ঐতিহাসিক ভাৰ্চাই প্ৰাসাদত স্বাক্ষৰিত হ’ল যুগান্তকাৰী আমেৰিকা-ইৰান চুক্তি!

ঐতিহাসিক ভাৰ্চাই প্ৰাসাদত স্বাক্ষৰিত হ’ল যুগান্তকাৰী আমেৰিকা-ইৰান চুক্তি!

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইৰানৰ ৰাষ্ট্ৰপতি মাছৌদ পেজেস্কিয়ানে ভাৰ্চুৱেল পদ্ধতিৰে এক গুৰুত্বপূৰ্ণ ১৪ দফীয়া বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে দীৰ্ঘদিনীয়া কূটনৈতিক অচলাৱস্থা আৰু উত্তেজনাৰ অন্ত পেলাই এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইৰানৰ ৰাষ্ট্ৰপতি মাছৌদ পেজেস্কিয়ানে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইৰানৰ ৰাষ্ট্ৰপতি মাছৌদ পেজেস্কিয়ানে ভাৰ্চুৱেল পদ্ধতিৰে এক গুৰুত্বপূৰ্ণ ১৪ দফীয়া বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে

দীৰ্ঘদিনীয়া কূটনৈতিক অচলাৱস্থা আৰু উত্তেজনাৰ অন্ত পেলাই এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইৰানৰ ৰাষ্ট্ৰপতি মাছৌদ পেজেস্কিয়ানে ভাৰ্চুৱেল পদ্ধতিৰে এক গুৰুত্বপূৰ্ণ ১৪ দফীয়া বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ উপস্থিতিত ভাৰ্ছাই প্ৰাসাদত সম্পন্ন হৈছে এই ঐতিহাসিক শান্তি চুক্তি । এই চুক্তিৰ মূল লক্ষ্য হৈছে দুয়োখন দেশৰ মাজৰ শত্ৰুতাৰ অন্ত পেলোৱা, কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা আৰু ইৰানৰ ওপৰত আৰোপিত নিষেধাজ্ঞা তথা পৰমাণু কাৰ্যসূচীৰ স্থায়ী সমাধানৰ বাবে এক ৬০ দিনীয়া আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰা ।

আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান চিএনএন-ৰ প্ৰতিবেদন অনুসায়ী, ফ্ৰান্সৰ পেৰিছত ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক সাক্ষাৎ কৰাৰ সময়তে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ব্যক্তিগতভাৱে এই চুক্তিত স্বাক্ষৰ কৰে । ইফালে ইৰানৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানেও এই চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগেই ই কাৰ্যকৰী হৈ পৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰই ইতিমধ্যে এই চুক্তিৰ চৰকাৰী পাঠ “ইছলামাবাদ বুজাবুজিৰ চুক্তি” নামেৰে প্ৰকাশ কৰিছে ।

বুজাবুজি চুক্তিৰ মূল চৰ্তসমূহ :

সামৰিক অভিযানৰ অন্ত : লেবাননকে ধৰি সকলো অঞ্চলত দুয়োখন দেশৰ মাজৰ সামৰিক অভিযানসমূহ তাৎক্ষণিক আৰু স্থায়ীভাৱে বন্ধ কৰা হ’ব ।

হৰমুজ প্ৰণালী মুকলি : আমেৰিকাই ইয়াৰ নৌসেনা অৱৰোধ প্ৰত্যাহাৰ কৰিব আৰু ইৰানে প্ৰাৰম্ভিক ৬০ দিনৰ বাবে কোনো ধৰণৰ মাচুল নোলোৱাকৈ বাণিজ্যিক জাহাজসমূহক সুৰক্ষিত যাতায়তৰ অনুমতি দিব ।

পৰমাণু কাৰ্যসূচী আৰু অৰ্থনৈতিক সকাহ : ইৰানৰ সমৃদ্ধ ইউৰেনিয়ামৰ ভাণ্ডাৰৰ সমিধান উলিওৱাৰ বিনিময়ত আমেৰিকাই পৰ্যায়ক্ৰমে অৰ্থনৈতিক নিষেধাজ্ঞা আৰু বাধা-নিষেধসমূহ আঁতৰাই পেলাব ।

বিপুল অৰ্থনৈতিক পেকেজ : ইৰানৰ ফ্ৰীজ বা স্তব্ধ হৈ থকা সম্পত্তিসমূহ মোকলাই দিয়াৰ লগতে ইৰানৰ তেল ৰপ্তানিৰ বাবে ট্ৰেজাৰী ৰেহাই প্ৰদান কৰা হ’ব । তদুপৰি, ইৰানৰ অৰ্থনৈতিক উন্নয়ন আৰু পুনৰ নিৰ্মাণৰ বাবে আমেৰিকাৰ সমৰ্থনত অতি কমেও ৩০০ বিলিয়ন মাৰ্কিন ডলাৰৰ এক বিশাল কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ।

চূড়ান্ত চুক্তিৰ সময়সীমা : অহা ৬০ দিনৰ ভিতৰত (প্ৰয়োজন হ’লে দুয়োপক্ষৰ সন্মতিত বৃদ্ধি কৰিব পৰাকৈ) এক চূড়ান্ত চুক্তিত উপনীত হ’বলৈ আলোচনা প্ৰক্ৰিয়া সমাপ্ত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ।

ইৰানৰ প্ৰতিক্ৰিয়া :

ইৰানৰ সংবাদ মাধ্যম ‘প্ৰেছ টিভি’ৰ মতে, বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘেই এই চুক্তিৰ সত্যতা স্বীকাৰ কৰিছে । তেওঁ জনায় যে ওমান আৰু অন্যান্য মধ্যস্থতাকাৰী দেশৰ সৈতে দীৰ্ঘদিন ধৰি চলা আলোচনাৰ পাছতহে এই সহমতত উপনীত হোৱা হৈছে । বাঘেই স্পষ্ট কৰি দিয়ে যে “হৰমুজ প্ৰণালীৰ ওপৰত ইৰানৰ সাৰ্বভৌমত্ব আৰু কৰ্তৃত্ব” সম্পূৰ্ণ অক্ষুণ্ণ ৰাখিয়েই আন্তঃৰাষ্ট্ৰীয় সাগৰীয় যাতায়ত সুৰক্ষিত কৰা হ’ব ।

উল্লেখ্য য়ে, বিশ্বৰ ভূ-ৰাজনীতি আৰু গোলকীয় অৰ্থনীতিৰ বাবে এই চুক্তিক এক ডাঙৰ সকাহ বুলি গণ্য কৰা হৈছে, যাৰ ফলত বিশেষকৈ খাৰুৱা তেলৰ বজাৰ আৰু মধ্যপ্ৰাচ্যৰ অশান্ত পৰিৱেশ বহুখিনি শান্ত হোৱাৰ আশা কৰা হৈছে ।

লগতে পঢ়ক : জি-৭ সন্মিলনৰ অন্তত পেৰিচত প্ৰধানমন্ত্ৰী মোদী : প্ৰৱাসী ভাৰতীয়ৰ উষ্ম আদৰণি

শেহতীয়া প্ৰৱন্ধসমূহ