ৰাষ্ট্ৰপতি ট্ৰাম্পে দিয়া চৰম সকীয়নিৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে বুধবাৰে নিশা আমেৰিকান সেনাই ইৰানৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল লক্ষ্য কৰি তীব্ৰ আক্ৰমণ চলায়
সমগ্ৰ বিশ্বজুৰি উত্তেজনা বৃদ্ধি কৰি ইৰানৰ ওপৰত পুনৰ আমেৰিকাই আৰম্ভ কৰিছে এক ভয়াৱহ সামৰিক অভিযান । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দিয়া চৰম সকীয়নিৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে বুধবাৰে নিশা আমেৰিকান সেনাই ইৰানৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল লক্ষ্য কৰি তীব্ৰ আক্ৰমণ চলায় । ইৰানৰ কৌশলগত বন্দৰ চহৰ বন্দৰ আব্বাছ আৰু চাবহাৰকে ধৰি কেইবাটাও উপকূলীয় অঞ্চলত এই বিধ্বংসী আক্ৰমণ সংঘটিত হৈছে ।
চাবহাৰ আৰু বন্দৰ আব্বাছত প্ৰচণ্ড বিস্ফোৰণ
ইৰানী সংবাদ সংস্থা ‘মিজান’ আৰু ‘মেহৰ’ৰ প্ৰতিবেদন অনুসৰি, বুধবাৰে নিশাৰে পৰা বন্দৰ আব্বাছ আৰু চিৰিক অঞ্চলত ধাৰাবাহিক বিস্ফোৰণৰ শব্দ শুনা গৈছে । শেহতীয়া তথ্য অনুসৰি, বন্দৰ আব্বাছত ৮ টা আৰু চিৰিকত ৩ টা ডাঙৰ বিস্ফোৰণ ঘটিছে ।
আনহাতে, আন এক গুৰুত্বপূৰ্ণ অঞ্চল চাবহাৰ আৰু কোনাৰকতো প্ৰায় ১০ টাকৈ প্ৰচণ্ড বিস্ফোৰণৰ খবৰ পোৱা গৈছে । ইৰানৰ চৰকাৰী সংবাদ সংস্থা ‘ইৰ্না’ (IRNA)ই প্ৰকাশ কৰা মতে, এই আক্ৰমণৰ বাবে চাবহাৰৰ এক বৃহৎ অংশত সম্পূৰ্ণৰূপে বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে । চাবহাৰৰ এখন চিকিৎসালয়ত আমেৰিকান অস্ত্ৰৰ ভগ্নাংশ পৰাৰ উপৰিও শ্বহীদ বেহেস্তী বন্দৰ, কালান্তৰী বন্দৰ আৰু মেৰিন ট্ৰেফিক কণ্ট্ৰ’ল টাৱাৰ আদি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰবলভাৱে ক্ষতিগ্ৰস্ত হৈছে ।
সংবাদ সংস্থা ‘মেহৰ’ৰ মতে, এই আক্ৰমণৰ ফলত ইৰানৰ দুজন নিৰীহ মৎসজীৱীৰ মৃত্যু হৈছে । আনহাতে, ইৰানৰ চৰকাৰী ‘প্ৰেছ টিভি’য়ে দাবী কৰিছে যে আবু মুছা দ্বীপত ১০ টা বিস্ফোৰণ হোৱাৰ লগতে বুশ্বেহৰ আৰু জাংক অঞ্চলতো কেইবাটাও ক্ষেপনাস্ত্ৰ সদৃশ বস্তু আহি পৰিছে ।
‘ট্ৰুথ ছ’চিয়েল’ত ড’নাল্ড ট্ৰাম্পৰ পোষ্ট: “এয়া কেৱল আৰম্ভণিহে”
ইৰানত আমেৰিকাৰ আক্ৰমণৰ ঠিক পিছতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত চাবহাৰৰ আক্ৰমণৰ পিছত জ্বলি উঠা জুইৰ ছবি শ্বেয়াৰ কৰে । তেওঁ স্পষ্টকৈ কয় যে, হৰমুজ প্ৰণালীত ইৰানে বাণিজ্যিক জাহাজৰ ওপৰত চলোৱা আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ হিচাপে এই সামৰিক পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইয়াৰোপৰি ট্ৰাম্পে সকীয়াই দি কয়, “যদি ইৰানে পুনৰ এনেধৰণৰ দুসাহস কৰে, তেন্তে ইয়াৰ পৰিণাম ইয়াতকৈও হাজাৰ গুণ ভয়াবহ হ’ব ।”
CENTCOM আৰু নাটোৰ পূৰ্ণ সমৰ্থন
আমেৰিকাৰ চেন্ট্ৰেল কমাণ্ড (CENTCOM)-এ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এই বিমান আক্ৰমণৰ কথা নিশ্চিত কৰিছে । চেন্টকমে জনোৱা মতে, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰ্দেশ ক্ৰমে হৰমুজ প্ৰণালীত আন্তঃৰাষ্ট্ৰীয় যাতায়াতৰ স্বাধীনতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ইৰানী শক্তিক দুৰ্বল কৰাৰ উদ্দেশ্যে এই অভিযান চলোৱা হৈছে ।
মন কৰিবলগীয়া যে, তুৰস্কত অনুষ্ঠিত নাটো সন্মিলনৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰাৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ট্ৰাম্পে ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান চলাই যোৱাৰ ইংগিত দিছিল । আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত নাটোৱেও আমেৰিকাৰ এই সামৰিক পদক্ষেপক পূৰ্ণ সমৰ্থন জনাইছে । বৰ্তমান এই আক্ৰমণৰ পিছতে সমগ্ৰ মধ্য প্ৰাচ্যত যুদ্ধৰ মেঘ ঘনীভূত হৈ পৰিছে ।
লগতে পঢ়ক : ‘এয়া আক্ৰমণ নহয়, শাস্তি হে…’; ইৰাণৰ ৮০টাকৈ ঘাটিত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ









