ইৰানৰ ওপৰত আমেৰিকাৰ পুনৰ মিছাইলৰ বৰষুণ; CENTCOM-এ শ্বেয়াৰ কৰিলে ভিডিঅ’

শেহতীয়াকৈ ইৰানৰ বিৰুদ্ধে চলোৱা সামৰিক আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰিছে মাৰ্কিন চেণ্ট্ৰেল কমাণ্ডে। শেহতীয়াকৈ ইৰানৰ বিৰুদ্ধে চলোৱা সামৰিক আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰিছে মাৰ্কিন চেণ্ট্ৰেল কমাণ্ডে।

ইৰান আৰু আমেৰিকাৰ মাজত উত্তেজনা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। আমেৰিকান CENTCOM কমাণ্ডে  ইৰানৰ ওপৰত চলোৱা শেহতীয়া সামৰিক আক্ৰমণৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত আমেৰিকান নৌসেনাৰ যুঁজাৰু বিমান আৰু টমাহক ক্ৰুজ মিছাইলৰ জৰিয়তে ইৰানৰ কেইবাটাও সামৰিক ঘাটিত আক্ৰমণ কৰা দেখা গৈছে। ইফালে, তেহৰানৰ আশে-পাশে আমেৰিকান সামৰিক বিমানৰ সক্ৰিয়তা আৰু বৰুজৰ্দৰ ওচৰত বিস্ফোৰণৰ খবৰে পৰিস্থিতি অধিক গুৰুতৰ কৰি তুলিছে।

CENTCOM-এ জাৰী কৰা ভিডিঅ’টোত আমেৰিকান নৌসেনাৰ F/A-18E ছুপাৰ হৰ্নেট যুঁজাৰু বিমানে USS Abraham Lincoln বিমানবাহী জাহাজৰ পৰা উৰণ মৰা দেখা গৈছে। ইয়াৰ উপৰিও Arleigh Burke শ্ৰেণীৰ যুদ্ধজাহাজৰ পৰা BGM-109 টমাহক ক্ৰুজ মিছাইল নিক্ষেপ কৰাৰ দৃশ্যও পোহৰলৈ আহিছে। আমেৰিকান সেনাৰ মতে, এই আক্ৰমণত মিছাইল লঞ্চাৰ (TEL), ড্ৰোন লঞ্চ চাইট, পূৰ্বৰে পৰা নিষ্ক্ৰিয় হৈ থকা আৰু সেৱাৰ পৰা আঁতৰাই দিয়া বিমান তথা এটা দূৰসংযোগ (টেলিকম) টাৱাৰক লক্ষ্য কৰি লোৱা হৈছিল।

CENTCOM-এ জনোৱা মতে, আমেৰিকান সময় অনুসৰি নিশা ৯ বজালৈকে আক্ৰমণৰ এটা ডাঙৰ পৰ্যায় সম্পূৰ্ণ কৰা হয়। এই সময়ছোৱাত কমাণ্ড চেণ্টাৰ, এয়াৰ ডিফেন্স চিষ্টেম, মিছাইল আৰু ড্ৰোন ঘাটিৰ লগতে উপকূলীয় নিৰীক্ষণ (কোষ্টাল চাৰ্ভিলেন্স) ব্যৱস্থাসমূহৰ ওপৰতো আক্ৰমণ চলোৱা হয়। অৱশ্যে আমেৰিকান সেনাই কয় যে সামৰিক অভিযান এতিয়াও শেষ হোৱা নাই আৰু ভৱিষ্যতেও কাৰ্যপন্থা অব্যাহত থাকিব।

সামৰিক কাৰ্যপন্থাৰ মাজতে আমেৰিকাই ইৰানলৈ অহা-যোৱা কৰা জাহাজসমূহৰ ওপৰত অৱৰোধ (ব্লকেড) আৰোপ কৰাৰ কথাও ঘোষণা কৰিছে। ইয়াৰ ফলত অঞ্চলটোত উত্তেজনা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

লগতে পঢ়ক: হৰমুজত ইৰানৰ মিছাইল আক্ৰমণ: এজন ভাৰতীয়ৰ মৃত্যু, আহত ৬

হৰমুজত ইৰানৰ মিছাইল আক্ৰমণ: এজন ভাৰতীয়ৰ মৃত্যু, আহত ৬

ইৰানৰ ক্ৰুজ মিছাইলৰ আক্ৰমণত UAE-ৰ দুখনকৈ বাণিজ্যিক জাহাজ বিধ্বস্ত হোৱাৰ লগতে এজন ভাৰতীয় নাবিকৰ কৰুণ মৃত্যু ঘটিছে

পশ্চিম এছিয়াত ক্ৰমান্বয়ে বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ মাজতে হৰমুজ প্ৰণালীত এক ভয়াবহ ঘটনা সংঘটিত হৈছে । ইৰানৰ ক্ৰুজ মিছাইলৰ আক্ৰমণত সংযুক্ত আৰৱ আমিৰাত (UAE)-ৰ দুখনকৈ বাণিজ্যিক জাহাজ বিধ্বস্ত হোৱাৰ লগতে এজন ভাৰতীয় নাবিকৰ কৰুণ মৃত্যু ঘটিছে । এই আক্ৰমণৰ ঘটনাত আন ৬জন ভাৰতীয় নাগৰিক গুৰুতৰভাৱে আহত হৈছে । ওমানৰ ওচৰত মঙলবাৰে যাত্ৰাৰ সময়তে এই ভয়ংকৰ আক্ৰমণ সংঘটিত হয় ।

