰ এখন কন্টেইনাৰ জাহাজৰ ওপৰত মুকলিকৈ আক্ৰমণ চলায় । এই আক্ৰমণৰ ফলত জাহাজখনৰ ইঞ্জিন ৰুমটো গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় আৰু তাত ভয়াৱহ জুই লাগে । জাহাজখনত কৰ্মৰত এজন কৰ্মচাৰী বৰ্তমানো সন্ধানহীন হৈ আছে । বৰ্তমান জাহাজখন যাত্ৰা কৰাৰ অনুপযোগী হৈ পৰিছে ।

আমেৰিকাৰ মূল লক্ষ্য কি?

ইউ এছ চেন্ট্ৰেল কমাণ্ডে সদৰী কৰা অনুসৰি, আন্তঃৰাষ্ট্ৰীয় জলপথত অসামৰিক নাবিক আৰু বাণিজ্যিক জাহাজসমূহৰ সুৰক্ষা নিশ্চিত কৰাই আমেৰিকাৰ প্ৰধান লক্ষ্য । ইৰাণে যি ক্ষমতাৰে বাৰে বাৰে মুক্ত বাণিজ্য জাহাজসমূহক আক্ৰমণ কৰি আহিছে, সেই আক্ৰমণকাৰী ক্ষমতা চিৰদিনৰ বাবে খৰ্ব কৰিবলৈকে এই সামৰিক অভিযান তীব্ৰতৰ কৰা হৈছে । এই ঘটনাই সমগ্ৰ বিশ্বৰ খাৰুৱা তেলৰ বাণিজ্য আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাত ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

লগতে পঢ়ক : ইৰাণক নিঃশেষ কৰি দিয়াৰ হুংকাৰ ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ মিছাইল-ড্ৰোণ আক্ৰমণ

আমেৰিকাই ইৰানৰ ভূমিত চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দি ইৰানে কুৱেইট আৰু বাহৰেইনত থকা মাৰ্কিন সামৰিক ঘাটিসমূহ লক্ষ্য কৰি ব্যাপক মিছাইল আৰু ড্ৰোণ আক্ৰমণ চলোৱাৰ দাবী কৰিছে

মধ্য প্ৰাচ্যক পুনৰ যুদ্ধৰ কলীয়া ডাৱৰে আৱৰি ধৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজৰ তীব্ৰ উত্তেজনা এতিয়া এক মুকলি সামৰিক সংঘাতৰ দিশে অগ্ৰসৰ হৈছে । একেৰাহে দ্বিতীয় দিনাও আমেৰিকাই ইৰানৰ ভূমিত চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দি ইৰানে কুৱেইট আৰু বাহৰেইনত থকা মাৰ্কিন সামৰিক ঘাটিসমূহ লক্ষ্য কৰি ব্যাপক মিছাইল আৰু ড্ৰোণ আক্ৰমণ চলোৱাৰ দাবী কৰিছে । এই ভয়াৱহ পৰিস্থিতিৰ পিছতে সমগ্ৰ উপসাগৰীয় অঞ্চলত ‘হাই এলাৰ্ট’ জাৰি কৰা হৈছে ।

আমেৰিকাৰ সামৰিক ঘাটিত IRGC-ৰ যৌথ অভিযান

ইৰানৰ সামৰিক বাহিনী ‘ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰ্পছ’ (IRGC)-এ এটা চৰকাৰী বিবৃতি জাৰি কৰি এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে । আইআৰজিচিয়ে জনোৱা মতে, তেওঁলোকৰ নৌসেনা আৰু এৰ’স্পেচ ফ’ৰ্চে যৌথভাৱে এক বিশেষ অভিযান চলাইছিল ।

এই আক্ৰমণত কুৱেইটৰ আৰিফজান আৰু আলী আল চালেম এয়াৰ বেচ, তথা বাহৰেইনৰ জুফৈৰ আৰু শ্বেখ ইছাস্থিত আমেৰিকাৰ গুৰুত্বপূৰ্ণ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱা হৈছিল । ইৰানে ইয়াক আমেৰিকাৰ “আক্ৰমণাত্মক কাৰ্যকলাপ”ৰ বিৰুদ্ধে প্ৰথম শাস্তিমূলক প্ৰত্যুত্তৰ বুলি অভিহিত কৰিছে ।