ওমান জলসীমাত লক্ষ্য কৰা হ’ল ইউ এ ই-ৰ জাহাজ

ইউ এ ই-ৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰী কৰা মতে, আক্ৰমণৰ বলি হোৱা জাহাজ দুখনৰ নাম আছিল ‘মম্বাচা’ আৰু ‘আল বাহিয়া’ । দক্ষিণ দিশৰ মূল জাহাজ চলাচলৰ পথত, ওমানৰ জলসীমাৰে গতি কৰি থকা অৱস্থাত জাহাজ দুখনক লক্ষ্য কৰি ইৰানে দুখনকৈ ক্ৰুজ মিছাইল নিক্ষেপ কৰে ।

নিহত ভাৰতীয় নাবিকগৰাকী আক্ৰমণৰ সময়ত ‘মম্বাচা’ নামৰ জাহাজখনত কৰ্মৰত আছিল । জানিব পৰা মতে, আক্ৰমণত জাহাজ দুখনৰ মুঠ ৮জন ক্ৰু সদস্য আহত হৈছে, যাৰ ভিতৰত ৪জনৰ অৱস্থা অতি সংকটজনক । আহতসকলৰ ভিতৰত ৬জন ভাৰতীয় আৰু ২জন ইউক্ৰেইনৰ নাগৰিক বুলি চিনাক্ত কৰা হৈছে । মিছাইল বিস্ফোৰণৰ ফলত দুয়োখন জাহাজতে জুই লাগি ভৌতিক ক্ষতিসাধন হয় যদিও বৰ্তমান জুই নিয়ন্ত্ৰণলৈ অনা হৈছে ।

ভাৰতীয় দূতাৱাসৰ গভীৰ শোক আৰু তৎপৰতা

এই কৰুণ ঘটনাত ইউ এ ই-ত থকা ভাৰতীয় দূতাৱাসে গভীৰ শোক প্ৰকাশ কৰিছে। নিহত নাবিকগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি দূতাৱাসে এক বিবৃতিত কয়:

“আমি বৰ্তমানৰ পৰিস্থিতি অতি তীক্ষ্ণভাৱে পৰ্যবেক্ষণ কৰি আছো । আহতসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক সম্ভৱপৰ সকলো প্ৰকাৰৰ সহায় আগবঢ়াবলৈ আমি স্থানীয় কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি চলিছো ।”

লগতে পঢ়ক : সামুদ্ৰিক সুৰক্ষা লাগে যদি আমেৰিকাক ধন দিয়ক- উপসাগৰীয় দেশক ট্ৰাম্পৰ সকীয়নি

আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ মিছাইল-ড্ৰোণ আক্ৰমণ

আমেৰিকাই ইৰানৰ ভূমিত চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দি ইৰানে কুৱেইট আৰু বাহৰেইনত থকা মাৰ্কিন সামৰিক ঘাটিসমূহ লক্ষ্য কৰি ব্যাপক মিছাইল আৰু ড্ৰোণ আক্ৰমণ চলোৱাৰ দাবী কৰিছে

মধ্য প্ৰাচ্যক পুনৰ যুদ্ধৰ কলীয়া ডাৱৰে আৱৰি ধৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজৰ তীব্ৰ উত্তেজনা এতিয়া এক মুকলি সামৰিক সংঘাতৰ দিশে অগ্ৰসৰ হৈছে । একেৰাহে দ্বিতীয় দিনাও আমেৰিকাই ইৰানৰ ভূমিত চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দি ইৰানে কুৱেইট আৰু বাহৰেইনত থকা মাৰ্কিন সামৰিক ঘাটিসমূহ লক্ষ্য কৰি ব্যাপক মিছাইল আৰু ড্ৰোণ আক্ৰমণ চলোৱাৰ দাবী কৰিছে । এই ভয়াৱহ পৰিস্থিতিৰ পিছতে সমগ্ৰ উপসাগৰীয় অঞ্চলত ‘হাই এলাৰ্ট’ জাৰি কৰা হৈছে ।

আমেৰিকাৰ সামৰিক ঘাটিত IRGC-ৰ যৌথ অভিযান

ইৰানৰ সামৰিক বাহিনী ‘ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰ্পছ’ (IRGC)-এ এটা চৰকাৰী বিবৃতি জাৰি কৰি এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে । আইআৰজিচিয়ে জনোৱা মতে, তেওঁলোকৰ নৌসেনা আৰু এৰ’স্পেচ ফ’ৰ্চে যৌথভাৱে এক বিশেষ অভিযান চলাইছিল ।

এই আক্ৰমণত কুৱেইটৰ আৰিফজান আৰু আলী আল চালেম এয়াৰ বেচ, তথা বাহৰেইনৰ জুফৈৰ আৰু শ্বেখ ইছাস্থিত আমেৰিকাৰ গুৰুত্বপূৰ্ণ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱা হৈছিল । ইৰানে ইয়াক আমেৰিকাৰ “আক্ৰমণাত্মক কাৰ্যকলাপ”ৰ বিৰুদ্ধে প্ৰথম শাস্তিমূলক প্ৰত্যুত্তৰ বুলি অভিহিত কৰিছে ।

আইআৰজিচিৰ হুংকাৰ: “যদিহে আমেৰিকাই আগলৈও সামৰিক কাৰ্যকলাপ অব্যাহত ৰাখে, তেন্তে সমগ্ৰ পশ্চিম এছিয়াত থকা আমেৰিকাৰ অন্যান্য সামৰিক ঘাটিসমূহকো একেধৰণে ধূলিস্যাৎ কৰা হ’ব ।”

আমেৰিকাই ক’ত ক’ত চলাইছিল আক্ৰমণ?