আইআৰজিচিৰ হুংকাৰ: “যদিহে আমেৰিকাই আগলৈও সামৰিক কাৰ্যকলাপ অব্যাহত ৰাখে, তেন্তে সমগ্ৰ পশ্চিম এছিয়াত থকা আমেৰিকাৰ অন্যান্য সামৰিক ঘাটিসমূহকো একেধৰণে ধূলিস্যাৎ কৰা হ’ব ।”

আমেৰিকাই ক’ত ক’ত চলাইছিল আক্ৰমণ?

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আমেৰিকাই একেৰাহে দ্বিতীয় দিনাও ইৰানৰ কেইবাটাও কৌশলগত স্থানত তীব্ৰ বিমান আক্ৰমণ চলাইছিল । ইয়াৰ ভিতৰত আছিল বন্দৰ আব্বাছ, চাবাহাৰ, জাস্ক, আবু মুছা দ্বীপ ।

আমেৰিকাৰ দাবী অনুসৰি, গোলকীয় বাণিজ্যৰ অন্যতম প্ৰধান পথ হৰমুজ প্ৰণালীৰে পাৰ হৈ যোৱা ব্যৱসায়িক জাহাজসমূহৰ ওপৰত হোৱা ধাৰাবাহিক আক্ৰমণৰ প্ৰত্যুত্তৰতহে তেওঁলোকে ইৰানৰ এই স্থানসমূহত সামৰিক কাৰ্যবাহী ব্যৱস্থা গ্ৰহণ কৰিছিল ।

বাহৰেইন-কাটাৰত এয়াৰ ৰেইড এলাৰ্ট, সতৰ্ক কুৱেইট

ইৰানৰ এই প্ৰত্যাক্ৰমণৰ পিছতে বাহৰেইন, কুৱেইট আৰু কাটাৰৰ নিৰাপত্তা সংস্থাসমূহৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । বাহৰেইন আৰু কাটাৰত জৰুৰীভাৱে ‘এয়াৰ ৰেইড এলাৰ্ট’ অৰ্থাৎ বিমান আক্ৰমণৰ সতৰ্কবাণী জাৰি কৰা হয় । সাধাৰণ ৰাইজক নিজৰ নিজৰ ঘৰৰ ভিতৰতে আবদ্ধ থাকিবলৈ আৰু খিৰিকীৰ পৰা আঁতৰত থাকিবলৈ প্ৰশাসনে আহ্বান জনায় ।

অৱশ্যে কিছু সময় পিছত কাটাৰে বিপদ দূৰ হোৱা বুলি ঘোষণা কৰে । আনহাতে, কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে তেওঁলোকৰ শক্তিশালী এয়াৰ ডিফেন্স চিষ্টেমে শত্ৰুপক্ষৰ কেইবাটাও ড্ৰোণ আৰু মিছাইল মাজপথতে ধ্বংস কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : ইৰানত আমেৰিকাৰ বিধ্বংসী আক্ৰমণ: ট্ৰাম্পৰ সকীয়নিৰ পিছতে কঁপি উঠিল চাবহাৰ আৰু বন্দৰ আব্বাছ

ইৰানত আমেৰিকাৰ বিধ্বংসী আক্ৰমণ: ট্ৰাম্পৰ সকীয়নিৰ পিছতে কঁপি উঠিল চাবহাৰ আৰু বন্দৰ আব্বাছ

ৰাষ্ট্ৰপতি ট্ৰাম্পে দিয়া চৰম সকীয়নিৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে বুধবাৰে নিশা আমেৰিকান সেনাই ইৰানৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল লক্ষ্য কৰি তীব্ৰ আক্ৰমণ চলায়