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আমেৰিকাই একেৰাহে দ্বিতীয় দিনাও ইৰানৰ কেইবাটাও কৌশলগত স্থানত তীব্ৰ বিমান আক্ৰমণ চলাইছিল । ইয়াৰ ভিতৰত আছিল বন্দৰ আব্বাছ, চাবাহাৰ, জাস্ক, আবু মুছা দ্বীপ ।

আমেৰিকাৰ দাবী অনুসৰি, গোলকীয় বাণিজ্যৰ অন্যতম প্ৰধান পথ হৰমুজ প্ৰণালীৰে পাৰ হৈ যোৱা ব্যৱসায়িক জাহাজসমূহৰ ওপৰত হোৱা ধাৰাবাহিক আক্ৰমণৰ প্ৰত্যুত্তৰতহে তেওঁলোকে ইৰানৰ এই স্থানসমূহত সামৰিক কাৰ্যবাহী ব্যৱস্থা গ্ৰহণ কৰিছিল ।

বাহৰেইন-কাটাৰত এয়াৰ ৰেইড এলাৰ্ট, সতৰ্ক কুৱেইট

ইৰানৰ এই প্ৰত্যাক্ৰমণৰ পিছতে বাহৰেইন, কুৱেইট আৰু কাটাৰৰ নিৰাপত্তা সংস্থাসমূহৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । বাহৰেইন আৰু কাটাৰত জৰুৰীভাৱে ‘এয়াৰ ৰেইড এলাৰ্ট’ অৰ্থাৎ বিমান আক্ৰমণৰ সতৰ্কবাণী জাৰি কৰা হয় । সাধাৰণ ৰাইজক নিজৰ নিজৰ ঘৰৰ ভিতৰতে আবদ্ধ থাকিবলৈ আৰু খিৰিকীৰ পৰা আঁতৰত থাকিবলৈ প্ৰশাসনে আহ্বান জনায় ।

অৱশ্যে কিছু সময় পিছত কাটাৰে বিপদ দূৰ হোৱা বুলি ঘোষণা কৰে । আনহাতে, কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে তেওঁলোকৰ শক্তিশালী এয়াৰ ডিফেন্স চিষ্টেমে শত্ৰুপক্ষৰ কেইবাটাও ড্ৰোণ আৰু মিছাইল মাজপথতে ধ্বংস কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : ইৰানত আমেৰিকাৰ বিধ্বংসী আক্ৰমণ: ট্ৰাম্পৰ সকীয়নিৰ পিছতে কঁপি উঠিল চাবহাৰ আৰু বন্দৰ আব্বাছ

ইৰানত আমেৰিকাৰ বিধ্বংসী আক্ৰমণ: ট্ৰাম্পৰ সকীয়নিৰ পিছতে কঁপি উঠিল চাবহাৰ আৰু বন্দৰ আব্বাছ

ৰাষ্ট্ৰপতি ট্ৰাম্পে দিয়া চৰম সকীয়নিৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে বুধবাৰে নিশা আমেৰিকান সেনাই ইৰানৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল লক্ষ্য কৰি তীব্ৰ আক্ৰমণ চলায়

সমগ্ৰ বিশ্বজুৰি উত্তেজনা বৃদ্ধি কৰি ইৰানৰ ওপৰত পুনৰ আমেৰিকাই আৰম্ভ কৰিছে এক ভয়াৱহ সামৰিক অভিযান । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দিয়া চৰম সকীয়নিৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে বুধবাৰে নিশা আমেৰিকান সেনাই ইৰানৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল লক্ষ্য কৰি তীব্ৰ আক্ৰমণ চলায় । ইৰানৰ কৌশলগত বন্দৰ চহৰ বন্দৰ আব্বাছ আৰু চাবহাৰকে ধৰি কেইবাটাও উপকূলীয় অঞ্চলত এই বিধ্বংসী আক্ৰমণ সংঘটিত হৈছে ।

চাবহাৰ আৰু বন্দৰ আব্বাছত প্ৰচণ্ড বিস্ফোৰণ

ইৰানী সংবাদ সংস্থা ‘মিজান’ আৰু ‘মেহৰ’ৰ প্ৰতিবেদন অনুসৰি, বুধবাৰে নিশাৰে পৰা বন্দৰ আব্বাছ আৰু চিৰিক অঞ্চলত ধাৰাবাহিক বিস্ফোৰণৰ শব্দ শুনা গৈছে । শেহতীয়া তথ্য অনুসৰি, বন্দৰ আব্বাছত ৮ টা আৰু চিৰিকত ৩ টা ডাঙৰ বিস্ফোৰণ ঘটিছে ।