সমগ্ৰ বিশ্বজুৰি উত্তেজনা বৃদ্ধি কৰি ইৰানৰ ওপৰত পুনৰ আমেৰিকাই আৰম্ভ কৰিছে এক ভয়াৱহ সামৰিক অভিযান । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দিয়া চৰম সকীয়নিৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে বুধবাৰে নিশা আমেৰিকান সেনাই ইৰানৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল লক্ষ্য কৰি তীব্ৰ আক্ৰমণ চলায় । ইৰানৰ কৌশলগত বন্দৰ চহৰ বন্দৰ আব্বাছ আৰু চাবহাৰকে ধৰি কেইবাটাও উপকূলীয় অঞ্চলত এই বিধ্বংসী আক্ৰমণ সংঘটিত হৈছে ।

চাবহাৰ আৰু বন্দৰ আব্বাছত প্ৰচণ্ড বিস্ফোৰণ

ইৰানী সংবাদ সংস্থা ‘মিজান’ আৰু ‘মেহৰ’ৰ প্ৰতিবেদন অনুসৰি, বুধবাৰে নিশাৰে পৰা বন্দৰ আব্বাছ আৰু চিৰিক অঞ্চলত ধাৰাবাহিক বিস্ফোৰণৰ শব্দ শুনা গৈছে । শেহতীয়া তথ্য অনুসৰি, বন্দৰ আব্বাছত ৮ টা আৰু চিৰিকত ৩ টা ডাঙৰ বিস্ফোৰণ ঘটিছে ।

আনহাতে, আন এক গুৰুত্বপূৰ্ণ অঞ্চল চাবহাৰ আৰু কোনাৰকতো প্ৰায় ১০ টাকৈ প্ৰচণ্ড বিস্ফোৰণৰ খবৰ পোৱা গৈছে । ইৰানৰ চৰকাৰী সংবাদ সংস্থা ‘ইৰ্না’ (IRNA)ই প্ৰকাশ কৰা মতে, এই আক্ৰমণৰ বাবে চাবহাৰৰ এক বৃহৎ অংশত সম্পূৰ্ণৰূপে বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে । চাবহাৰৰ এখন চিকিৎসালয়ত আমেৰিকান অস্ত্ৰৰ ভগ্নাংশ পৰাৰ উপৰিও শ্বহীদ বেহেস্তী বন্দৰ, কালান্তৰী বন্দৰ আৰু মেৰিন ট্ৰেফিক কণ্ট্ৰ’ল টাৱাৰ আদি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰবলভাৱে ক্ষতিগ্ৰস্ত হৈছে ।

সংবাদ সংস্থা ‘মেহৰ’ৰ মতে, এই আক্ৰমণৰ ফলত ইৰানৰ দুজন নিৰীহ মৎসজীৱীৰ মৃত্যু হৈছে । আনহাতে, ইৰানৰ চৰকাৰী ‘প্ৰেছ টিভি’য়ে দাবী কৰিছে যে আবু মুছা দ্বীপত ১০ টা বিস্ফোৰণ হোৱাৰ লগতে বুশ্বেহৰ আৰু জাংক অঞ্চলতো কেইবাটাও ক্ষেপনাস্ত্ৰ সদৃশ বস্তু আহি পৰিছে ।

‘ট্ৰুথ ছ’চিয়েল’ত ড’নাল্ড ট্ৰাম্পৰ পোষ্ট: “এয়া কেৱল আৰম্ভণিহে”

ইৰানত আমেৰিকাৰ আক্ৰমণৰ ঠিক পিছতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত চাবহাৰৰ আক্ৰমণৰ পিছত জ্বলি উঠা জুইৰ ছবি শ্বেয়াৰ কৰে । তেওঁ স্পষ্টকৈ কয় যে, হৰমুজ প্ৰণালীত ইৰানে বাণিজ্যিক জাহাজৰ ওপৰত চলোৱা আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ হিচাপে এই সামৰিক পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইয়াৰোপৰি ট্ৰাম্পে সকীয়াই দি কয়, “যদি ইৰানে পুনৰ এনেধৰণৰ দুসাহস কৰে, তেন্তে ইয়াৰ পৰিণাম ইয়াতকৈও হাজাৰ গুণ ভয়াবহ হ’ব ।”