আনহাতে, আন এক গুৰুত্বপূৰ্ণ অঞ্চল চাবহাৰ আৰু কোনাৰকতো প্ৰায় ১০ টাকৈ প্ৰচণ্ড বিস্ফোৰণৰ খবৰ পোৱা গৈছে । ইৰানৰ চৰকাৰী সংবাদ সংস্থা ‘ইৰ্না’ (IRNA)ই প্ৰকাশ কৰা মতে, এই আক্ৰমণৰ বাবে চাবহাৰৰ এক বৃহৎ অংশত সম্পূৰ্ণৰূপে বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে । চাবহাৰৰ এখন চিকিৎসালয়ত আমেৰিকান অস্ত্ৰৰ ভগ্নাংশ পৰাৰ উপৰিও শ্বহীদ বেহেস্তী বন্দৰ, কালান্তৰী বন্দৰ আৰু মেৰিন ট্ৰেফিক কণ্ট্ৰ’ল টাৱাৰ আদি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰবলভাৱে ক্ষতিগ্ৰস্ত হৈছে ।

সংবাদ সংস্থা ‘মেহৰ’ৰ মতে, এই আক্ৰমণৰ ফলত ইৰানৰ দুজন নিৰীহ মৎসজীৱীৰ মৃত্যু হৈছে । আনহাতে, ইৰানৰ চৰকাৰী ‘প্ৰেছ টিভি’য়ে দাবী কৰিছে যে আবু মুছা দ্বীপত ১০ টা বিস্ফোৰণ হোৱাৰ লগতে বুশ্বেহৰ আৰু জাংক অঞ্চলতো কেইবাটাও ক্ষেপনাস্ত্ৰ সদৃশ বস্তু আহি পৰিছে ।

‘ট্ৰুথ ছ’চিয়েল’ত ড’নাল্ড ট্ৰাম্পৰ পোষ্ট: “এয়া কেৱল আৰম্ভণিহে”

ইৰানত আমেৰিকাৰ আক্ৰমণৰ ঠিক পিছতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত চাবহাৰৰ আক্ৰমণৰ পিছত জ্বলি উঠা জুইৰ ছবি শ্বেয়াৰ কৰে । তেওঁ স্পষ্টকৈ কয় যে, হৰমুজ প্ৰণালীত ইৰানে বাণিজ্যিক জাহাজৰ ওপৰত চলোৱা আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ হিচাপে এই সামৰিক পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইয়াৰোপৰি ট্ৰাম্পে সকীয়াই দি কয়, “যদি ইৰানে পুনৰ এনেধৰণৰ দুসাহস কৰে, তেন্তে ইয়াৰ পৰিণাম ইয়াতকৈও হাজাৰ গুণ ভয়াবহ হ’ব ।”

CENTCOM আৰু নাটোৰ পূৰ্ণ সমৰ্থন

আমেৰিকাৰ চেন্ট্ৰেল কমাণ্ড (CENTCOM)-এ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এই বিমান আক্ৰমণৰ কথা নিশ্চিত কৰিছে । চেন্টকমে জনোৱা মতে, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰ্দেশ ক্ৰমে হৰমুজ প্ৰণালীত আন্তঃৰাষ্ট্ৰীয় যাতায়াতৰ স্বাধীনতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ইৰানী শক্তিক দুৰ্বল কৰাৰ উদ্দেশ্যে এই অভিযান চলোৱা হৈছে ।

মন কৰিবলগীয়া যে, তুৰস্কত অনুষ্ঠিত নাটো সন্মিলনৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰাৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ট্ৰাম্পে ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান চলাই যোৱাৰ ইংগিত দিছিল । আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত নাটোৱেও আমেৰিকাৰ এই সামৰিক পদক্ষেপক পূৰ্ণ সমৰ্থন জনাইছে । বৰ্তমান এই আক্ৰমণৰ পিছতে সমগ্ৰ মধ্য প্ৰাচ্যত যুদ্ধৰ মেঘ ঘনীভূত হৈ পৰিছে ।

লগতে পঢ়ক : ‘এয়া আক্ৰমণ নহয়, শাস্তি হে…’; ইৰাণৰ ৮০টাকৈ ঘাটিত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ

আলী খামেনিৰ অন্ত্যেষ্টিক্ৰিয়া: ভাৰতক প্ৰতিনিধিত্ব কৰিব বিহাৰৰ ৰাজ্যপাল আৰু মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই

প্ৰকাশিত বাতৰি অনুসৰি ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতাগৰাকীৰ অন্ত্যোষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব বিহাৰৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গঘেৰিটাই

ইৰানৰ সৰ্বোচ্চ নেতা আয়াতোল্লাহ ছৈয়দ আলী খামেনিৰ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানত বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল চৈয়দ আতা হাছনাইন (অৱসৰপ্ৰাপ্ত) আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিতাই অংশগ্ৰহণ কৰিব বুলি জনিব পৰা গৈছে । সোমবাৰে একাংশ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে ।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছিল । অৱশ্যে, প্ৰধানমন্ত্ৰীয়ে ইৰান ভ্ৰমণ কৰিব নে নাই সেই বিষয়ে নতুন দিল্লীয়ে এতিয়াও নিশ্চিত কৰা নাই ।

৪ জুলাইৰ পৰা ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচী আৰম্ভ হ’ব । সেইদিনা খামেনিৰ নশ্বৰ দেহত জনসাধাৰণে শ্ৰদ্ধাঞ্জলিৰ জনাবৰ বাবে তেহৰানৰ গ্ৰেণ্ড মোছাল্লাত ৰখা হ’ব । তেহৰান আৰু পৱিত্ৰ চহৰ কোমত শোভাযাত্ৰা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, লগতে ইৰাকৰ নাজাফ আৰু কাৰবালা চহৰতো প্ৰাৰ্থনা সভা অনুষ্ঠিত হ’ব বুলি প্ৰকাশ পাইছে ।

৯ জুলাইত খামেনিৰ জন্মস্থান মাশ্বাদৰ ইমাম ৰেজা মাজাৰত তেওঁক সমাধিস্থ কৰা হ’ব । ২৮ ফেব্ৰুৱাৰীত তেহৰানত হোৱা আমেৰিকা-ইজৰাইলৰ বিমান আক্ৰমণত খামেনিৰ মৃত্যুৰ পিছত মূলতঃ মাৰ্চ মাহত এই অন্ত্যেষ্টিক্ৰিয়াৰ পৰিকল্পনা কৰা হৈছিল যদিও আঞ্চলিক সংঘাতৰ বাবে সেয়া পিছুৱাই দিয়া হৈছিল ।

খামেনিৰ মৃত্যুৰ পিছত ইৰানৰ এছেম্বলী অৱ এক্সপাৰ্টছে তেওঁৰ পুত্ৰ মুজতবা খামেনিক উত্তৰসূৰী হিচাপে নিৰ্বাচিত কৰে । এই নিযুক্তিৰ জৰিয়তে দেশখনৰ সৰ্বোচ্চ ৰাজনৈতিক আৰু ধৰ্মীয় পদবী প্ৰথমবাৰৰ বাবে পিতৃৰ পৰা পোনে পোনে পুত্ৰলৈ হস্তান্তৰিত হৈছে । প্ৰকাশিত প্ৰতিবেদন অনুসৰি, সংঘাতৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত মুজতবা বৰ্তমান এটা সুৰক্ষিত স্থানত আছে আৰু চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে তেওঁৰ যোগাযোগ সীমিত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ঐতিহাসিক বন্ধুত্বঃ প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ ইৰানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেইৰ

ঐতিহাসিক বন্ধুত্বঃ প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ ইৰানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেইৰ

এই বাৰ্তাত ইৰানৰ সৰ্বোচ্চ নেতাগৰাকীয়ে আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত নতুন দিল্লীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও উল্লেখ কৰে

ঈদ-উল-আদহা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আন্তৰিক শুভেচ্ছাৰ বাবে ইৰানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেই ভাৰতৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে । আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি সৰ্বোচ্চ নেতাজনে দুয়োখন দেশৰ মাজত থকা দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লগতে তেওঁ আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত নতুন দিল্লীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও উল্লেখ কৰে ।

তেহৰানৰ পৰা অহা এই আনুষ্ঠানিক বাৰ্তাই ভাৰত আৰু ইৰানৰ মাজত থকা গভীৰ সাংস্কৃতিক আৰু কৌশলগত সম্পৰ্কক প্ৰতিফলিত কৰিছে । প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা নিজৰ আনুষ্ঠানিক বাৰ্তাত ইৰানৰ সৰ্বোচ্চ নেতাজনে কয়, “মহামান্য শ্ৰী নৰেন্দ্ৰ মোদী, ভাৰত গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী, ঈদ-উল-আদহা উপলক্ষে আপোনাৰ অভিনন্দন বাৰ্তা মই লাভ কৰিছোঁ ।”

বাৰ্তাটোত তেওঁ লগতে কয়, “মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে মই আপোনালোককো অভিনন্দন জনাইছোঁ । মই আশাবাদী যে পাৰস্পৰিক সন্মান আৰু উমৈহতীয়া স্বাৰ্থৰ ওপৰত ভিত্তি কৰি আমাৰ দুয়োখন দেশৰ মাজৰ ঐতিহাসিক বন্ধুত্ব আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ জৰিয়তে অধিক শক্তিশালী আৰু সম্প্ৰসাৰিত হৈ থাকিব । মই সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত ভাৰত চৰকাৰ আৰু ভাৰতৰ মহান জনসাধাৰণৰ সমৃদ্ধি আৰু ধাৰাবাহিক সাফল্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ।”

উল্লেখ্য যে, ইৰানৰ সৰ্বোচ্চ নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত মুজতবা খামেনেইৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰা এইটোৱেই প্ৰথম পোনপটীয়া যোগাযোগ বুলি ধাৰণা কৰা হৈছে । উল্লেখযোগ্য যে নতুনকৈ নিযুক্তি পোৱা নেতাজন দায়িত্ব গ্ৰহণৰ পিছৰে পৰা এতিয়ালৈকে ৰাজহুৱাভাৱে দেখা দিয়া নাই । আমেৰিকাৰ সামৰিক আক্ৰমণত তেওঁ গুৰুতৰভাৱে আহত হোৱা বুলি প্ৰচাৰিত ব্যাপক খবৰৰ মাজতে তেওঁ প্ৰধানমন্ত্ৰী মোদীলৈ এইদৰে বাৰ্তা প্ৰেৰণ কৰিছে ।

ইয়াৰ পূৰ্বে ইৰানৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানে দেশখনৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আলি খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া আৰু সমাধিস্থ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনাইছিল । ৮৬ বছৰীয়া নেতাজনৰ মৃত্যুৰ পিছত এই আনুষ্ঠানিক আমন্ত্ৰণ এক গুৰুত্বপূৰ্ণ কূটনৈতিক সম্পৰ্ক হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : ‘মৃত্যুলৈ ভয় নাই’; বছৰৰ শেষত বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা শ্বেখ হাছিনাৰ