CENTCOM আৰু নাটোৰ পূৰ্ণ সমৰ্থন

আমেৰিকাৰ চেন্ট্ৰেল কমাণ্ড (CENTCOM)-এ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এই বিমান আক্ৰমণৰ কথা নিশ্চিত কৰিছে । চেন্টকমে জনোৱা মতে, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰ্দেশ ক্ৰমে হৰমুজ প্ৰণালীত আন্তঃৰাষ্ট্ৰীয় যাতায়াতৰ স্বাধীনতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ইৰানী শক্তিক দুৰ্বল কৰাৰ উদ্দেশ্যে এই অভিযান চলোৱা হৈছে ।

মন কৰিবলগীয়া যে, তুৰস্কত অনুষ্ঠিত নাটো সন্মিলনৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰাৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ট্ৰাম্পে ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান চলাই যোৱাৰ ইংগিত দিছিল । আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত নাটোৱেও আমেৰিকাৰ এই সামৰিক পদক্ষেপক পূৰ্ণ সমৰ্থন জনাইছে । বৰ্তমান এই আক্ৰমণৰ পিছতে সমগ্ৰ মধ্য প্ৰাচ্যত যুদ্ধৰ মেঘ ঘনীভূত হৈ পৰিছে ।

লগতে পঢ়ক : ‘এয়া আক্ৰমণ নহয়, শাস্তি হে…’; ইৰাণৰ ৮০টাকৈ ঘাটিত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ

বেলজিয়ামৰ হাতত ৪-১ গ’লত ধূলিসাৎ আমেৰিকা: জ্বলা জুইত ঘিঁউ ঢালি ইৰানৰ মুকলি ইতিকিং!

২০২৬ বিশ্বকাপৰ আটাইতকৈ ডাঙৰ ড্ৰামা! আমেৰিকাৰ লজ্জাজনক পৰাজয়ৰ পিছত ইৰানে ক’লে- মোৰ সৈতে নাছা!

ফুটবল বিশ্বকাপৰ মঞ্চত এতিয়া কেৱল খেলৰে নহয়, ছচিয়েল মিডিয়াৰ যুদ্ধও তুংগত উঠিছে! ২০২৬ চনৰ ফিফা বিশ্বকাপৰ ৰাউণ্ড অব ১৬-ত আয়োজক দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪-১ ব্যৱধানত শোচনীয় পৰাজয় ঘটিছে । ছিয়াটল ষ্টেডিয়ামত বেলজিয়ামে আমেৰিকাক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতেই আৰম্ভ হৈছে এক ভয়ংকৰ ছচিয়েল মিডিয়া যুদ্ধ । এই যুদ্ধত এতিয়া জঁপিয়াই পৰিছে ইৰানো!

“মোৰ সৈতে নাছা!”- আমেৰিকাক উপলুঙা ইৰানৰ

আমেৰিকাৰ বিদায়ৰ ঠিক পিছতেই ইৰানৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এটা ষ্ট’ৰী শ্বেয়াৰ কৰা হয়, যিয়ে মুহূৰ্তৰ ভিতৰতে খলকনি তুলিছে । ইৰানে এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে য’ত এফালে বেলজিয়ামৰ হাতত আমেৰিকাৰ ৪-১ ব্যৱধানৰ পৰাজয় আৰু আনফালে গ্ৰুপ পৰ্যায়ত ইৰানে বেলজিয়ামক ০-০ গ’লত ড্ৰ’ কৰা খেলখন দেখুওৱা হৈছে ।

কেপচনত তেওঁলোকে লিখিছে— “Dance with me!” (মোৰ সৈতে নাছা!) । ফুটবল অনুৰাগীসকলে ইয়াক আমেৰিকাৰ বিৰুদ্ধে ইৰানৰ এক তীব্ৰ ৰাজনৈতিক আৰু ক্ৰীড়াভিত্তিক কটাক্ষ বুলি অভিহিত কৰিছে ।

বেলজিয়ামৰ কটাক্ষ: “ইয়াক চকাৰ নহয়, ফুটবল বুলি কোৱা হয়!”