পুনৰ বন্ধ হ’ল হৰমুজ! ইৰাণ-আমেৰিকাৰ চুক্তিলৈ সংকট

ইৰাণৰ অভিযোগ যে যুদ্ধ সমাপ্তিৰ বাবে হোৱা বুজাবুজি চুক্তি আমেৰিকাই উলংঘা কৰিছে, দক্ষিণ লেবাননৰ পৰা সেনা প্ৰত্যাহাৰ হোৱা নাই

ইৰাণৰ যুটীয়া সামৰিক কমাণ্ডে ষ্ট্ৰেইট অৱ হৰমুজৰ মাজেৰে জাহাজ চলাচল বন্ধ কৰাৰ ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াৰ কূটনৈতিক পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে । ইৰাণে অভিযোগ কৰিছে যে যুদ্ধ সমাপ্তিৰ বাবে হোৱা বুজাবুজি চুক্তি আমেৰিকাই উলংঘা কৰিছে, দক্ষিণ লেবাননৰ পৰা সেনা প্ৰত্যাহাৰ হোৱা নাই, আৰু ইজৰাইলে ধাৰাবাহিকভাৱে যুদ্ধবিৰতি ভংগ কৰি আহিছে ।

ইৰাণী সেনাৰ ভাষ্য অনুসৰি এই সিদ্ধান্তক “প্ৰথম পদক্ষেপ” হিচাপে লোৱা হৈছে । লগতে সতৰ্ক কৰি দিয়া হৈছে যে যদি চুক্তিৰ উলংঘা অব্যাহত থাকে, তেন্তে আগন্তুক দিনত অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব পাৰে ।

উল্লেখ্য যে এই সপ্তাহতে আমেৰিকা আৰু ইৰাণৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱা বুলি খবৰ ওলাইছিল । সেই চুক্তিৰ পাছতেই ষ্ট্ৰেইট অৱ হৰমুজ পুনৰ মুকলি কৰাৰ কথাও ঘোষণা কৰা হৈছিল । কিন্তু তাৰ কিছু সময়ৰ ভিতৰতে ইৰাণৰ সামৰিক ঘোষণাই নতুন অনিশ্চয়তা সৃষ্টি কৰিছে ।

আমেৰিকাৰ প্ৰতিক্ৰিয়া

এই খবৰৰ মাজতে ফক্স নিউজৰ তথ্য অনুসৰি, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জেডি ভেঞ্চে আশাবাদ ব্যক্ত কৰি কৈছে যে ৱাশ্বিংটন আৰু তেহৰাণৰ মাজত স্থিৰ কৰা যুদ্ধবিৰতি অব্যাহত থাকিব । তেওঁ লগতে কয় যে হৰমুজ সামুদ্ৰিক যাতায়াতৰ বাবে বন্ধ কৰা হৈছে বুলি আমেৰিকাই এতিয়ালৈ কোনো নিশ্চিত প্ৰমাণ পোৱা নাই ।

ইফালে, যুদ্ধবিৰতি চুক্তিৰ খবৰ ওলোৱাৰ কেইঘণ্টামান পাছতে দক্ষিণ লেবাননত ইজৰাইলৰ আক্ৰমণত দুগৰাকী শিশুকে ধৰি অন্ততঃ সাতজন লোক নিহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে । এই ঘটনাই অঞ্চলটোত উত্তেজনা আৰু বাঢ়ি যোৱাৰ আশংকা সৃষ্টি কৰিছে ।

চুক্তিৰ ওপৰত নতুন চাপ

ইৰাণে পুনৰ হৰমুজ প্ৰণালী সম্পৰ্কে কঠোৰ স্থিতি লোৱাৰ পাছত যুদ্ধবিৰতি চুক্তিখন এতিয়া অধিক সংকটত পৰিছে । বিশেষজ্ঞসকলৰ মতে কৰিছে যে এই সিদ্ধান্তে কেৱল ইৰাণ-আমেৰিকা সম্পৰ্কতেই নহয়, সমগ্ৰ অঞ্চলৰ সামুদ্ৰিক বাণিজ্য আৰু নিৰাপত্তাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে ।

ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে এই বিষয়ত কয় যে তেহৰাণে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে, আৰু এতিয়া আমেৰিকাৰ দায়িত্ব হৈছে ইজৰাইলক লেবাননৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ বাধ্য কৰোৱা ।

লগতে পঢ়ক : ৪৮ ঘণ্টাৰ ভিতৰতে চুক্তিত বাধা! আমেৰিকা-ইৰাণৰ প্ৰথম পাৰমাণৱিক আলোচনা বাতিল

ঐতিহাসিক ভাৰ্চাই প্ৰাসাদত স্বাক্ষৰিত হ’ল যুগান্তকাৰী আমেৰিকা-ইৰান চুক্তি!