কেৱল ইৰানেই নহয়, খেল জিকাৰ পিছত বেলজিয়াম দলেও আমেৰিকাক ট্ৰোল কৰাত কোনো ক্ৰটি কৰা নাই । বেলজিয়ান ৰেড ডেভিলছে ইনষ্টাগ্ৰামত লিখিলে- “Overturn this” (এইবাৰ ইয়াক ওলোটাই দেখুওৱা) ।

ইমানতে ক্ষান্ত নহৈ তেওঁলোকে এক্স যোগে আমেৰিকাত দীৰ্ঘদিন ধৰি চলি থকা ‘ফুটবল’ বনাম ‘চকাৰ’ বিতৰ্ককো তীব্ৰ খোঁচা মাৰে । বেলজিয়ামে লিখিছে:

“It’s called s̶o̶c̶c̶e̶r̶ 𝐅𝐎𝐎𝐓B𝐀𝐋𝐋”

ভংগ হ’ল আয়োজকৰ স্বপ্ন!

এই পৰাজয়ৰ লগে লগে ২০২৬ বিশ্বকাপৰ তিনিখন সহ-আয়োজক দেশৰ ভিতৰত অন্তিমখন দেশ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যাত্ৰা সমাপ্ত হ’ল । ইয়াৰ পূৰ্বে কানাডা আৰু মেক্সিকোও প্ৰতিযোগিতাৰ পৰা বিদায় মাগিছিল ।

অহা ১০ জুলাইত অনুষ্ঠিত হ’ব লগা হাই-ভল্টেজ কোৱাৰ্টাৰ ফাইনেলত বেলজিয়াম মুখামুখি হ’ব শক্তিশালী স্পেইনৰ, যিয়ে ইতিপূৰ্বে পৰ্তুগালক বিদায় দিছে ।

লগতে পঢ়ক : বেলজিয়ামৰ সন্মুখত দৰ্প-চূৰ্ণ অহংকাৰী আমেৰিকাৰ, ঘৰুৱা দৰ্শকৰ সন্মুখতে নিৰ্লজ্জ পৰাজয়

ইতিহাসৰ আটাইতকৈ ভয়ংকৰ গৰম! ভাঙিব পাৰে পূৰ্বৰ সকলো অভিলেখ

ইতিহাসৰ আটাইতকৈ ভয়ংকৰ গৰম! প্ৰচণ্ড উত্তাপৰ বাবে জৰুৰীকালীন পদক্ষেপ । শীতলীকৰণ কেন্দ্ৰলৈ ৰূপান্তৰ হ’ল শ শ ভৱন ।

চলি থকা ফিফা বিশ্বকাপৰ উন্মাদনাৰ মাজতে বৰ্তমান সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব প্ৰান্তত এক অভূতপূৰ্ব আৰু প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে ত্ৰাসৰ সৃষ্টি কৰিছে । এই তীব্ৰ গৰমৰ বাবে দেশখনৰ বিদ্যুৎ সৰবৰাহ গ্ৰীডসমূহৰ ওপৰত অতিৰিক্ত চাপ পৰাৰ লগতে জনজীৱন ব্যাহত হৈ পৰিছে । কেৱল এয়াই নহয়, আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ফিফা বিশ্বকাপ খেলৰ প্ৰস্তুতি আৰু দেশখনৰ ঐতিহাসিক ২৫০ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ আনন্দও এই গৰমে ম্লান কৰি পেলাইছে ।

৪৬ ডিগ্ৰী স্পৰ্শ কৰাৰ সম্ভাৱনা

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, দেশৰ বহু ঠাইত তাপ সূচকাংক ৪৬ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । আমেৰিকাৰ আটাইতকৈ জনবহুল চহৰ নিউয়ৰ্ক চিটিয়ে বৰ্তমান এই ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাজু হৈছে । ইয়াৰ উপৰিও উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় আটলান্টিক উপকূলীয় অঞ্চলসমূহলৈ ইতিমধ্যে গৰমৰ জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰা হৈছে ।