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইৰানৰ ৰাষ্ট্ৰপতি মাছৌদ পেজেস্কিয়ানে ভাৰ্চুৱেল পদ্ধতিৰে এক গুৰুত্বপূৰ্ণ ১৪ দফীয়া বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে

দীৰ্ঘদিনীয়া কূটনৈতিক অচলাৱস্থা আৰু উত্তেজনাৰ অন্ত পেলাই এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইৰানৰ ৰাষ্ট্ৰপতি মাছৌদ পেজেস্কিয়ানে ভাৰ্চুৱেল পদ্ধতিৰে এক গুৰুত্বপূৰ্ণ ১৪ দফীয়া বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ উপস্থিতিত ভাৰ্ছাই প্ৰাসাদত সম্পন্ন হৈছে এই ঐতিহাসিক শান্তি চুক্তি । এই চুক্তিৰ মূল লক্ষ্য হৈছে দুয়োখন দেশৰ মাজৰ শত্ৰুতাৰ অন্ত পেলোৱা, কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা আৰু ইৰানৰ ওপৰত আৰোপিত নিষেধাজ্ঞা তথা পৰমাণু কাৰ্যসূচীৰ স্থায়ী সমাধানৰ বাবে এক ৬০ দিনীয়া আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰা ।

আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান চিএনএন-ৰ প্ৰতিবেদন অনুসায়ী, ফ্ৰান্সৰ পেৰিছত ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক সাক্ষাৎ কৰাৰ সময়তে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ব্যক্তিগতভাৱে এই চুক্তিত স্বাক্ষৰ কৰে । ইফালে ইৰানৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানেও এই চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগেই ই কাৰ্যকৰী হৈ পৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰই ইতিমধ্যে এই চুক্তিৰ চৰকাৰী পাঠ “ইছলামাবাদ বুজাবুজিৰ চুক্তি” নামেৰে প্ৰকাশ কৰিছে ।

বুজাবুজি চুক্তিৰ মূল চৰ্তসমূহ :

সামৰিক অভিযানৰ অন্ত : লেবাননকে ধৰি সকলো অঞ্চলত দুয়োখন দেশৰ মাজৰ সামৰিক অভিযানসমূহ তাৎক্ষণিক আৰু স্থায়ীভাৱে বন্ধ কৰা হ’ব ।

হৰমুজ প্ৰণালী মুকলি : আমেৰিকাই ইয়াৰ নৌসেনা অৱৰোধ প্ৰত্যাহাৰ কৰিব আৰু ইৰানে প্ৰাৰম্ভিক ৬০ দিনৰ বাবে কোনো ধৰণৰ মাচুল নোলোৱাকৈ বাণিজ্যিক জাহাজসমূহক সুৰক্ষিত যাতায়তৰ অনুমতি দিব ।

পৰমাণু কাৰ্যসূচী আৰু অৰ্থনৈতিক সকাহ : ইৰানৰ সমৃদ্ধ ইউৰেনিয়ামৰ ভাণ্ডাৰৰ সমিধান উলিওৱাৰ বিনিময়ত আমেৰিকাই পৰ্যায়ক্ৰমে অৰ্থনৈতিক নিষেধাজ্ঞা আৰু বাধা-নিষেধসমূহ আঁতৰাই পেলাব ।

বিপুল অৰ্থনৈতিক পেকেজ : ইৰানৰ ফ্ৰীজ বা স্তব্ধ হৈ থকা সম্পত্তিসমূহ মোকলাই দিয়াৰ লগতে ইৰানৰ তেল ৰপ্তানিৰ বাবে ট্ৰেজাৰী ৰেহাই প্ৰদান কৰা হ’ব । তদুপৰি, ইৰানৰ অৰ্থনৈতিক উন্নয়ন আৰু পুনৰ নিৰ্মাণৰ বাবে আমেৰিকাৰ সমৰ্থনত অতি কমেও ৩০০ বিলিয়ন মাৰ্কিন ডলাৰৰ এক বিশাল কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ।

চূড়ান্ত চুক্তিৰ সময়সীমা : অহা ৬০ দিনৰ ভিতৰত (প্ৰয়োজন হ’লে দুয়োপক্ষৰ সন্মতিত বৃদ্ধি কৰিব পৰাকৈ) এক চূড়ান্ত চুক্তিত উপনীত হ’বলৈ আলোচনা প্ৰক্ৰিয়া সমাপ্ত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ।

ইৰানৰ প্ৰতিক্ৰিয়া :

ইৰানৰ সংবাদ মাধ্যম ‘প্ৰেছ টিভি’ৰ মতে, বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘেই এই চুক্তিৰ সত্যতা স্বীকাৰ কৰিছে । তেওঁ জনায় যে ওমান আৰু অন্যান্য মধ্যস্থতাকাৰী দেশৰ সৈতে দীৰ্ঘদিন ধৰি চলা আলোচনাৰ পাছতহে এই সহমতত উপনীত হোৱা হৈছে । বাঘেই স্পষ্ট কৰি দিয়ে যে “হৰমুজ প্ৰণালীৰ ওপৰত ইৰানৰ সাৰ্বভৌমত্ব আৰু কৰ্তৃত্ব” সম্পূৰ্ণ অক্ষুণ্ণ ৰাখিয়েই আন্তঃৰাষ্ট্ৰীয় সাগৰীয় যাতায়ত সুৰক্ষিত কৰা হ’ব ।

উল্লেখ্য য়ে, বিশ্বৰ ভূ-ৰাজনীতি আৰু গোলকীয় অৰ্থনীতিৰ বাবে এই চুক্তিক এক ডাঙৰ সকাহ বুলি গণ্য কৰা হৈছে, যাৰ ফলত বিশেষকৈ খাৰুৱা তেলৰ বজাৰ আৰু মধ্যপ্ৰাচ্যৰ অশান্ত পৰিৱেশ বহুখিনি শান্ত হোৱাৰ আশা কৰা হৈছে ।

লগতে পঢ়ক : জি-৭ সন্মিলনৰ অন্তত পেৰিচত প্ৰধানমন্ত্ৰী মোদী : প্ৰৱাসী ভাৰতীয়ৰ উষ্ম আদৰণি

ইৰানৰ ওপৰত সামৰিক আক্ৰমণ স্থগিত ডনাল্ড ট্ৰাম্পৰ: বৃহৎ কূটনৈতিক বুজাবুজিৰ ইংগিত

পূৰ্বে ইৰানৰ খাৰ্গ দ্বীপকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ তৈল প্ৰতিষ্ঠানক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ তীব্ৰ ভাবুকি দিছিল ট্ৰাম্পে

ইৰানৰ ওপৰত এক ভয়ংকৰ সামৰিক আক্ৰমণৰ সকীয়নি দিয়াৰ মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেওঁৰ পৰিকল্পিত সামৰিক কাৰ্যপন্থা স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে । পূৰ্বে ইৰানৰ খাৰ্গ দ্বীপকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ তৈল প্ৰতিষ্ঠানক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ তীব্ৰ ভাবুকি দিছিল যদিও, শেহতীয়া এক নাটকীয় মোৰত ট্ৰাম্পে এই সিদ্ধান্ত সলনি কৰে ।

ৰাষ্ট্ৰপতি ট্ৰাম্পে জনোৱা মতে, ইৰানৰ শীৰ্ষ নেতৃত্ব আৰু বিশ্বৰ অন্যান্য গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহৰ সৈতে এক উচ্চস্তৰীয় চুক্তিত উপনীত হোৱাৰ পিছতে এই আক্ৰমণ বাতিল কৰা হৈছে । অৱশ্যে, চুক্তিখন সম্পূৰ্ণৰূপে চূড়ান্ত নোহোৱালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাই ইৰানৰ ওপৰত জাৰি কৰা অৱৰোধ বাহাল ৰাখিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।

ট্ৰুথ চোচিয়েলত ট্ৰাম্পৰ ঘোষণা

নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ চোচিয়েল’-ত এটা পোষ্টযোগে ট্ৰাম্পে কয় :

“ইৰান ইছলামিক গণৰাজ্যৰ সৰ্বোচ্চ নেতৃত্বৰ সৈতে হোৱা আলোচনা ইতিবাচক পৰ্যায়লৈ নিয়া হৈছে আৰু ইয়াক অনুমোদন জনোৱা হৈছে । এই তথ্যৰ ওপৰত ভিত্তি কৰি মই, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে, আজি ৰাতি ইৰানৰ বিৰুদ্ধে হ’বলগীয়া পূৰ্বনিৰ্ধাৰিত আক্ৰমণ আৰু বোমা বৰ্ষণ বাতিল কৰিছোঁ ।”

ট্ৰাম্পে লগতে উল্লেখ কৰে যে এই শান্তি চুক্তিৰ আলোচনা আৰু ইয়াৰ চূড়ান্ত বিষয়সমূহ কেৱল ধাৰণাগতভাৱেই নহয়, বৰঞ্চ অতি গভীৰভাৱে সংশ্লিষ্ট সকলো পক্ষই গ্ৰহণ কৰিছে । এই বহুপাক্ষিক আলোচনাত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল, চৌদি আৰৱ, ইউ.এ.ই., কাটাৰ, তুৰস্ক, পাকিস্তান, বাহৰেইন, কুৱেইট, জৰ্ডান আৰু ইজিপ্টৰ দৰে প্ৰভাৱশালী দেশসমূহ অন্তৰ্ভুক্ত হৈ আছে । তেওঁ কয় যে অতি সোনকালে এই ঐতিহাসিক চুক্তি স্বাক্ষৰৰ সময় আৰু স্থান ঘোষণা কৰা হ’ব ।

তৈল বজাৰ নিয়ন্ত্ৰণৰ পৰিকল্পনা আৰু ভেনিজুৱেলাৰ উদাহৰণ

উল্লেখনীয় যে, এই ঘোষণাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে ট্ৰাম্পে অত্যন্ত আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছিল । তেওঁ দাবী কৰিছিল যে ইৰানৰ নৌসেনা, বিমানবাহিনী, ৰাডাৰ আৰু বিমান-প্ৰতিৰোধী ব্যৱস্থাকে ধৰি প্ৰায় সকলো আক্ৰমণাত্মক ক্ষমতা ইতিমধ্যে নিঃশেষ হৈ পৰিছে ।

ট্ৰাম্পে ভাবুকি দিছিল যে আমেৰিকাই অতি সোনকালে ইৰানৰ তেল ৰপ্তানিৰ মূল কেন্দ্ৰ ‘খাৰ্গ দ্বীপ’ আৰু অন্যান্য তৈল আন্তঃগাঁথনিসমূহ নিজৰ নিয়ন্ত্ৰণলৈ আনিব, যাতে তেহৰানৰ তেল আৰু গেছ বজাৰৰ ওপৰত ৱাশ্বিংটনে সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰিব পাৰে । এই প্ৰসংগত তেওঁ ভেনিজুৱেলাৰ উদাহৰণ টানি কৈছিল যে ভেনিজুৱেলাৰ তৈল সম্পদৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণে যেনেকৈ দুয়োখন দেশৰ বাবে সুন্দৰভাৱে কাম কৰিছে, ইৰানৰ ক্ষেত্ৰতো একেই হ’ব ।

লগতে পঢ়ক : আজি নিশাই হ’ব পাৰে ধংসলীলা! ইৰাণক বিধ্বংসী আক্ৰমণৰ তীব্ৰ হুংকাৰ ট্ৰাম্পৰ