নিউয়ৰ্কত জৰুৰীকালীন ব্যৱস্থা

প্ৰচণ্ড গৰমৰ সৈতে মোকাবিলা কৰিবলৈ নিউয়ৰ্ক চিটি কৰ্তৃপক্ষই এক বিশেষ জৰুৰীকালীন পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ অধীনত চহৰখনৰ শ শ ৰাজহুৱা ভৱনক ‘শীতলীকৰণ কেন্দ্ৰ’লৈ ৰূপান্তৰ কৰা হৈছে । লগতে অসুৰক্ষিত আৰু বয়োজ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ বিশেষ স্বেচ্ছাসেৱক বাহিনী মোতায়েন কৰা হৈছে । আনহাতে সাধাৰণ ৰাইজক সকাহ দিবলৈ চহৰখনৰ সকলো ৰাজহুৱা চুইমিং পুল বা অৱগাহনাগাৰসমূহৰ খোলা থকাৰ সময়সীমা বৃদ্ধি কৰা হৈছে ।

অন্যান্য চহৰৰো পুতৌলগা অৱস্থা

আমেৰিকাৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সেৱাই জনোৱা মতে, বায়ুমণ্ডলত অত্যাধিক আৰ্দ্ৰতাৰ বাবে বষ্টনত ৪১ ডিগ্ৰী, ফিলাডেলফিয়াত ৪৪ ডিগ্ৰী আৰু ৰাজধানী ৱাশ্বিংটনত ৪৫ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত তাপ অনুভৱ হ’ব পাৰে ।

বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে যে এইবাৰৰ স্বাধীনতা দিৱসৰ সময়ছোৱাত পূৰ্বৰ সকলো অভিলেখ ভংগ হ’ব পাৰে । একেৰাহে দৈনিক আৰু মাহিলী উষ্ণতাৰ পুৰণি ৰেকৰ্ড ভাঙি এইয়া ইতিহাসৰ আটাইতকৈ ভয়াৱহ গৰম হিচাপে চিহ্নিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

লগতে পঢ়ক : ভূমিকম্পৰ পাছত আকাশৰ এই ৰূপ দেখি স্তব্ধ হৈ পৰিল সকলো!

ভাৰতলৈ আহিব ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প; আমেৰিকাৰ বৈদেশিক মন্ত্ৰী ৰুবিঅ’ৰ ঘোষণা

আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ঘোষণা কৰিছে যে অহা বছৰৰ আৰম্ভণিতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত ভ্ৰমণ কৰিব পাৰে ।

ভাৰত আৰু আমেৰিকাৰ মাজৰ কৌশলগত আৰু বাণিজ্যিক সম্পৰ্কই এটা নতুন সোণালী যুগৰ দিশত অগ্ৰসৰ হৈছে।অহা বছৰৰ আৰম্ভণিতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত ভ্ৰমণ কৰিব পাৰে বুলি ইংগিত দিছে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই।

ৰুবিঅ’ৰ এই বক্তব্যৰ পিছতে ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সম্ভাৱনীয়তা সন্দৰ্ভত জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে। আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই এক ডাঙৰ ঘোষণা কৰি কৈছে যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অহা বছৰৰ আৰম্ভণিতে ভাৰত ভ্ৰমণ কৰিব।

ৰুবিঅ’ই স্পষ্ট কৰি দিছে যে তেওঁ নিজে এই ঐতিহাসিক ভিভিআইপি ভ্ৰমণৰ প্ৰস্তুতি চূড়ান্ত কৰিবলৈ আৰু দুয়োখন দেশৰ মাজত বহু প্ৰতীক্ষিত বাণিজ্য চুক্তিখন (ট্ৰেড ডিল) শীঘ্ৰে সম্পন্ন কৰিবলৈ ভাৰতলৈ আহি আছে।

লগতে পঢ়ক: ভংগ যুদ্ধ বিৰতি; ইৰাণৰ মিছাইলৰ ঘাটিত আমেৰিকাৰ আক্ৰমণ